বিত্ত মন্ত্ৰালয়

বাংগালুৰুত দ্বিতীয় বিত্ত আৰু কেন্দ্ৰীয় বেংকৰ ডেপুটি (এফচিবিডি)সকলৰ বৈঠকৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ ভাষণ

Posted On: 22 FEB 2023 2:05PM by PIB Guwahati

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে আজি বাংগালুৰুত দ্বিতীয় জি-২০ বিত্ত আৰু কেন্দ্ৰীয় বেংকৰ ডেপুটি(এফচিবিডি)সকলৰ বৈঠকৰ উদ্বোধনী অনুষ্ঠানত ভাষণ আগবঢ়ায়৷

কৰ্ণাটকৰ বাংগালুৰুত ২৪-২৫ ফেব্ৰুৱাৰী, ২০২৩ত জি-২০ ভাৰতৰ অধ্যক্ষতাত প্ৰথম জি-২০ বিত্ত আৰু কেন্দ্ৰীয় বেংকৰ ডেপুটি (এফচিবিডি)সকলৰ বৈঠক আয়োজন কৰা হৈছে৷ শ্ৰী অজয় শেঠ, আৰু আৰবিআইৰ ডেপুটি গৱৰ্ণৰ ডাঃ মাইকেল ডি পাত্ৰৰ সহ-অধ্যক্ষতাত জি-২০ এফএমচিবিজিৰ বৈঠকৰ পূৰ্বে দ্বিতীয়খন জি-২০ বিত্ত আৰু কেন্দ্ৰীয় বেংকৰ ডেপুটি (এফচিবিডি) বৈঠক অনুষ্ঠিত হয়।

এই উপলক্ষে আগবঢ়োৱা ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে বিত্তীয় গতি জি-২০ প্ৰক্ৰিয়াৰ মূল আৰু ই বিশ্ব অৰ্থনৈতিক সংবাদ আৰু নীতি সমন্বয়ৰ বাবে এক ফলপ্ৰসূ মঞ্চ প্ৰদান কৰে। বিত্তীয় গতিত মূল কৰ্মধাৰাসমূহৰ ভিতৰত উন্নয়ন বিত্ত আৰু বিশ্ব বিত্তীয় সুৰক্ষা নেটকে ধৰি বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগী আৰু ক্ষতিশংকা, আন্তঃৰাষ্ট্ৰীয় বিত্তীয় স্থাপত্য, বিত্তীয় অন্তৰ্ভুক্তি আৰু অন্যান্য বিত্তীয় খণ্ডৰ বিষয়, আন্তঃগাঁথনি উন্নয়ন আৰু বিত্তীয় সাহায্য, বহনক্ষম বিত্ত, বিশ্ব স্বাস্থ্য বিত্তীয় সাহায্য আৰু আন্তঃৰাষ্ট্ৰীয় কৰ আদি উল্লেখযোগ্য৷

২০২২ চনৰ নৱেম্বৰ মাহত যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জ’ক’ উইডোডোৰ পৰা জি-২০ অধ্যক্ষতাৰ বেটন লাভ কৰে, তেতিয়া দেশখনৰ বাবে গৌৰৱৰ মুহূৰ্ত হোৱাৰ লগতে জি-২০ দলে যাতে মতানৈক্য দূৰ কৰিব পাৰে আৰু বিশ্বজুৰি গুৰুত্বপূৰ্ণ বিষয়সমূহত ঐক্যমত গঢ়ি তুলিব পাৰে, সেয়া সুনিশ্চিত কৰাৰ এক মহান দায়িত্ব লয়।

উদ্বোধনী ভাষণত মন্ত্ৰী ঠাকুৰে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ গুৰুত্ব আৰু ইয়াৰ অগ্ৰাধিকাৰসমূহৰ ওপৰত আলোকপাত কৰে যিবোৰে আমাৰ এক পৃথিৱীক সুস্থ কৰা, আমাৰ এক পৰিয়ালৰ মাজত সমন্বয় সৃষ্টি কৰা আৰু আমাৰ এক ভৱিষ্যতৰ বাবে আশা প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰে। এই বিষয়বস্তুৱে বিশ্বজনীন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সহযোগিতামূলক প্ৰচেষ্টাক ভাৰতে দিয়া গুৰুত্বক প্ৰতিফলিত কৰে। বিশ্ব অৰ্থনীতি ক’ভিড-১৯ মহামাৰী, অসুৰক্ষিত খাদ্য আৰু শক্তি, ব্যাপক মুদ্ৰাস্ফীতি, ঋণৰ অভাৱগ্ৰস্ততা বৃদ্ধি, জলবায়ু পৰিৱৰ্তন আৰু ভূ-ৰাজনৈতিক উদ্বেগৰ দীৰ্ঘদিনীয়া প্ৰভাৱৰ সন্মুখীন হৈছে। এই সকলোবোৰ সংকটৰ প্ৰভাৱে বিশ্বৰ মূল উন্নয়নৰ অগ্ৰাধিকাৰ ক্ষেত্ৰৰ অগ্ৰগতি পিছুৱাই নিব পাৰে।

মন্ত্ৰী ঠাকুৰে কয় যে গুৰুত্বপূৰ্ণ বৈঠক আৰু আলোচনাৰ জৰিয়তে এই প্ৰত্যাহ্বানসমূহৰ ব্যৱহাৰিক বিশ্বজনীন সমাধান বিচাৰি উলিওৱাত জি-২০য়ে উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰে আৰু ভাৰতৰ অধ্যক্ষতাই এই দিশত সক্ৰিয়ভাৱে সুবিধা প্ৰদান কৰিব বিচাৰে৷

মন্ত্ৰী ঠাকুৰে লগতে কয় যে এই লক্ষ্য পূৰণৰ দিশত ২০২৩ চনত জি-২০ বিত্তীয় গতি আলোচনাত একবিংশ শতিকাৰ স্বাভাৱিক বিশ্বজনীন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ বহুপাক্ষিক উন্নয়ন বেংকসমূহ (এমডিবি) শক্তিশালী কৰা, ‘ভৱিষ্যতৰ চহৰ’সমূহক বিত্তীয় সাহায্য প্ৰদান কৰা, বিত্তীয় অন্তৰ্ভুক্তিৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু উৎপাদনশীলতা লাভ আৰু আন্তঃৰাষ্ট্ৰীয় কৰ এজেণ্ডা আগুৱাই ইত্যাদি দিশবোৰ অন্তৰ্ভুক্ত কৰা হ’ব। জি-২০ৰ বিভিন্ন কৰ্মধাৰাই ইতিমধ্যে এই মূল বিষয়সমূহৰ ওপৰত কাম আৰম্ভ কৰিছে।

২০২৩ৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ডেপুটিসকলৰ বৈঠক জি-২০ৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ ডেপুটিসকলে তেওঁলোকৰ বৈঠকৰ সময়ত সমৰ্থন কৰিবলগীয়া বিজ্ঞপ্তিখন চূড়ান্ত কৰাৰ বাবে সমৰ্পিত৷ এই বিজ্ঞপ্তিটোৱে বিশ্ব অৰ্থনীতিক প্ৰভাৱিত কৰা আটাইতকৈ জৰুৰী বিষয়সমূহৰ ওপৰত জি-২০ৰ সামূহিক দৃষ্টিভংগীক সামৰি লৈছে আৰু বৃহত্তৰ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক প্ৰত্যক্ষভাৱে বিশ্বৰ প্ৰধান অৰ্থনীতিসমূহৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ ডেপুটিসকলৰ সৈতে সংযোগ কৰিছে। ই সাধাৰণ ব্যক্তিক আশ্বস্ত কৰাৰ সম্ভাৱনা আছে যে জি-২০ দেশসমূহৰ মাজত বিশ্বৰ মূল সমস্যাসমূহৰ সমন্বিত সমাধানৰ ওপৰত ঐক্যমতে বিশ্ব অৰ্থনীতিক বৰ্তমানৰ মন্দাৱস্থাৰ পৰা উদ্ধাৰ কৰাত সহায় কৰিব পাৰে আৰু বৃদ্ধি আৰু সমৃদ্ধিৰ নতুন সুযোগ সৃষ্টি কৰিব পাৰে।

এই আস্থা যাতে বজাই ৰখাৰ দায়িত্ব নীতি নিৰ্ধাৰকসকলৰ৷ আৰম্ভণিৰ পৰাই জি-২০য়ে সংকটৰ সময়ত সহমত গঢ়ি তোলাৰ ক্ষেত্ৰত বাৰে বাৰে নিজৰ যোগ্যতা প্ৰমাণ কৰি আহিছে। ভাৰতৰ অধ্যক্ষতাই বিশ্বাস কৰে যে সফলতা নিহিত হৈ আছে জটিল বিপদৰ আগজাননী, প্ৰতিৰোধ আৰু প্ৰস্তুতি চলোৱাৰ আমাৰ ক্ষমতাৰ ওপৰত। ইয়াৰ দ্বাৰা সৰ্বাংগীন আৰু নতুন বহুপাক্ষিকতাবাদৰ আহ্বান জনোৱা হৈছে।

ভাষণৰ সামৰণিত মন্ত্ৰী ঠাকুৰে বহুপাক্ষিকতাবাদ মনোভাৱৰ প্ৰতি আকাংক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে কয় যে ইয়াত কেতবোৰ বিতৰ্কিত বিষয় আছে আৰু দেশসমূহে নিজৰ ঘৰুৱা আকাংক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজন। এই গঠনমূলক আৰু উপযোগী আলোচনাৰ জৰিয়তে আমি সামূহিকভাৱে সৰ্বাধিক ফলাফল লাভ কৰিব পাৰো, মন্ত্ৰীগৰাকীয়ে কয়।

***

RM/PPG/KMN/DB



(Release ID: 1901443) Visitor Counter : 75