প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ই-সঞ্জীৱনী এপ’ৰ জৰিয়তে ১০ কোটি ‘টেলি-পৰামৰ্শ’ প্ৰদানৰ অভিলেখ ৰচনা কৰা কাৰ্যক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা


ভাৰতত ডিজিটেল স্বাস্থ্যসেৱাৰ শক্তিশালী বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদানকাৰী চিকিত্সকমণ্ডলীক ভূয়সী প্ৰশংসা কৰে

Posted On: 17 FEB 2023 10:26AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ই-সঞ্জীৱনী এপ’ৰ জৰিয়তে ১০ কোটি ‘টেলি-পৰামৰ্শ’ প্ৰদানৰ অভিলেখ ৰচনা কৰা কাৰ্যক প্ৰশংসা কৰে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱীয়াৰ এটা ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই কৰা ‘টুইট’-ত প্ৰধানমন্ত্ৰীয়ে কয়;

"১,০০,০০,০০,০০০ ‘টেলি-পৰামৰ্শ’ এক উল্লেখযোগ্য কৃতিত্ব। ভাৰতত ‘ডিজিটেল স্বাস্থ্যসেৱা’ৰ এক শক্তিশালী বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদানকাৰী চিকিৎসকমণ্ডলীক মই প্ৰশংসা কৰিছোঁ।"

১০,০০,০০,০০০ ‘টেলি-পৰামৰ্শ’ এক উল্লেখযোগ্য কৃতিত্ব। ভাৰতত ‘ডিজিটেল স্বাস্থ্যসেৱা’ৰ এক শক্তিশালী বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদানকাৰী চিকিৎসকমণ্ডলীক মই প্ৰশংসা কৰিছোঁ। https://t.co/jQaXERtLI9

— নৰেন্দ্ৰ মোডী (@narendramodi) ফেব্ৰুৱাৰী ১৭, ২০২৩

***

DS/TS/KB



(Release ID: 1900902) Visitor Counter : 113