প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰীয় ডাক-টিকট সংগ্ৰহ প্ৰদৰ্শনী ‘অমৃতপেক্স-২০২৩’ ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণক শলাগ প্ৰধানমন্ত্ৰীৰ

Posted On: 15 FEB 2023 10:19AM by PIB Guwahati

আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় ডাক-টিকট সংগ্ৰহ প্ৰদৰ্শনী ‘অমৃতপেক্স-২০২৩’ ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকক ফিলাটেলি আৰু পত্ৰলেখাৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিবলৈ এয়া উত্তম উপায়।

ইণ্ডিয়া প’ষ্টৰ এটি টুইট থ্ৰেডলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“এয়া ফিলাটেলি আৰু পত্ৰলেখাৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিবলৈ উত্তম উপায়। মই অধিক সংখ্যক যুৱক-যুৱতীয়ে এই ক্ৰিয়া-কলাপসমূহ আৰম্ভ কৰিব বুলি আশা কৰিছো।”

***

DS/ST/SB



(Release ID: 1899829) Visitor Counter : 98