বিত্ত মন্ত্ৰালয়

কেন্দ্ৰীয় বাজেট, ২০২৩-২৪ ৰ উল্লেখযোগ্য দিশ

Posted On: 01 FEB 2023 1:35PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে আজি সংসদত ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰে। এই বাজেটৰ উল্লেখযোগ্য দিশসমূহ হ’লঃ

PART A

  • প্ৰায় ৯ বছৰত জনমূৰি আয় দুগুণৰো অধিক বৃদ্ধিৰে ₹১.৯৭ লাখহৈছে।
  • বিগত ৯ বছৰত ভাৰতীয় অৰ্থনীতিৰ আকাৰ বিশ্বৰ ভিতৰত দশম স্থানৰপৰা ৫ম স্থানলৈ আগবাঢ়িছে।
  • ইপিএফঅ’ৰ সদস্যৰ সংখ্যা দুগুণৰো অধিক বৃদ্ধিৰে ২৭ কোটি হৈছে।
  • ২০২২ ত ইউপিআইৰ জৰিয়তে ₹১২৬ লাখ কোটিৰ ৭,৪০০ কোটি ডিজিটেল পেমেন্ট হৈছে।
  • স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১১.৭ কোটি ঘৰুৱা শৌচাগাৰ নিৰ্মাণ।
  • উজ্জ্বলাৰ অধীনত ৯.৬ কোটি এলপিজিৰ সংযোগ প্ৰদান।
  • ১০২ কোটি ব্যক্তিৰ ২২০ কোটি পালি ক’ভিডৰ টিকাকৰণ।
  • ৪৭.৮ কোটি পিএম জন ধন বেংক একাউন্ট।
  • প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনাৰ অধীনত ৪৪.৬ কোটি ব্যক্তিলৈ বীমা আৱৰণ।
  • প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ১১.৪ কোটিৰো অধিক কৃষকলৈ ₹২.২ লাখ কোটিৰ নগদ ধন হস্তান্তৰ।
  • এই বাজেটৰ সাতটা অগ্ৰাধিকাৰ ‘সপ্তৰ্ষি’ হৈছে সৰ্বাংগীন উন্নয়ন, অন্তিম প্ৰান্তত উপনীত হোৱা, আন্তঃগাঁথনি আৰু বিনিয়োগ, সম্ভাৱনা মুকলি, সেউজ বিকাশ, যুৱ শক্তি আৰু বিত্তীয় খণ্ড।
  • উচ্চ মূল্যৰ উদ্যান শস্যৰ বাবে ৰোগমুক্ত, মানসম্পন্ন ৰোপণ সামগ্ৰীৰ উপলব্ধতা বৃদ্ধিৰ বাবে ২২০০ কোটি ব্যয় সাপেক্ষে আত্মনিৰ্ভৰ স্বচ্ছ উদ্ভিদ কাৰ্য্যসূচী আৰম্ভ কৰা হব।
  • ২০১৪ ৰপৰা স্থাপিত বৰ্তমানৰ ১৫৭ খন চিকিৎসা মহাবিদ্যালয়ৰ সৈতে একে-স্থানত ১৫৭ খন নতুন নাৰ্চিং কলেজ স্থাপন কৰা হ’ব।

· কেন্দ্ৰই ৭৪০ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ বাবে ৩৮,৮০০ শিক্ষক আৰু সহায়ক কৰ্মচাৰী নিযুক্তি দিব। তেওঁলোকে অহা তিনি বছৰত ৩.৫ লাখ জনজাতীয় ছাত্ৰ-ছাত্ৰীক সেৱা আগবঢ়াব।

· পি এম আৱাস যোজনাৰ ব্যয় ৬৬% বৃদ্ধিৰে ৭৯ হাজাৰ কোটি টকাৰো অধিক হৈছে।

· ৰে’লৱেৰ বাবে ২.৪০ লাখ কোটি টকাৰ মূলধনী ব্যয়ৰ ব্যৱস্থা কৰা হৈছে।যি পৰিমাণ এতিয়ালৈকে সৰ্বাধিক ব্যয় আৰু ২০১৩-১৪ ত কৰা ব্যয়ৰ প্ৰায় ৯ গুণ অধিক।

· নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজি (UIDF) ক অগ্ৰাধিকাৰ খণ্ড ঋণৰ অভাৱৰ ব্যৱহাৰৰ জৰিয়তে স্থাপন কৰা হ’ব।ইয়াক ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংকে পৰিচালনা কৰিবআৰু ৰাজহুৱা সংস্থাসমূহে টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহত নগৰীয়া আন্তঃগাঁথনি সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব।

  • এমএছএমই, বৃহৎ ব্যৱসায়িক আৰু দাতব্য ট্ৰাষ্টসমূহে নথিপত্ৰসমূহ অনলাইনত সুৰক্ষিতভাৱে সংৰক্ষণ আৰু শ্বেয়াৰ কৰিবলৈ এইসমূহৰ ব্যৱহাৰৰ বাবে এনটিটি ডিজিলকাৰ ছেটআপ কৰা হব।
  • নতুন সুযোগ, ব্যৱসায়িক মডেলআৰু নিয়োগৰ সম্ভাৱনাৰ বাবে ৫জি সেৱা ভিত্তিক এপ্লিকেচন বিকাশৰ অৰ্থে ১০০ টা লেব স্থাপন কৰা হ’ব।

· মুঠ ১০ হাজাৰ কোটি টকা বিনিয়োগেৰে চক্ৰীয় অৰ্থনীতিৰ প্ৰসাৰৰ বাবে গোবৰধন (GOBARdhan-Galvanizing Organic Bio-Agro Resources Dhan) আঁচনিৰ অধীনত ৫০০ টা নতুন ‘ৱাষ্ট টু ৱেলথ’ প্লান্ট স্থাপন কৰা হ’ব। প্ৰাকৃতিক আৰু জৈৱ গেছৰ বিপণন কৰা সকলো সংস্থাৰ বাবে ৫ শতাংশ সংকুচিত জৈৱ গেছৰ মেণ্ডেট প্ৰৱৰ্তন কৰা হ’ব।

· কেন্দ্ৰৰ জৰিয়তে অহা তিনি বছৰত এক কোটি কৃষকক প্ৰাকৃতিক কৃষি অভিযোজনাৰ সুবিধা প্ৰদান কৰা হ’ব। ইয়াৰ বাবে ১০,০০০ বাঅ’-ইনপুট ৰিচৰ্চ চেন্টাৰ স্থাপন কৰা হ’ব।ইয়াৰ ফলত ৰাষ্ট্ৰীয় পৰ্য্যায়ত বিতৰণ কৰা মাইক্ৰ’-সাৰ আৰু কীটনাশক উৎপাদনৰ নেটৱৰ্ক গঢ়ি তোলা হ’ব।

· প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা ৪.০, অহা তিনি বছৰত লাখ-লাখ যুৱক-যুৱতীক দক্ষতা প্ৰদান কৰিবলৈ আৰম্ভ কৰা হ’ব। এই যোজনাই উদ্যোগ ৪.০ ৰ বাবে নতুন পাঠ্যক্ৰমসমূহ যেনেঃ ক’ডিং, এআই, ৰবটিক্স, মেকাট্ৰনিক্স, আইঅ’টি, থ্ৰীডি প্ৰিন্টিং, ড্ৰোনআৰু চফ্ট স্কিলক সামৰি লোৱা হ’ব।

· আন্তঃৰাষ্ট্ৰীয় সুযোগৰ বাবে যুৱক-যুৱতীসকলক দক্ষতা প্ৰদান কৰিবলৈ বিভিন্ন ৰাজ্যত ৩০ টা স্কিল ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ স্থাপন কৰা হ’ব।

· ২০২৩ ৰ ১ এপ্ৰিলৰ পৰা কৰ্পাছত ৯ হাজাৰ কোটি টকা ইনফিউজনৰ জৰিয়তে এমএছএমই সমূহৰ বাবে পুনৰ গঠিত ঋণ নিশ্চয়তা আঁচনিক কাৰ্য্যকৰী কৰা হ’ব। এই আঁচনিখনে ২ লাখ কোটি টকাৰ অতিৰিক্ত জামিনবিহীন নিশ্চিত ঋণৰ সুবিধা প্ৰদান কৰাৰ লগতে ঋণৰ ব্যয়ো প্ৰায় ১ শতাংশ হ্ৰাস কৰিব।

· কোম্পানী আইনৰ অধীনত ক্ষেত্ৰ কাৰ্য্যালয়ত দাখিল কৰা বিভিন্ন প্ৰ-পত্ৰ কেন্দ্ৰীয়ভাৱে পৰিচালনাৰ জৰিয়তে কোম্পানীসমূহৰ প্ৰতি দ্ৰুত সঁহাৰিৰ অৰ্থে কেন্দ্ৰীয় প্ৰচেচিং কেন্দ্ৰ স্থাপন কৰা হ’ব।

· জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিৰ সৰ্বাধিক জমাৰ সীমা ১৫ লাখৰপৰা ৩০ লাখ টকালৈ বৃদ্ধি কৰা হ’ব।

· ২০২৫-২৬ ৰ ভিতৰত বিত্তীয় ঘাটি ৪.৫% ৰ নিম্ন হ’ব।

  • গ্ৰামাঞ্চলসমূহৰ যুৱ উদ্যোগীসকলৰদ্বাৰা কৃষি ষ্টাৰ্টআপক উৎসাহিত কৰিবলৈ কৃষি এচিলাৰেটৰ পুঁজি গঠন কৰা হব।
  • ভাৰতক ‘শ্ৰী অন্ন’ ৰ বৈশ্বিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ হায়দৰাবাদৰ ভাৰতীয় বাজৰা গৱেষণা প্ৰতিষ্ঠানক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত উত্তম পদ্ধতি, গৱেষণা আৰু প্ৰযুক্তিৰ আদান-প্ৰদানৰ বাবে উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে সমৰ্থন কৰা হ’ব।
  • পশুপালন, দুগ্ধ আৰু মীনপালনক লক্ষ্য কৰি ₹২০ লাখ কোটি কৃষি ঋণ
  • মাছমৰীয়া, মাছ বিক্ৰেতাআৰু ক্ষুদ্ৰ আৰু সৰু উদ্যোগৰ কাৰ্য্যকলাপকৰ বৰ্ধন ঘটাবলৈ, মূল্য শৃংখলৰ দক্ষতা উন্নত কৰিবলৈআৰু বজাৰ সম্প্ৰসাৰণ কৰিবলৈ ৬,০০০ কোটি টকাৰ লক্ষ্য বিনিয়োগৰ সৈতে পিএম মৎস্য সম্পদ যোজনাৰ নতুন উপ-আঁচনি আৰম্ভ কৰা হ’ব।
  • কৃষিৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি ক মুক্ত উৎস, মুক্ত মানদণ্ড আৰু আন্তঃকাৰ্য্যকৰী ৰাজহুৱা মাধ্যম হিচাপে নিৰ্মাণ কৰা হব। ইয়াৰ জৰিয়তে অন্তৰ্ভুক্ত কৃষককেন্দ্ৰিক সমাধান আৰু কৃষি প্ৰযুক্তি উদ্যোগ আৰু ষ্টাৰ্ট-আপৰ বৃদ্ধিত সহায়ক হব।
  • ₹২,৫১৬ কোটি বিনিয়োগেৰে ৬৩,০০০ টা প্ৰাথমিক কৃষি ঋণ সংস্থা (PACS) ৰ কম্পিউটাৰাইজেশ্যন আৰম্ভ কৰা হৈছে।
  • কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী মজুত কৰাত সহায় কৰিবলৈ আৰু উপযুক্ত সময়ত বিক্ৰীৰ জৰিয়তে লাভজনক মূল্য আহৰণ কৰিবলৈ বৃহৎ বিকেন্দ্ৰীকৃত সংৰক্ষণ ক্ষমতা স্থাপন কৰা।
  • ছিকেল চেল এনিমিয়া নিৰ্মূল অভিযানৰ শুভাৰম্ভ কৰা হব।
  • সহযোগিতামূলক গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰাৰ বাবে নিৰ্বাচিত আইচিএমআৰ লেবৰ জৰিয়তে যৌথ ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসা গৱেষণাক উৎসাহিত কৰা।
  • ফাৰ্মাচিউটিকেলছৰ গৱেষণাক প্ৰসাৰিত কৰাৰ বাবে নতুন কাৰ্যসূচী আৰম্ভ কৰা হ’ব।

· ১০ লাখ কোটি টকাৰ মূলধনী বিনিয়োগ।যি পৰিমাণ একেৰাহে তৃতীয় বছৰৰ বাবে ৩৩% বৃদ্ধি। ইবৃদ্ধিৰ সম্ভাৱনা আৰু নিয়োগ সৃষ্টি বৃদ্ধি, ব্যক্তিগত বিনিয়োগক প্ৰলুব্ধকৰণআৰু বৈশ্বিক প্ৰত্যাহ্বানৰ বিৰুদ্ধে এটি সহজ বাতাবৰণৰ সৃষ্টি কৰিব।

· স্বাস্থ্য, পুষ্টি, শিক্ষা, কৃষি, জলসম্পদ, আৰ্থিক অন্তৰ্ভুক্তি, দক্ষতা বিকাশআৰু মৌলিক আন্তঃগাঁথনিৰ দৰে একাধিক ক্ষেত্ৰত অত্যাৱশ্যকীয় চৰকাৰী সেৱাসমূহৰ পৰিপূৰ্ণতাৰ বাবে ৫০০ টা ব্লকক সামৰি আকাংক্ষিত ব্লক কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হৈছিল।

· অনুসূচিত জনজাতিসকলৰ বাবে উন্নয়ন কাৰ্য্য পৰিকল্পনাৰ অধীনত আগন্তুক তিনি বছৰত প্ৰধানমন্ত্ৰী পিভিটিজি উন্নয়ন অভিযান ৰূপায়ণৰ বাবে ১৫,০০০ কোটি টকা আগবঢ়োৱা হৈছে।

·এশটা গুৰুত্বপূৰ্ণ পৰিবহণ আন্তঃগাঁথনি প্ৰকল্পৰ বাবে, বন্দৰ, কয়লা, তীখা, সাৰআৰু খাদ্য শস্য খণ্ডৰ বাবে শেষ আৰু প্ৰথম প্ৰান্তৰ সংযোগৰ বাবে ব্যক্তিগত উৎসৰপৰা ১৫,০০০ কোটি টকাসহ ৭৫ হাজাৰ কোটি টকাৰ বিনিয়োগ।

· আন্তঃগাঁথনিত ব্যক্তিগত বিনিয়োগৰ সুযোগ বৃদ্ধিৰ বাবে নতুন আন্তঃগাঁথনি বিত্ত সচিবালয় স্থাপন কৰা হৈছে।

· জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক শিক্ষক প্ৰশিক্ষণৰ বাবে উৎকৃষ্টতাৰ স্পন্দনশীল প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা হ’ব।

· ভূগোল, ভাষাৰ মানসম্পন্ন কিতাপৰ উপলব্ধতা আৰু ডিভাইচৰ অজ্ঞান অভিগম্যতাৰ সুবিধাৰ বাবে শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে এটা ৰাষ্ট্ৰীয় ডিজিটেল লাইব্ৰেৰী স্থাপন কৰা হ'ব।

· বহনক্ষম ক্ষুদ্ৰ জলসিঞ্চন আৰু খোৱাপানীৰ বাবে চাৰ্ফেচ টেংক ভৰাবলৈ আপাৰ ভদ্ৰা প্ৰকল্পলৈ কেন্দ্ৰীয় সাহায্য হিচাপে ৫,৩০০ কোটি টকা আগবঢ়োৱা হ’ব।

· এটি ডিজিটেল এপিগ্ৰাফী সংগ্ৰহালয়ত স্থাপন কৰা হ’ব ‘ভাৰত শ্বেয়াৰড ৰিপজিটৰী অৱ ইনস্ক্ৰিপচন’, প্ৰথম পৰ্য্যায়ত এক লাখ প্ৰাচীন শিলালিপি (inscription) ডিজিটেলাইজেচন কৰা হ’ব।

· কেন্দ্ৰৰ ‘কাৰ্য্যকৰী মূলধনী ব্যয়’ ১৩.৭ লাখ কোটি টকা হ’ব।

· আন্তঃগাঁথনিত বিনিয়োগক প্ৰেৰণা যোগাবলৈ আৰু পৰিপূৰক নীতিগত কাৰ্য্যৰ বাবে উদগনি দিবলৈ ৰাজ্য চৰকাৰসমূহলৈ আৰু এবছৰৰ বাবে ৫০ বছৰৰ সুতমুক্ত ঋণ অব্যাহত ৰখা।

· ৰাজ্য আৰু চহৰসমূহক নগৰ পৰিকল্পনা সংস্কাৰ আৰু আমাৰ চহৰসমূহক ‘ভৱিষ্যতৰ বহনক্ষম চহৰ’ লৈ ৰূপান্তৰিতকৰণৰ অৰ্থে ব্যৱস্থা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা।

· সকলো চহৰ আৰু নগৰত চেপ্টিক টেংক আৰু নলাৰ ১০০ শতাংশ যান্ত্ৰিকভাৱে ডিছলাডিং কৰিবলৈ সক্ষমেৰে মেনহ’লৰ পৰা মেচিন-হ’ল মোডলৈ পৰিৱৰ্তন।

· লাখ-লাখ চৰকাৰী কৰ্মচাৰীক তেওঁলোকৰ দক্ষতা উন্নীতকৰণ আৰু জনকেন্দ্ৰিক পদ্ধতিৰে সুবিধা প্ৰদানৰ বাবে নিৰন্তৰ শিক্ষণৰ সুযোগৰ অৰ্থে iGOTকৰ্মযোগী  ৰ আৰম্ভ কৰা হৈছে। ইহৈছে এক সংহত অনলাইন প্ৰশিক্ষণ মঞ্চ।

· ইজ অৱ ডুয়িং বিজনেছৰ বৰ্ধনৰ বাবে ৩৯,০০০ ৰোধিক অনুপালন হ্ৰাস কৰা হৈছে আৰু ৩,৪০০ ৰোধিক আইনী বিধান অপৰাধমুক্ত কৰা হৈছে।

· অধিক আস্থাভিত্তিক শাসন ব্যৱস্থাৰ বাবে ৪২ খন কেন্দ্ৰীয় আইন সংশোধনৰ বাবে জন বিশ্বাস বিধেয়ক উত্থাপন কৰা হৈছে।

· “মেক এআই ইন ইণ্ডিয়া মেক এআই ৱৰ্ক ফৰ ইণ্ডিয়া” ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ শীৰ্ষ শিক্ষানুষ্ঠানত কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে তিনিটা উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰা হ’ব।

· ষ্টাৰ্ট-আপ আৰু শৈক্ষিক মহলৰদ্বাৰা উদ্ভাৱন আৰু গৱেষণা মুকলি কৰিবলৈ ৰাষ্ট্ৰীয় তথ্য শাসন নীতি প্ৰণয়ন কৰা হ’ব।

· ডিজিলকাৰ সেৱা আৰু আধাৰক মূল পৰিচয় হিচাপে ব্যৱহাৰ কৰি ব্যক্তিৰ পৰিচয় আৰু ঠিকনাৰ মিলন আৰু উন্নীতকৰণৰ বাবে ওৱান ষ্টপ সমাধান।

· ইজ অৱ ডুয়িং বিজনেছৰ অৰ্থে নিৰ্দিষ্ট চৰকাৰী সংস্থাসমূহৰ সকলো ডিজিটেল ব্যৱস্থাৰ বাবে উমৈহতীয়া চিনাক্তকৰ্তা হিচাপে ‘পেন’ ব্যৱহাৰ কৰা হ’ব।

· বিড বা পাৰফৰমেন্স ছিকিউৰিটিৰ সৈতে জড়িত ফৰফিটেড ধনৰ ৯৫ শতাংশকক’ভিডৰসময়ছোৱাত এমএছএমইয়ে চুক্তি কাৰ্য্যকৰী কৰিব নোৱাৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু চৰকাৰী উদ্যোগসমূহে এমএছএমইলৈ ঘূৰাই দিব।

· প্ৰতিযোগী উন্নয়নৰ প্ৰয়োজনীয়তাৰ বাবে দুৰ্লভ সম্পদসমূহৰ উত্তম আবন্টনৰ অৰ্থে ফলাফল ভিত্তিক বিত্তীয় সাহায্য।

· ৭,০০০ কোটি টকা ব্যয়ৰে আৰম্ভ হ’ব ই-কৰ্ট প্ৰকল্পৰ তৃতীয় পৰ্য্যায়। ই ন্যায়ৰ সুদক্ষ প্ৰশাসনৰ বৰ্ধন ঘটাব।

  • এলজিডি চিডৰ থলুৱা উৎপাদনক উৎসাহিত কৰিবলৈ আৰু আমদানিৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ লেব গ্ৰ’ন ডাইমণ্ডছ (LGD) খণ্ডৰ বাবে গৱেষণা আৰু উন্নয়নৰ অনুদান।
  • অৰ্থনীতিক নিম্ন কাৰ্বন প্ৰাবল্যলৈ পৰিৱৰ্তন কৰাত সহায়ক হোৱাকৈ আৰু জীৱাশ্ম ইন্ধনৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে ২০৩০ ৰ ভিতৰত সেউজ হাইড্ৰজেন মিছনৰ অধীনত ৫ এমএমটিৰ বাৰ্ষিক উৎপাদন।
  • শক্তি সুৰক্ষা, শক্তি পৰিৱৰ্তন আৰু নেট শূন্য লক্ষ্যৰ বাবে ₹৩৫০০০ কোটি ব্যয়।
  • অৰ্থনীতিক বহনক্ষম উন্নয়নৰ পথত আগুৱাই নিবলৈ বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থাৰ প্ৰচাৰ কৰা হ’ব।
  • লাডাখৰ নবীকৰণযোগ্য শক্তি গ্ৰীড সংহতি আৰু খালীৰ বাবে ২০,৭০০ কোটি ব্যয়ৰ ব্যৱস্থা কৰা হৈছে।

· বিকল্প সাৰ আৰু ৰাসায়নিক সাৰৰ সুষম ব্যৱহাৰৰ প্ৰসাৰৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক উদ্দীপনা যোগাবলৈ “পিএম প্ৰগ্ৰেম ফৰ ৰিষ্ট’ৰেশ্যন, এৱেৰনেছ, নিউৰিছমেন্ট এণ্ড এমিলিয়ৰেচন অৱ মাদাৰ আৰ্থ” (PM-PRANAM) আৰম্ভ কৰা হ’ব।

· ‘মেংগ্ৰ’ভ ইনিচিয়েটিভ ফৰ শ্ব’ৰলাইন হেবিটেটছ এণ্ড টেঞ্জিবল ইনকামছ’, MISHTI কএমজি এনৰেগা, কেম্পা ফাণ্ড আৰু অন্যান্য উৎসৰ মাজত অভিসৰণৰ জৰিয়তে উপকূলৰ কাষেৰে আৰু ছল্ট পেন ভূমিত মেংগ্ৰ’ভ বাগিচাৰ বাবে ৰূপায়ণ কৰা হ’ব।

· পৰিবেশ (সুৰক্ষা) আইনৰ অধীনত গ্ৰীন ক্ৰেডিট কাৰ্য্যসূচী আৰম্ভ কৰা হ’ব। এই কাৰ্য্যসূচীয়ে পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি বহনক্ষম আৰু প্ৰতিক্ৰিয়াশীল কাৰ্য্যৰ বাবে অতিৰিক্ত সম্পদসমূহক প্ৰৰোচিত আৰু সংগঠিত কৰিব।

· জলাশয়ৰ অনুকূল ব্যৱহাৰক উৎসাহিত কৰা, জৈৱ বৈচিত্ৰ্য, কাৰ্বন মজুত, পৰিবেশ পৰ্যটনৰ সুযোগ আৰু স্থানীয় সমাজৰ আয়ৰ সৃষ্টিৰ বাবে অহা তিনি বছৰত অমৃত সৰোবৰ আঁচনি ৰূপায়ণ কৰা হ’ব।

· চাহিদাভিত্তিক আনুষ্ঠানিক দক্ষতা, এমএছএমইকে ধৰি নিয়োগকৰ্তাসকলৰ সৈতে সংযোগ স্থাপনৰ বাবেআৰু উদ্যোগীকৰণ আঁচনিৰ সুবিধা প্ৰদানৰ অৰ্থে এক ঐক্যবদ্ধ দক্ষতা ইণ্ডিয়া ডিজিটেল মঞ্চৰ শুভাৰম্ভ কৰা হ’ব।

· তিনি বছৰৰ ভিতৰত ৪৭ লাখ যুৱক-যুৱতীক উপবৃত্তি (stipend) সহায় আগবঢ়াবলৈ সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় এপ্ৰেন্টিছশ্বিপ প্ৰমোচন আঁচনিৰ অধীনত প্ৰত্যক্ষ লাভ হস্তান্তৰ

· চেলেঞ্জ মোডৰ জৰিয়তে কমেও ৫০ পৰ্যটনস্থলী নিৰ্বাচন কৰিএইসমূহক ঘৰুৱা আৰু বিদেশী পৰ্যটকৰ বাবে সম্পূৰ্ণ পেকেজ হিচাপে বিকশিত কৰা হ’ব।

· ‘দেখ অপনা দেশ’পদক্ষেপৰ লক্ষ্যত উপনীত হ’বলৈ খণ্ড নিৰ্দিষ্ট দক্ষতা আৰু উদ্যোগীকৰণৰ বিকাশক এক কৰা হ’ব।

· ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰেমৰ জৰিয়তে সীমান্ত গাওঁসমূহত পৰ্যটনৰ আন্তঃগাঁথনি আৰু সুবিধাসমূহ প্ৰশস্ত কৰা হ’ব।

· ৰাজ্যসমূহক নিজৰ আৰু লগতে আন সকলো ৰাজ্যৰ ’ডিঅ’পি (One District, One Product), জিআই সামগ্ৰী আৰু হস্তশিল্পৰ প্ৰচাৰ আৰু বিক্ৰীৰ বাবে ইউনিটি মল স্থাপন কৰিবলৈ উৎসাহিত কৰা হ’ব।

· ঋণৰ দক্ষ প্ৰবাহৰ সুবিধা, বিত্তীয় অন্তৰ্ভুক্তিক প্ৰসাৰআৰু বিত্তীয় স্থিতিশীলতাক লাভান্বিত কৰাৰ বাবে বিত্তীয় আৰু আনুষংগিক তথ্যৰ কেন্দ্ৰীয় ভঁৰাল হিচাপে কাম কৰিবলৈ ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পঞ্জীয়ন গঠন কৰা হ’ব। এই ঋণ ৰাজহুৱা আন্তঃগাঁথনিক পৰিচালনা কৰিবলৈ আৰবিআইৰ সৈতে আলোচনা কৰি নতুন আইনগত কাঠামো ডিজাইন কৰা হ’ব।

· বিত্তীয় খণ্ডৰ নিয়ন্ত্ৰকসকলে ৰাজহুৱা আৰু নিয়ন্ত্ৰিত সত্তাৰ সৈতে আলোচনা কৰি বৰ্তমানৰ নিয়মসমূহৰ এক বিস্তৃত পৰ্য্যালোচনা কৰিব। বিভিন্ন নিয়মৰ অধীনত আবেদনৰ সিদ্ধান্ত লোৱাৰ সময়সীমাও নিৰ্ধাৰণ কৰা হ’ব।

· জিআইএফটি আইএফএছচি (GIFT IFSC)ত ব্যৱসায়িক কাৰ্য্যকলাপ বৃদ্ধি কৰিবলৈ তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰা হ’ব।

· দ্বৈত নিয়ন্ত্ৰণৰ পৰা হাত সাৰিবলৈ এছইজেডআইনৰ অধীনত ক্ষমতা আইএফএছচিএ ক অৰ্পণ কৰা।

· আইএফএছচিএ, এছইজেড কৰ্তৃপক্ষ, জিএছটিএন, আৰবিআই, ‘ছেবি’ আৰু আইআৰডিএআই ৰপৰা পঞ্জীয়ন আৰু অনুমোদনৰ বাবে একক উইণ্ড’ আইটি ব্যৱস্থা স্থাপন কৰা।

· বিদেশী বেংকৰ আইএফএছচি বেংকিং ইউনিটৰদ্বাৰা ইকুইজিশ্যন বিত্তীয় সাহায্যত অনুমতি।

· বাণিজ্যিক পুনৰ বিত্তীয় সাহায্যৰ বাবে এক্সিম বেংকৰ সহযোগী প্ৰতিষ্ঠান স্থাপন কৰা।

· মধ্যস্থতা, আনুষংগিক সেৱাৰ অৰ্থে বিধিগত বিধানৰ বাবে আইএফএছচিএ আইন সংশোধন কৰাআৰু এছইজেড আইনৰ অধীনত দ্বৈত নিয়ন্ত্ৰণ এৰাই চলা

· অফশ্ব’ৰ ডেৰাইভেটিভ যন্ত্ৰক বৈধ কনট্ৰেক্ট হিচাপে স্বীকৃতি দিয়া।

· বেংক শাসন ব্যৱস্থা উন্নত আৰু বিনিয়োগকাৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে বেংকিং নিয়ন্ত্ৰণ আইন, বেংকিং কোম্পানী আইন আৰু ভাৰতীয় সংৰক্ষিত আইনৰ সংশোধনীৰ প্ৰস্তাৱ জনোৱা হৈছে।

· ডিজিটেল ধাৰাবাহিকতা সমাধান বিচৰা দেশসমূহক জিআইএফটি আইএফএছচি (GIFT IFSC)ত তেওঁলোকৰ ডাটা দূতাবাস স্থাপনৰ বাবে সুবিধা প্ৰদান কৰা হ’ব।

· নেচনেল ইনষ্টিটিউট অৱ ছিকিউৰিটিজ মাৰ্কেটত শিক্ষাৰ বাবে নীতি-নিয়ম আৰু মানদণ্ড বিকশিত, নিয়ন্ত্ৰণ, ৰক্ষণাবেক্ষণ আৰু বলবৎ কৰাৰ লগতে ডিগ্ৰী, ডিপ্লমা আৰু প্ৰমাণপত্ৰ প্ৰদানৰ স্বীকৃতি দিবলৈ ‘ছেবি’ ক ক্ষমতা প্ৰদান।

· বিনিয়োগকাৰীয়ে বিনিয়োগকাৰী শিক্ষা আৰু সুৰক্ষা পুঁজি কৰ্তৃপক্ষৰপৰা দাবী নকৰা শ্বেয়াৰ আৰু অনাদায় লভ্যাংশ সহজে পুনৰ লাভ কৰিবলৈ সংহত আইটি পৰ্টেল মুকলি কৰা হ’ব।

· আজাদী কা অমৃত মহোৎসৱৰ স্মৃতিত এককালীন নতুন ক্ষুদ্ৰ সঞ্চয় আঁচনি, মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ পত্ৰ মুকলি কৰা হ’ব। ইয়াৰ জৰিয়তে আংশিক উলিওৱাৰ বিকল্পৰ সৈতে ৭.৫ শতাংশ নিৰ্দিষ্ট সুতৰ হাৰত ২ বছৰ (২০২৫ ৰ মাৰ্চ পৰ্যন্ত) কাৰ্য্যকালৰ বাবে মহিলা বা ছোৱালীৰ নামত ২ লাখ টকা পৰ্য্যন্ত জমা সুবিধা প্ৰদান কৰা হ’ব।

· মাহেকীয়া আয় একাউন্ট আঁচনিৰ সৰ্বাধিক জমা সীমা একক একাউন্টৰ বাবে ৪.৫ লাখ টকাৰপৰা ৯ লাখ টকালৈ আৰু যৌথ একাউন্টৰ বাবে ৯ লাখ টকাৰপৰা ১৫ লাখ টকালৈ বৃদ্ধি কৰা হ’ব।

· ২০২৩-২৪ ৰ ভিতৰত মূলধনী ব্যয়ত ব্যয় কৰা হ’ব ৰাজ্যসমূহক পঞ্চাশ বছৰৰ বাবে সুতমুক্ত ঋণ। ঋণৰ এটা অংশ ৰাজ্যসমূহে প্ৰকৃত মূলধনী ব্যয় বৃদ্ধিৰ ওপৰত চৰ্তসাপেক্ষ আৰু ব্যয়ৰ কিছু অংশ নিৰ্দিষ্ট ঋণ গ্ৰহণ কৰা ৰাজ্যসমূহৰ সৈতে জড়িত হ’ব।

· ৰাজ্যসমূহৰ বাবে জিএছডিপিৰ ৩.৫% বিত্তীয় ঘাটি, যাৰ ০.৫% শক্তি খণ্ডৰ সংস্কাৰৰ সৈতে জড়িত।

· সংশোধিত প্ৰাক্কলন ২০২২-২৩:

 

    • ঋণৰ বাহিৰে আন মুঠ লাভ ২৪.৩ লাখ কোটি টকা, ইয়াৰে নেট কৰ লাভ ২০.৯ লাখ কোটি টকা।
    • মুঠ ব্যয় ৪১.৯ লাখ কোটি টকা, ইয়াৰে মূলধনী ব্যয় প্ৰায় ৭.৩ লাখ কোটি টকা।
    • বাজেট প্ৰাক্কলন অনুসৰি বিত্তীয় ঘাটি জিডিপিৰ ৬.৪ শতাংশ।

· বাজেট প্ৰাক্কলন২০২৩-২৪:

  • ঋণৰ বাহিৰে আন মুঠ লাভৰ পৰিমাণ ২৭.২ লাখ কোটি টকা আৰু মুঠ ব্যয় ৪৫ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে।
  • নেট কৰ লাভৰ পৰিমাণ ২৩.৩ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে।
  • বিত্তীয় ঘাটি জিডিপিৰ ৫.৯ শতাংশ বুলি অনুমান কৰা হৈছে।
  • ২০২৩-২৪ ৰ বিত্তীয় ঘাটিৰ বিত্তীয় সাহায্যৰ বাবে তাৰিখযুক্ত ছিকিউৰিটিৰপৰা বজাৰৰ নেট ঋণৰ পৰিমাণ ১১.৮ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে।

মুঠ বজাৰ ঋণৰ পৰিমাণ ১৫.৪ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে।

PART – B

প্ৰত্যক্ষকৰ

  • প্ৰত্যক্ষ কৰ প্ৰস্তাৱবোৰৰ উদ্দেশ্য হৈছে কৰ গাঁথনিৰ ধাৰাবাহিকতা আৰু স্থিৰতা বজাই ৰখা, অনুপালনৰ বোজা হ্ৰাস কৰাৰ বাবে বিভিন্ন ব্যৱস্থাৰ অধিক সৰলীকৰণ আৰু সংযুক্তকৰণ, উদ্যোগৰ মনোভাৱক উৎসাহিত কৰা আৰু নাগৰিকসকলক কৰ ৰেহাই প্ৰদান কৰা।
  • আয়কৰ বিভাগে কৰদাতালৈ সেৱাউন্নত কৰাৰ বাবে ধাৰাবাহিকভাৱে প্ৰচেষ্টা চলাই আছে যাতেকৰপৰিশোধসহজ আৰু নিৰৱচ্ছিন্ন হয়।
  • কৰদাতা সেৱাবোৰ অধিক উন্নত কৰাৰ বাবে, কৰদাতাসকলৰ সুবিধাৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ উমৈহতীয়া আইটি ৰিটাৰ্ণ প্ৰ-পত্ৰ প্ৰদানৰ পৰিকল্পনা কৰিছে আৰু অভিযোগ নিষ্পত্তি প্ৰণালীঅধিক শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে।
  • নতুন কৰ ব্যৱস্থাত, ব্যক্তিগত আয়কৰত ৰেহাইৰ সীমা ৫ লাখ টকাৰ পৰা ৭ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। সেয়েহে, নতুন কৰ ব্যৱস্থাত, ৭ লাখ টকালৈকে উপাৰ্জন কৰা ব্যক্তিসকলে কোনো কৰ পৰিশোধ কৰিব নালাগিব।
  • নতুন ব্যক্তিগত আয়কৰ ব্যৱস্থাত, শ্লেবৰ সংখ্যা ৬ৰ পৰা ৫লৈ হ্ৰাস কৰা হৈছে আৰু কৰ ৰেহাইৰ সীমা ৩লাখ টকালৈ বৃদ্ধি কৰা হৈছে। এই নতুন কৰ প্ৰণালীত, সকলো কৰ প্ৰদানকাৰীয়ে এক ডাঙৰ সকাহ পাব।

নতুনকৰৰহাৰ

মুঠআয় (টকা)

হাৰ (শতাংশ)

৩,০০,০০০পৰ্যন্ত

শুন্য

৩,০০,০০১ৰ পৰা৬,০০,০০০পৰ্যন্ত

৬,০০,০০১ৰ পৰা৯,০০,০০০পৰ্যন্ত

১০

৯,০০,০০১ৰ পৰা১২,০০,০০০পৰ্যন্ত

১৫

১২,০০,০০১ৰ পৰা১৫,০০,০০০পৰ্যন্ত

২০

১৫,০০,০০০ তকৈবেছি

৩০

 

  • নতুন কৰ ব্যৱস্থাত, বেতনভোগী ব্যক্তিজনক ৫০,০০০টকা আৰু পাৰিবাৰিক পেঞ্চনৰ পৰা ১৫হাজাৰ টকালৈকে মানক কৰ্তনৰ সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
  • নতুন কৰ ব্যৱস্থাত, উচ্চতৰ মাচুলৰ হাৰ ৩৭ শতাংশৰ পৰা ২৫ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ ফলস্বৰূপে, সৰ্বাধিক ব্যক্তিগত আয়কৰ হাৰ ৩৯ শতাংশলৈকে হ্ৰাস কৰা হ'ব।
  • বেচৰকাৰী বেতনভোগী কৰ্মচাৰীৰ অৱসৰৰ বাবে ছুটি নগদীকৰণৰ ওপৰত কৰ ৰেহাইৰ সীমা ২৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।
  • নতুন কৰ ব্যৱস্থাক ডিফল্ট কৰ ব্যৱস্থা কৰা হ'ব, অৱশ্যে নাগৰিকসকলে পুৰণি কৰ ব্যৱস্থাৰ সুবিধা লোৱাৰ বিকল্প অব্যাহত থাকিব।
  • ক্ষুদ্ৰ উদ্যোগ আৰু কিছুমান পেছাদাৰী লোকৰ বাবে বৰ্ধিত সীমাৰ বাবে আনুমানিক কৰৰ সুবিধা লোৱাৰ প্ৰস্তাৱ দিয়া হৈছে। বৰ্ধিত সীমা বছৰটোত নগদ ধনত লোৱা মুঠ পৰিমাণৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব যিমুঠ মুঠ প্ৰাপ্তি/প্ৰাপ্তিৰ ক্ষেত্ৰত প্ৰযোজ্য। টাৰ্ণঅ'ভাৰ ৫ শতাংশতকৈ অধিক নহয়।
  • এম.এছ.এম.ই.-ক কৰা পৰিশোধৰ ওপৰত হোৱা ব্যয়ৰ বাবে কৰ্তনৰ অনুমতি কেৱল তেতিয়াহে দিয়া হ'ব যদি হে এম.এছ.এম.ই.-ক সহায় কৰাৰ বাবে সময়মতে প্ৰাপ্ত পৰিশোধবোৰ বাস্তৱ হিচাপত পৰিশোধ কৰা হয়।
  • নতুন নিৰ্মাণ কোম্পানীবোৰৰ বাবে বৰ্তমান উপলব্ধ ১৫ শতাংশৰ কম কৰ হাৰৰ লাভালাভ প্ৰাপ্ত কৰিবলৈ ৩১.৩.২০২৪ লৈকে উৎপাদন কাৰ্যকলাপ আৰম্ভ কৰা নতুন সমবায়।
  • চেনী সমবায়বোৰক ২০১৬-১৭বৰ্ষৰ মূল্যাঙ্কন বৰ্ষৰ আগৰ সময়ছোৱাত কুঁহিয়াৰ খেতিয়কসকলক পৰিশোধ হিচাপে পৰিশোধ কৰা পৰিশোধ দাবী কৰাৰ সুযোগ দিয়া হৈছে। ই তেওঁলোকক প্ৰায় ১০,০০০ কোটি টকাৰ সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

 

  • প্ৰাথমিক কৃষি সমবায় সমিতি (পিএচিএছ) আৰু প্ৰাথমিক সমবায় কৃষি গ্ৰামোন্নয়ন বেংক (পিচিএআৰডিবি)ক নগদ ধনেৰে প্ৰদান কৰা জমা আৰু ঋণৰ বাবে প্ৰতি জন সদস্যৰ বাবে ২ লাখ টকাৰ সৰ্বোচ্চ সীমাৰ প্ৰস্তাৱ।
  • সমবায় সমিতিসমূহক টিডিএছৰ বাবে নগদ ধন উলিওৱাৰ ক্ষেত্ৰত ৩ কোটি টকাৰ সৰ্বোচ্চ সীমা প্ৰদান কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
  • ষ্টাৰ্ট-আপৰ দ্বাৰা আয়কৰ লাভালাভ প্ৰাপ্ত কৰাৰ বাবে অন্তৰ্ভুক্তিৰ তাৰিখ ৩১.০৩.২৩ ৰ পৰা ৩১.০৩.২০২৪ লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
  • ষ্টাৰ্ট-আপৰ শ্বেয়াৰহোল্ডিং সাত বছৰৰ পৰা ১০ বছৰলৈ অন্তৰ্ভুক্তিৰ পৰিৱৰ্তনৰ ওপৰত লোকচানৰ আগতীয়া লাভালাভ প্ৰদান কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
  • কৰ ৰেহাই আৰু ৰেহাইৰ লক্ষ্য ভালদৰে ল'বলৈ, ধাৰা ৫৪আৰু ৫৪এইচ-ৰ অধীনত এটা আৱাসিক ঘৰত কৰা বিনিয়োগৰ ওপৰত মূলধনলাভৰ পৰা কৰ্তনৰ সীমা ১০কোটি টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
  • ১ এপ্ৰিল, ২০২৩ তাৰিখে বা তাৰ পিছত জাৰী কৰা জীৱন বীমা আঁচনিৰ (ইউলিপিৰ বাহিৰে) উপাৰ্জনৰ ওপৰত ৰেহাইৰ ব্যৱস্থা, যদি মুঠ প্ৰিমিয়াম ৫ লাখ টকাঅতিক্ৰম কৰে, কেৱল সেই আঁচনিবোৰযাৰ প্ৰিমিয়াম ৫ লাখ টকালৈকে হয়। বীমাকৃতৰ মৃত্যুৰ ওপৰত প্ৰাপ্ত পৰিমাণৰ ওপৰত প্ৰদান কৰা কৰ ৰেহাইৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে।
  • কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে গৃহ নিৰ্মাণ, নগৰ উন্নয়ন, নগৰ আৰু গাওঁসমূহৰ বাবে নিয়ামক আৰু উন্নয়নমূলক কাৰ্যকলাপ বা কাৰ্যকলাপৰ বাবে স্থাপিত আয়কৰ কৰ্তৃপক্ষ ব'ৰ্ড আৰু আয়োগক আয়কৰৰ পৰা বাদ দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে।
  • অনলাইন গেমিংত টিডিএছৰ নিম্নতম সীমা ১০,০০০ টকা আঁতৰ কৰাৰ প্ৰস্তাৱ আৰু অনলাইন গেমিং সম্পৰ্কীয় কৰ দায়বদ্ধতা স্পষ্ট কৰা। টিডিএছ আৰু নেট উইনিং প্ৰত্যাহাৰৰ সময়ত বা বিত্তীয় বৰ্ষৰ শেষত টিডিএছ আৰু কৰ দায়বদ্ধতাৰ বাবে প্ৰস্তাৱ।
  • সোণক ইলেক্ট্ৰনিক সোণৰ ৰচিদলৈ ৰূপান্তৰ কৰা বা ইলেক্ট্ৰনিক সোণক সোণলৈ ৰূপান্তৰ কৰাটো মূলধনলাভ হিচাপে গণ্য কৰা নহ'ব।
  • ই.পি.এফ. উলিওৱাৰ কৰযোগ্য অংশৰ ওপৰত টি.ডি.এছ. হাৰ অনা-পেন ক্ষেত্ৰত ৩০% ৰ পৰা ২০% লৈ হ্ৰাস কৰা হৈছে।
  • বজাৰ সংযোজিত ঋণপত্ৰৰ পৰা উপাৰ্জন কৰ সাপেক্ষে হ'ব।
  • আয়ুক্ত পৰ্যায়ত আপীল ৰখা হ্ৰাস কৰিবলৈ সৰু আপীলনিষ্পত্তিৰ বাবে প্ৰায় ১০০ জন যুটীয়া আয়ুক্ত নিয়োগ কৰাৰ প্ৰস্তাৱ। ইতিমধ্যে লাভকৰা ৰিটাৰ্ণবোৰ পৰীক্ষা কৰিবলৈ আমি এই বছৰ অধিক নিৰ্বাচিত হ'ম।
  • আই.এফ.এছ.চি., জি.আই.এফ.টি. চি.টি.-লৈ স্থানান্তৰকৰা পুঁজিৰ কৰ লাভালাভ ৩১.০৩.২০২৫ লৈকে সম্প্ৰসাৰিত কৰাৰ প্ৰস্তাৱ।
  • ১ এপ্ৰিল, ২০২৩ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ আয়কৰ আইনৰ ধাৰা 276A-ৰ অধীনত অপৰাধীকৰণ।
  • আইডিবিআই বেংককে ধৰি কৌশলগত বিবিনিয়োগৰ ক্ষেত্ৰত লোকচান আগবঢ়োৱাৰ প্ৰস্তাৱ।
  • অগ্নিবীৰ পুঁজিক ইইই স্তৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আৰু অগ্নিবীৰ কৰ্পছ ফাণ্ডৰ দ্বাৰা অগ্নিবীৰক কৰা পৰিশোধ অগ্নিপথ আঁচনি ২০২২ ত পঞ্জীভুক্ত কৰ জালৰ বাহিৰত ৰখাৰ প্ৰস্তাৱ। অগ্নিবীৰৰ মুঠ উপাৰ্জনত কৰ্তন দিয়াৰ প্ৰস্তাৱ, যিটো তেওঁলোকে তেওঁলোকৰ সেৱা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা তেওঁলোকৰ একাউণ্টলৈ অৱদান আগবঢ়াইছে বা স্থানান্তৰ কৰিছে।

 

পৰোক্ষকৰ

  • বস্ত্ৰ আৰু কৃষিৰ বাহিৰে মৌলিক শুল্কৰ হাৰ ২১ ৰ পৰা ১৩ লৈ হ্ৰাস কৰা হৈছিল।
  • পুতলা, চাইকেল, অটোমোবাইল আৰু নেপথাকে ধৰি কিছুমান সামগ্ৰীৰ মৌলিক শুল্ক, উপকৰ আৰু চাৰ্চাৰ্জত সামান্য পৰিৱৰ্তন হৈছে।
  • সংকুচিত জৈৱ গেছক আবকাৰী শুল্কৰ পৰা ৰেহাই দিয়াৰ প্ৰস্তাৱ যাৰ ওপৰত জিএছটি পৰিশোধ কৰা হৈছে।
  • বৈদ্যুতিক বাহনত লিথিয়াম আয়ন বেটাৰি উৎপাদন কৰা যন্ত্ৰ/মূলধনী সামগ্ৰীৰ ওপৰত শুল্ক ৩১.০৩.২০২৪ লৈকে বৃদ্ধি কৰা হৈছে।
  • সেউজীয়া গতিশীলতাক অধিক গতি প্ৰদান কৰাৰ বাবে, বৈদ্যুতিক বাহনত ব্যৱহৃত বেটাৰিৰ লিথিয়াম আয়ন কোষ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মূলধনী সামগ্ৰী আৰু যন্ত্ৰপাতিআমদানিৰ ওপৰত শুল্ক ৰেহাই দিয়া হৈছে।
  • মোবাইল ফোন নিৰ্মাণত ঘৰুৱা মূল্য সংযোজন অধিক বৃদ্ধি কৰাৰ বাবে, কিছুমান স্পেয়াৰ পাৰ্টচ আৰু কেমেৰা লেন্সৰ দৰে ইনপুট আমদানিৰ ওপৰত মৌলিক শুল্ক উপশম কৰাৰ আৰু লিথিয়াম-আয়ন বেটাৰী কোষৰ ওপৰত ৰেহাই শুল্ক আৰু এবছৰৰ বাবে অব্যাহত ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে।
  • টিভি পেনেলৰ মুকলি কোষঅংশৰ ওপৰত মৌলিক শুল্ক ২.৫ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
  • বৈদ্যুতিক পাকঘৰৰ চিমনিৰ ওপৰত মৌলিক শুল্ক ৭.৫ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
  • বৈদ্যুতিক পাকঘৰৰ চিমনিৰ তাপ পেনেলৰ আমদানি শুল্ক ২০ শতাংশৰ পৰা ১৫ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
  • ৰাসায়নিক উদ্যোগত ডাইনেচাই ইথাইল এলকহল ব্যৱহাৰ কৰা হয়। এই মৌলিক শুল্ক ৰেহাই দিয়াৰ প্ৰস্তাৱ।ঘৰুৱা ফ্লুৰোকেমিকেল উদ্যোগত প্ৰতিযোগিতামূলকতা বজাই ৰখাৰ বাবে, এচিড গ্ৰেড ফ্লুৰোস্পাৰৰ ওপৰত মৌলিক শুল্ক ৫ শতাংশৰ পৰা ২.৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।
  • এপিকলোৰোহাইড্ৰিন নিৰ্মাণত ব্যৱহৃত কেঁচা গ্লিচাৰিনৰ ওপৰত মৌলিক শুল্ক ৭.৫ শতাংশৰ পৰা ২.৫ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
  • মিছামাছৰ খাদ্যৰ ঘৰুৱা উৎপাদনৰ বাবে মুখ্য ইনপুটৰ ওপৰত শুল্ক হ্ৰাসৰ প্ৰস্তাৱ দিয়া হৈছে।
  • লেবৰেটৰী মেড ডায়মণ্ডছ (এলজিডি) নিৰ্মাণত ব্যৱহৃত বীজৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ প্ৰস্তাৱ।
  • সোণৰ টিলা আৰু বাৰ আৰু প্লেটিনামৰ ওপৰত শুল্ক বৃদ্ধিৰ প্ৰস্তাৱ।
  • ছিলভাৰষ্টিক, বাৰ আৰু সামগ্ৰীৰ ওপৰত আমদানি শুল্ক বৃদ্ধি কৰাৰ প্ৰস্তাৱ।
  • চিআৰজিঅ' ষ্টীল নিৰ্মাণৰ বাবে কেঁচা সামগ্ৰী, লোৰ স্ক্ৰেপ আৰু নিকেল কেথ'ডৰ ওপৰত মৌলিক শুল্ক ৰেহাই।
  • তামৰ স্ক্ৰেপৰ ওপৰত ২.৫ শতাংশৰে ৰেহাইমূলক বিচিডি অব্যাহত ৰখা হৈছিল।
  • মিশ্ৰিত ৰবৰৰ ওপৰত মৌলিক শুল্ক বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, লেটেক্সৰ বাহিৰে প্ৰাকৃতিক ৰবৰৰ সমান, ১০শতাংশৰ পৰা ২৫শতাংশ বা ৩০টকা প্ৰতি কিলোগ্ৰামলৈ, যিটো কম হয়।
  • নিৰ্দিষ্ট চিগাৰেটৰ ওপৰত ৰাষ্ট্ৰীয় দুৰ্যোগ আকস্মিক শুল্ক (এনচিচিডি) তিনি বছৰ আগতে সংশোধন কৰা হৈছিল। ইয়াক প্ৰায় ১৬ শতাংশ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল।

পৰোক্ষ কৰ সন্দৰ্ভত সংশোধন

  • আৱেদন দাখিল কৰাৰ তাৰিখৰ পৰা ৯ মাহৰ সময়সীমা নিৰ্ধাৰণ কৰিবলৈ নিষ্পত্তি আয়োগে সংশোধন কৰিবলগা শুল্ক আইন, ১৯৬২ সংশোধনকৰাৰ প্ৰস্তাৱ।
  • এণ্টি ডাম্পিং শুল্ক (এডিডি), কাউণ্টাৰভেইলিং ডিউটি (চিভিডি) আৰু সুৰক্ষামূলক ব্যৱস্থা সম্পৰ্কীয় ব্যৱস্থাৰ পৰিসৰ আৰু পৃষ্ঠপোষকতা স্পষ্ট কৰিবলৈ শুল্ক শুল্ক আইন সংশোধনকৰাৰ প্ৰস্তাৱ।
  • চিজিএছটি আইন সংশোধন কৰিব লাগিব
  • জিএছটিৰ অধীনত গোচৰ আৰম্ভ কৰাৰ বাবে কৰ পৰিমাণৰ নিম্নতম সীমা ১ কোটি টকাৰ পৰা ২ কোটি টকালৈ বৃদ্ধি কৰা হ'ব।
  • চক্ৰবৃদ্ধি কৰ পৰিমাণৰ বৰ্তমানৰ সীমা বৰ্তমানৰ ৫০ ৰ পৰা ১৫০ শতাংশলৈ হ্ৰাস কৰি ২৫ ৰ পৰা ১০০ শতাংশলৈ হ্ৰাস কৰা হ'ব।
  • কিছুমান অপৰাধক অপৰাধীকৰণ কৰা হ'ব।
  • সংশ্লিষ্ট ৰিটাৰ্ণ বিৱৰণ দাখিল কৰাৰ নিৰ্ধাৰিত তাৰিখৰ পৰা নিম্নতম তিনি বছৰৰ বাবে ৰিটাৰ্ণ ৰিটাৰ্ণ দাখিল কৰাৰ ওপৰত প্ৰতিবন্ধকতা থাকিব।
  • মিশ্ৰিত কৰদাতাসকলক অপঞ্জীভুক্ত যোগানকৰ্তাসকলে ই-কমাৰ্চ অপাৰেচনৰ (ইচিঅ') জৰিয়তে সামগ্ৰীৰ আন্তঃৰাজ্যিক যোগান নিশ্চিত কৰিবলৈ সক্ষম কৰিব।

 

***

 

RM/ABB/YB/SNC/KAK/LP/NJ/RC/SSV/SV



(Release ID: 1895965) Visitor Counter : 1076