পোষ্ট কৰা হৈছে:
14 JAN 2023 1:06PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাংসদ শ্ৰী সন্তোখ সিং চৌধুৰীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"সাংসদ শ্ৰী সন্তোখ সিং চৌধুৰীজীৰ মৃত্যুত মই দুঃখিত। পঞ্জাৱৰ জনসাধাৰণক কৰা অনবদ্য সেৱাৰ প্ৰচেষ্টাৰ বাবে তেওঁক চিৰকাল স্মৰণ কৰা হ'ব। তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকললৈ মোৰ সমবেদনা। ঔঁম শান্তি। "
***
DS/SH