তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ভাৰত চৰকাৰে ইউটিউবত ব্যাপক হাৰত বিয়পা ভুৱা খবৰৰ বিৰোধিতা কৰে


পিআইবিৰ ফেক্ট চেক গোটে ভুৱা খবৰ বিয়পোৱা তিনিটা ইউটিউব চেনেলৰ কথা ফাদিল কৰে

পিআইবিৰ ফেক্ট চেক গোটে উচ্চতম ন্যায়ালয়, ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে ভুৱা ভিডিঅ'ৰ স্বৰূপ উদঙায় ; এই ভিডিঅ'সমূহৰ কেইবালাখ দৰ্শক আছিল

ভাৰতৰ নিৰ্বাচন আয়োগ, ইলেক্ট্ৰনিক ভোটিং মেচিন সন্দৰ্ভত মিছা খবৰ

পিআইবিয়ে ফেক্ট চেক কৰা ইউটিউব চেনেলসমূহৰ প্ৰায় ৩৩ লাখ ছাব্সক্ৰাইবাৰ, ৩০ কোটিৰো অধিক ভিউজ আছিল

Posted On: 20 DEC 2022 12:02PM by PIB Guwahati

চল্লিছৰো অধিক ফেক্ট-চেক শৃংখলাৰ ক্ৰমত পিআইবিৰ ফেক্ট-চেক গোট (এফচিইউ)-য়ে ইউটিউবৰ এনে তিনিটা চেনেলৰ তথ্য ফাদিল কৰিছে যি ভাৰতত ভুৱা খবৰ বিয়পাই আছে। এই ইউটিউব চেনেলসমূহৰ প্ৰায় ৩৩ লাখ ছাব্সক্ৰাইবাৰ আছিল। ইবিলাকৰ প্ৰায় সকলো ভিডিঅ' ভুৱা বুলি প্ৰতিপন্ন হয়; সম্প্ৰতি সেইবোৰ ৩০ কোটিৰো অধিক বাৰ চোৱা হৈছে।

এই প্ৰথমবাৰৰ বাবে পিআইবিয়ে ছচিয়েল মিডিয়াত কোনো লোকৰ দ্বাৰা মিছা কথা বিয়পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেউটা ইউটিউব চেনেলৰ স্বৰূপ উদঙাই দিছে। পিআইবিয়ে তথ্যৰ যি অনুসন্ধান কৰে, তাৰ বিৱৰণ এনেধৰণৰ:

 

ক্ৰম নং

ইউটিউব চেনেলৰ নাম

ছাব্সক্ৰাইবাৰৰ সংখ্যা

ভিউজ

নিউজ হেডলাইনছ

৯.৬৭ লাখ

৩১,৭৫,৩২,২৯০

চৰকাৰী আপডেট

২২.৬ লাখ

৮,৮৩,৫৯৪

আজ টক লাইভ

৬৫.৬ হাজাৰ

১,২৫,০৪,১৭৭

 

ইউটিউবৰ ওপৰোক্ত চেনেলে মহামান্য উচ্চতম ন্যায়ালয়, মহামান্য মুখ্য ন্যায়াধীশ, চৰকাৰী যোজনা, ইলেক্ট্ৰনিক ভোটিং মেচিন, কৃষি ঋণ ৰেহাই দিয়া আদি সন্দৰ্ভত মিছা আৰু সংবেদনশীল খবৰ বিয়পায়। ইয়াত ভুৱা খবৰো অন্তৰ্ভুক্ত থাকে। উদাহৰণ স্বৰূপে এই ভুৱা খবৰৰ মাজত উচ্চতম ন্যায়ালয়ে এই আদেশ দিব যে ভৱিষ্যতৰ নিৰ্বাচন বেলট পেপাৰৰ জৰিয়তে হ'ব; চৰকাৰে বেংক একাউণ্ট, আধাৰ কাৰ্ড আৰু পেন কাৰ্ড থকা লোকক ধন দি আছে; ইভিএমত প্ৰতিবন্ধকতা আদি খবৰ অন্তৰ্ভুক্ত।

ইউটিউবৰ এই চেনেলকেইটাৰ বিষয়ে এই কথা প্ৰতিপন্ন হৈছে যে এইকেইটাই ভুৱা আৰু সংবেদনশীল থাম্বনেইল লগায় য'ত টিভি চেনেলৰ লগ' তথা তেওঁলোকৰ নিউজ এংকৰৰ ফটো থাকে, যাতে দৰ্শকসকলক এই ধাৰণা দিব পৰা যায় যে তাত দিয়া খবৰ সঁচা। এই চেনেলকেইটাৰ বিষয়ে এই কথাও জানিব পৰা গৈছে যে এওঁলোকে নিজৰ ভিডিঅ'ত বিজ্ঞাপনো চলায় তথা ইউটিউবত মিছা খবৰ দি উপাৰ্জন কৰি আছে।

পিআইবিৰ ফেক্ট-চেক গোটৰ কাৰ্যকলাপৰ ক্ৰমত যোৱা এটা বছৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এশৰো অধিক ইউটিউব চেনেলক ব্লক কৰি দিছে।

 

ষ্ক্ৰীণশ্বট

 

***



(Release ID: 1885153) Visitor Counter : 122