প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অৰুণাচল প্ৰদেশৰ প্ৰথমটো গ্ৰীনফিল্ড বিমানবন্দৰ ‘ডনি প’ল’ বিমানবন্দৰ, ইটানগৰ’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

৬০০ মেগাৱাটৰ কামেং জলবিদ্যুৎ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা

“ডনি প’ল’ বিমানবন্দৰৰ উদ্বোধন হৈছে বিমানবন্দৰটোৰ আধাৰশিলা স্থাপনক নিৰ্বাচনী চমক বুলি অভিহিতকৰণৰ চেষ্টা কৰাসকললৈ এটি যথোচিত প্ৰত্যুত্তৰ”

“আমাৰ চৰকাৰে সীমান্ত অঞ্চলৰ গাঁৱসমূহক দেশৰ প্ৰথমখন গাওঁ বুলি বিবেচনাৰে কাম কৰিছে”

“পৰ্যটন বা বাণিজ্যই হওঁক, টেলিকম বা বস্ত্ৰশিল্পই হওঁক, উত্তৰ পূৰ্বাঞ্চলে সৰ্বোচ্চ অগ্ৰাধিকাৰ লাভ কৰিছে”

“এয়া আশা-আকাংক্ষাৰ এটি নতুন যুগ আৰু আজিৰ কাৰ্য্যসূচী ভাৰতৰ নতুন পন্থাৰ এক নিখুঁত উদাহৰণ”

“যোৱা আঠ বছৰত উত্তৰ-পূবত ৭ টা বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে”

“অৰুণাচল প্ৰদেশৰ ইতিহাস আৰু সংস্কৃতিৰ সাক্ষী এই ডনি প’ল’ বিমানবন্দৰ”

“এতিয়া আপোনালোকে আন শস্যৰ দৰেই বাঁহৰ খেতি, চপোৱা আৰু বিক্ৰী কৰিব পাৰিব”

“চৰকাৰখনে দৰিদ্ৰ লোকৰ সুন্দৰ জীৱন-যাপনত অগ্ৰাধিকাৰ প্ৰদান কৰিছে”

“সবকা প্ৰয়াসৰে সংযুক্ত অৰুণাচল প্ৰদেশৰ ডাবল ইঞ্জিনৰ চৰকাৰখন ৰাজ্যখনৰ উন্নয়নৰ বাবে অংগীকাৰবদ্ধ”

Posted On: 19 NOV 2022 12:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটানগৰৰ ডনি প’ল’ বিমানবন্দৰ উদ্বোধন আৰু ৬০০ মেগাৱাট শক্তিসম্পন্ন কামেং জলবিদ্যুৎ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ২০১৯ ৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকীয়েই এই বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত মহামাৰীটো সৃষ্ট প্ৰত্যাহ্বানৰ মাজতো বিমানবন্দৰটোৰ কাম কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিল।

এই কাৰ্য্যসূচীত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সঘন অৰুণাচল ভ্ৰমণৰ কথা স্মৰণ কৰি আজিৰ কাৰ্য্যসূচীৰ সুদূৰপ্ৰসাৰিতাৰ কথা উল্লেখেৰে অৰুণাচলৰ জনসাধাৰণে ৰাজ্যখনৰ উন্নয়নৰ বাবে প্ৰদৰ্শন কৰা দায়বদ্ধতাৰ বাবে তেওঁলোকক প্ৰশংসা কৰে। তেখেতে অৰুণাচলৰ জনসাধাৰণৰ প্ৰফুল্ল অথচ অনুশাসিত স্বভাৱকো স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিৱৰ্তিত কৰ্ম সংস্কৃতিৰ কথাৰ উল্লেখেৰে তেখেতে আধাৰশিলা স্থাপনৰ লগতে একেটা প্ৰকল্প নিজেই উৎসৰ্গা কৰি অহাৰ পৰম্পৰা সম্পৰ্কে কয়। তেখেতে লগতে কয় যে এই বিমানবন্দৰৰ উদ্বোধন হৈছে বিমানবন্দৰটোৰ আধাৰশিলা স্থাপনক নিৰ্বাচনী চমক বুলি অভিহিতকৰণৰ চেষ্টা কৰাসকললৈ এটি যথোচিত প্ৰত্যুত্তৰ। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজনৈতিক ধাৰাভাষ্যকাৰসকলক নতুন চিন্তাধাৰাৰ টুপী পিন্ধি ৰাজনৈতিক লাভালাভৰ বাবেহে ৰাজ্যৰ উন্নয়নক নাচাবলৈ আহ্বান জনায়।  ৰাজ্যখনৰ উন্নয়নত এই চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰিছে। “মই আজিৰ দিনটো সূৰ্য্য উঠা ৰাজ্যখনৰপৰা আৰম্ভ কৰিছো আৰু ভাৰতত সূৰ্য্য অস্ত যোৱা দমনত শেষ কৰিম আৰু ইয়াৰ মাজতে মই কাশীলৈ যাম”।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে স্বাধীনতাৰ পিছৰ সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি উদাসীনতা আৰু অৱহেলাৰ ভাৱ পোষণ কৰা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰখনে অঞ্চলটোক গুৰুত্ব প্ৰদানেৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এটি সুকীয়া মন্ত্ৰালয় স্থাপন কৰিছিল। পিছত সেই গতি স্তিমিত হৈ পৰিছিল যদিও ২০১৪ ৰ পিছত এই অঞ্চলটোত উন্নয়নৰ এক নতুন অধ্যায়ৰ সূচনা হয়। “পূৰ্বে দূৰৱৰ্তী সীমান্তৰ গাঁৱসমূহক শেষ গাওঁ হিচাপে গণ্য কৰা হৈছিল। কিন্তু আমাৰ চৰকাৰে সীমান্ত অঞ্চলৰ গাঁৱসমূহক দেশখনৰ প্ৰথমখন গাওঁ বুলি গণ্যৰে কাম কৰি আহিছে। ইয়াৰ ফলশ্ৰুতিত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন চৰকাৰখনৰ অগ্ৰাধিকাৰ হৈ পৰিছে।” “পৰ্যটন বা বাণিজ্যই হওঁক, টেলিকম বা বস্ত্ৰশিল্পই হওঁক, উত্তৰ-পূবে সৰ্বোচ্চ অগ্ৰাধিকাৰ লাভ কৰিছে”। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয়, “ড্ৰোন প্ৰযুক্তিয়েই হওঁক বা কৃষি উড়ানেই হওঁক, বিমানবন্দৰ সংযোগেই হওঁক বা বন্দৰ সংযোগেই হওঁক, চৰকাৰখন সকলো ক্ষেত্ৰত উত্তৰ-পূবৰ উন্নয়ন সাধনত অগ্ৰাধিকাৰ প্ৰদান কৰিছে।“ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ আটাইতকৈ দীঘল সেতু, আটাইতকৈ দীঘল ৰেল দলং, ৰেল লাইন সংযোগ আৰু অভিলেখ সৃষ্টিৰে ঘাইপথ নিৰ্মাণৰ উদাহৰণ প্ৰদান কৰি অঞ্চলটোত অব্যাহত উন্নয়নৰ আলোকপাত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, “এয়া আশা-আকাংক্ষাৰ এটি নতুন যুগ আৰু আজিৰ কাৰ্যসূচী ভাৰতৰ নতুন পন্থাৰ এক নিখুঁত উদাহৰণ।“

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ডনি প’ল’ বিমানবন্দৰ অৰুণাচল প্ৰদেশৰ চতুৰ্থটো কাৰ্য্যক্ষম বিমানবন্দৰ হৈ উঠিব। ইয়াৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ বিমানবন্দৰৰ সংখ্যা ১৬ হৈ পৰিল। ১৯৪৭ ৰপৰা ২০১৪ লৈকে উত্তৰ-পূবত মাত্ৰ ৯ টা বিমানবন্দৰহে নিৰ্মাণ কৰা হৈছিল। যোৱা আঠ বছৰৰ ভিতৰতে উত্তৰ-পূবত ৭ টা বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে। অঞ্চলটোত বিমানবন্দৰৰ ক্ষীপ্ৰ নিৰ্মাণে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ বিশেষ গুৰুত্ব আৰোপ কাৰ্য্যকে প্ৰতিফলিত কৰিছে। তেখেতে জনাই যে উত্তৰ-পূব ভাৰত সংযোগী বিমানৰ সংখ্যা দুগুণ হৈছে। “ডনি প’ল’ বিমানবন্দৰ হৈছে অৰুণাচল প্ৰদেশৰ ইতিহাস আৰু সংস্কৃতিৰ সাক্ষী”, শ্ৰী মোদীয়ে কয়। বিমানবন্দৰটোৰ নামকৰণ সম্পৰ্কত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ‘ডনি’ ৰ অৰ্থ সূৰ্য্য আনহাতে ‘প’ল’’ ৰ অৰ্থ চন্দ্ৰ। ৰাজ্যখনৰ উন্নয়নক সূৰ্য্য আৰু চন্দ্ৰৰ আভাৰে তুলনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিমানবন্দৰৰ উন্নয়ন দৰিদ্ৰ লোকৰ উন্নয়নৰ দৰেই গুৰুত্বপূৰ্ণ বুলি কয়।

অৰুণাচল প্ৰদেশৰ আন্তঃগাঁথনিগত উন্নয়ন সন্দৰ্ভত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুৰ্গম আৰু প্ৰত্যন্ত অঞ্চলসমূহত ঘাইপথ নিৰ্মাণৰ কথা উল্লেখ কৰে আৰু লগতে কয় যে অদূৰ ভৱিষ্যতে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত আৰু ৫০,০০০ কোটি টকা ব্যয় কৰিবলৈ অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ কথা উল্লেখেৰে ৰাজ্যখনত পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে বুলি কয়। তেখেতে ৰাজ্যখনৰ দুৰ্গম অঞ্চলসমূহৰ সৈতে সঠিক যোগাযোগ ব্যৱস্থাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপেৰে অৰুণাচলৰ ৮৫ শতাংশ গাওঁ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰে সংযুক্ত বুলি সদৰী কৰে। নতুন বিমানবন্দৰৰ আন্তঃগাঁথনিৰ উন্নয়নে কাৰ্গ’ সেৱাৰ ক্ষেত্ৰত অসীম সুযোগ সৃষ্টি কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰ ফলশ্ৰুতিত ৰাজ্যখনৰ কৃষকসকলে এতিয়া নিজৰ উৎপাদিত সামগ্ৰী বৃহৎ বজাৰসমূহত বিক্ৰী কৰিব পাৰিব। তেখেতে লগতে জনায় যে ৰাজ্যখনৰ কৃষকসকলে এতিয়া প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ সুফলো লাভ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক বাঁহ চপোৱাত বাধা আৰোপ কৰা ঔপনিৱেশিক আইনখনৰ কথা উল্লেখেৰে চৰকাৰে এই আইন বিলুপ্তকৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি কয়। তেখেতে উল্লেখ কৰে যে বাঁহ ৰাজ্যখনৰ জনজীৱনৰে এটি অংশ আৰু ইয়াৰ খেতিয়ে অঞ্চলটোৰ জনসাধাৰণক সমগ্ৰ ভাৰত আৰু বিশ্বতে বাঁহৰ সামগ্ৰী ৰপ্তানিত সহায় কৰিছে। “এতিয়া আপোনালোকে আন শস্যৰ দৰেই বাঁহৰ খেতি কৰা, চপোৱা আৰু বিক্ৰী কৰিব পাৰিব”, তেখেতে লগতে কয়।

“চৰকাৰখনে দৰিদ্ৰ লোকৰ সুন্দৰ জীৱন-যাপনত অগ্ৰাধিকাৰ প্ৰদান কৰিছে” বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে পাৰ্বত্য অঞ্চলসমূহত শিক্ষা প্ৰদান আৰু স্বাস্থ্য সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰসমূহে প্ৰচেষ্টা গ্ৰহণ নকৰাৰ কথা উল্লেখ কৰি কয় যে বৰ্তমানৰ চৰকাৰে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৫ লাখ পৰ্য্যন্ত বীমা ক’ভাৰ আগবঢ়াইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা, আদৰ্শ একলব্য বিদ্যালয় আৰু অৰুণাচল ষ্টাৰ্টআপ নীতিৰ কথাও উল্লেখ কৰে। প্ৰতিঘৰ গৃহস্থীলৈ বিদ্যুৎ যোগানৰ অৰ্থে ২০১৪ ত শুভাৰম্ভ কৰা সৌভাগ্য যোজনা সন্দৰ্ভত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশৰ বহু গাঁৱে বিদ্যুৎ যোগান লাভ কৰিছে বুলি কয়।

“উন্নয়নক ৰাজ্যখনৰ প্ৰতিঘৰ গৃহস্থী-প্ৰতিখন গাঁৱত উপনীত কৰাবলৈ আমি মিছন ম’ডত কাম কৰি আছো”, বুলি শ্ৰী মোদীয়ে কয়। তেখেতে ভাইব্ৰেন্ট ব’ৰ্ডাৰ ভিলেজ প্ৰগ্ৰেমৰ অধীনত সকলো সীমান্ত গাঁৱৰ উন্নয়ন সাধনৰ বাবে চৰকাৰখনে গ্ৰহণ কৰা প্ৰচেষ্টাৰ আলোকপাত কৰি এই প্ৰয়াসে পৰ্যটনক উদ্দীপনা যোগান আৰু অঞ্চলটোৰ প্ৰব্ৰজন হ্ৰাস কৰিব বুলি কয়। তেখেতে লগতে জনায় যে ৰাজ্যখনত, ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলক এনচিচিৰে সংযুক্ত কৰিবলৈ এক বিশেষ কাৰ্য্যক্ৰম গ্ৰহণ কৰা হৈছে। এই কাৰ্য্যক্ৰমে যুৱক-যুৱতীসকলক প্ৰতিৰক্ষাৰ প্ৰশিক্ষণ প্ৰদানৰ ওপৰিও তেওঁলোকৰ মনত ৰাষ্ট্ৰ সেৱাৰ অনুভূতি জগাই তুলিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে “সবকা প্ৰয়াসৰে সংযুক্ত অৰুণাচল প্ৰদেশৰ ডাবল ইঞ্জিনৰ চৰকাৰখন ৰাজ্যখনৰ উন্নয়নৰ বাবে অংগীকাৰবদ্ধ” বুলি কৈ তেখেতৰ সম্বোধনৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী বি ডি মিশ্ৰ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু প্ৰমুখ্যে আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।

পৃষ্ঠপট

ডনি প বিমানবন্দৰ, ইটানগৰ

উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশৰ প্ৰথমটো গ্ৰীনফিল্ড বিমানবন্দৰ - ‘ডনি প’ল’ বিমানবন্দৰ, ইটানগৰ’ ৰ উদ্বোধন কৰে। বিমানবন্দৰৰ নামটোৱে অৰুণাচল প্ৰদেশৰ পৰম্পৰা আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য তথা সূৰ্য্য (‘ডনি’) আৰু চন্দ্ৰ (‘প’ল’’) ৰ প্ৰতি যুগে-যুগে অব্যাহত শ্ৰদ্ধাকে প্ৰতিফলিত কৰিছে।

অৰুণাচল প্ৰদেশৰ প্ৰথম গ্ৰীনফিল্ড বিমানবন্দৰটোক ৬৪০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৬৯০ একৰৰো অধিক এলেকাত স্থাপন কৰা হৈছে। ২৩০০ মিটাৰ ৰানৱে’ৰ সৈতে এই বিমানবন্দৰটো সকলো বতৰতে উৰণ-অৱতৰণৰ বাবে উপযোগী হৈ উঠিব। বিমানবন্দৰৰ টাৰ্মিনেলটোক এটা আধুনিক ভৱন হিচাপে গঢ়ি তোলা হৈছে যিয়ে শক্তি সক্ষমতা, নবীকৰণযোগ্য শক্তি আৰু সম্পদৰ পুনঃব্যৱহাৰক প্ৰোৎসাহিত কৰিছে।

ইটানগৰত এই নতুন বিমানবন্দৰৰ স্থাপনে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনেই নহয়, বৰঞ্চ বাণিজ্য আৰু পৰ্যটনৰ বিকাশতো অনুঘটক হিচাপে কাম কৰিব, যাৰ ফলশ্ৰুতিত অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত হ’ব।

উত্তৰ-পূবৰ পাঁচখন ৰাজ্য যথাঃ মিজোৰাম, মেঘালয়, ছিকিম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ বিমানবন্দৰসমূহে ৭৫ বছৰৰ পিছত পোন প্ৰথমবাৰৰ বাবে বিমান সেৱা আৰম্ভ কৰিছে।

২০১৪ ৰপৰা উত্তৰ-পূবত বিমানৰ আহ-যাহো ১১৩% বৃদ্ধি পাইছে। ২০১৪ ত প্ৰতি সপ্তাহত ৮৫২ ৰপৰা ২০২২ ত প্ৰতি সপ্তাহত ১৮১৭ লৈ বিমানৰ উৰণ-অৱতৰণ বৃদ্ধি পাইছে।

৬০০ মেগাৱাটৰ কামেং জলবিদ্যুৎ প্ৰকল্প

৮৪৫০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ৮০ কিলোমিটাৰৰো অধিক অঞ্চলত পৰিবেষ্টিত এই প্ৰকল্পটোৱে অৰুণাচল প্ৰদেশক অতিৰিক্ত শক্তিসম্পন্ন ৰাজ্য হিচাপে পৰিগণিত কৰিব তথা গ্ৰিডৰ সুস্থিৰতা আৰু সংহতিৰ ক্ষেত্ৰত নেশ্যনেল গ্ৰিডকো উপকৃত কৰিব। এই প্ৰকল্পই সেউজ শক্তিৰ অভিযোজনাৰ বৰ্ধনৰ অৰ্থে দেশখনৰ অংগীকাৰ পৰিপূৰণৰ ক্ষেত্ৰত এক বৃহৎ অৰিহণা যোগাব।

*****



(Release ID: 1877276) Visitor Counter : 197