প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কর্ণাটকৰ বেঙ্গালুৰুত জনসমাৱেশত প্রধানমন্ত্রীৰ ভাষণ
“ভাৰতৰ ষ্টাৰ্টআপ ভাবাৱেগৰ প্রতিনিধিত্ব কৰিছে বেঙ্গালুৰুৱে, এই ভাবাৱেগে দেশক বিশ্বৰ সমুখত স্থান দিয়াইছে"
“বন্দে ভাৰত এক্সপ্রেছ হ'ল এনে এক প্রতীক যি ভাৰতত স্থিতাৱস্থাৰ দিনবিলাকক পিছপেলাই দিছে”
“বিমান বন্দৰবিলাকে ভাৰতত বাণিজ্যিক সম্প্রসাৰণৰ নতুন ক্ষেত্র প্ৰস্তুত কৰিছে, ইয়াৰ সমান্তৰালকৈ দেশৰ যুৱ সম্প্রদায়ৰ বাবে নতুন কর্মসংস্থানৰ সুযোগ সৃষ্টি কৰিছে”
“ডিজিটেল পেমেণ্ট ব্যৱস্থাত ভাৰতৰ অগ্রগতিক সমগ্ৰ বিশ্বই প্রশংসা কৰিছে”
“দেশলৈ প্রত্যক্ষ বিদেশী বিনিয়োগ আকৃষ্ট কৰিবলৈ কর্ণাটকে পথ দেখুৱাইছে”
“শাসন পৰিচালনা অথবা ডিজিটেল পৰিকাঠামোৰ বাহ্যিক প্রসাৰ বৃদ্ধিৰ ক্ষেত্রত ভাৰতে সম্পূর্ণ ভিন্ন স্তৰত কাম কৰি গৈছে”
“অতীতত গতিক বিলাসিতা আৰু তাৰ প্রসাৰক আশংকা হিচাপে গণ্য কৰা হৈছিল”
“আমাৰ ঐতিহ্য সাংস্কৃতিক আৰু আধ্যাত্মিকো”
“নাদপ্রভু কেম্পেগৌড়াই যেনেকৈ স্বপ্ন দেখিছিল বেঙ্গালুৰুৰ তেনেকৈ উন্নয়ন ঘটাব লাগিব”
Posted On:
11 NOV 2022 2:39PM by PIB Guwahati
কর্ণাটকৰ বেঙ্গালুৰুত আজি এখন জনসমাৱেশত ভাষণ দিয়ে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে। আজি প্রথমতে বিধান সৌধত সন্ত কবি শ্রী কনক দাস আৰু মহর্ষি বাল্মীকিৰ মূর্তিত পুষ্পার্ঘ্য অৰ্পণ কৰি প্রধানমন্ত্রীয়ে শ্রদ্ধা জনায়। কেএছআৰ ৰে'লৱে ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছ আৰু ভাৰত গৌৰৱ কাশী দর্শন ট্রেইনৰ যাত্রা আৰম্ভ কৰে তেওঁ। বেঙ্গালুৰুত কেম্পেগৌড়া আন্তর্জাতিক বিমান বন্দৰ টার্মিনেল প্রধানমন্ত্রীয়ে উদ্বোধন কৰে আৰু শ্রী নাদপ্রভু কেম্পেগৌড়াৰ ১০৮ ফুট ওখ ব্রোঞ্জ মূর্তিৰ আৱৰণ উন্মোচন কৰে।
সমাৱেশত ভাষণ দি প্রধানমন্ত্রীয়ে কয়, কর্ণাটকৰ দুই স্বনামধন্য ব্যক্তিৰ জন্মজয়ন্তী উপলক্ষে কর্ণাটকত উপস্থিত থাকিব পাৰি তেওঁ আনন্দিত। সন্ত কনক দাস আৰু ওনাকে ওভাবাৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰে। প্রধানমন্ত্রীয়ে কয় যে কর্ণাটকে এই প্রথম ভাৰতত নিৰ্মিত প্রথম বন্দে ভাৰত ট্রেইন পালে যি চেন্নাই, ষ্টাৰ্টআপ ৰাজধানী হিচাপে বেঙ্গালুৰু আৰু ঐতিহ্য চহৰ মাইশুৰুৰ সৈতে যোগসূত্র ৰচনা কৰিব। তেওঁ কয়, “আজি যাত্রা সূচনা হোৱা ভাৰত গৌৰৱ কাশী দর্শন ট্রেইনে কর্ণাটকবাসীক অযোধ্যা, কাশী আৰু প্রয়াগৰাজলৈ যোৱাত সহায় কৰিব।”
বেঙ্গালুৰুত কেম্পেগৌড়া আন্তর্জাতিক বিমান বন্দৰৰ দুই নম্বৰ টার্মিনেলৰ প্রসঙ্গত উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে কালি যি চিত্র প্রদর্শিত হৈছিল তাতকৈও ইয়াৰ পৰিকাঠামো বহু বেছি সুন্দৰ আৰু অসাধাৰণ। নাদপ্রভু কেম্পেগৌড়াৰ বৃহৎ মূর্তিৰ ওপৰত আলোকপাত কৰি প্রধানমন্ত্রীয়ে কয় যে অনাগত দিনৰ ভাৰত আৰু বেঙ্গালুৰুক গঢ়ি তুলিবলৈ ই এটা উৎসাহ হিচাপে কাম কৰিব। বিশ্বত ষ্টার্টআপৰ ক্ষেত্রত ভাৰতৰ পৰিচিতিৰ প্রসঙ্গত উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এই পৰিচিতি সুনির্দিষ্ট কৰিবলৈ বেঙ্গালুৰুৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। প্রধানমন্ত্রীয়ে মন্তব্য কৰে, “ভাৰতত ষ্টাৰ্টআপ ভাবাৱেগৰ প্রতিনিধিত্ব কৰিছে বেঙ্গালুৰুৱে আৰু এই ভাবাৱেগে আমাৰ দেশক বিশ্বৰ অন্য সকলো ঠাইৰ তুলনাত এটা স্বতন্ত্র পৰিচিতি দিছে।” এই অনুষ্ঠান বেঙ্গালুৰুৰ যুৱ ভাবাৱেগৰ প্রকাশ বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে।
বন্দে ভাৰত কেৱল এখন ট্রেইনেই নহয় বৰং ভাৰতৰ নতুন পৰিচয়ৰ এক বার্তা বাহক। “বন্দে ভাৰত এক্সপ্রেছ ভাৰতৰ স্থিতাৱস্থাৰ দিনবিলাকক পিছপেলাই অহাৰ এক প্রতীক স্বৰূপ। ভাৰতীয় ৰে'লৰ আমূল পৰিৱৰ্তনৰ লক্ষ্য লৈ আমি অগ্ৰসৰ হৈছো।” ৪০০ৰো অধিক বন্দে ভাৰত ট্রেইন আৰু ভিস্তা ডোম কোচবিলাক ভাৰতীয় ৰে'লৰ নতুন পৰিচয় হৈ উঠিছে। পণ্য চলাচলৰ গতি বৃদ্ধিত আৰু সময় ৰাহিৰ ক্ষেত্রত ডেডিকেটেড মালবাহী কৰিডৰবিলাক সহায়ক হ'ব। দ্রুত ব্রডগজলৈ ৰূপান্তৰে ৰে'লৱে মানচিত্রৰ নতুন এলেকাসমূহৰ নৈকত্য ঘটাইছে। ৰে'লৱে ষ্টেচনবিলাকৰ আধুনিকীকৰণৰ প্রসঙ্গত প্রধানমন্ত্রীয়ে কয় যে শ্রী এম বিশ্বেস্বৰাইয়া টার্মিনেলৰ ফলত বেঙ্গালুৰু ৰে'লৱে ষ্টেচনে যাত্ৰীসকলৰ বহু প্রতিক্ষিত চাহিদা পূৰণ কৰিছে। কর্ণাটকত অন্যান্য ষ্টেচনবিলাকৰ আধুনিকীকৰণৰ কাম হাতত লোৱা হৈছে বুলিও তেওঁ জনায়।
উন্নত ভাৰতৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰি প্রধানমন্ত্রীয়ে কয় যে চহৰসমূহৰ মাজত যোগাযোগ ব্যৱস্থাই আজিৰ দিনত চাহিদা পূৰণৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। প্রধানমন্ত্রীয়ে কয় যে কেম্পেগৌড়া বিমান বন্দৰৰ নতুন দুই নম্বৰ টার্মিনেলৰ ফলত যোগাযোগ সম্প্রসাৰণত নতুন সুযোগ আৰু পৰিসেৱা বৃদ্ধি পাব। বিমান চলাচলৰ ক্ষেত্রত আৰু বিমান যাত্ৰাত যি পৰিমাণে যাত্রী বৃদ্ধি পাইছে সেইফালৰ পৰা চাবলৈ গ'লে বিশ্বত ভাৰত অন্যতম দ্রুততম বর্ধিত বজাৰ হিচাপে গঢ়ি উঠিছে। প্রধানমন্ত্রীয়ে উল্লেখ কৰে যে ২০১৪ৰ আগতে য'ত কেৱল ৭০টা বিমান বন্দৰ আছিল আজি সেই সংখ্যা দ্বিগুণ বাঢ়ি হৈছেগৈ ১৪০ৰো বেছি। প্রধানমন্ত্রীয়ে মন্তব্য কৰে, “বাণিজ্য সম্প্রসাৰণ আৰু দেশৰ যুৱ সম্প্রদায়ৰ নতুন কর্মসংস্থানৰ সুযোগ সৃষ্টিত বিমান বন্দৰবিলাকে নতুন ক্ষেত্র হিচাপে কাম কৰিছে।”
প্রধানমন্ত্রীয়ে লগতে উল্লেখ কৰে যে সমগ্ৰ বিশ্বই ভাৰতৰ প্রতি যি বিশ্বাস আৰু আগ্রহ দেখুৱাইছে, কর্ণাটকে তাৰ পৰা সুবিধা লাভ কৰিছে। প্রধানমন্ত্রীয়ে সকলোৰে দৃষ্টি আকর্ষণ কৰি কয় যে সমগ্ৰ বিশ্ব যেতিয়া কোভিড অতিমাৰিৰ যুঁজ কৰিছিল তেতিয়া কর্ণাটকত ৪ লাখ কোটি টকাৰ বিনিয়োগ আহিছিল। তেওঁ কয়, “যোৱা বছৰ দেশত প্রত্যক্ষ বিদেশী বিনিয়োগ আকৃষ্ট কৰিবলৈ কর্ণাটকে অগ্রণী পথ দেখুৱায়।” তেওঁ লগতে কয় যে এই বিনিয়োগ কেৱল তথ্যপ্রযুক্তি ক্ষেত্রতেই নহয় জৈৱ প্রযুক্তিৰ পৰা প্রতিৰক্ষা সমস্ত ক্ষেত্রতেই সেয়া পৰিব্যপ্ত। তেওঁ জনায় যে ভাৰতত বিমান আৰু মহাকাশযান উদ্যোগত কর্ণাটকৰ ২৫ শতাংশ অংশীদাৰিত্ব আছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতৰ প্রতিৰক্ষা ক্ষেত্রত যি বিমান আৰু হেলিকপ্টাৰ নিৰ্মাণ হয় তাৰ প্রায় ৭০ শতাংশই নিৰ্মাণ হয় কর্ণাটকত। শ্রী মোদীয়ে লগতে কয় যে ফৰচুন ৫০০ তালিকাত ৪০০ৰো বেছি কোম্পানীয়ে কর্ণাটকত কাম কৰিছে। ৰাজ্যত এই পৰিমাণৰ শ্রীবৃদ্ধি ডবল ইঞ্জিন চৰকাৰৰ কৃতিত্ব বুলি উল্লেখ কৰে তেওঁ।
প্রধানমন্ত্রীয়ে কয়, “শাসন পৰিচালনাই হওক অথবা ডিজিটেল পৰিকাঠামোৰ বাহ্যিক শ্রীবৃদ্ধিয়েই হওক ভাৰতে সম্পূর্ণ এক ভিন্ন স্তৰত কাম কৰি গৈছে।” ভিম, ইউপিআই আৰু ভাৰতত প্ৰস্তুত ফাইভ জি প্রযুক্তিৰ দৃষ্টান্ত দি প্রধানমন্ত্রীয়ে কয় যে বেঙ্গালুৰুৰ পেশাদাৰীসকলেই এই দূৰৰ স্বপ্নক বাস্তৱত ৰূপ দিছে। প্রধানমন্ত্রীয়ে উল্লেখ কৰে যে ২০১৪ৰ আগতে এনেধৰণৰ ফলদায়ক পৰিৱৰ্তন কল্পনাতীত আছিল। তাৰ কাৰণ পূর্বৱর্তী চৰকাৰবিলাকৰ চিন্তা-ভাবনাই আছিল সেই সময়ত। প্রধানমন্ত্রীয়ে কয়, “অতীতৰ চৰকাৰবিলাকে গতিক বিলাসিতা আৰু তাৰ মাত্রা বৃদ্ধিক আশংকা হিচাপে গণ্য কৰিছিল। আমাৰ চৰকাৰে এই ধাৰাৰ সম্পূর্ণ পৰিৱৰ্তন ঘটাইছে। আমি ভাবো যে গতি হ'ল উৎসাহ আৰু এই বৃদ্ধিৰ মাত্রা হ'ল ভাৰতৰ ক্ষমতা।” পিএম গতিশক্তি মাষ্টাৰ প্লেনৰ ওপৰত আলোকপাত কৰি প্রধানমন্ত্রীয়ে কয় যে সমস্ত দপ্তৰবিলাক আৰু এজেন্সিবিলাকক এখন প্লেটফর্মলৈ আনিবলৈ চৰকাৰে সর্বতো প্ৰকাৰৰ চেষ্টা চলাইছে। ফলস্বৰূপে ১৫০০ৰো অধিক স্তৰ বিভিন্ন সংস্থাসমূহৰ ওচৰত সহজলভ্য হৈছে। এই প্লেটফর্মৰ ফলত কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় তথা কেইবা ডজন দপ্তৰ একত্রিত হ'ব পাৰিছে। তেওঁ কয়, “ভাৰতে আজি ১১০ লাখ কোটি টকাৰ পৰিকাঠামো বিনিয়োগ বাস্তৱায়নৰ লক্ষ্যত কাম কৰিছে।” তেওঁ কয়, “বহুস্তৰীয় পৰিকাঠামোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে যাতে এটা মাধ্যমৰ পৰিবহন আনটোৰ সহায়ক হৈ উঠিব পাৰে।” জাতীয় লজিষ্টিক নীতিৰ প্রসঙ্গত উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে দেশত ইয়াৰ ফলত পণ্য পৰিবহণৰ খৰচ কমিব আৰু নতুন উদ্ভাৱনৰ ক্ষেত্র প্রস্তুত হৈছে।
সামাজিক পৰিকাঠামো উন্নত কৰাৰ ক্ষেত্রত
- দেশত গৰীবসকলৰ বাবে ৩ কোটি ৪০ লাখ পকা ঘৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ ৮ লাখেই কর্ণাটকত
- ৭ কোটি ঘৰত পাইপ বাহিত পৰিষ্কাৰ খোৱা পানীৰ সংযোগ নিৰ্মাণ কৰা হৈছে। ইয়াৰ ভিতৰত কর্ণাটকত ৩০ লাখ
- আয়ুষ্মান ভাৰতত ৪ কোটি ৰোগীয়ে বিনামূল্যে চিকিৎসা পাইছে। ইয়াৰ ভিতৰত কর্ণাটকত পাইছে ৩০ লাখে
- দেশত ১০ কোটি কৃষকৰ বেঙ্ক একাউণ্টত ২ লাখ ৫০ হাজাৰ টকাকৈ দিয়া হৈছে। কর্ণাটকত ৫৫ লাখ কৃষকৰ একাউণ্টত মুঠ ১১ হাজাৰ কোটি টকা দিয়া হৈছে। স্বনিধি ক্ষেত্রত ৪০ লাখ হকাৰক সাহায্য প্রদান কৰা হৈছে। ইয়াৰ ভিতৰত ২ লাখ কর্ণাটকত।
লালকিল্লাৰ পৰা জাতিৰ উদ্দেশ্যে ভাষণত দেশৰ ঐতিহ্যক লৈ গর্ব প্রকাশ কৰা প্রসঙ্গত প্রধানমন্ত্রীয়ে কয় যে আমাৰ ঐতিহ্য হ'ল সাংস্কৃতিক আৰু আধ্যাত্মিকো। তেওঁ জনায় যে ভাৰত গৌৰৱ ৰে'লে আধ্যাত্মবাদ আৰু বিশ্বাসৰ বিভিন্ন স্থানক যেনেকৈ একসূত্রত বান্ধিছে, আনহাতে এক ভাৰত শ্রেষ্ঠ ভাৰতৰ ভাবাৱেগক উজ্জীৱিত কৰিছে। তেওঁ জনায় যে এই পর্যন্ত দেশৰ বিভিন্ন প্ৰান্তত ৯টা এনেধৰণৰ যাত্রা সম্পূর্ণ হৈছে। তেওঁ কয়, “সেয়া সিদ্ধি মন্দিৰ, শ্রী ৰামায়ণ যাত্রা, দিব্যকাশী যাত্রা যিয়েই নহওক কিয় এই সকলো ট্রেইন ভ্ৰমণ যাত্রীসকলৰ বাবে আছিল এক মনোৰম অভিজ্ঞতা।” তেওঁ লগতে কয় যে কর্ণাটকৰ পৰা কাশী, অযোধ্যা আৰু প্রয়াগৰাজ যি যাত্রাৰ সূচনা হ'ল সি কর্ণাটকৰ জনসাধাৰণক কাশী আৰু অযোধ্যা যাত্রাৰ সুযোগ কৰি দিব।
শ্রী কনক দাসজীৰ প্রতিষ্ঠিত মোটা শস্যৰ গুৰুত্বৰ ওপৰত সকলোৰে দৃষ্টি আকর্ষণ কৰে প্রধানমন্ত্রীয়ে। তেওঁৰ ৰচিত ৰাম ধ্যান চরৰিতৰ ওপৰত আলোকপাত কৰি প্রধানমন্ত্রীয়ে কর্ণাটকৰ সর্বাধিক জনপ্রিয় বাজৰা ‘ৰাগি’ৰ দৃষ্টান্ত দি কয় যে ই সামাজিক ঐক্যৰ বার্তা বহন কৰে।
প্রধানমন্ত্রীয়ে জোৰ দি কয় যে নাদপ্রভু কেম্পেগৌড়াজীৰ স্বপ্নৰ পথেৰে বেঙ্গালুৰুৰ উন্নয়ন ঘটাব লাগিব। তেওঁ লগতে কয়, “এই চহৰৰ বিন্যাস ইয়াৰ মানুহৰ বাবে কেম্পেগৌড়াজীৰ এক মহান অৱদান।” প্রধানমন্ত্রীয়ে উল্লেখ কৰে যে বেঙ্গালুৰুৰ জনসাধাৰণৰ সুবিধার্থে কেইবা শতাব্দী আগতেই বাণিজ্যিক আৰু সাংস্কৃতিক ক্ষেত্রত নিখুঁত বিস্তৃত পৰিকল্পনা ৰচনা কৰা হৈছিল। প্রধানমন্ত্রীয়ে লগতে কয়, “বেঙ্গালুৰুৰ মানুহে এই দৃষ্টিভংগীৰ সুবিধা আজিও পাই আছে।” তেওঁ লগতে কয় যে ব্যৱসায়িক কামকাজৰ বিভিন্ন পৰিৱৰ্তন হ'লেও ‘পেটে’ (বেঙ্গালুৰুৰ এখন ঠাই) আজিও বেঙ্গালুৰুৰ বাণিজ্যিক জীৱন স্রোত হৈ আছে। বেঙ্গালুৰুৰ সংস্কৃতিক সমৃদ্ধ কৰিবলৈ নাদপ্রভু কেম্পেগৌড়াজীৰ অৱদানৰ ওপৰত আলোকপাত কৰি প্রধানমন্ত্রীয়ে বিখ্যাত গাভি গঙ্গা ধৰেশ্বৰ মন্দিৰ আৰু বাসবানাগুডি এলেকাত থকা মন্দিৰসমূহৰ দৃষ্টান্ত দিয়ে তেওঁ। তেওঁ কয়, “এইসমূহৰ মাজেৰে কেম্পেগৌড়াজীয়ে বেঙ্গালুৰুৰ সাংস্কৃতিক চেতনাক চিৰদিনৰ বাবে জাগ্রত ৰাখিছে।”
সমাৱেশত ভাষণ শেষ কৰি প্রধানমন্ত্রীয়ে কয় যে বেঙ্গালুৰু হ'ল এখন আন্তর্জাতিক চহৰ আৰু ঐতিহ্যক ৰক্ষা কৰি ইয়াক আধুনিক পৰিকাঠামোৰ মাজেৰে অধিক সমৃদ্ধ কৰিব লাগিব। তেওঁ শেষ কৰে এই বুলি, “সবকা প্রয়াসৰ মাজেৰেই এই সকলো কৰা সম্ভৱ।”
কর্ণাটকৰ মুখ্যমন্ত্রী শ্রী বাসব ৰাজ বোম্মাই, কর্ণাটকৰ ৰাজ্যপাল শ্রী থাওৱাৰ চাঁদ গেহলট, কর্ণাটকৰ প্রাক্তন মুখ্যমন্ত্রী শ্রী বি এছ ইয়েদুৰাপ্পা, কেন্দ্রীয় মন্ত্রী শ্রী প্রহ্লাদ যোশী, শ্রী অশ্বিনী বৈষ্ণৱ, কেন্দ্রীয় প্রতিমন্ত্রী শ্রীমতী শোভা কৰন্দলাজে, শ্রী ৰাজীৱ চন্দ্রশেখৰ, শ্রী এ নাৰায়ণ স্বামী, শ্রী ভাগৱন্ত খুবা, সাংসদ শ্রী বি এন বাচেগৌড়া, শ্রী আদি চুঞ্চনাগিৰ মঠৰ স্বামীজী ডঃ নির্মলানন্দ নাথা স্বামীজী আৰু কর্ণাটকৰ মন্ত্রী অন্যান্যসকলৰ মাজত অনুষ্ঠানত উপস্থিত আছিল।
**********
DS/TS
(Release ID: 1875447)
Visitor Counter : 123
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam