প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দিল্লীৰ কালকাজীত ‘সঠিকস্থানত বস্তিলোকসকলৰ পুনৰ সংস্থাপন’ প্ৰকল্পৰ অধীনত ৩০২৪টা নতুনকৈ নিৰ্মিত ফ্লেট উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে


ভূমিহীন শিবিৰত উপযুক্ত ঝুগী ঝোপৰি বাসিন্দাক ফ্লেটৰ চাবি প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে

সকলোৰে উন্নতিৰ বাবে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ পথত দেশ আগবাঢ়িছে”

‘আমাৰ চৰকাৰ দুখীয়া লোকসকলৰ বাবে। নীতি গঠন আৰু সিদ্ধান্ত গ্ৰহণ ব্যৱস্থাৰ ক্ষেত্ৰত দৰিদ্ৰ লোকসকলক সদায় কেন্দ্ৰ কৰি লৈ অহা হৈছে”

“জীৱনত যেতিয়া এই নিৰাপত্তা থাকে, তেতিয়া দুখীয়া লোকে নিজকে দৰিদ্ৰতাৰ পৰা উলিয়াই আনিবলৈ কঠোৰ পৰিশ্ৰম কৰে”

“আমি আপোনালোকৰ জীৱনত পৰিৱৰ্তন আনিবলৈ জীয়াই আছো”

“প্ৰধানমন্ত্ৰী-উদয় আঁচনিৰ জৰিয়তে দিল্লীৰ অকৰ্তৃত্বশীল উপনিবেশত নিৰ্মিত ঘৰসমূহ বৈধ কৰাৰ কাম চলি আছে”

“কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্য হৈছে দিল্লীক দেশৰ ৰাজধানী হিচাপে থকা মৰ্যাদা অনুসৰি সকলো সুবিধাৰে সম্পূৰ্ণ এখন ভৱিষ্যৎ প্ৰজন্মৰ চহৰলৈ ৰূপান্তৰিত কৰা”

“দিল্লীৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণী আকাংক্ষিত আৰু প্ৰতিভাশালী”

Posted On: 02 NOV 2022 6:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ বিজ্ঞান ভৱনত ‘সঠিকস্থানত বস্তিলোকসকলৰ পুনৰ সংস্থাপন’ প্ৰকল্পৰ অধীনত দিল্লীৰ কালকাজীত বস্তিবাসীৰ পুনৰ সংস্থাপনৰ বাবে নিৰ্মিত ৩,০২৪টা নতুনকৈ নিৰ্মিত ইডব্লিউএছ ফ্লেট উদ্বোধন কৰাৰ লগতে ভূমিহীন শিবিৰৰ যোগ্য হিতাধিকাৰীক চাবি প্ৰদান কৰে৷

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে দিল্লীৰ শতাধিক পৰিয়ালৰ বাবে আজি এটা ডাঙৰ দিন কাৰণ বহু ঝুগ্গী বস্তিত বসবাস কৰা দৰিদ্ৰ পৰিয়ালৰ বাবে এয়া এক নতুন আৰম্ভণি। প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱল কলকাজী সম্প্ৰসাৰণৰ প্ৰথম পৰ্যায়ত ইতিমধ্যে ৩০০০ৰো অধিক ঘৰ নিৰ্মাণ কৰা হৈছে। অতি সোনকালে অঞ্চলটোত বসবাস কৰা আন পৰিয়ালসমূহেও নিজৰ নতুন ঘৰত প্ৰৱেশ কৰাৰ সুযোগ পাব। ‘কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰচেষ্টাই দিল্লীক আদৰ্শ চহৰ হিচাপে গঢ়ি তোলাত ডাঙৰ ভূমিকা ল’ব বুলি মই নিশ্চিত।’ দিল্লীৰ দৰে বৃহ চহৰত যি উন্নয়নৰ সাক্ষী হয় আৰু যি সপোন বাস্তৱায়িত হয়, সেই সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনে উন্নয়ন আৰু সপোনৰ ভেটি দুখীয়াৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰে গঠিত। তেওঁ কয়, “এই দুখীয়া লোকসকলক দুখজনক পৰিস্থিতিত জীয়াই ৰখা হৈছে। যেতিয়া এখন চহৰত এনে ভাৰসাম্যহীনতা দেখা যায়, তেতিয়া আমি কাৰ কথা ভাবিব পাৰো সামগ্ৰিক উন্নয়নৰ কথা নহয়নে? স্বাধীনতাৰ কা অমৃত কালত আমি এই বৃহ ব্যৱধান হ্ৰাস কৰিব লাগিব। সেইবাবেই, সকলোৰে উন্নয়নৰ বাবে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ পথত দেশ আগবাঢ়িছে৷”

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দশক দশক ধৰি দেশৰ শাসন ব্যৱস্থাত এই মানসিকতাই জুৰুলা হৈ আছিল যে দৰিদ্ৰতা এটা দুখীয়া জনসাধাৰণৰ বিষয় কিন্তু আজিৰ চৰকাৰখন দুখীয়া লোকৰ আৰু তেওঁলোকক এৰি দিয়াটো ইয়াৰ স্বভাৱ নহয়। তেওঁ কয় যে নীতি গঠন আৰু সিদ্ধান্ত গ্ৰহণ ব্যৱস্থাৰ ক্ষেত্ৰত দৰিদ্ৰসকল সদায় কেন্দ্ৰবিন্দু হৈ আহিছে আৰু চৰকাৰে নগৰীয়া দৰিদ্ৰসকলৰ সমস্যাসমূহক সমানে গুৰুত্ব দিছে”, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে দিল্লীত ৫০লাখ এনে লোক আছিল, যাৰ বেংক একাউণ্টো নাছিল। সেইবাবে তেওঁলোকে বেংকিং ব্যৱস্থাৰ যিকোনো  সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। “তেওঁলোক দিল্লীত আছিল যদিও দিল্লী তেওঁলোকৰ পৰা বহু দূৰত আছিল”, তেওঁ কয়। এই পৰিস্থিতি চৰকাৰে সলনি কৰি একাউণ্ট খোলাৰ জৰিয়তে আৰ্থিক অন্তৰ্ভুক্তিৰ অভিযান হাতত লোৱা হয়। ইয়াৰ ফলত ৰাজপথৰ ব্যৱসায়ীকে ধৰি দিল্লীৰ দৰিদ্ৰ জনসাধাৰণে প্ৰত্যক্ষ সুবিধা লাভ কৰিছিল। ইউপিআইৰ সৰ্বব্যাপী প্ৰৱেশৰ সন্দৰ্ভতো তেওঁ মন্তব্য কৰে। স্বনিধি আঁচনিৰ অধীনত ৫০হাজাৰৰো অধিক পদপথ বিক্ৰেতাই আৰ্থিক সাহায্য লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয়, “আমি ‘এক দেশ, এক ৰেচন কাৰ্ড’ৰ জৰিয়তে দিল্লীৰ দৰিদ্ৰ লোকৰ বাবে ‘সহজ জীৱন যাপন’ নিশ্চিত কৰিছো।” মহামাৰীৰ সময়ত দৰিদ্ৰ লোকসকলৰ বাবে ই যথেষ্ট লাভজনক হিচাপে প্ৰমাণিত হ’ল। বিগত দুবছৰে লাখ লাখ যোগ্য দুৰ্বল লোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিনামূলীয়া ৰেচন লাভ কৰি আছে। কেৱল দিল্লীত ইয়াৰ বাবে ২.৫ হাজাৰ কোটিতকৈ অধিক টকা ব্যয় কৰা হৈছে বুলি তেওঁ অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দিল্লীৰ ৪০লক্ষাধিক দৰিদ্ৰ লোকে বীমাৰ নিৰাপত্তা লাভ কৰিছে। জন ঔষধি আঁচনিৰ জৰিয়তে চিকিৎসাৰ খৰচ হ্ৰাস কৰা হৈছে। “জীৱনত যেতিয়া এই নিৰাপত্তা থাকে, তেতিয়া দুখীয়াই জিৰণি নোহোৱাকৈ সমগ্ৰ শক্তিৰে কঠোৰ পৰিশ্ৰম কৰে। তেওঁ নিজকে দৰিদ্ৰতাৰ পৰা উলিয়াই আনিবলৈ কাম কৰে,” তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সকলোবোৰ বিশেষ ধুমধাম আৰু বিস্তৃত বিজ্ঞাপন নকৰাকৈয়ে কৰা হৈছে। কাৰণ “আমি আপোনালোকৰ জীৱনত পৰিৱৰ্তন আনিবলৈয়ে জীয়াই আছো”, তেওঁ কয়।

দিল্লীত অকৰ্তৃত্বশীল কলনীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে নিজৰ ঘৰৰ মৰ্যাদাক লৈ জনসাধাৰণৰ অহৰহ চিন্তাক স্বীকাৰ কৰে। ‘কেন্দ্ৰীয় চৰকাৰেও দিল্লীবাসীৰ এই চিন্তা হ্ৰাস কৰাৰ কাম কৰিছে। প্ৰধানমন্ত্ৰী-উদয় আঁচনিৰ জৰিয়তে দিল্লীৰ অকৰ্তৃত্বশীল কলনীত নিৰ্মিত ঘৰবোৰ বৈধ কৰাৰ কাম চলি আছে। এতিয়ালৈকে হাজাৰ হাজাৰ লোকে এই আঁচনিৰ সুবিধা লৈছে”, তেওঁ কয়। দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক নিজাকৈ ঘৰ নিৰ্মাণৰ বাবে সুতৰ ৰাজসাহায্য প্ৰদানৰ বাবে ৭০০ কোটি টকা ব্যয় কৰা বুলিও তেওঁ উল্লেখ কৰে।

‘আমাৰ চৰকাৰে দিল্লীত নাগৰিকৰ আকাংক্ষা পূৰণৰ বাবে কোনো ত্ৰুটী কৰা নাই। কেন্দ্রীয় চৰকাৰৰ লক্ষ্য হৈছে দিল্লীক দেশৰ ৰাজধানী হিচাপে থকা মৰ্যাদা অনুসৰি সকলো সুবিধাৰে সম্পূর্ণ এখন ভৱিষ্যৎ মহানগৰলৈ পৰিণত কৰা৷ লালকিল্লাৰ প্ৰাচীৰৰ পৰা ‘আকাংক্ষিত সমাজ’ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দিল্লীৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণী আকাংক্ষিত আৰু প্ৰতিভাশালী৷

দিল্লী এনচিআৰ অঞ্চলৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ পিছত ১৯০কিলোমিটাৰৰ পৰা ৪০০ কিলোমিটাৰলৈ মেট্ৰ’ পথ সম্প্ৰসাৰণৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে উল্লেখ কৰে যে যোৱা ৮ বছৰত ১৩৫টা নতুন মেট্ৰ’ ষ্টেচন নেটৱৰ্কত সংযোজন কৰা হৈছে যিটো সময় আৰু ধন ৰাহি কৰি সামৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে জনায় যে ভাৰত চৰকাৰে ৫০ হাজাৰ কোটি টকা বিনিয়োগেৰে পথ বহল কৰি দিল্লীক যান-জঁটৰ পৰা সকাহ দিছে। প্ৰধানমন্ত্ৰীয়ে দ্বাৰকা এক্সপ্ৰেছৱে, আৰ্বান এক্সটেনচন ৰোড, অক্ষৰধামৰ পৰা বাঘপাট ৬ লেন এক্সেছ কণ্ট্ৰল হাইৱে আৰু গুৰুগ্ৰাম-ছোহনা ৰোডৰ দৰে উচ্চ কৰিড’ৰৰ উদাহৰণ দাঙি ধৰে।

প্ৰধানমন্ত্ৰীয়ে জনায় যে অদূৰ ভৱিষ্যতে দিল্লী এনচিআৰৰ বাবে দ্ৰুতবেগী ৰে’লৰ দৰে সেৱা আৰম্ভ হ’ব। তেওঁ নতুন দিল্লী ৰে’লৱে ষ্টেচনৰ ভৱিষ্যৎ নিৰ্মাণৰ কথা উল্লেখ কৰি দ্বাৰকাৰ ৮০ হেক্টৰ মাটিত ভাৰত বন্দনা উদ্যান নিৰ্মাণত আনন্দ প্ৰকাশ কৰে যিটো এতিয়া অহা কেইমাহমানৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িছে। ‘মোক কোৱা হৈছে যে দিল্লীৰ ৭০০ৰো অধিক ডাঙৰ উদ্যান ডিডিএৰ দ্বাৰা মেৰামতি কৰা হৈছে। ৱাজিৰাবাদ বেৰেজৰ পৰা ওখলা বেৰেজৰ মাজৰ ২২ কিলোমিটাৰ দৈৰ্ঘ্যত ডিডিএই বিভিন্ন উদ্যান নিৰ্মাণ কৰিছে”, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে নতুন ঘৰৰ হিতাধিকাৰীসকলক কেৱল বিদ্যুৎ ৰাহিৰ বাবে এলইডি বাল্ব ব্যৱহাৰ, পানী অপচয় নকৰিবলৈ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সমগ্ৰ কলনীটো পৰিষ্কাৰ আৰু সুন্দৰ কৰি ৰাখিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে আজি ভাৰত চৰকাৰে কোটি কোটি দৰিদ্ৰ লোকৰ বাবে ঘৰ সাজিছে, নলযোগে পানী যোগান ধৰিছে, বিদ্যুৎ সংযোগ, উজ্জ্বলা চিলিণ্ডাৰ যোগান ধৰিছে আৰু সেয়েহে আমি বস্তিবোৰ লেতেৰাৰ সৈতে জড়িত বুলি যুগ যুগ ধৰি চলি অহা ভুল ধাৰণাটো নাইকিয়া কৰিব লাগিব। ‘মই নিশ্চিত যে দিল্লী আৰু দেশৰ উন্নয়নত সকলোৱে অগ্ৰণী ভূমিকা পালন কৰি যাব। প্ৰতিজন নাগৰিকৰ অৱদানেৰে দিল্লী আৰু ভাৰতৰ উন্নয়নৰ যাত্ৰাই নতুন উচ্চতাত উপনীত হ’ব”, এই মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

এই উপলক্ষে অনুষ্ঠানত দিল্লীৰ উপ-ৰাজ্যপাল শ্ৰী বিনয় কুমাৰ ছাক্সেনা, কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী  শ্ৰী হৰদীপ সিং পুৰী, কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত কৌশল কিশোৰ, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী মীনাক্ষী লেখী আৰু সাংসদসকল উপস্থিত থাকে।

 

পটভূমি

দিল্লী উন্নয়ন প্ৰাধিকৰণে(ডিডিএ) প্ৰধানমন্ত্ৰীৰ সকলোৰে বাবে বাসগৃহ প্ৰদানৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ৩৭৬টা ঝুগী ঝোপৰি ক্লাষ্টাৰত স্থানীয় বস্তিলোকসকলক পুনৰ সংস্থাপনৰ দায়িত্ব লৈছে। পুনৰ সংস্থাপন প্ৰকল্পৰ উদ্দেশ্য হৈছে ঝুগ্গী ঝোপৰি ক্লাষ্টাৰৰ বাসিন্দাসকলক উপযুক্ত সুবিধা আৰু সা-সুবিধাৰ সৈতে এক উন্নত আৰু সুস্থ জীৱন পৰিবেশ প্ৰদান কৰা।

দিল্লী উন্নয়ন প্ৰাধিকৰণে কালকাজী সম্প্ৰসাৰণ, জেইলৰৱালা বাগ আৰু কাঠপুতলী কলনীত এনে তিনিটা প্ৰকল্প হাতত লৈছে। কলকাজী সম্প্ৰসাৰণ প্ৰকল্পৰ অধীনত কালকাজীত অৱস্থিত তিনিটা বস্তি ক্লাষ্টাৰ ক্ৰমে ভূমিহীন শিবিৰ, নৱজীৱন শিবিৰ আৰু জৱাহৰ শিবিৰৰ সঠিকভাৱে বস্তিলোকসকলৰ পুনৰ সংস্থাপন পৰ্যায়ক্ৰমে গ্ৰহণ কৰা হৈছে।

প্ৰথম পৰ্যায়ৰ অধীনত ওচৰৰ খালী বাণিজ্যিক কেন্দ্ৰৰ স্থানত ৩০২৪টা ইডব্লিউএছ ফ্লেট নিৰ্মাণ কৰা হৈছে।  ভূমিহীন শিবিৰৰ যোগ্য পৰিয়ালক নতুনকৈ নিৰ্মাণ কৰা ইডব্লিউএছ ফ্লেটত পুনৰ সংস্থাপন কৰি ভূমিহীন শিবিৰৰ ঝুগী ঝোপৰি স্থান খালী কৰা হ’ব। ভূমিহীন শিবিৰ স্থানৰ খালী কৰাৰ পিছত দ্বিতীয় পৰ্যায়ত, এই খালী ঠাইখন নৱজীৱন শিবিৰ আৰু জৱাহৰ শিবিৰৰ পুনৰ সংস্থাপনৰ বাবে ব্যৱহাৰ কৰা হ’ব। প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত সম্পূৰ্ণ হোৱাত ৩০২৪টা ফ্লেট স্থানান্তৰ কৰিবলৈ সাজু হৈছে।প্ৰায় ৩৪৫ কোটি টকা ব্যয়েৰে এই ফ্লেটসমূহ নিৰ্মাণ কৰা হৈছে আৰু ভিট্ৰিফাইড ফ্ল’ৰ টাইলছ, চিৰামিক টাইলছ, পাকঘৰত উদয়পুৰ গ্ৰীণ মাৰ্বল কাউণ্টাৰ আদিৰে ফিনিচিং কৰাকে ধৰি সকলো নাগৰিক সুবিধাৰে সজ্জিত কৰি তোলা হৈছে৷ লিফ্ট, বিশুদ্ধ পানী যোগান আদিৰ বাবে ভূগৰ্ভৰ পানী ব্যৱস্থা কৰা হৈছে। ফ্লেট আবণ্টনে জনসাধাৰণক মালিকীস্বত্বৰ লগতে নিৰাপত্তাৰ অনুভূতিও প্ৰদান কৰিব।

***

DS/TS/DB



(Release ID: 1873378) Visitor Counter : 120