প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ২ নৱেম্বৰত বিশ্ব বিনিয়োগ সন্মিলন ‘ইনভেষ্ট কৰ্ণাটক ২০২২’ ৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰিব

পোষ্ট কৰা হৈছে: 01 NOV 2022 6:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ নৱেম্বৰ, ২০২২ ৰ পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ইনভেষ্ট কৰ্ণাটক ২০২২ শীৰ্ষক কৰ্ণাটকৰ বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰিব।

এই সন্মিলনৰ লক্ষ্য হৈছে সম্ভাৱ্য বিনিয়োগকাৰীসকলক আকৰ্ষিত আৰু অহা দশকটোৰ বাবে উন্নয়নৰ ৰূপৰেখা অংকণ কৰা। ২ নৱেম্বৰৰপৰা ৪ নৱেম্বৰলৈকে বেংগালুৰুত অনুষ্ঠিতব্য এই তিনিদিনীয়া কাৰ্যসূচীত ৮০ ৰোধিক স্পীকাৰ চেছন অনুষ্ঠিত হ’ব। বক্তাসকলৰ ভিতৰত আছে কুমাৰ মংগলম বিৰলা, সজ্জন জিন্দাল, বিক্ৰম কিৰ্লোস্কাৰকে ধৰি উদ্যোগসমূহৰ একাংশ শীৰ্ষ নেতৃত্ব। ইয়াৰ লগতে তিনিশৰো অধিক প্ৰদৰ্শকৰে একাধিক ব্যৱসায়িক প্ৰদৰ্শনী আৰু কান্ট্ৰি চেছন সমান্তৰালভাৱে অনুষ্ঠিত হ’ব। অংশীদাৰ দেশসমূহ যথাঃ ফ্ৰান্স, জাৰ্মানী, নেদাৰলেণ্ড, দক্ষিণ কোৰিয়া, জাপান আৰু অষ্ট্ৰেলিয়াই এখনকৈ এনে চেছন অনুষ্ঠিত কৰিব। ইয়াত তেওঁলোকৰ নিজ-নিজ দেশৰ উচ্চ পৰ্য্যায়ৰ মন্ত্ৰী আৰু ঔদ্যোগিক প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানে কৰ্ণাটকক বিশ্ববাসীৰ সন্মুখত স্বকীয় সংস্কৃতি প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব।

***

DS/ST/SB


(ৰিলিজ আই ডি : 1873086) অতিথি কক্ষ : 154