প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কেৱাড়িয়াত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ


"কৰ্তব্য আৰু দায়িত্বৰ পথে মোক ইয়াত থাকিবলৈ প্ৰেৰিত কৰিছে কিন্তু মোৰ হৃদয় মৰবি দুৰ্ঘটনাৰ ভুক্তভোগীসকলৰ সৈতে আছে"

"সমগ্ৰ দেশে চৰ্দাৰ পেটেলৰ দৃঢ় সংকল্পৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে"

"চৰ্দাৰ পেটেলৰ জয়ন্তী আৰু একতা দিৱস কেৱল আমাৰ বাবে কেলেণ্ডাৰৰ তাৰিখ নহয়, এয়া হৈছে ভাৰতৰ সাংস্কৃতিক শক্তিৰ বিশাল উদযাপন"

"দাসত্বৰ মানসিকতা, স্বাৰ্থপৰতা, তোষণ, স্বজন-পোষণ, লোভ আৰু দুৰ্নীতিয়ে দেশখনক বিভাজিত আৰু দুৰ্বল কৰিব পাৰে"

"আমি একতাৰ অমৃতৰ সৈতে বিভাজনৰ বিষ প্ৰতিৰোধ কৰিব লাগিব"

"চৰকাৰী আঁচনিসমূহ ভাৰতৰ প্ৰতিটো প্ৰান্তত উপনীত হৈছে আৰু অন্তিম ব্যক্তিজনক কোনো বৈষম্য নোহোৱাকৈ সংযোজিত কৰিছে"

"আন্তঃগাঁথনিৰ মাজৰ ব্যৱধান যিমানে সৰু হয়, একতা সিমানেই শক্তিশালী হয়"

"দেশৰ ঐক্যৰ বাবে অধিকাৰ ত্যাগ কৰা ৰাজপৰিয়ালৰ ত্যাগৰ প্ৰতি সমৰ্পিত একতা নগৰত এটা সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব"

Posted On: 31 OCT 2022 10:54AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টেচু অব্ ইউনিটীত চৰ্দাৰ পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু আজি ৰাষ্ট্ৰীয় একতা দিৱস সম্পৰ্কীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে।

আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে কালি মৰবিত সংঘটিত দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি গভীৰ দুখ প্ৰকাশ কৰে। তেওঁ কয় যে যদিও তেওঁ কেভাড়িয়াত আছে, তথাপিও তেওঁৰ হৃদয় মৰবিত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ সৈতে সম্পৰ্কিত হৈ আছে। তেওঁ কয়, "এফালে দুখেৰে ভৰি থকা হৃদয়, আনহাতে কৰ্ম আৰু কৰ্তব্যৰ পথ।’’ তেওঁ উল্লেখ কৰে যে কৰ্তব্য আৰু দায়িত্বৰ পথেই তেওঁক ইয়াত ৰাষ্ট্ৰীয় একতা দিৱসত নেতৃত্ব দিবলগীয়া কৰিছে। প্ৰধানমন্ত্ৰীয়ে কালিৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলোলোকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আশ্বাস দিয়ে যে চৰকাৰে ভুক্তভোগীসকলৰ পৰিয়ালৰ সৈতে কান্ধত কান্ধ মিলাই থিয় হ’ব। ৰাজ্য চৰকাৰে উদ্ধাৰ কাৰ্য্যত জড়িত হৈ আছে আৰু কেন্দ্ৰীয় চৰকাৰে সকলো সম্ভৱ সহায় আগবঢ়াই আছে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে সেনা আৰু বায়ু সেনাৰ দলৰ উপৰিও আন উদ্ধাৰ অভিযানত এনডিআৰএফৰ দল মোতায়েন কৰা হৈছে আনহাতে আহতসকলৰ চিকিৎসা কৰি থকা চিকিৎসালয়সমূহকো সহায় আগবঢ়োৱা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে উদ্ধাৰ অভিযান কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগভাগ ল'বলৈ মৰবিত উপস্থিত হৈছিল আৰু ঘটনাবোৰৰ তদন্তৰ বাবে এখন সমিতি গঠন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে দেশৰ জনসাধাৰণক আশ্বাস দিয়ে যে উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত কোনো ত্ৰুটি নাথাকিব।  দুৰ্ঘটনাটোৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠানটোৰ সাংস্কৃতিক কাৰ্যসূচী খণ্ডটো বাতিল কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ২০২২ চনত একতা দিৱসৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, "এই বছৰটো যেতিয়া আমি আমাৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছো আৰু আমি নতুন সংকল্পৰ সৈতে আগবাঢ়িছো।" প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিয়াল, সমাজ বা ৰাষ্ট্ৰই হওক, প্ৰতিটো পৰ্যায়তে একতা অপৰিহাৰ্য। তেওঁ কয় যে সমগ্ৰ দেশতে সকলো ঠাইতে ৭৫,০০০ একতা দৌৰৰ ৰূপত এই অনুভৱ প্ৰকাশ পাইছে। "সমগ্ৰ দেশে চৰ্দাৰ পেটেলৰ দৃঢ় সংকল্পৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে। প্ৰতিজন নাগৰিকে দেশৰ ঐক্যৰ বাবে আৰু 'পঞ্চ পণ' উদ্দীপিত কৰাৰ প্ৰতিশ্ৰুতি লৈছে, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয়, "যদি আমাৰ স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব চৰ্দাৰ পেটেলৰ দৰে নেতাই নকৰিলেহঁতেন তেন্তে পৰিস্থিতিৰ কল্পনা কৰাটো কঠিন হ’লহেঁতেন। যদি ৫৫০ খনতকৈও অধিক ৰাজকীয় ৰাজ্য একত্ৰিত কৰা নহ'লহেঁতেন তেন্তে কি হ'লহেঁতেন?" "কি হ'লহেঁতেন", প্ৰধানমন্ত্ৰীয়ে এইদৰে সোধে, "যদি আমাৰ ৰাজকীয় ৰাজ্যসমূহে মা ভাৰতীৰ ওপৰত গভীৰ ত্যাগ আৰু বিশ্বাসৰ অনুভূতি প্ৰদৰ্শন নকৰিলেহেঁতেন। এই অসম্ভৱ কামটো চৰ্দাৰ পেটেলে সম্পূৰ্ণ কৰিছে", তেওঁ লগতে কয়। "চৰ্দাৰ পেটেলৰ জয়ন্তী আৰু একতা দিৱস কেৱল আমাৰ বাবে কেলেণ্ডাৰৰ তাৰিখ নহয়, এয়া হৈছে ভাৰতৰ সাংস্কৃতিক শক্তিৰ বিশাল উদযাপন। ভাৰতৰ বাবে একতা কেতিয়াও এক বাধ্যবাধকতা নাছিল, ই সদায় আমাৰ দেশৰ এক বিশেষত্ব আছিল। একতা হৈছে আমাৰ স্বকীয়তা", প্ৰধানমন্ত্ৰীয়ে এইবুলি গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে কালি মৰবিত সংঘটিত দুৰ্যোগৰ দৰে এক দুৰ্যোগত সমগ্ৰ দেশ এক হিচাপে আগবাঢ়ি আহিছে আৰু মানুহে দেশৰ প্ৰতিটো প্ৰক্ষাপটৰ পৰা প্ৰাৰ্থনা আৰু সহায় আগবঢ়াইছে। মহামাৰীৰ সময়ত, ঔষধ, ৰেচন আৰু ভেকছিনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে 'তালি-থালি'ৰ আৱেগিক সমবেতত এই ঐক্য সম্পূৰ্ণৰূপে প্ৰদৰ্শিত হৈছিল। ক্ৰীড়া সফলতা, আৰু উৎসৱৰ সময়ত আৰু যেতিয়া আমাৰ সীমা বিপন্ন হয় আৰু আমাৰ সেনাসকলে তেওঁলোকক সুৰক্ষা দিয়ে তেতিয়াও একেই আৱেগ দেখা যায়। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সকলোবোৰে ভাৰতৰ ঐক্যৰ গভীৰতাৰ প্ৰতীক। তেওঁ আগলৈ কয় যে এই একতা বহু শতাব্দী ধৰি আক্ৰমণকাৰীসকলৰ বাবে এক কাঁইটৰ দৰে আছিল আৰু তেওঁলোকে বিভাজন কৰি ইয়াক লঘূ কৰিবলৈ চেষ্টা কৰিছিল, অৱশ্যে, তেওঁলোকৰ ডিজাইনবোৰ একতাৰ অমৃতৰ দ্বাৰা বিফল হৈছিল যিটো আমাৰ চেতনাত এক জীৱন্ত স্ৰোত হৈ আছিল। তেওঁ সকলোকে সতৰ্ক হৈ থাকিবলৈ কয় কিয়নো ভাৰতৰ বিকাশ আৰু প্ৰগতিৰ প্ৰতি ঈৰ্ষা কৰা শক্তিসমূহ এতিয়াও সক্ৰিয় হৈ আছে আৰু জাতি, অঞ্চল, ভাষা আৰু ইতিহাসৰ ভিত্তিত বিভাজন সৃষ্টি কৰাৰ প্ৰচেষ্টাও বিভাজনমূলক উপায়েৰে উপস্থাপন কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "একতা দিৱস উপলক্ষে মই চৰ্দাৰ চাহাবে দিয়া দায়িত্বৰ পুনৰাবৃত্তি কৰিব বিচাৰো।" তেওঁ কয় যে ৰাষ্ট্ৰৰ ঐক্য শক্তিশালী কৰাটো নাগৰিকসকলৰ দায়িত্ব আৰু এইটো তেতিয়াহে হ'ব যদি দেশৰ প্ৰতিজন নাগৰিকে দায়িত্ববোধেৰে কৰ্তব্য পালন কৰিবলৈ নিজকে গঢ়ে। প্ৰধানমন্ত্ৰীয়ে কয়, "এই দায়িত্ববোধেৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস বাস্তৱত পৰিণত হ'ব আৰু ভাৰত উন্নয়নৰ পথত আগবাঢ়িব।" তেওঁ কয় যে চৰকাৰী নীতিসমূহ কোনো বৈষম্য অবিহনে দেশৰ প্ৰতিজন ব্যক্তিৰ ওচৰলৈ গৈ আছে।  উদাহৰণ স্বৰূপে প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ চুৰাটত থকা লোকসকলৰ দৰে অৰুণাচল প্ৰদেশৰ ছিয়াঙৰ লোকসকলৰ বাবে বিনামূলীয়া ভেকছিন সহজে উপলব্ধ হৈছে বুলি উল্লেখ কৰে। এইমছৰ দৰে চিকিৎসা প্ৰতিষ্ঠান এতিয়া কেৱল গোৰখপুৰতে নহয়, বিলাসপুৰ, দৰবাংগা, গুৱাহাটী, ৰাজকোট আৰু দেশৰ অন্যান্য প্ৰান্ততো পোৱা যায়। তেওঁ জনায় যে কেৱল তামিলনাডুতে নহয়, উত্তৰ প্ৰদেশতো প্ৰতিৰক্ষা কৰিডৰৰ উন্নয়নমূলক কাম পূৰ্ণ গতিত চলি আছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যদিও বিভিন্ন ক্ষেত্ৰত বিভিন্ন ভাষা কোৱা হয়, তথাপিও চৰকাৰী আঁচনিসমূহে ভাৰতৰ প্ৰতিটো অঞ্চলত উপনীত হৈছে আৰু সমাজৰ অন্তিমজন ব্যক্তিক সংযোজিত কৰিছে।

আমাৰ দেশৰ লাখ লাখ লোকে মৌলিক প্ৰয়োজনীয়তা লাভ কৰিবলৈ কেনেদৰে কেইবা দশক ধৰি অপেক্ষা কৰিছিল, সেই সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "আন্তঃগাঁথনিৰ মাজৰ ব্যৱধান যিমানে কম হ’ব, ঐক্য সিমানেই শক্তিশালী হ'ব" তেওঁ উল্লেখ কৰে যে ভাৰতে প্ৰতিটো আঁচনিৰ সুবিধা প্ৰতিজন হিতাধিকাৰীৰ ওচৰলৈ যোৱাৰ উদ্দেশ্যৰে সংপৃক্ততাৰ নীতিৰ ওপৰত কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে সকলোৰে বাবে গৃহ নিৰ্মাণ, সকলোৰে বাবে ডিজিটেল সংযোগ, সকলোৰে বাবে পৰিষ্কাৰ ৰন্ধন আৰু সকলোৰে বাবে বিদ্যুতৰ দৰে আঁচনিৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ১০০% নাগৰিকৰ ওচৰলৈ যোৱাৰ লক্ষ্য একে ধৰণৰ সুবিধাতে সীমাবদ্ধ নহয়৷ তেওঁ ঐক্যবদ্ধ লক্ষ্য, ঐক্যবদ্ধ উন্নয়ন আৰু ঐক্যবদ্ধ প্ৰচেষ্টাৰ এক উমৈহতীয়া উদ্দেশ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে জীৱনৰ মৌলিক প্ৰয়োজনীয়তাসমূহ দেশ আৰু সংবিধানৰ ওপৰত সাধাৰণ মানুহৰ বিশ্বাসৰ মাধ্যম হৈ পৰিছে আৰু সাধাৰণ মানুহৰ আস্থাৰ মাধ্যম হিচাপেও কাম কৰি আছে।

বিগত ৮ বছৰত দেশখনে দশকজুৰি অৱহেলিত হৈ থকা প্ৰতিটো খণ্ডক অগ্ৰাধিকাৰ প্ৰদান কৰিছে বুলি স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জনজাতীয় লোকসকলৰ গৌৰৱক স্মৰণ কৰিবলৈ দেশখনে জনজাতীয় গৌৰৱ দিৱস উদযাপনৰ পৰম্পৰা আৰম্ভ কৰিছে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে দেশৰ বহুতো ৰাজ্যত জনজাতীয় সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে দেশবাসীক মনগড় ধাম আৰু জাম্বুঘোড়াৰ ইতিহাস জানিবলৈ আহ্বান জনায় আৰু কয় যে বিদেশী আক্ৰমণকাৰীয়ে সংঘটিত কৰা বহুতো গণহত্যাৰ সন্মুখীন হৈ স্বাধীনতা অৰ্জন কৰা হৈছে। তেওঁ লগতে কয়, "তেতিয়াহে আমি স্বাধীনতাৰ মূল্য আৰু সংহতিৰ মূল্য বুজিব পাৰিম।"

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে একতা নগৰ ভাৰতৰ এক আদৰ্শ চহৰ হিচাপে বিকশিত হৈছে যি কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বতে অভূতপূৰ্ব হ'ব। তেওঁ উল্লেখ কৰে যে জনসাধাৰণ আৰু চহৰখনৰ একতা যি জনসাধাৰণৰ অংশগ্ৰহণৰ শক্তিৰে বিকশিত হৈ আছে আৰু ইয়াক কেৱল এক বিশাল নহয়, এক ঐশ্বৰিক দৃষ্টিভংগী প্ৰদান কৰিছে। "ষ্টেচু অব্ ইউনিটীৰ ৰূপত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিমূৰ্তিৰ অনুপ্ৰেৰণা আমাৰ মাজত আছে", শ্ৰী মোদীয়ে লগতে কয়।

একতা নগৰৰ উন্নয়নৰ আৰ্হিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই চহৰখনত মানুহে পৰিৱেশ-অনুকূল আৰ্হি, দেশক আলোকিত কৰা এলইডি-ৰ সৈতে বিদ্যুৎ সঞ্চয়ৰ আৰ্হি, সৌৰ শক্তিৰ ওপৰত চলি থকা পৰিষ্কাৰ পৰিবহণ ব্যৱস্থাৰ এক আৰ্হি আৰু বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু চৰাইৰ সংৰক্ষণৰ এক আৰ্হিৰ বিষয়ে আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে ইয়াত মিয়াৱাকি বন আৰু মেজ গাৰ্ডেন উদ্বোধন কৰাৰ সুযোগৰ বিষয়ে সোঁৱৰণ কৰে। তেওঁ উল্লেখ কৰে যে একতা মল, একতা নাৰ্চাৰী, বিশ্ব বনাঞ্চলে বৈচিত্ৰ্যৰ মাজত একতা প্ৰদৰ্শন কৰে, একতা ফেৰী, একতা ৰে'ল ষ্টেচন আৰু এই সকলোবোৰ পদক্ষেপ ৰাষ্ট্ৰীয় ঐক্য শক্তিশালী কৰাৰ বাবে এক অনুপ্ৰেৰণাস্বৰূপ।

ভাষণৰ শেষত প্ৰধানমন্ত্ৰীয়ে স্বাধীনতাৰ পিছত দেশৰ ঐক্যত চৰ্দাৰ চাহাবে পালন কৰা ভূমিকাৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰ্দাৰ পেটেলৰ প্ৰচেষ্টাৰ ফলত শতিকাজুৰি ক্ষমতা দখল কৰা ৰাজপৰিয়ালসমূহে দেশৰ ঐক্যৰ বাবে এক নতুন ব্যৱস্থাৰ অধিকাৰ কৰ্তব্য নিষ্ঠাৰে ত্যাগ কৰিছে। স্বাধীনতাৰ পিছত কেইবাদশক ধৰি এই অৱদান অৱহেলিত হৈ আহিছে। "এতিয়া একতা নগৰত সেই ৰাজপৰিয়ালবোৰৰ বলিদানৰ বাবে উৎসৰ্গিত এটা সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব। ই দেশৰ ঐক্যৰ বাবে ত্যাগৰ পৰম্পৰা নতুন প্ৰজন্মলৈ প্ৰেৰণ কৰিব", প্ৰধানমন্ত্ৰীয়ে এইদৰে ভাষণৰ সামৰণি মাৰে।

পৃষ্ঠভূমি 

প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰেৰিত হৈ ২০১৪ চনত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উদযাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷ ৩১ অক্টোবৰক ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় যাতে ৰাষ্ট্ৰৰ ঐক্য, অখণ্ডতা আৰু নিৰাপত্তা সংৰক্ষণ আৰু শক্তিশালী কৰাৰ বাবে আমাৰ সমৰ্পণ শক্তিশালী হয়। প্ৰধানমন্ত্ৰীয়ে কেভাড়িয়াৰ ষ্টেচু অব্ ইউনিটীত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপনত অংশগ্ৰহণ কৰে। উদযাপনত ৰাষ্ট্ৰীয় একতা দিৱস পেৰেড প্ৰত্যক্ষ কৰা হয়, য'ত বিএছএফ আৰু পাঁচটা ৰাজ্যিক আৰক্ষী বাহিনীৰ দল অন্তৰ্ভুক্ত আছিল, উত্তৰ মণ্ডল (হাৰিয়ানা), পশ্চিম মণ্ডল (মধ্য প্ৰদেশ), দক্ষিণ মণ্ডল (তেলেংগানা), পূৱ মণ্ডল (ওড়িশা) আৰু উত্তৰ-পূব মণ্ডল (ত্ৰিপুৰা)ৰ এটাকৈ। দলসমূহৰ উপৰিও কমনৱেলথ গেমছ ২০২২ৰ ছয়গৰাকী আৰক্ষী ক্ৰীড়া পদক বিজয়ীয়েও পেৰেডত অংশগ্ৰহণ কৰিব।

***

DS/TS/MANN



(Release ID: 1872227) Visitor Counter : 291