প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটৰ জুনাগড়ত উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Posted On:
19 OCT 2022 10:30PM by PIB Guwahati
ভাৰত মাতা কী জয়!
ভাৰত মাতা কী জয়!
এনেকুৱা লাগিছে যে আপোনালোকৰ বাবে দীপাৱলী আগতেই আহিছে। উৎসৱৰ যিকোনো দিনেই হওক, ধনতেৰাছ আৰু দীপাৱলী একেবাৰে কাষ পাইছে, নতুন বছৰৰ প্ৰস্তুতি আৰম্ভ হৈছে আৰু সকলোৱে তেওঁলোকৰ কামত নিমজ্জিত হৈ আছে আৰু তথাপিও ইমান মানুহ ইয়ালৈ আহিছে। যিমান দূৰলৈকে মই দেখিছোঁ, এনে লাগে যেন আশীৰ্বাদৰ গংগা বৈ আছে। জয় গিৰ্নাৰী! ইয়াতকৈ ডাঙৰ উৎসাহ আৰু কি হ’ব পাৰে যে ইমান বৃহৎ সংখ্যক সাধু দৰ্শক মোক আশীৰ্বাদ দিবলৈ আহিছে। এয়াও সিংহ আৰু নৰসিংহৰ দেশ। বিশেষকৈ মোক আশীৰ্বাদ দিবলৈ অহা বৃহৎ সংখ্যক মাতৃ-ভগ্নীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
ভাই-ভনীসকল,
জুনাগড়, গিৰ সোমনাথ আৰু পোৰবন্দৰৰ বাবে প্ৰায় ৪,০০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰা হৈছে। এই পৰিমাণে জনসাধাৰণক বিস্ময় কৰি তুলিছে। এটা সময় আছিল যেতিয়া সমগ্ৰ গুজৰাটৰ বাৰ্ষিক বাজেট ইমানেই আছিল। আজি গুজৰাট ভূমিলৈ এদিনীয়া ভ্ৰমণৰ সময়ত তাতকৈ বহু বেছি মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিছো। এয়া আপোনালোকৰ আশীৰ্বাদৰ ফল আৰু এই উন্নয়ন প্ৰকল্পসমূহৰ সুফল মোৰ মাছমৰীয়া ভাই-ভনীসকলৰ জীৱন সহজ কৰি তোলাত বহুখিনি সহায় কৰিব। মই প্ৰায়ে কৈছিলোঁ যে গুজৰাটৰ পৰ্যটন খণ্ডৰ ৰাজধানী জুনাগড়ৰ লগতে গিৰ সোমনাথ আৰু পোৰবন্দৰৰ বিপুল সম্ভাৱনা আছে। এই আঁচনিসমূহৰ ফলত বহুতো লোকৰ কৰ্মসংস্থাপন আৰু আত্মসংস্থাপনৰ সুবিধা হ’ব। ৰাজ্যৰ উন্নয়নৰ বৰষুণ দিব পৰা এই দীপাৱলী উপহাৰৰ বাবে আপোনালোক সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
ভাই-ভনীসকল,
আজি আপোনালোকৰ আশীৰ্বাদৰ বাবে গৌৰৱেৰে মোৰ বুকুখন ফুলি উঠিছে। গুজৰাট এৰি দিল্লীলৈ যোৱাৰ পিছত আমাৰ দলটোৱে গুজৰাটক যিদৰে চম্ভালিছে আৰু গুজৰাটত ভূপেন্দ্ৰভাই আৰু তেওঁৰ দলটোৱে যিদৰে দ্ৰুত উন্নয়নমূলক কাম-কাজ চলাই আছে তাক লৈ মই সুখী অনুভৱ কৰিছো। ইয়াতকৈ আনন্দ কি হ’ব পাৰে আজি গুজৰাট সকলো ক্ষেত্ৰতে অতি দ্ৰুতগতিত বিকশিত হৈছে।
কিন্তু ভাই-ভনীসকল,
যেতিয়া আমি পুৰণি দিনবোৰ মনত পেলাওঁ আৰু ইয়াত বহি থকা ইমানবোৰ বয়োজ্যেষ্ঠই জানে আমি সেই দিনবোৰ কেনেকৈ পাৰ কৰিছিলোঁ। ১০ বছৰৰ ভিতৰত সাত বছৰত খৰাং হৈছিল। আমি আগতে পানীৰ বাবে হাহাকাৰ কৰিছিলোঁ। এফালে প্ৰকৃতি আগতে খৰাং হৈ পৰিছিল কাৰণ এই সাগৰৰ নিমখীয়া পানী ভূ-গৰ্ভৰ গভীৰতালৈ যায়। আমাৰ মাটিৰ এনে অৱস্থা আছিল যে ইয়াত একো উৎপাদন কৰিব পৰা নাছিল। গাঁৱৰ পৰা মানুহে জীৱিকাৰ বাবে ছুৰাট আৰু ভাৰতৰ অন্যান্য প্ৰান্তলৈ প্ৰব্ৰজন কৰাৰ বাবে কাঠিয়াৱাৰ আগতে জনশূন্য হৈ পৰিছিল। কিন্তু আমি সকলোৱে যি কঠোৰ পৰিশ্ৰম কৰিলোঁ, তাৰ ফলত এতিয়া পৰিস্থিতি সলনি হৈছে। যদি আমি নিষ্ঠাৰে কঠোৰ পৰিশ্ৰম কৰোঁ, তেন্তে প্ৰকৃতিয়ে আমাক আনকি আশীৰ্বাদ দিয়ে। গৌৰৱ কৰা উচিত ভাইসকল। ২০০১ চনৰ পিছত ঈশ্বৰৰ কৃপা চাওকচোন ২০বছৰতকৈও অধিক সময়ৰ পাছতো এটা বছৰো খৰাং হোৱা নাই। এয়া আশীৰ্বাদ নহয় নো কি? এফালে আপোনালোকৰ আশীৰ্বাদ আৰু আনফালে প্ৰকৃতিৰ আশীৰ্বাদ আছে। ফলত বিকাশৰ উপহাৰেৰে লোকসকলে জীৱন উপভোগ কৰিব পাৰিছে।
এটা সময় আছিল যেতিয়া মানুহে মা নৰ্মদাক চাবলৈ বিশেষ বাছত উঠিছিল। কিন্তু সময় সলনি হৈছে। আজি মাতৃ নৰ্মদাই কষ্টৰ মধুৰ ফলৰ বাবে আশীৰ্বাদ দিবলৈ সৌৰাষ্ট্ৰৰ প্ৰতিখন গাঁৱত উপনীত হৈছে ভাইসকল। গাঁৱে-ভূঞে পানী পাবলৈ লৈছে, ৰাস্তা-ঘাট ভাল হৈছে আৰু ফল-মূল খেতি কৰা কৃষকৰ জীৱন সলনি হৈছে ভাইসকল। আমাৰ সন্মানীয় ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জীয়ে মাত্ৰ মোক কৈছিল যে জুনাগড়ৰ কৃষকসকলে জৈৱিক কৃষি পদ্ধতি গ্ৰহণ কৰিছে আৰু পূৰ্ণ শক্তিৰে তাত নিয়োজিত হৈ আছে। আৰু ভাই-ভনীসকল, জুনাগড়ৰ কেশৰ আমৰ সোৱাদ কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বত বিয়পি পৰিছে। ভাৰতৰ ইমান বিশাল সাগৰীয় উপকূল আছে আৰু তাৰ এটা বৃহৎ অংশ গুজৰাটত আছে। কিন্তু এই সাগৰ পূৰ্বতে আমাৰ বাবে বোজা হৈ আছিল। এই নিমখীয়া অঞ্চল আৰু নিমখীয়া বতাহ আমাৰ বাবে বিষ যেন লাগিছিল। কিন্তু সময়বোৰ চাওক ভাইসকল। আগতে আমাৰ বাবে বোজা হৈ থকা সাগৰখনে আজি আমাক কষ্টৰ ফল দিছে।
এটা সময় আছিল যেতিয়া কচ্চৰ ৰণৰ ধূলিৰ কণাবোৰে আমাক অসুবিধা দিছিল। আজি একেই কচ্চই গুজৰাটৰ উন্নয়নৰ ভেটি স্থাপন কৰিছে। গুজৰাট প্ৰাকৃতিক প্ৰতিকূলতাৰ সন্মুখীন হৈছে, কিন্তু এতিয়া প্ৰগতিৰ নতুন উচ্চতা লাভ কৰিছে ভাইসকল। প্ৰায় ২০-২৫ বছৰ আগতে আমি পৰিস্থিতি সলনি কৰাৰ সংকল্প লৈছিলোঁ, উদ্যোগ লৈছিলোঁ আৰু এই ক্ষেত্ৰত প্ৰতিটো মুহূৰ্ত ব্যয় কৰিছিলোঁ। আজি ২০-২৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলে তেতিয়া যি পৰিস্থিতি আছিল সেয়া কল্পনাও কৰিব নোৱাৰে৷ আমি ভাল দিনৰ সূচনা কৰিবলৈ চেষ্টা কৰিছো বন্ধুসকল। আমাৰ মাছমৰীয়া ভাই-ভনীসকলৰ উন্নয়নৰ বাবে আমি গুজৰাটত সাগৰখেদু আঁচনি আৰম্ভ কৰিছিলোঁ৷ এই আঁচনিৰ অধীনত আমি আমাৰ মাছমৰীয়াসকলৰ সুৰক্ষা, তেওঁলোকৰ সুবিধা আৰু তেওঁলোকৰ ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ বাবে গুৰুত্ব আৰোপ কৰিছিলো। আৰু ফলত ২০ বছৰত মাছৰ ৰপ্তানি সাতগুণ বৃদ্ধি পালে।
ভাই-ভনীসকল, মাছৰ ৰপ্তানিৰ কথা কওঁতে এটা পুৰণি ঘটনাৰ কথা মনত পৰিছে। মই মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত জাপানৰ পৰা এটা প্ৰতিনিধি দল গুজৰাটলৈ আহিছিল। মই তেওঁলোকক গুজৰাটৰ বিকাশৰ এখন তথ্যচিত্ৰ দেখুৱাই আছিলো য’ত জাপানী ভাষাৰ ধাৰাভাষ্যও আছিল। তেওঁলোকো তাত গভীৰভাৱে নিমগ্ন হৈ পৰিছিল। তাৰ পিছত হঠাতে সেই প্ৰতিনিধি দলটোৰ একাংশ সদস্যই মোক তথ্যচিত্ৰখন বন্ধ কৰিবলৈ ক’লে। মই বিমোৰত পৰিলোঁ যে তেওঁলোকে মোক কিয় তথ্যচিত্ৰখন বন্ধ কৰিবলৈ কৈছে। তেওঁলোকে মোক ক’লে যে তথ্যচিত্ৰখনত দেখুওৱা সাগৰৰ উপকূল আৰু মাছমৰীয়াসকলৰ লগতে ছুৰিমি মাছো আছে আৰু এতিয়া তেওঁলোকে ইয়াত বহিবলৈ অসুবিধা পাইছে আৰু ছুৰিমি মাছৰ সোৱাদ ল’ব বিচাৰিছে। ছুৰিমি মাছৰ জনপ্ৰিয়তা এনেকুৱাই। ছুৰিমি মাছৰ কথা শুনাৰ পাছত মনটো বুজাই ৰখাটো অতি কঠিন। আজি গুজৰাটৰ বজাৰত ছুৰিমি মাছ খুবেই জনপ্ৰিয় হৈ পৰিছে ভাই সকল। প্ৰতি বছৰে শ শ কোটি টকা ছুৰিমী মাছ ৰপ্তানি কৰা হয়। এতিয়া ভালছাদত এখন সাগৰীয় খাদ্য উদ্যান আছে য’ৰ পৰা মাছ ৰপ্তানি কৰা হয়। মীন খণ্ডতো আমি নতুন নতুন সাফল্য লাভ কৰি আছো।
ভাই-ভনীসকল,
মোৰ গুজৰাটৰ সাগৰৰ উপূকুলত বিগত আঠ বছৰত ডাবল ইঞ্জিন চৰকাৰৰ দুগুণ সুবিধা হৈছে৷ মাছ, সাগৰীয় খাদ্যৰ ব্যৱসায় বৃদ্ধি পাইছে। আগতে আমাৰ মাছমৰীয়াসকলে সাগৰৰ উপকূলত অগভীৰতাৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈছিল। তেওঁলোকে মাছ ধৰা মাছবোৰ সাগৰৰ পাৰলৈ আনিবলৈ বৰ অসুবিধা পাইছিল। আমি গুজৰাটত মাছ ধৰা বন্দৰ নিৰ্মাণৰ অভিযান আৰম্ভ কৰি সাগৰখেডুৰ সমস্যাবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিছিলো। যোৱা দুটা দশকত বহুতো বৃহৎ মাছ ধৰা বন্দৰ গঢ়ি তোলা হৈছিল আৰু পুৰণিবোৰো উন্নীত কৰা হৈছিল। ডাবল ইঞ্জিন চৰকাৰ গঠনৰ পিছতে এই কামত গতি দুগুণ বৃদ্ধি পাইছে। আজিও তিনিটা মাছ ধৰা বন্দৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰা হৈছে ভাইসকল। আপোনাৰ অঞ্চলত যি অৰ্থনৈতিক উত্থান হ’ব সেয়া আপোনালোকে কল্পনাহে কৰিব পাৰে। মাছমৰীয়াসকলৰ জীৱনলৈ কি এক বৃহৎ পৰিৱৰ্তন আহিবলৈ গৈ আছে! মাছ ধৰা বন্দৰৰ পৰা মাছ পৰিবহণ অতি সহজ হ’ব আৰু ৰপ্তানিও গতি বৃদ্ধি পাব। আমি ড্ৰোন পলিচিও গ্ৰহণ কৰিছো। এতিয়া ড্ৰোনে ২০ৰ পৰা ৫০ কেজি ওজনৰ সামগ্ৰী কঢ়িয়াব পাৰিব। যিবোৰ অঞ্চলত সাগৰ নাই, সেইবোৰ অঞ্চললৈ ড্ৰোনেৰে সতেজ মাছ যোগান ধৰিব পৰাকৈ সুযোগ সৃষ্টি কৰা হৈছে, ভাইসকল। উন্নয়নৰ বাবে হোৱা সুবিধাৰ উদাহৰণ এয়া ভাইসকল।
ভাই-ভনীসকল,
মোৰ কৃষক ভাই সকল আৰু আমাৰ গাওঁ সমূহৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ডাবল ইঞ্জিন চৰকাৰে কাম কৰে। তেনে এটা উদাহৰণ হ’ল আমাৰ চৰকাৰৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি। দুদিন আগতে দিল্লীৰ পৰা প্ৰতিজন কৃষকৰ একাউণ্টত দুহেজাৰ টকাকৈ জমা কৰিছিলোঁ। এতিয়ালৈকে আমি আমাৰ কৃষকৰ একাউণ্টত ২.২৫ লাখ কোটি টকা জমা কৰিছো, ভাই সকল।
ভাই-ভনীসকল,
ইয়াৰ দ্বাৰা আমাৰ গুজৰাটৰ কৃষকসকলো উপকৃত হৈছে আৰু তেওঁলোকৰ একাউণ্টত হাজাৰ হাজাৰ কোটি টকা জমা হৈছে। ইয়াৰ ফলত আমাৰ ক্ষুদ্ৰ কৃষকসকল সৰ্বাধিক লাভৱান হৈছে যিসকলৰ মাত্ৰ এক বা দুহেক্টৰ মাটি আছে। জলসিঞ্চনৰ কোনো উপায় নথকা আৰু বৰষুণৰ ওপৰত নিৰ্ভৰশীল কৃষকসকলৰ বাবে এই ধন অতি উপযোগী হ’ব। প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰে কৃষক, পশুপালনৰ লগত জড়িত আৰু সাগৰখেডুৰ আমাৰ মাছমৰীয়াসকলক কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা প্ৰদান কৰিছে। আগতে এই কাৰ্ডখন কেৱল কৃষকৰ বাবেহে আছিল। আমি এই আঁচনিখন সম্প্ৰসাৰণ কৰিছো আৰু এই সুবিধা মাছমৰীয়া আৰু পশুপালনৰ লগত জড়িতসকললৈ আগবঢ়াইছো। ফলত আমাৰ মাছমৰীয়া আৰু পশুপালকসকলে বেংকৰ পৰা ঋণ লোৱাটো অতি সহজ হৈ পৰিছে। প্ৰায় ৩.৫ কোটি লোকে এই সুবিধা ব্যৱহাৰ কৰি আছে, ভাই-ভনীসকল। অতি কম সুতত ঋণ পাইছে। এতিয়া তেওঁলোকে ঋণদাতাসকলৰ ওচৰলৈ গৈ আজীৱন ঋণী হৈ থকাৰ প্ৰয়োজন নাই। তেওঁলোকে এতিয়া এই ধন নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিব। এই টকা তেওঁলোকৰ বাবে নাও, জেকেট, ডিজেল, তেল আদি বস্তু কিনাত বহুত উপযোগী আৰু বন্ধুসকল, যিসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত টকা ঘূৰাই দিয়ে, তেওঁলোকে সুত দিব নালাগে। ই সুত শূন্য। ইয়াতকৈ ডাঙৰ লাভ কি হ’ব পাৰে বন্ধুসকল? কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পশুপালকৰ জীৱন অতি সহজ হৈ পৰিছে। যোৱা দুটা দশকত গুজৰাটৰ বন্দৰৰ বিকাশে গুজৰাটৰ বিকাশকো সমৃদ্ধিৰ দুৱাৰ আৰু নতুন সামৰ্থ্যৰ সৈতে সংযোগ কৰিছে।
সমগ্ৰ দেশৰ উপকূলৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ সমান্তৰালভাৱে আমি কেৱল সাগৰমালা প্ৰকল্পৰ অধীনত বন্দৰ উন্নয়ন কৰাই নহয়, বন্দৰ নেতৃত্বাধীন উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। আজি আপোনালোকে গুজৰাটৰ সাগৰৰ উপকূলত সাগৰমালাৰ এক বিশাল অভিযান আৰম্ভ কৰাৰ সাক্ষী হৈছে। জুনাগড়ৰ উপৰি পোৰবন্দৰ, জামনগৰ, দেৱভূমি দ্বাৰকা, মৰ্বিকে ধৰি মধ্যৰ পৰা দক্ষিণ গুজৰাটলৈ উপকূলীয় ঘাইপথ সম্প্ৰসাৰণ কৰা হৈছে। ভাইসকল, ইয়াৰ অৰ্থ হ’ল সমগ্ৰ গুজৰাটৰ উপকূলৰ সংযোগ শক্তিশালী হ’বলৈ গৈ আছে৷
ভাই-ভনীসকল,
বিগত আঠ বছৰত চৰকাৰে লোৱা কেইবাটাও পদক্ষেপে মোৰ মা-ভনীসকলে যাতে মৰ্যাদাৰে জীয়াই থাকিব পাৰে তাৰ বাবে সুনিশ্চিত হৈছে। আমি এনে ব্যৱস্থা কৰিছো যিবোৰে গুজৰাটৰ লাখ লাখ মা-ভনীকো উপকৃত কৰিছে। সেয়ে গুজৰাট মোৰ বাবে ‘শক্তি কবচ’ হৈ পৰিছে৷ এই মাতৃ-ভনীসকলৰ ওচৰত মই সদায় ঋণী হৈ থাকিম। দেশৰ বাবে বহুতো অভিযান আৰম্ভ কৰা হৈছিল, যাৰ ফলত এই মাতৃ-ভগ্নীসকল প্ৰত্যক্ষভাৱে উপকৃত হৈছিল। স্বচ্ছ ভাৰত অভিযানৰ অধীনত লাখ লাখ শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল। উত্তৰ ভাৰতৰ আমাৰ ভগ্নীসকলে কয় যে এয়া আমাৰ বাবে গৌৰৱ আৰু সন্মানৰ ব্যৱস্থা। কোটি কোটি শৌচাগাৰ নিৰ্মাণ কৰি আমি ভগ্নীসকলৰ সমস্যাৰ পৰা উপশম পালোঁ। ফলত তেওঁলোকৰ স্বাস্থ্যৰো উন্নতি হ’ল। আমি উজ্জ্বলা যোজনা গেছ ডেলিভাৰী কৰাৰ ব্যৱস্থা কৰিলো। ভূপেন্দ্ৰভাই চৰকাৰে দুটাকৈ গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ দিয়াৰ সিদ্ধান্ত লোৱাৰ বাবে মই অভিনন্দন জনাইছো, যাতে আমাৰ দুখীয়াৰ ঘৰতো দীপাৱলী উদযাপন কৰিব পৰা যায়।
ভাই-ভনীসকল,
আমিও নিশ্চিত কৰিলোঁ যে সকলোৰে নলযোগে পানীৰ সুবিধা থাকিব লাগে। এটা সময় আছিল যেতিয়া বিধায়কসকলে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ চিঠি লিখিছিল। মই আগৰ চৰকাৰবোৰৰ কথা কৈছোঁ। ৫খন গাঁৱত হেণ্ডপাম্প স্থাপনৰ বিধায়কসকলে দাবী জনাই। পূৰ্বতে এই দাবী মানি লোৱা মুখ্যমন্ত্ৰীগৰাকীৰ বাবে এক ভব্য আদৰণি হৈছিল। এটা সময় আছিল যেতিয়া ৰাইজে হেণ্ড পাম্পৰ বাবে অপেক্ষা কৰিছিল আৰু আপোনাৰ ল'ৰাটোৱে আজি প্ৰতিটো ঘৰত নলসংযোগী পানী নিশ্চিত কৰি আছে। যেতিয়া বিশুদ্ধ পানী পোৱা যায় তেতিয়া ৰোগ কম হয়। শিশুৱে কম কষ্ট পায় আৰু আমাৰ মা-ভনীসকলো বহু সমস্যাৰ পৰা মুক্ত হয়।
প্ৰধানমন্ত্ৰী মাত্ৰু বন্দন যোজনাৰ প্ৰৱৰ্তন কৰা হৈছিল যাতে গৰ্ভাৱস্থাত মোৰ মা-ভনী সকলৰ শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ নহয়, মাতৃৰ গৰ্ভত থকা কেঁচুৱাটোৰ বিকাশ সঠিক হয় আৰু সন্তানটো প্ৰতিবন্ধী হৈ জন্ম নহয় বা শাৰীৰিকভাৱে অক্ষম নহয়৷ মাতৃসকলৰ স্বাস্থ্যৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি এই মাত্রু বন্দন যোজনা আৰম্ভ কৰা হৈছিল। যদি এটা সুস্থ সন্তান জন্ম হয় আৰু মাতৃগৰাকীও যদি সুস্থ হয়, তেন্তে ভাৰতৰ ভবিষ্যতো সুস্থ হ’ব। আনকি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত থকা ঘৰবোৰো কেৱল ভগ্নীসকলকহে যোগান ধৰা হৈছে। গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা দিনৰে পৰা মোৰ ভগ্নীসকলৰ নামত সকলো চৰকাৰী সা-সুবিধা সুনিশ্চিত কৰাটো মোৰ প্ৰচেষ্টা আছিল। ভূমিকম্পৰ পিছত দিয়া ঘৰবোৰো ভগ্নীসকলক দিয়া হৈছিল। আমি আমাৰ মা-ভনীসকলৰ অৱস্থাৰ প্ৰতি সচেতন। যদি খেতিপথাৰ থাকে তেন্তে সেইখন পৰিয়ালৰ পুৰুষ সদস্যৰ নামত। দোকান আৰু বাহনৰ ক্ষেত্ৰতো তেনেকুৱাই। যদি স্বামীৰ মৃত্যু হয়, তেন্তে এই সকলো বস্তু পুত্ৰৰ হাতত অৰ্পণ হয়। আমাৰ মা-ভগ্নীসকলৰ নামত একোৱেই নাই। কোনো ধৰণৰ জৰুৰীকালীন অৱস্থাত ক’লৈ যাব লাগে? সেয়ে আপোনালোকৰ পুত্ৰই সিদ্ধান্ত লৈছে যে যিকোনো চৰকাৰী ঘৰ বা আন যিকোনো সুবিধা আমাৰ মাতৃ-ভগ্নীৰ নামত হ’ব। আজি ঘৰ আবণ্টন দিয়া আমাৰ মাতৃ-ভগ্নীসকল ‘লাখপতি’ হৈ পৰিছে৷ আজি আমাৰ চৰকাৰে আত্মসহায়ক গোট আৰু সখী মণ্ডলৰ জৰিয়তে গাঁৱে-ভূঞে মহিলা উদ্যোগীকৰণৰ সম্প্ৰসাৰণ কৰি আছে। সমগ্ৰ দেশতে ৮ কোটিৰো অধিক ভগ্নী আত্মসহায়ক গোটত নিয়োজিত হৈ আছে। গুজৰাটত সখী মণ্ডল নামেৰে জনাজাত আত্মসহায়ক গোটৰ সুযোগ লৈছে গুজৰাটৰ লাখ লাখ ভগ্নীয়ে। চিন্তা এই যে ভগ্নীসকলে মুদ্ৰা যোজনাৰ পৰা কোনো নিশ্চয়তা অবিহনে ঋণ লাভ কৰিব পাৰে। মোৰ বাবে সুখৰ কথা যে এই ঋণ সকলোৰে বাবে আছিল, কিন্তু ৭০ শতাংশ ভগ্নীয়ে ঋণ লৈ ক্ষুদ্ৰ ব্যৱসায়ৰ সৈতে জড়িত হোৱাৰ লগতে ২-৩ জন লোককো কৰ্মসংস্থাপন প্ৰদান কৰি আছে।
ভাই-ভনীসকল,
যেতিয়া মই মোৰ তৰুণ বন্ধুসকলৰ উজ্জ্বল ভৱিষ্যত প্ৰত্যক্ষ কৰো, তেতিয়া তেওঁলোকৰ ওপৰত মোৰ বিশ্বাস বাঢ়ি যায় আৰু নতুন আশাৰ ৰশ্মি প্ৰতিফলন হয়। গুজৰাটৰ দ্ৰুত বিকাশৰ লগে লগে এতিয়া গুজৰাটৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যতো সুৰক্ষিত। বিগত আঠ বছৰত গুজৰাটকে ধৰি দেশৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনা বৃদ্ধিৰ বাবে মই কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছো। আমি শিক্ষাৰ পৰা আৰম্ভ কৰি কৰ্মসংস্থাপন আৰু আত্মসংস্থাপনলৈকে বহুতো সুযোগ সৃষ্টি কৰিছো। অলপ আগতে গুজৰাটত ডিফেন্স এক্সপ’ৰ উদ্বোধন কৰিছিলোঁ৷ ইয়াৰ ফলত যুৱক-যুৱতীসকলৰ বাবে বহু সুযোগৰ সৃষ্টি হ’ব আৰু গুজৰাট যাতে শীৰ্ষত থাকিব সেয়া নিশ্চিত হ’ব।
বিগত আঠ বছৰত আমি দেশত শ শ বিশ্ববিদ্যালয়-মহাবিদ্যালয় নিৰ্মাণ কৰিছো। গুজৰাটতো বহু নতুন শিক্ষানুষ্ঠান নিৰ্মাণ কৰা হৈছে যাতে এই প্ৰতিষ্ঠানসমূহত উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পৰিয়াল, গাঁও, ৰাজ্য আৰু দেশৰ নাম উজ্জ্বল কৰি তোলে। আমি আজি বিশেষ সুবিধাসম্পন্ন দেশত পৰিণত হৈছো। ইয়াৰ পূৰ্বে গুজৰাটৰ যুৱক-যুৱতীসকলে উচ্চ শিক্ষাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাব লগা হৈছিল। বিগত ২০ বছৰত হাতত লোৱা প্ৰচেষ্টাৰ ফলত ৰাজ্যখনত শ্ৰেষ্ঠ মহাবিদ্যালয়, বিশ্ববিদ্যালয় স্থাপন হৈছে।
এতিয়া নতুন শিক্ষানীতি, ৰাষ্ট্ৰীয় শিক্ষানীতিও কাৰ্যকৰী কৰা হৈছে। এতিয়া আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কেৱল ইয়াতেই মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পঢ়া-শুনা কৰিব পাৰিব। আগতে গাঁৱে-ভূঞে আমাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় নাছিল। আৰু যদি শিশুৱে অষ্টম বা দশম শ্ৰেণীত ইংৰাজী মাধ্যমত পঢ়া নাই তেন্তে ইঞ্জিনিয়াৰিং বা চিকিৎসা বিজ্ঞানত নামভৰ্তি কৰিব নোৱাৰে আৰু অভিযন্তা বা চিকিৎসক হ’ব নোৱাৰে। কিয়? দুখীয়া পিতৃ-মাতৃৰ সন্তানৰ চিকিৎসক হোৱাৰ অধিকাৰ নাই নেকি? দুখীয়া পিতৃ-মাতৃৰ সন্তানৰ চিকিৎসক হোৱাৰ অধিকাৰ থকা উচিত নহয়নে? অভিযন্তা হোৱাৰ অধিকাৰ তেওঁলোকৰ থাকিব নালাগেনে? কিন্তু এটা চৰ্ত আৰোপ কৰা হ’ল যে তেওঁলোকে ইংৰাজী জানিলেহে কৰিব পাৰিব। এতিয়া আমি নিশ্চিত কৰিছো যে তেওঁলোকে নিজৰ মাতৃভাষাত চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক অধ্যয়ন কৰি চিকিৎসক-অভিযন্তা হ’ব পাৰে। এই দাসত্ব মানসিকতা আঁতৰিবই লাগিব। কেৱল ইংৰাজী নাজানে বুলিয়েই মধ্যবিত্ত আৰু গাঁৱৰ দুখীয়াৰ উন্নয়ন যাত্ৰা বন্ধ কৰিব নালাগে। তেওঁলোক সমানেই সক্ষম। তেওঁলোকৰ বাবেই আজি ভাৰতে বিশ্বত নাম উজলাবলৈ ধৰিছে। এতিয়া সমগ্ৰ গাঁৱৰ আমাৰ যুৱক-যুৱতীসকলে ডিজিটেল ইণ্ডিয়া অভিযানৰ সুবিধা লাভ কৰিছে। দেশত প্ৰায় ৫-৬ লাখ কমন চাৰ্ভিচ চেণ্টাৰ স্থাপন কৰা হৈছে আৰু গাঁৱৰ ৰাইজে এতিয়া বহুতো সেৱা আগবঢ়াইছে। গাঁৱৰ দৰিদ্ৰ লোকসকলেও এতিয়া সুলভ মূল্যৰ ইণ্টাৰনেট সেৱাৰ বাবে মোবাইলত বিশ্বৰ শ্ৰেষ্ঠ কিতাপসমূহো লাভ কৰিবলৈ সক্ষম হৈছে। ৰে’লৱে প্লেটফৰ্মত বিনামূলীয়া ৱাই-ফাই সেৱাও নিশ্চিত কৰিলোঁ যাতে যুৱক-যুৱতীসকলে তালৈ আহি পঢ়া-শুনা কৰিব পাৰে। প্লেটফৰ্মত ল'ৰা-ছোৱালীয়ে মোবাইল লৈ ইউপিএছচি আৰু জিপিএছচিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই উত্তীৰ্ণ হোৱা দেখিছোঁ। আজি ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে উত্তম শিক্ষা লাভ কৰা হৈছে। ইয়াৰ উপৰিও শিশুৱে গাঁৱে-ভূঞে পঢ়া-শুনা অব্যাহত ৰখাটো নিশ্চিত কৰিছে। ডিজিটেল ইণ্ডিয়াই যুৱক-যুৱতীসকলক নিজৰ প্ৰতিভা চোকা কৰাৰ সুযোগ দিছে। যিকোনো ক্ষেত্ৰতে আগবাঢ়িব বিচৰা কোনো ব্যক্তিয়ে ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে কৰিব পাৰে। তেওঁ এজন চিত্ৰশিল্পী, গায়ক আৰু কাঠমিস্ত্ৰী হ’ব পাৰে বা নৃত্যৰ ক্ষেত্ৰতো কেৰিয়াৰ গঢ়িব পাৰে। ঘৰত বহি নিজৰ ইচ্ছামতে যিকোনো কথা শিকিব পাৰে।
ভাই-ভনীসকল,
ডিজিটেল ইণ্ডিয়াৰ বাবে কৰ্মসংস্থাপনৰ সম্ভাৱনা বৃদ্ধি পাইছে। ভাৰতৰ যুৱক-যুৱতীসকলে এতিয়া বিশ্ব বজাৰৰ বাবে লক্ষ্য ৰাখিছে। মেড ইন ইণ্ডিয়াৰ সামগ্ৰীৰ বাবে এই সময়। পূৰ্বে মোবাইলৰ বাবে মাত্ৰ দুটা নিৰ্মাণ ইউনিট আছিল। মাত্ৰ আঠ বছৰতে এই সংখ্যা বৃদ্ধি পাই ২০০ৰো অধিক হৈছে। ভাৰতে চলিত বৰ্ষত আন দেশলৈ ১০লাখ মোবাইল ৰপ্তানি কৰিছে। এয়াই আমাৰ শক্তি। পৰ্যটনৰ বৃদ্ধি আমি সৃষ্টি কৰা আন্তঃগাঁথনিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। কল্পনা কৰকচোন, আমাৰ মাধৱপুৰ মেলা, ভগৱান শ্ৰীকৃষ্ণৰ সৈতে জড়িত অনুষ্ঠানবোৰ কেনেকৈ আন্তঃৰাষ্ট্ৰীয় হৈ পৰিল। উত্তৰ-পূবৰ কেইবাজনো মুখ্যমন্ত্ৰীয়ে মাধৱপুৰ মেলালৈ আহি প্ৰায় এসপ্তাহ ধৰি উপভোগ কৰিছিল। কেইবাটাও বাধা অতিক্ৰম কৰি সম্ভৱ হৈ উঠিছিল গিৰ্নাৰ ৰজ্জুপথ। পূৰ্বৰ চৰকাৰসমূহৰ এই সকলোবোৰ প্ৰকল্প ৰূপায়ণ কৰাত সমস্যা হৈছিল। আপোনালোকে মোক দিল্লীলৈ পঠোৱাৰ পিছতে এই ৰজ্জুপথ সম্ভৱ হৈ উঠিল। এতিয়া গিৰ্নাৰত মা অম্বাৰ চৰণত প্ৰণাম কৰা ৮০ বছৰীয়া আইতাকৰ ফটোবোৰ বহুতে মোৰ লগত শ্বেয়াৰ কৰে। ৰজ্জুপথ বনোৱাৰ পিছত মাতৃৰ ইচ্ছা পূৰণ কৰাৰ বাবে তেওঁলোকে মোক ধন্যবাদ জনাইছে। এতিয়া আপোনালোকে কওক, সেই মাতৃগৰাকীৰ আশীৰ্বাদ মই পাম নে নাপাম?
ভাই-ভনীসকল,
আমি প্ৰায় দুটা দশকৰ আগতে এই পৰিস্থিতি সলনি কৰাৰ সিদ্ধান্ত লৈছিলো। আজি গিৰ্নাৰ ৰজ্জুপথ এছিয়াৰ আটাইতকৈ দীঘল ৰজ্জুপথৰ ভিতৰত অন্যতম। জুনাগড় জিলাই কৃষিজাত সামগ্ৰী আৰু মাছ ধৰা উদ্যোগৰ বাবে গৌৰৱ কৰে। কেশোড বিমানবন্দৰ পুনৰুজ্জীৱিত হৈছে৷ শেহতীয়াকৈ কেইবাজনো বিষয়াৰ সৈতে মোৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। মই তেওঁলোকক সুধিলোঁ যে আমি বিমানবন্দৰটো সম্প্ৰসাৰণ কৰিব নোৱাৰে নে যাতে ইয়াৰ পৰা আম, অন্যান্য ফল-মূল আৰু শাক-পাচলি ৰপ্তানি কৰিব পৰা যায়। যদি আমি বিমানবন্দৰটো সম্প্ৰসাৰণ কৰো তেন্তে বিদেশী পৰ্যটক গিৰ অভয়াৰণ্যৰ সিংহ চাবলৈ, সোমনাথ আৰু গিৰ্নাৰ চাবলৈ আহিব। বিশদ ব্লুপ্ৰিণ্ট বনাবলৈ কিছু সময় বিচাৰিলে। মই জুনাগড়লৈ যাব লাগিব বাবে খৰধৰ কৰিবলৈ ক’লোঁ৷ ভাই-ভনীসকল, যেতিয়া মোৰ মনলৈ কোনো ধাৰণা আহে তেতিয়া মই ইয়াক কাৰ্যকৰী কৰাত মোৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰো। মই সদায় এটা উপায় বিচাৰিবলৈ চেষ্টা কৰো। বিশ্বাস কৰক, ভাৰতৰ শীৰ্ষ চহৰসমূহত যিবোৰ উন্নয়নমূলক কামৰ সুবিধা আছে, সেইবোৰৰ সুবিধাও এই জুনাগড়ত হ’ব লাগে। এই ক্ষেত্ৰত মই কাম কৰি আছো।
গিৰ সোমনাথকে ধৰি এই সমগ্ৰ অঞ্চলটো তপস্যা আৰু জৈনাচাৰ্য্যৰ তপস্যাৰ দেশ হিচাপে জনা যায়। এটা সময় আছিল ময়ো গিৰ্নাৰৰ পাদদেশত ঘূৰি ফুৰিছিলোঁ। সাধুসকলৰ লগত সময় কটাবলৈ মোৰ সৌভাগ্য হৈছে। আমাৰ মন্দিৰৰ বাবে, জৈনসকলৰ বাবে আৰু লগতে দত্তাত্ৰেয়ৰ উপাসকসকলৰ বাবে ইয়াত কি নাই? গোটেই দেশক আকৰ্ষণ কৰাৰ শক্তি মোৰ গিৰৰ মাজত নিহিত হৈ আছে, ভাই-ভনীসকল। সেয়ে আমি ইয়াত প্ৰতিজন ভাৰতীয়ৰ মনোযোগ আকৰ্ষণ কৰিব লাগিব। আমি এই ক্ষেত্ৰত ব্যৱস্থা গঢ়ি তুলিব লাগিব আৰু মই বিশ্বাস কৰোঁ যে আমি এই কাম কৰিব পাৰিম। আমাৰ গিৰৰ সিংহৰ গৰ্জন সমগ্ৰ বিশ্বৰ জনসাধাৰণে শুনিব বিচাৰে। গিৰ সিংহৰ গৰ্জনত গুজৰাটৰ গৰ্জনো শুনিবলৈ পায়।
বিশ্বই গৌৰৱেৰে চাই আছে যে যোৱা ২০ বছৰত গিৰ সিংহৰ সংখ্যা দুগুণ হৈছে। আমি সেইবোৰৰ ইমান যত্ন লৈছিলো যে যিকোনো ভাৰতীয়ই গৌৰৱ অনুভৱ কৰিব, ভাই-ভনীসকল। আমাৰ কেশোড বিমানবন্দৰটো উন্নয়ন হ’লেই সমগ্ৰ অঞ্চলটোৰ উন্নয়নে নতুন উচ্চতাত উপনীত হ’বলৈ গৈ আছে৷ বহুতো কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। হোটেল, ৰেষ্টুৰেণ্ট, টেক্সি আৰু অ’টো, ভাই-ভনীৰ ইমানবোৰ সম্ভাৱনা আছে। গুজৰাটৰ আমাৰ সৌৰাষ্ট্ৰ, কচ্চ, কঠিয়াৱাৰ দেশপ্ৰেমীৰ ভূমি। এইখনেই সেই ভূমি যিয়ে জাতিৰ স্বাৰ্থক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে। আজি আপোনালোকৰ লগত এটা গুৰুতৰ বিষয় আলোচনা কৰিব বিচাৰিছো। গিৰ সিংহৰ গৰ্জনৰ মাজত যিসকল ডাঙৰ-দীঘল হৈছে, তেওঁলোকৰো যিকোনো কথাৰ সন্মুখীন হোৱাৰ শক্তি আছে। যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাহস থকা সকলৰ লগত নিজৰ মনৰ কথা ক’বলৈও আনন্দৰ কথা।
ভাই-ভনীসকল,
ইয়াৰ ওপৰত চিন্তা কৰক! মহাকাশত মংগলযান বা চন্দ্ৰযানৰ সফল উৎক্ষেপণ উপভোগ কৰা নাইনে? আমাৰ বিজ্ঞানীসকলৰ সফলতা উপভোগ নকৰেনে? আপোনালোকে ভাল পাওক বা নাপাওক বা গৌৰৱ অনুভৱ কৰক বা নকৰক, চিঞৰি কওক। মিছনত কোনো গুজৰাটী বিজ্ঞানী নাছিল আৰু সকলো বিজ্ঞানী দক্ষিণৰ, তামিলনাডু, কেৰেলা আৰু বাংগালুৰুৰ আছিল বাবে আপুনি কম গৌৰৱ অনুভৱ কৰিছিল নেকি? ভাৰতৰ যিকোনো প্ৰান্তৰ পৰা অহা কোনো ব্যক্তিক লৈ আমি গৌৰৱ কৰা উচিত নহয়নে যিয়ে দেশৰ বাবে কিবা এটা মূল্যৱান কাম কৰিছে? যেনে, যদি হাৰিয়ানাৰ এজন যুৱকে অলিম্পিকত অংশ লৈ সোণৰ পদক লাভ কৰি ভাৰতৰ পতাকা উত্তোলন কৰি আছে। সেই ল’ৰা বা ছোৱালীজনী হাৰিয়ানাৰ হ’লেও ভাল নাপাবনে? তেওঁ ভাৰতক গৌৰৱান্বিত কৰিছিল নে নাই? তেওঁৰ এই কৃতিত্বক লৈ আপুনি গৌৰৱ নকৰিবনে?
ভাইসকল,
যদি কাশীত কোনোবাই সংগীতৰ অনুশীলন কৰে আৰু বিশ্বই তেওঁৰ সংগীতৰ প্ৰশংসা কৰে, তেন্তে আমি তেওঁক লৈ গৌৰৱ কৰিম নে নকৰিম? আমাৰ পশ্চিম বংগত, মহান পণ্ডিতৰ দেশ, শ্ৰেষ্ঠ সাহিত্যৰ ৰচনা, বিপ্লৱী সকলৰ দেশ, তেওঁলোকৰ দ্বাৰা যদি কিবা ভাল কাম কৰা হয়, তেন্তে আমি সুখী হ’ম নে নহ’ম? আজিকালি আমাৰ দক্ষিণৰ ছবিবোৰে পৃথিৱীত চমৎকাৰ কৰি আছে। যদিও আমি হয়তো দক্ষিণ ভাৰতৰ ভাষা নাজানো, দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগৰ নিৰ্মাতাসকলে যদি বিশ্বত অভিলেখ গঢ়ি বিপুল লাভ কৰে, তেন্তে আমি তেওঁলোকক লৈ গৌৰৱ কৰিম নে নকৰোঁ? সমগ্ৰ ভাৰতে ইয়াক আদৰি লোৱা উচিত নহয়নে? ভাৰতৰ বিভিন্ন প্ৰান্তৰ মানুহে হয়তো চিনেমাখন চোৱা বা বুজি নাপালেহেঁতেন, কিন্তু তথাপিও তেওঁলোক সুখী হ’লহেঁতেন। ভাৰতৰ কোনো ঠাইৰ, যিকোনো জাতি বা ভাষাৰ কোনো ব্যক্তিয়ে যদি কিবা ভাল কাম কৰে, তেন্তে এই দেশৰ সকলো ৰাইজে গৌৰৱ অনুভৱ কৰে। কিন্তু অৱক্ষয়টো চাওকচোন! বিকৃত মানসিকতা আৰু সম্পূৰ্ণ বেলেগ চিন্তাধাৰাৰ মানুহ বিগত দুটা দশকত আবিৰ্ভাৱ হৈছে। গুজৰাটত ভাল কিবা এটা হ’লে, গুজৰাটৰ কোনোবাই যদি নাম উজলাই লয়, গুজৰাটৰ কোনোবাই যদি অগ্ৰগতি লাভ কৰে আৰু গুজৰাটে অগ্ৰগতি লাভ কৰে তেন্তে তেওঁলোকৰ কষ্ট হয়। গুজৰাট আৰু গুজৰাটবাসী, ভাই-ভনীক গালি-গালাজ আৰু অপমান নকৰালৈকে একাংশ ৰাজনৈতিক দলৰ ৰাজনৈতিক মতাদৰ্শ অসম্পূৰ্ণ হৈয়েই থাকে। গুজৰাটে তেওঁলোকৰ মুখামুখি হোৱাৰ প্ৰয়োজন আছে নে নাই?
গুজৰাটীয়ে কঠোৰ পৰিশ্ৰম কৰক, গুজৰাটীয়ে তপস্যা কৰি দেশবাসীক জীৱিকাৰ ব্যৱস্থা কৰিবলৈ কাম কৰক, গুজৰাটক এনেদৰে কলুসিত কৰা হয়। এইটো আমি সহ্য কৰিব লাগিব নেকি ভাইসকল? মই সাহসী বীৰ দেশৰ পৰা এটা আহ্বান জনাইছো যে গুজৰাটী আৰু গুজৰাটৰ অপমান গুজৰাটে সহ্য নকৰে। এই দেশত কাকো অপমান কৰা উচিত নহয়। বঙালীকো অপমান কৰা উচিত নহয়। আনকি তামিলকো অপমান কৰা উচিত নহয়। কেৰেলাৰ ভাতৃসকলকো অপমান কৰা উচিত নহয়। দেশৰ প্ৰতিজন নাগৰিকৰ প্ৰচেষ্টা, শৌৰ্য্য আৰু সাফল্য আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয় হ’ব লাগে। তেওঁলোকক ৰাজনীতিত বান্ধি ৰখাৰ সংস্কৃতি বন্ধ হোৱা উচিত। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ সপোনত আমি বাধা দিবলৈ নিদিওঁ। চৰ্দাৰ চাহেবৰ দৰে মানুহে কৰা কষ্ট অথলে যাবলৈ দিয়া উচিত নহয়। হতাশা বিয়পোৱা আৰু গুজৰাটৰ মনত নিজৰ হতাশা আৰু মিছা কথা জাপি দিবলৈ চেষ্টা কৰা লোকসকলৰ পৰা গুজৰাটক সজাগ কৰাৰ প্ৰয়োজন আছে ভাই-ভনীসকল। গুজৰাটৰ ঐক্যই গুজৰাটৰ শক্তি। দেশৰ মংগলৰ বাবে ঐক্যবদ্ধ গুজৰাট কেতিয়াও পিছুৱাই যোৱা নাই।
গুজৰাটৰ ওচৰত আৰু গুজৰাটবাসীলৈ প্ৰণাম জনাইছো আৰু এই ঐক্য বজাই ৰাখিবলৈ, উন্নয়নৰ বাক্য প্ৰচাৰ কৰি থাকিবলৈ আৰু বিকশিত হৈ থাকিবলৈ আহ্বান জনাইছো। আজি আপোনালোকলৈ আগবঢ়োৱা উন্নয়নৰ সুযোগৰ বাবে পুনৰ বাবে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ! নতুন বছৰো ওচৰ চাপি আহিছে।
ভাৰত মাতা কী জয়!
ভাৰত মাতা কী জয়!
ভাৰত মাতা কী জয়!
বহুত বহুত ধন্যবাদ, ভাই-ভনীসকল,
***
DS/ VJ/VK/AK/DB
(Release ID: 1871499)
Visitor Counter : 130
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam