প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ অদলাজৰ ত্ৰিমন্দিৰত ‘মিছন স্কুল অব একচেলেঞ্চ’ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে


৪২৬০ কোটি টকা ব্যয় সাপেক্ষ এলানি প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা

‘‘অমৃত কাল’ৰ বাবে ‘অমৃত প্ৰজন্ম সৃষ্টি’ৰ এক স্মৰণীয় পদক্ষেপ”

“যোৱা দুটা দশকত ৰাজ্যৰ শিক্ষা-প্ৰণালীৰ ৰূপান্তৰ সাধন কৰিছে গুজৰাটে”

“শিক্ষাক্ষেত্ৰত গ্ৰহণ কৰা অনন্য আৰু বৃহত্ পৰীক্ষণসমূহত সদয়ে অংশ লৈ আহিছে গুজৰাটে”

“ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ ক্ষেত্ৰত আদৰ্শ বিদ্যালয়ৰ ভূমিকা পালন কৰিব ‘পিএম-শ্ৰী বিদ্যালয়’সমূহে”

“নতুন শিক্ষা নীতি হৈছে দেশক ‘দাস-মনোবৃত্তি’ৰ পৰা মুক্ত কৰাৰ লগতে প্ৰতিভা আৰু উদ্ভাৱনক উত্সাহিত কৰাৰ এক উদ্যোগ”

“ইংৰাজী ভাষাক বুদ্ধিমত্তা জোখাৰ মাপক হিচাপে গণ্য কৰা হৈছিল, ইয়ে গ্ৰাম্যাঞ্চলৰ প্ৰতিভাৰ সদ্ব্যৱহাৰত বাধাৰ সৃষ্টি কৰিছিল”
“পুৰাতন কালৰে পৰা ভাৰতৰ বিকাশ-যাত্ৰাৰ মূল চালিকা হৈ আহিছিল শিক্ষা”

“২১ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তি সম্পৰ্কীয় সৰহখিনি উদ্ভাৱনেই সম্ভৱ হ’ব ভাৰতত”

“দেশৰ এক জ্ঞান-কেন্দ্ৰ, উদ্ভাৱনৰ এক প্ৰাণকেন্দ্ৰৰ ৰূপত বিকশিত হৈছে গুজৰাট”

“পৃথিৱীৰ ভিতৰতে এক মহান জ্ঞান-অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ অপাৰ সম্ভানীয়তা বহণ কৰিছে ভাৰতে”

Posted On: 19 OCT 2022 2:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ অদলাজৰ ত্ৰিমন্দিৰত ‘মিছন স্কুল অব একচেলেঞ্চ’ মুকলি কৰে। ১০,০০০কোটি টকা পুঁজি আৱণ্টনৰে মিছনৰ ব্যৱস্থা কৰা হৈছে। ত্ৰিমন্দিৰত অনুষ্ঠিত অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে ৪২৬০ কোটি টকা ব্যয় সাপেক্ষ এলানি প্ৰকল্পৰো শুভাৰম্ভ ঘোষণা কৰে। নতুন শ্ৰেণীকোঠা, স্মাৰ্ট শ্ৰেণীকোঠা, কম্পিউটাৰ লেব আদি নিৰ্মাণৰ উপৰি সামগ্ৰিকভাবে বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ উত্তৰণ সাধনেৰে এই মিছনে গুজৰাটৰ শিক্ষা আন্তঃগাঁথনিৰ সবলীকৰণত বিশেষ ভাবে সহায় কৰিব।

এই উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটে ‘‘অমৃত কাল’ৰ বাবে ‘অমৃত প্ৰজন্ম সৃষ্টি’ৰ এক স্মৰণীয় পদক্ষেপ” গ্ৰহণ কৰিছে। এই পদক্ষেপৰ জৰিয়তে সম্পাদিত হ’বলগীয়া কাৰ্যক্ৰমসমূহ “বিকশিত ভাৰতৰ লগতে এখন উন্নত গুজৰাট গঢ়াৰ ক্ষেত্ৰত মাইলৰ খুটি হৈ ৰ’ব” বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ‘মিছন স্কুল অব একচেলেঞ্চ’ৰ বাবে গুজৰাটৰ প্ৰতিগৰাকী নাগৰিক, শিক্ষক, যুৱক-যুৱতী আৰু নৱ-প্ৰজন্মক অভিনন্দন জ্ঞাপন কৰে।

শেহতীয়া ভাবে বিকশিত ‘৫-জি’ প্ৰযুক্তি সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আমি যদিও প্ৰথমৰ পৰা চতুৰ্থ প্ৰজন্ম পৰ্যন্ত ইণ্টাৰনেট ব্যৱহাৰৰ অভিজ্ঞতা আহৰণ কৰিছো, পিচে, ‘৫-জি’ সংস্কৰণে সমগ্ৰ ভাৰততে এক ৰূপান্তৰ সাধন কৰিব। প্ৰযুক্তিৰ প্ৰতিটো প্ৰজন্মই ক্ৰমাগত ভাবে আমাৰ জীৱনৰ প্ৰতিটো সৰু সৰু দিশকো সংযোজিত কৰি আহিছে বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে কয়, ঠিক তেনেকৈয়ে আমি ভিন্ন প্ৰজন্মৰ বিদ্যালয়ো প্ৰত্যক্ষ কৰি আহিছো। ‘৫-জি’ প্ৰযুক্তিৰ সামৰ্থ্য সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই শিক্ষাব্যৱস্থাক স্মাৰ্ট সা-সুবিধা, স্মাৰ্ট শ্ৰেণীকোঠা, আৰু স্মাৰ্ট শিক্ষণৰো আগলৈ নি পৰৱৰ্তি এটা পৰ্যায়ত উপনীত কৰাবগৈ। “আমাৰ নতুন প্ৰজন্মই এতিয়া বিদ্যালয়সমূহত ‘ভাৰ্চুৱেল ৰিয়েলিটী’ আৰু ‘ইণ্টাৰনেট অব থিংছ’-ৰ সামৰ্থ্যৰ অভিজ্ঞতা লাভ কৰিব পাৰিব” বুলি তেওঁ অভিমত ব্যক্ত কৰে। তেওঁ ‘মিছন স্কুল অব একচেলেঞ্চ’ৰ জৰিয়তে গুজৰাটে দেশত প্ৰথম আৰু অতিকে গুৰুত্বপূৰ্ণ পদক্ষেপটো গ্ৰহণ কৰাত সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু তেওঁৰ গোটক এই স্মৰণীয় সাফল্যৰ বাবে অভিনন্দন জনায়।

বিগত দুটা দশকত গুজৰাটে শিক্ষাখণ্ডত সম্পাদিত হোৱা এলানি পৰিৱৰ্তনৰ সাক্ষী হ’বলৈ পোৱা দেখি সন্তোষ প্ৰকাশ কৰা প্ৰধানমন্ত্ৰীয়ে আগৰ সময়ছোৱাত ৰাজ্যখনত বৰ্তি থকা শোচনীয় শিক্ষা ব্যৱস্থাটোৰ স্মৰণ কৰি কয় যে এটা সময়ত এনে অৱস্থাই বিৰাজ কৰিছিল যে ১০০গৰাকী ল’ৰা-ছোৱালীৰ ২০গৰাকীয়েই বিদ্যালয়লৈ নগৈছিল। যিসকল গৈছিল তাৰো এক বুজন সংখ্যকেই অষ্টম মানৰ পিচত শিক্ষা সাং কৰিছিল। ছোৱালীসকলৰ অৱস্থা ইয়তকৈ দুখ লগা আছিল। জনজাতীয় এলেকাসমূহত বিদ্যালয়ৰ অভাৱৰ কথা উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে বিজ্ঞান শিক্ষাৰ কোনো পৰকল্পনা নোহোৱাৰ নিচিনাই আছিল বুলি মন্তব্য কৰে। কিন্তু “বিগত দুটা দশকত গুজৰাটৰ জনতাই দেশবাসীক ৰাজ্যখনৰ শিক্ষা-প্ৰণালীত হোৱা ৰূপান্তৰৰ স্বৰূপ দৰ্শন কৰাইছে” বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ বিগত দুটা দশকত ৰাজ্যখনত ১.২৫ লাখৰো অধিক শ্ৰেণীকোঠা নিৰ্মাণ কৰাৰ উপৰি ২ লাখৰো অধিক গৰাকী শিক্ষক নিয়োজিত কৰা বুলি তথ্য দাঙি ধৰে। “সেই সময়ত অনুষ্ঠিত হোৱা ‘শালা প্ৰৱেশোত্সৱ’ আৰু ‘কন্যা কেলাৱাণী মহোত্সৱ’ৰ কথা মোৰ এতিয়াও মনত আছে। ল’ৰাটো বা ছোৱালীজনী যেতিয়া প্ৰথমবাৰৰ বাবে স্কুললৈ যায় সেই দিনটোক যাতে পিতৃ-মাতৃসকলে উত্সৱৰ দৰে উদযাপন কৰিব পাৰে ইয়াৰ জৰিয়তে তাৰেই প্ৰয়াস কৰা হৈছিল” বুলি ব্যাখ্য দাঙি ধৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে “শিক্ষাক্ষেত্ৰত গ্ৰহণ কৰা অনন্য আৰু বৃহত্ পৰীক্ষণসমূহত  গুজৰাটে সদায়ে অংশ লৈ আহিছে।” ইফালে “ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ ক্ষেত্ৰত  ‘পিএম-শ্ৰী বিদ্যালয়’সমূহে আদৰ্শ বিদ্যালয়ৰ ভূমিকা পালন কৰিব” বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে

নতুন শিক্ষা নীতি সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দি কয় যে “এই নীতি হৈছে দেশক ‘দাস-মনোবৃত্তি’ৰ পৰা মুক্ত কৰাৰ লগতে প্ৰতিভা আৰু উদ্ভাৱনক উত্সাহিত কৰাৰ এক উদ্যোগ।”

দীৰ্ঘ কাল ধৰি আমাৰ দেশত “ইংৰাজী ভাষাক বুদ্ধিমত্তা জোখাৰ মাপক হিচাপে গণ্য কৰা হৈছিল” বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে “এনে পৰিস্থিতিয়ে গ্ৰাম্যাঞ্চলৰ প্ৰতিভাসমূহৰৰ সদ্ব্যৱহাৰত বাধাৰ সৃষ্টি কৰি আহিছিল” বুলি আক্ষেপ প্ৰকাশ কৰে। অৱশ্যে শেহতীয়া ভাবে প্ৰেক্ষাপট সলনি হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰসংগক্ৰমে তেওঁ ভাৰতত প্ৰাচীন কালৰ পৰাই শিক্ষাক সকলোতকৈ আগস্থান দি অহা হৈছিল বুলি অভিমত ব্যক্ত কৰি কয়, “পুৰাতন কালৰে পৰা ভাৰতৰ বিকাশ-যাত্ৰাৰ মূল চালিকা হৈ আহিছিল শিক্ষা।” তেওঁ “২১ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তি সম্পৰ্কীয় সৰহখিনি উদ্ভাৱনেই ভাৰতত সম্ভৱ হ’ব” বুলি তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে।

প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে দেশৰ এক জ্ঞান-কেন্দ্ৰ, উদ্ভাৱনৰ এক প্ৰাণকেন্দ্ৰৰ ৰূপত গুজৰাট বিকশিত হৈছে বুলিও মন্তব্য কৰে। আগন্তুক সময়ত পৃথিৱীৰ ভিতৰতে ভাৰতে এখন মহান জ্ঞান-অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ অপাৰ সম্ভানীয়তা বহণ কৰিছে বুলিও অভিমত ব্যক্ত কৰা প্ৰধানমন্ত্ৰী মোদীয়ে মিছন স্কুল অব একচেলেঞ্চে সেই আশা পূৰ্ণ কৰাত বিশেষ অবদান আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত অন্যান্য সকলৰ লগতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত আৰু গুজৰাট চৰকাৰৰ মন্ত্ৰী শ্ৰী জিতুভাই বাঘানী, শ্ৰী কুবেৰভাই দিন্দোৰ আৰু শ্ৰী কিৰিটসিং বাঘেলাও উপস্থিত থাকে।

 

***

DS/TS/KB



(Release ID: 1869462) Visitor Counter : 117