প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰীমন্ত ছত্ৰপতি শিৱাজীৰাজ ভোছালে জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে

Posted On: 14 SEP 2022 10:48AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমন্ত ছত্ৰপতি শিৱাজিৰাজ ভোছালে জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে তেওঁ এজন গতিশীল আৰু বহুমুখী ব্যক্তিত্ব আছিল যিয়ে জনসাধাৰণৰ মাজত ব্যাপকভাৱে কাম কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"শ্ৰীমন্ত ছত্ৰপতি শিৱাজীৰাজে ভোছালে জীৰ মৃত্যুত মই ব্যথিত হৈছো। তেওঁ আছিল এজন গতিশীল আৰু বহুমুখী ব্যক্তিত্ব যিয়ে জনসাধাৰণৰ মাজত ব্যাপকভাৱে কাম কৰিছিল। তেওঁ সতাৰাৰ অগ্ৰগতিৰ দিশত এক চহকী অৱদান আগবঢ়াইছিল। তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু প্ৰশংসকসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।"

***

DS/ST/MS


(Release ID: 1860452) Visitor Counter : 113