প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আহমেদাবাদৰ ‘কালাম ন’ কাৰ্নিভেল’ গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Posted On: 08 SEP 2022 7:18PM by PIB Guwahati

'কালাম ন' কাৰ্নিভেল' ৰ এই বিশেষ অনুষ্ঠানত উপস্থিত আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনালো। আহমেদাবাদত প্ৰতি বছৰে ‘নৱ ভাৰত সাহিত্য মন্দিৰ’ য়ে আয়োজন কৰা এই গ্ৰন্থমেলাৰ পৰম্পৰা সময় আগবঢ়াৰ লগে-লগে সমৃদ্ধ হৈ উঠিছে। এই পদক্ষেপৰ জৰিয়তে গুজৰাটৰ সাহিত্য আৰু জ্ঞানৰ সম্প্ৰসাৰণ ঘটিছে, নতুন যুৱ লেখক-ঔপন্যাসিকসকলেও এখনি মঞ্চ লাভ কৰিছে।

 

এই সমৃদ্ধ পৰম্পৰাৰ বাবে নৱ ভাৰত সাহিত্য মন্দিৰৰ লগতে ইয়াৰ সকলো সদস্যকে অভিনন্দন জ্ঞাপন কৰিছো। লগতে মহেন্দ্ৰ ভাই আৰু ৰ’নাক ভাইলৈয়ো শুভেচ্ছা জ্ঞাপন কৰিছো, তেওঁলোকৰ প্ৰচেষ্টাৰে এই গ্ৰন্থমেলাখনে গুজৰাটবাসীক উপকৃত কৰিছে।

 

বন্ধুসকল,

 

‘কালাম ন’ কাৰ্নিভেল’ গুজৰাটী ভাষাৰ গ্ৰন্থৰ উপৰি হিন্দী আৰু ইংৰাজী ভাষাৰ গ্ৰন্থৰ এক বিশাল সংগ্ৰহ। আপোনালোকে আয়োজন কৰা এই অনুষ্ঠানৰ মূলমন্ত্ৰ অৰ্থাৎ ‘ভাঞ্চে গুজৰাট, ভাঞ্চান্নে ৱাধৱে গুজৰাট’ ও অত্যন্ত অৰ্থৱহ। গুজৰাটত আপোনালোক সকলোৰে মাজত কাম কৰি থাকোতে গুজৰাটেও আৰম্ভ কৰিছিল ‘ভাঞ্চে গুজৰাট’ অভিযান। আজি ‘কালাম ন’ কাৰ্নিভেল’ ৰ দৰে অভিযানে গুজৰাটৰ একে সংকল্পকে আগুৱাই নিছে।

 

বন্ধুসকল,

 

গ্ৰন্থ আৰু পাঠ্য উভয়ে আমাৰ 'বিদ্যাউপাসনা' ৰ মূল উপাদান। গুজৰাটত পুথিভঁৰালৰ এক অতিশয় পুৰণি পৰম্পৰা অব্যাহত আছে। আমাৰ বদোদৰা মহাৰাজ সয়াজিৰাও জীয়ে তেওঁৰ অঞ্চলৰ মূল স্থানত পুথিভঁৰাল স্থাপন কৰিছিল। মোৰ গাঁৱৰ বদনগৰত এটি মানসম্পন্ন পুথিভঁৰাল আছিল। গোণ্ডালৰ মহাৰাজ ভগৱত সিং জীয়ে ‘ভাগৱত গোমণ্ডল’ ৰ দৰে এখনি বিশিষ্ট অভিধান ৰচনা কৰিছিল। গুজৰাটত থাকোতে একাংশ পৰিয়ালে ইয়াত সন্তানৰ নাম দিবলৈ ভাল নাম বিচাৰিছিল। এতিয়া একাংশই আত্মীয়ক ভাল নাম এটা দিবলৈ কয়। আগতে কিতাপত ইয়াৰ সন্ধান কৰিছিল। গতিকে এবাৰ কোনোৱে এই অনুৰোধ জনোৱাত মই তেওঁক ‘ভাগৱত গোমণ্ডল’ ত সন্ধান কৰিবলৈ কৈছিলো। ইয়াত আপুনি অগণন গুজৰাটী শব্দ আৰু আপোনাৰ সন্তানৰ বাবেও এটা উপযুক্ত নাম পাব। আৰু সঁচাকৈয়ে ইয়াৰ কেইবাটাও উল্লেখ আৰু অৰ্থ আছে। ইমান চহকী পৰম্পৰা আমাৰ আছে!

 

একেদৰে মহাকবি নৰ্মদেও ‘নৰ্মকোষ’ সম্পাদনা কৰিছিল। আৰু এই পৰম্পৰা আমাৰ কেকা শাস্ত্ৰী জীলৈকে অব্যাহত থাকিল। ১০০ বছৰৰো অধিক সময় আমাৰ লগত থকা কেকা শাস্ত্ৰী জীয়েও এই ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল। গ্ৰন্থ, লেখক আৰু সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত গুজৰাটৰ ইতিহাস অতিশয় চহকী। আশাকৰো, এনে গ্ৰন্থমেলা গুজৰাটৰ প্ৰতিটো চুকে-কোণে ৰাইজৰ কাষ চাপিব আৰু প্ৰতিজন যুৱক-যুৱতীয়ে যাতে এই ইতিহাস হৃদয়ংগম কৰিব পাৰে আৰু নতুন প্ৰেৰণা আহৰণ কৰিব পাৰে।

 

বন্ধুসকল,

 

এইবাৰ গ্ৰন্থমেলাখনি দেশত ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপনৰ শুভলগনতে অনুষ্ঠিত হৈছে। অমৃত মহোৎসৱৰ এটা দিশ হৈছে আমি আমাৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস পুনৰুজ্জীৱিতকৰণৰ উপায়। আমি এই প্ৰয়াস আমাৰ ভৱিষ্যৎ প্ৰজন্মলৈ কেনেকৈ আগবঢ়াই দিম? স্বাধীনতা সংগ্ৰামৰ পাহৰি যোৱা অধ্যায়সমূহৰ গৌৰৱ ঘূৰাই অনাৰ বাবে আমি দায়বদ্ধ আৰু আপোনালোক সকলোৰে প্ৰচেষ্টাত এয়া সম্ভৱ হ’ব।

 

‘কালাম ন’ কাৰ্নিভেল’ ৰ দৰে অনুষ্ঠানে এই অভিযানক গতি প্ৰদান কৰিব পাৰে। গ্ৰন্থমেলাত স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত গ্ৰন্থক বিশেষ গুৰুত্ব দিব পাৰি। ইয়াৰ লেখকসকলক এক শক্তিশালী মঞ্চ দিব পাৰি। মই নিশ্চিত যে এই অনুষ্ঠানটো এই দিশত এক ইতিবাচক মাধ্যম হিচাপে প্ৰমাণিত হ’ব।

 

বন্ধুসকল,

 

আমাৰ শাস্ত্ৰসমূহত কোৱা হৈছে -

শাস্ত্ৰ সুচিন্তিত পুনি পুনি দেখিঅ

 

অৰ্থাৎ শাস্ত্ৰ, গ্ৰন্থ আৰু পাঠ্যসমূহ বাৰে-বাৰে অধ্যয়ন কৰিলেহে এয়া ফলপ্ৰসূ আৰু উপযোগী হৈ থাকে। এই শব্দসমূহ অধিক তাৎপৰ্য্যপূৰ্ণ হৈ পৰিছে কাৰণ আজিৰ এই ইন্টাৰনেটৰ যুগত ৰাইজে প্ৰয়োজন হোৱা মাত্ৰেকেই ইন্টাৰনেটৰ সহায় লৈছে। প্ৰযুক্তি আমাৰ বাবে নিঃসন্দেহে তথ্যৰ এক গুৰুত্বপূৰ্ণ উৎস, কিন্তু ই কিতাপ বা কিতাপ পঢ়াৰ ঠাই লোৱাৰ উপায় নহয়। তথ্য আমাৰ মনত থাকিলে মগজুৱে সেই তথ্যক গভীৰভাৱে সংসাধিত কৰে আৰু ইয়াৰ সৈতে জড়িত নতুন মাত্ৰা আমাৰ মনলৈ আহে।

 

এতিয়া এটা সৰু কথা কওঁ। নৰসিংহ মেহতাই ৰচনা কৰা ‘বৈষ্ণৱ জান তো তেনে ৰে কহিয়’ আমি সকলোৱে নিশ্চয় শুনিছো। আপোনালোকে এয়া কিমানবাৰ শুনিছে বা গাইছে? এটা কাম কৰোহঁক। ইয়াক আপোনালোকৰ সন্মুখত লিখিত ৰূপত ৰাখকচোন, ইয়াৰ সন্মুখত বহি আজিৰ প্ৰেক্ষাপটত প্ৰাসংগিক কথাবোৰৰ সম্পৰ্কে চিন্তা কৰকচোন। মই সম্পূৰ্ণ আত্মবিশ্বাসেৰে ক’ব পাৰো যে আপোনালোকে হাজাৰ বাৰ শুনি অহা ‘বৈষ্ণৱ জন তো’ য়ে প্ৰতিবাৰেই অলেখ নতুন অৰ্থৰ সঞ্চাৰ কৰিব। ইয়াকে লৈ চিন্তা কৰিবলৈ আৰম্ভ কৰা আৰু আজিৰ প্ৰেক্ষাপটত বুজিবলৈ চেষ্টা কৰা মাত্ৰেকে এনে হ’ব। এয়াই শক্তি! সেইবাবেই, কিতাপখন আমাৰ থকাটো আৰু আমাৰ সন্মুখত ইয়াৰ পৃষ্ঠাসমূহ থকাটো নতুন উদ্ভাৱন আৰু গৱেষণাৰ বাবে এক বিশাল শক্তি। ই আলোচনাক গভীৰ কৰি তোলে।

 

সেয়েহে পৰিৱৰ্তিত সময়ৰ লগে-লগে আমাৰ কিতাপ পঢ়াৰ অভ্যাস বজাই ৰাখিব লাগে। এয়া অতিশয় গুৰুত্বপূৰ্ণ। এনে কিতাপসমূহ ফিজিকেল ৰূপতেই হওঁক বা ডিজিটেল ৰূপতেই হওঁক, তেনে কোনো কথা নাই! যুৱক-যুৱতীসকলৰ মাজত গ্ৰন্থৰ প্ৰতি প্ৰয়োজনীয় আকৰ্ষণ সৃষ্টি কৰাত আৰু ইয়াৰ তাৎপৰ্য্য হৃদয়ংগমত এনেধৰণৰ অনুষ্ঠানে মুখ্য ভূমিকা পালন কৰিব বুলি মই বিশ্বাস কৰো।

 

বন্ধুসকল,

 

মোৰ গুজৰাটবাসীৰ সৈতে কথা পাতি থকাৰ সময়তে মই আৰু এটা কথা ক’ব খুজিছো। আমি নতুন ঘৰ এখন নিৰ্মাণৰ কথা ভবা মাত্ৰেকে আমি আৰ্কিটেক্ট ৰ সৈতে বহু আলোচনা কৰো। আমাৰ ডাইনিং ৰুম, ড্ৰয়িং ৰুম, পূজা কক্ষ কেনে হ’ব, তাৰ বাবে স্থান নিৰ্ধাৰণ কৰো। কিন্তু আপোনালোকক অনুৰোধ কৰিছো, আপোনালোকেও ঘৰ নিৰ্মাণ কৰাৰ সময়ত কিতাপ সংৰক্ষণৰ ঠাইৰ কথাও এবাৰ ভাবে যেন। কিতাপৰ বিপণীসমূহলৈয়ো সন্তানক লৈ যাব পাৰি। মাত্ৰ কিতাপৰ বাবে ঘৰৰ এটা চুক সংৰক্ষণৰ অভ্যাস কৰকচোন। আমি সচৰাচৰ এই কামটো নকৰো।

 

আপোনালোক সম্ভৱতঃ জ্ঞাত যে মই গুজৰাটত বাৰে-বাৰে এই অনুৰোধ কৰিছিলো। যিকোনো অনুষ্ঠানতে মই আহ্বান জনাইছিলো। মই কৈছিলো - "এটা ফুলৰ থোপাৰ সলনি কিতাপ এখন উপহাৰ দিয়ক"। কাৰণ ফুলৰ থোপা এটাৰ দীৰ্ঘতা অতিশয় কম। গতিকে, মই অভ্যাগতসকলক কিতাপ আনিবলৈ ক’ম কাৰণ ইয়াৰ ফলত কিতাপৰ বিক্ৰীও বৃদ্ধি পাব। এই কাৰ্য্যই প্ৰকাশক আৰু লেখকসকলক আৰ্থিকভাৱে সহায় কৰিব। কেতিয়াবা কিতাপ কিনাৰ অভ্যাস নাথাকে। কিন্তু কিতাপ এখন কিনাটো এক প্ৰকাৰে সমাজসেৱা কাৰণ এনে কামত নিয়োজিত লোকসকলক আমি স্বাভাৱিকতে সহায় কৰিব লাগে। কিতাপ কিনাৰ অভ্যাস গঢ়ি তোলো আহক। কিতাপ সংৰক্ষণৰ অভ্যাসৰ বীজ সিঁচো আহক। মই দেখিছিলো, গুজৰাটত বহুতে ঘৰে-ঘৰে কিতাপ বিতৰণ কৰি কিতাপখন পঢ়ি ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছিল আৰু কিনাৰ যোগ্য নাপালে ঘূৰাই দিব পাৰিব বুলি কৈছিল। এনে বহু লোক আমি দেখিছো। মোৰ মনত পৰিছে, এজন ভদ্ৰলোকে আগতে ভাৱনগৰত গ্ৰন্থ মহোৎসৱৰ আয়োজন কৰিছিল। বহু লোকে এনে ধৰণৰ কাম কৰি আহিছে। কিন্তু আমাৰ ব্যৱস্থাটো এনেকুৱা হ’ব লাগে যাতে আমাৰ পৰিয়ালত পঠনৰ অভ্যাস থাকে।

 

আমাৰ এটা কথা আছে, "সৰস্বতী লুপ্ত হায়, গুপ্ত হায়"। সাহিত্যৰ প্ৰসংগত মোৰ অভিমত সামান্য পৃথক। আৰু এই যুক্তি সাহিত্য জগতৰে জড়িত। সৰস্বতী হৈছে জ্ঞানৰ দেৱী। ‘সৰস্বতী লুপ্ত হায়, গুপ্ত হায়’, এই কথাষাৰৰ অৰ্থ হ’ল সৰস্বতীয়ে গ্ৰন্থৰ জৰিয়তে অতীত, বৰ্তমান আৰু ভৱিষ্যতক গোপনে সংযোগ কৰি আছে। সেইবাবেই আমি গ্ৰন্থমেলাৰ গূঢ়াৰ্থ বুজিব লাগিব। আমি পৰিয়ালৰ সৈতে গ্ৰন্থমেলালৈ আহিব লাগে। আৰু আপোনাসৱে গ্ৰন্থ এখনি চাই হাতেৰে চুই চোৱা মাত্ৰেকে অনুভৱ হ’ব যে এটা বিষয় স্পৰ্শ কৰা হৈছে আৰু চিন্তা কৰা হৈছে। সেইবাবেই গুজৰাটৰ সকলো ভাই-ভনীয়ে অধিক পঢ়িব আৰু গভীৰ চিন্তা কৰিব বুলি আশা কৰিছো। আৰু তাৰ পিছত বহুত আলোচনা হওঁক। তেওঁলোকে ভবিষ্যৎ প্ৰজন্মক বহুত দিব লাগে। আৰু এই মেলাত আমাৰ সক্ৰিয় অংশগ্ৰহণেও গুজৰাটৰ বিশিষ্ট সাহিত্যিক আৰু লেখকসকলৰ প্ৰতি এক প্ৰকাৰে সন্মান হ’ব। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো! আকৌ এবাৰ সকলো পাঠকলৈ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ইয়াকে কৈ মোৰ ভাষণৰ সামৰণি মাৰিছো।

 

একেই উদ্দীপনাৰে, আপোনালোক আটাইকে পুনৰ এবাৰ শুভেচ্ছা জনালো।

 

ধন্যবাদ!

 

***

DS/VJ/IG/AK/SB



(Release ID: 1859155) Visitor Counter : 127