প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মুম্বাইৰ জুহু সমুদ্ৰ তীৰত আয়োজিত ক্লিনাথনৰ শলাগ লয় প্ৰধানমন্ত্ৰীয়ে

Posted On: 12 SEP 2022 8:03PM by PIB Guwahati

মুম্বাইৰ জুহু সমুদ্ৰ তীৰত আয়োজন কৰা ক্লিনাথন সংক্ৰান্তীয় ডঃ জিতেন্দ্ৰ সিঙে কৰা এটা টুইট প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে সৈতে শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে এই প্ৰচেষ্টাৰ প্ৰশংসা কৰে। শ্ৰী মোদীয়ে ক্লিনাথনত অংশগ্ৰহণ কৰা লোকসকলক প্ৰশংসা কৰি কয় যে আমি আমাৰ উপকূলবোৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়াটো অতি গুৰুত্বপূৰ্ণ।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"প্ৰশংসনীয়... এই প্ৰচেষ্টাত জড়িত প্ৰতিগৰাকী লোকেই প্ৰশংসাৰ পাত্ৰ।

ভাৰত এক দীঘল আৰু সুন্দৰ সমুদ্ৰ উপকূল আছে আৰু আমি আমাৰ উপকূলবোৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়াটো অতি গুৰুত্বপূৰ্ণ।"

 

***

DS/ST/KG



(Release ID: 1859068) Visitor Counter : 80