প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে টেবুল টেনিছ খেলুৱৈ সাথিয়ান জ্ঞানশেকাৰনৰ দৃঢ়তা আৰু নিষ্ঠাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 08 AUG 2022 7:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম কমনৱেল্থ গেমছ, ২০২২ত পুৰুষৰ ছিগলছ টেবুল টেনিছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে টেবুল টেনিছ খেলুৱৈ সাথিয়ান জ্ঞানশেকাৰনৰ দৃঢ়তা আৰু নিষ্ঠাক ভুয়সী প্ৰশংসা কৰে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“সমগ্ৰ কমনৱেলথ গেমছত @sathiyanttএ অসাধাৰণ প্ৰদৰ্শন কৰিছে৷ টেবুল টেনিছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। তেওঁ তেওঁৰ দৃঢ়তা আৰু নিষ্ঠাৰ বাবে প্ৰশংসাৰ পাত্ৰ৷ আগন্তুক টুৰ্ণামেণ্টবোৰতো তেওঁ পাৰদৰ্শিতা দেখুৱাব বুলি মই নিশ্চিত৷”#Cheer4India"

****

DS/ST/DB


(ৰিলিজ আই ডি : 1852194) অতিথি কক্ষ : 169