প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্ব হস্তী দিৱসত হাতী সংৰক্ষণবিদসকলৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
যোৱা ৮ বছৰত হাতীৰ ৰিজাৰ্ভৰ সংখ্যা বৃদ্ধিত সন্তোষ প্ৰকাশ
प्रविष्टि तिथि:
12 AUG 2022 11:03AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব হস্তী দিৱস উপলক্ষে হাতী সংৰক্ষণবিদসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে বিগত ৮ বছৰত হাতীৰ ৰিজাৰ্ভৰ সংখ্যা বৃদ্ধি পোৱাত সন্তোষ প্ৰকাশ কৰিছে।
এলানি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
“#WorldElephantDay ত হাতীক সুৰক্ষিতকৰণৰ বাবে আমাৰ অংগীকাৰক পুনৰবাৰ দোহাৰিছো। আপোনাসৱে জানিবলৈ পাই সুখী হ’ব যে ভাৰত হৈছে প্ৰায় ৬০% সকলো এছীয় হাতীৰ আৱাসস্থল। যোৱা ৮ বছৰত হাতীৰ ৰিজাৰ্ভৰ সংখ্যা বৃদ্ধি পাইছে। মই লগতে হাতীৰ সুৰক্ষাৰে জড়িত সকলোকে প্ৰশংসা কৰিছো।”
“ভাৰতত হস্তী সংৰক্ষণৰ সফলতাক মানুহ-প্ৰাণীৰ সংঘাত ন্যূনতম কৰিবলৈ অব্যাহত থকা বৃহত্তৰ প্ৰচেষ্টাৰ প্ৰেক্ষাপটত মূল্যায়ন আৰু পৰিবেশ সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত স্থানীয় সমাজ আৰু তেওঁলোকৰ পৰম্পৰাগত জ্ঞানক একত্ৰিতকৰণৰ প্ৰেক্ষাপটত চাব লাগিব।”
*****
DS/TS/SB
(रिलीज़ आईडी: 1852160)
आगंतुक पटल : 188
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam