প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজ্যসভাত উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুক বিদায় জনালে প্ৰধানমন্ত্ৰীয়ে


তেওঁ কয়, ‘যেতিয়া আমি চলিত বৰ্ষৰ ১৫ আগষ্ট দিনটো উদযাপন কৰিম, তেতিয়া স্বাধীনতাৰ পিছত জন্ম লোৱা ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, অধ্যক্ষ আৰু প্ৰধানমন্ত্ৰীৰ সৈতে স্বাধীনতা দিৱস হ’ব আৰু তেওঁলোকৰ প্ৰত্যেকেই অতি সাধাৰণ পটভূমিৰ পৰা অহা”

“আমাৰ উপ-ৰাষ্ট্ৰপতি হিচাপে আপুনি যুৱ কল্যাণৰ বাবে বহু সময় উচৰ্গা কৰিলে”

“আপোনাৰ প্ৰতিটো শব্দ শুনা, পছন্দ কৰা, আৰু শ্ৰদ্ধা কৰা হয়...আৰু কেতিয়াও প্ৰতিহত কৰিব পৰা নহয়”

“শ্ৰী এম ভেংকায়া নাইডু জীৰ এটা এটা লাইন বৌদ্ধিকতাৰ লাইন”

“যদি আমাৰ দেশৰ প্ৰতি অনুভূতি আছে, নিজৰ মতামত আগবঢ়াই নিয়াৰ কলা আছে, ভাষিক বৈচিত্ৰ্যৰ প্ৰতি বিশ্বাস আছে তেন্তে ভাষা আৰু অঞ্চল কেতিয়াও আমাৰ বাবে বাধা হৈ নাযায় আৰু আপুনি এই কথা প্ৰমাণ কৰিলে”

“ভেংকাইয়া জীৰ এটা প্ৰশংসনীয় কথা হ’ল ভাৰতীয় ভাষাৰ প্ৰতি থকা তেওঁৰ আবেগ”

“আপুনি ইমানবোৰ সিদ্ধান্ত লৈছে যিবোৰ উচ্চ সদনৰ ঊৰ্ধমুখী যাত্ৰাৰ বাবে স্মৰণীয় হৈ থাকিব”

“মই আপোনালোকৰ মানদণ্ডত গণতন্ত্ৰৰ পৰিপক্কতা প্ৰত্যক্ষ কৰিছো”

Posted On: 08 AUG 2022 1:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ বিদায় অনুষ্ঠানত অংশগ্ৰহণ কৰে। উচ্চ সদনৰ পদেন সভাপতি উপ-ৰাষ্ট্ৰপতিগৰাকীলৈ প্ৰধানমন্ত্ৰীয়ে উষ্ম শ্ৰদ্ধা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে শ্ৰী নাইডুৰ জ্ঞান আৰু বুদ্ধিমত্তাৰে পৰিচয় দিয়া বহু মুহূৰ্তৰ কথা স্মৰণ কৰে৷ নতুন ভাৰতত নেতৃত্বৰ ৰং সলনি হোৱাটো লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “যেতিয়া আমি চলিত বৰ্ষৰ ১৫ আগষ্ট দিনটো পালন কৰিম, তেতিয়া এইটো এনে স্বাধীনতা দিৱস হ’ব য’ত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, অধ্যক্ষ আৰু প্ৰধানমন্ত্ৰী স্বাধীনতাৰ পিছত জন্ম হোৱা। তদুপৰি, তেওঁলোক সকলোৱেই অতি সাধাৰণ পটভূমিৰ পৰা অহা।” ইয়াৰ এক বৃহৎ প্ৰতীকী মূল্য আছে আৰু ই এক নতুন যুগৰ আভাস বুলিও তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজহুৱা জীৱনত গ্ৰহণ কৰা সকলো ভূমিকাত দেশৰ যুৱক-যুৱতীসকলক নিৰন্তৰভাৱে উৎসাহিত কৰাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ সদায় সদনত যুৱ সদস্যসকলকো উদ্গনি যোগাইছিল। ‘আমাৰ উপ-ৰাষ্ট্ৰপতি হিচাপে আপুনি যুৱ কল্যাণৰ বাবে বহু সময় উচৰ্গা কৰিছিল। আপোনাৰ বহু কাৰ্যসূচী যুৱ শক্তিৰ ওপৰত কেন্দ্ৰিত আছিল”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপ-ৰাষ্ট্ৰপতিৰ ২৫ শতাংশ ভাষণ, সদনৰ বাহিৰত, ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত আছিল।

প্ৰধানমন্ত্ৰীয়ে বিভিন্ন পদবীত শ্ৰী এম ভেংকায়া নাইডুৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্কৰ আলোকপাত কৰে। তেওঁ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ দলীয় কৰ্মী হিচাপে মতাদৰ্শগত দায়বদ্ধতা, বিধায়ক হিচাপে কাম কৰা, সংসদ সদস্য হিচাপে কাৰ্যকলাপৰ স্তৰ, বিজেপিৰ সভাপতি হিচাপে সাংগঠনিক দক্ষতা, মন্ত্ৰী হিচাপে তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু কূটনীতি আৰু উপ-সভাপতি আৰু অধ্যক্ষ হিচাপে তেওঁৰ নিষ্ঠা আৰু মৰ্যাদাৰ শলাগ লয়৷ প্ৰধানমন্ত্ৰীয়ে কয়, “মই বহু বছৰ ধৰি শ্ৰী এম ভেংকয়া নাইডু জীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আহিছো। তেওঁ বিভিন্ন দায়িত্বও গ্ৰহণ কৰা দেখিছো আৰু তেওঁ প্ৰত্যেকটো দায়িত্ব অতি নিষ্ঠাৰে পালন কৰিছিল৷” প্ৰধানমন্ত্ৰীয়ে কয় যে জনজীৱনত মানুহে শ্ৰী এম ভেংকায়া নাইডুৰ পৰা বহু কথা শিকিব পাৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উপ-ৰাষ্ট্ৰপতিৰ বুদ্ধিমত্তা আৰু শব্দশক্তিৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় “আপোনাৰ প্ৰতিটো শব্দ শুনা, পছন্দ কৰা আৰু শ্ৰদ্ধা কৰা হয়...আৰু কেতিয়াও প্ৰতিহত কৰিব পৰা নহয়৷” প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “শ্ৰী এম ভেংকাইয়া নাইডু জীৰ এটা এটা লাইনাৰ বিখ্যাত। সেইবোৰ বৌদ্ধিকতাৰ লাইনাৰ। ভাষাৰ ওপৰত তেওঁৰ নিয়ন্ত্ৰণ সদায় মহান হৈ আহিছে” প্ৰধানমন্ত্ৰীয়ে কয় যে সদন ভিতৰে-বাহিৰে উপ-ৰাষ্ট্ৰপতিৰ ব্যাপক প্ৰকাশভংগীয়ে যথেষ্ট প্ৰভাৱ পেলাইছে। “শ্ৰী এম ভেংকাইয়া নাইডু জীয়ে যি কয় তাত গভীৰতা আৰু অৰ্থ দুয়োটা আছে, ই যিমান প্ৰত্যক্ষ সিমানেই অতুলনীয়, আপুনি কোৱা কথাত বুদ্ধি আৰু ওজন, উষ্ণতাৰ লগতে প্ৰজ্ঞা দুয়োটা আছে,” তেওঁ কয়।

দক্ষিণ ভাৰতত শ্ৰী এম ভেংকয়া নাইডুৰ ৰাজনৈতিক কেৰিয়াৰৰ বিনম্ৰ আৰম্ভণিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এজন ৰাজনৈতিক কৰ্মীৰ পৰা তেওঁৰ দলৰ সভাপতি আৰু উপ-ৰাষ্ট্ৰপতিলৈকে যাত্ৰাত তেওঁক মতাদৰ্শ আৰু দৃঢ়তাৰ প্ৰতি অদম্য অটলতা প্ৰতিফলন ঘটিছে। “যদি আমাৰ দেশৰ প্ৰতি অনুভূতি থাকে, আমাৰ মতামত আগবঢ়াই নিয়াৰ কলা থাকে, ভাষিক বৈচিত্ৰ্যৰ ওপৰত বিশ্বাস থাকে, তেন্তে ভাষা আৰু অঞ্চল আমাৰ বাবে কেতিয়াও বাধা নহয় আৰু আপুনি এই কথা প্ৰমাণ কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ মাতৃভাষাৰ প্ৰতি থকা প্ৰেমৰ কথাও উল্লেখ কৰে৷ তেওঁ কয় “ভেংকাইয়া জীৰ এটা প্ৰশংসনীয় কথা হ’ল ভাৰতীয় ভাষাৰ প্ৰতি তেওঁৰ আবেগ। ইয়াৰ প্ৰতিফলন ঘটিছিল তেওঁ কেনেকৈ সদনত সভাপতিত্ব কৰিছিল। ৰাজ্যসভাৰ উৎপাদনশীলতা বৃদ্ধিত তেওঁ অৰিহণা যোগাইছিল”।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপ-ৰাষ্ট্ৰপতিয়ে স্থাপন কৰা ব্যৱস্থাসমূহে, তেওঁৰ নেতৃত্বই সদনৰ উৎপাদনশীলতাক নতুন উচ্চতা প্ৰদান কৰিলে। উপ-ৰাষ্ট্ৰপতিৰ নেতৃত্বৰ বছৰবোৰত সদনৰ উৎপাদনশীলতা ৭০ শতাংশ বৃদ্ধি পাইছিল, সদস্যসকলৰ উপস্থিতি বৃদ্ধি পাইছিল, আৰু সেই সময়ছোৱাত সদনত অভিলেখসংখ্যক ১৭৭খন বিধেয়ক গৃহীত বা আলোচনা কৰা হৈছিল। “আপুনি ইমানবোৰ সিদ্ধান্ত লৈছে যিবোৰ উচ্চ সদনৰ ঊৰ্ধমুখী যাত্ৰাৰ বাবে স্মৰণীয় হৈ থাকিব”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতিয়ে সদনৰ কৌশলী, বুদ্ধিমান আৰু দৃঢ় আচৰণক প্ৰশংসা কৰাৰ লগতে এক বিন্দুও যদি সদনত ব্যাঘাত জন্মায় তেতিয়া সদনৰ অৱমাননা হৈ পৰে বুলি দৃঢ় বিশ্বাস ৰখাৰ বাবে তেওঁক প্ৰশংসা কৰে। “মই আপোনালোকৰ মানদণ্ডত গণতন্ত্ৰৰ পৰিপক্কতা দেখিছোঁ”, প্ৰধানমন্ত্ৰীয়ে কয়। কঠিন মুহূৰ্ততো সদন চলাই ৰখাৰ সমাযোজন, যোগাযোগ আৰু সমন্বয়ৰ তেওঁ শলাগ লৈছিল। প্ৰধানমন্ত্ৰীয়ে শ্ৰী এম ভেংকয়া নাইডুৰ মতামতক প্ৰশংসা কৰে যে ‘চৰকাৰে প্ৰস্তাৱ দিয়ক, বিৰোধীয়ে বিৰোধিতা কৰক আৰু সদনে নিষ্পত্তি কৰক’। এই সদনত আনটো সদনৰ পৰা অহা প্ৰস্তাৱসমূহ গ্ৰহণ, প্ৰত্যাখ্যান বা সংশোধন কৰাৰ অধিকাৰ আছে যদিও আমাৰ গণতন্ত্ৰই আনটো সদনৰ পৰা পোৱা প্ৰস্তাৱসমূহ স্থগিত ৰখাৰ কথা কল্পনা কৰা নাই বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে সদন আৰু দেশৰ প্ৰতি আগবঢ়োৱা মাৰ্গদৰ্শন আৰু অৱদানৰ বাবে উপ-ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।

 

***

DS/DB



(Release ID: 1850133) Visitor Counter : 107