প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘পেৰা টেবল টেনিছ’ত সন্মানীয় সোণৰ পদক অৰ্জন কৰাৰ বাবে ভৱিনা পেটেলক শুভকামনা জনাইছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 07 AUG 2022 8:32AM by PIB Guwahati

বাৰ্মিংহামত অনুষ্ঠিত ‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’ত ‘পেৰা টেবল টেনিছ’ত সন্মানীয় সোণৰ পদক অৰ্জন কৰাৰ বাবে ভৱিনা পেটেলক শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়;

“অনবদ্য @ভৱিনাই আমাক গৌৰৱ কৰাৰ বাবে আৰু এটা উপলক্ষ প্ৰদান কৰিলে! তেওঁ ‘পেৰা টেবল টেনিছ’ত সন্মানীয় সোণৰ পদক জয় কৰিছে। ‘কমনৱেল্থ’-ত এয়া তেওঁৰ প্ৰথম পদক। ‘টেবল টেনিছ’-ত মনোনিৱেশ কৰাৰ বাবে ভাৰতৰ যুৱ-প্ৰজন্মক তেওঁৰ সাফল্যই অনুপ্ৰাণিত কৰিব বুলি মই আশা কৰিছো। আগন্তুক দিনত তেওঁ কৰিব খোজা প্ৰয়াসসমূহলৈ মই শুভকামনা জ্ঞাপন কৰিছো”।

 

***

DS/ST/KB


(रिलीज़ आईडी: 1849604) आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam