প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুৰুষৰ ৩০০০ মিটাৰ ষ্টিপলচেজ ইভেণ্টত ৰূপৰ পদক বিজয়ী অবিনাশ চাবলেক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 06 AUG 2022 6:20PM by PIB Guwahati

বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত পুৰুষৰ ৩০০০ মিটাৰ ষ্টিপলচেজ ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে অবিনাশ চাবলেক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে চাবলেৰ সৈতে শেহতীয়াকৈ হোৱা বাৰ্তালাপৰ কথাও প্ৰকাশ কৰিছে য'ত তেওঁ সেনাৰ সৈতে অবিনাশৰ সম্পৰ্কৰ বিষয়ে কথা পাতিছিল।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"অবিনাশ চাবলে এগৰাকী উৎকৃষ্ট যুৱ খেলুৱৈ। মই আনন্দিত হৈছোঁ কাৰণ, তেওঁ পুৰুষৰ ৩০০০ মিটাৰ ষ্টিপলচেজ ইভেণ্টত ৰূপৰ পদক জিকিছে। আমাৰ মাজত হোৱা শেহতীয়া বাৰ্তালাপ মই ভাগ বতৰা কৰিছোঁ য'ত সেনাৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু তেওঁ কিদৰে বহুতো বাধা অতিক্ৰম কৰিছিল তাৰ বিষয়ে কৈছিল। তেওঁৰ জীৱন যাত্ৰা অতি অনুপ্ৰেৰণাদায়ক।"

 

***

DS/ST /KG


(रिलीज़ आईडी: 1849218) आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam