প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কমনৱেলথ গেমছ ২০২২ ত পুৰুষৰ লং জাম্পত ৰূপৰ পদক বিজয়ী এম শ্ৰীশংকৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 05 AUG 2022 9:40AM by PIB Guwahati

বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ত পুৰুষৰ লং জাম্পত ৰূপৰ পদক বিজয়ী এম শ্ৰীশংকৰক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"কমনৱেলথ গেমছত এম শ্ৰীশংকৰৰ ৰূপৰ পদক বিজয় এক বিশেষ খবৰ। কেইবা দশকৰ পিছত ভাৰতে কমনৱেলথ গেমছত পুৰুষৰ দীঘল জাম্পত পদক লাভ কৰিছে। তেওঁৰ প্ৰদৰ্শন ভাৰতীয় এথলেটিকছৰ ভৱিষ্যতৰ বাবে শুভ সংকেত। তেওঁক অভিনন্দন। অনাগত দিনত তেওঁ আৰু অধিক উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত ৰাখক।"

 

***

DS/SH/KG


(रिलीज़ आईडी: 1849036) आगंतुक पटल : 190
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam