প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সবৰকণ্ঠত সবৰ দুগ্ধপামত ১,০০০ কোটিতকৈ অধিক টকা মূল্যৰ বিভিন্ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ


“এইসমূহ প্ৰকল্পই অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতিত উত্থান হোৱাৰ লগতে স্থানীয় কৃষক আৰু দুগ্ধ উৎপাদনকাৰীসকলৰ উপাৰ্জন বৃদ্ধিত সহায় কৰিব”

“এফপিঅ’সমূহৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকল খাদ্য প্ৰক্ৰিয়াকৰণ মূল্যসংযোগী ৰপ্তানি আৰু যোগান শৃংখলৰ সৈতে সংযোগ স্থাপন কৰিছে”

“কৃষকৰ বাবে বিকল্প আয়ৰ ধাৰা সৃষ্টিৰ কৌশলে ফল দিছে”

Posted On: 28 JUL 2022 2:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সবৰকণ্ঠৰ গাধোড়া চৌকীস্থিত সবৰ দুগ্ধপামৰ লগতে ১,০০০ কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষ একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে স্থানীয় কৃষক আৰু গাখীৰ উৎপাদকসকলক শক্তিশালী কৰাৰ লগতে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব। ইয়াৰ ফলত অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতিৰো এক উত্থান ঘটিব। প্ৰধানমন্ত্ৰীয়ে সুকন্যা সমৃদ্ধি আঁচনিৰ হিতাধিকাৰী আৰু আগশাৰীৰ মহিলা দুগ্ধ উৎপাদকসকলক সম্বৰ্ধনা জনায়। এই উপলক্ষে সভাত বিশিষ্ট ব্যক্তিসকলৰ সৈতে গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত থাকে৷

এই উপলক্ষে জনসভাত উপস্থিত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয়, “আজি সবৰ দুগ্ধপাম সম্প্ৰসাৰণ কৰা হৈছে। ইয়াত শ শ কোটি টকাৰ নতুন প্ৰকল্প স্থাপন কৰা হৈছে। আধুনিক প্ৰযুক্তিৰে গাখীৰৰ পাওডাৰ প্লাণ্ট আৰু এচেপটিক পেকিং শাখাত আৰু এটা লাইন সংযোজন কৰাৰ ফলত সবৰ দুগ্ধপামৰ ক্ষমতা আৰু অধিক বৃদ্ধি পাব।” প্ৰধানমন্ত্ৰীয়ে সবৰ দুগ্ধ উদ্যোগৰ অন্যতম প্ৰতিষ্ঠাপক শ্ৰী ভূৰাভাই পেটেলকো স্মৰণ কৰে। প্রধানমন্ত্রীয়ে অঞ্চলটোৰ লগতে স্থানীয় ৰাইজৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পর্কৰো স্মৰণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে দুটা দশকৰ পূৰ্বে বঞ্চনা আৰু খৰাং পৰিস্থিতিৰ কথা সোঁৱৰাই দিয়ে। তেওঁ মুখ্যমন্ত্রী হিচাপে কেনেদৰে জনসাধাৰণৰ সহযোগিতা লাভ কৰিছিল আৰু অঞ্চলটোৰ পৰিস্থিতি উন্নত কৰাৰ চেষ্টা কৰিছিল সেই কথা স্মৰণ কৰে৷ তেওঁ কয় যে গো-পালন আৰু দুগ্ধজাত সামগ্ৰী সেই প্ৰচেষ্টাৰ মূল উপাদান। তেওঁ পশুপালনৰ প্ৰসাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰা, পশুপালন, ঔষধ যোগান ধৰাৰ লগতে গৰু-ম’হৰ বাবে আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰসাৰৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ উন্নয়নৰ অনুঘটক হিচাপে গুজৰাট জ্যোতিগ্ৰাম আঁচনিৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে গৌৰৱেৰে উল্লেখ কৰে যে বিগত দুটা দশকত গ্ৰহণ কৰা পদক্ষেপৰ বাবে গুজৰাটৰ দুগ্ধ বজাৰখন ১ লাখ কোটি টকাত উপনীত হৈছে। তেওঁ ২০০৭ আৰু ২০১১ চনত পূৰ্বৰ ভ্ৰমণ আৰু মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে কৰা অনুৰোধৰ কথা স্মৰণ কৰে। এতিয়া অধিকাংশ সমিতিতে মহিলাই যথেষ্ট প্ৰতিনিধিত্ব আছে। গাখীৰৰ বাবে মহিলাক অধিক পৰিমাণে ধন প্ৰদান কৰা হয় বুলিও তেওঁ কয়।

তেওঁ কয় যে এই পৰীক্ষাসমূহ আন ক্ষেত্ৰতো ব্যৱহাৰ কৰা হৈছে। আজি দেশত ১০,০০০ কৃষক উৎপাদক সংগঠন(এফপিঅ’) গঠনৰ কাম পূৰ্ণগতিত চলি আছে। এই এফপিঅ’সমূহৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকলে খাদ্য প্ৰক্ৰিয়াকৰণ, মূল্যসংযোগী ৰপ্তানি আৰু যোগান শৃংখলৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’ব। ইয়াৰ পৰা গুজৰাটৰ কৃষকসকলেও যথেষ্ট পৰিমাণে লাভৱান হ’ব বুলিও তেওঁ কয়৷

তেওঁ কয় যে কৃষকসকলৰ বাবে বিকল্প আয়ৰ ধাৰা সৃষ্টিৰ কৌশলে ফল দিছে৷ উদ্যান শস্য, মীন পালন, মৌ উৎপাদনে কৃষক সকলক উপাৰ্জন বৃদ্ধিত সহায় কৰিছে। প্ৰথমবাৰৰ বাবে খাদী আৰু গ্ৰামোদোগৰ লেনদেন এক লাখ কোটিৰো অধিক হৈছে। গাঁৱে-ভূঞে এই খণ্ডত ডেৰ কোটিৰো অধিক নতুন চাকৰিৰ সৃষ্টি হৈছে৷ পেট্ৰ’লত ইথানল মিশ্ৰণ বৃদ্ধি কৰাৰ দৰে ব্যৱস্থাই কৃষকসকলৰ বাবে নতুন পথৰ সৃষ্টি কৰিছে। “২০১৪ চনলৈকে দেশত ৪০ কোটি লিটাৰতকৈও কম ইথানল মিশ্ৰণ কৰা হৈছিল। আজি ই প্ৰায় ৪০০ কোটি লিটাৰৰ সীমা অতিক্ৰম কৰিছে। আমাৰ চৰকাৰে যোৱা ২ বছৰত বিশেষ অভিযান চলাই ৩ কোটিৰো অধিক কৃষকক কিষাণ ক্ৰেডিট কাৰ্ডো প্ৰদান কৰিছে”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ইউৰিয়াৰ নিম মিশ্ৰণ, বন্ধ সাৰ উদ্যোগ খোলা আৰু নেনো সাৰৰ প্ৰচাৰ আৰু বিশ্বজোৰা মূল্যবৃদ্ধিৰ পিছতো সুলভ মূল্যত ইউৰিয়াৰ উপলব্ধতা নিশ্চিত কৰাৰ দৰে পদক্ষেপে দেশৰ লগতে গুজৰাটৰ কৃষকসকলক উপকৃত কৰিছে। সুজলাম সুফলাম আঁচনিৰ জৰিয়তে সবৰকণ্ঠ জিলাৰ বহু এলেকালৈ পানীৰ ব্যৱস্থা কৰা হৈছে। একেদৰে জিলাখনৰ লগতে নিকটৱৰ্তী অঞ্চলসমূহতো অভূতপূৰ্ব হাৰত সংযোগ বৃদ্ধি কৰা হৈছে বুলিও তেওঁ কয়। ৰে’ল আৰু ঘাইপথ প্ৰকল্পৰ ফলত অঞ্চলটোত সংযোগ উন্নত হৈছে। এই সংযোগে পৰ্যটন আৰু যুৱক-যুৱতীসকলৰ বাবে চাকৰি নিশ্চিত কৰাত সহায় কৰিছে বুলিও তেওঁ কয়।

আজাদী কা অমৃত মহোৎসৱৰ গুৰুত্ব পুনৰ দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে স্থানীয় জনজাতীয় নেতাসকলৰ ত্যাগক স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে জনোৱা মতে ১৫ নৱেম্বৰত ভগৱান বীৰছা মুণ্ডা জীৰ জন্ম দিৱস চৰকাৰে জনজাতীয় গৌৰৱ দিৱস হিচাপে ঘোষণা কৰিছে৷ “আমাৰ চৰকাৰে সমগ্ৰ দেশতে জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত এটা বিশেষ সংগ্ৰহালয়ো নিৰ্মাণ কৰি আছে।” তেওঁ লগতে কয়, “প্ৰথমবাৰৰ বাবে জনজাতীয় সমাজৰ পৰা অহা দেশৰ কন্যা ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদত উপনীত হৈছে। দেশে শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জীক ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰিছে। ১৩০ কোটিৰো অধিক ভাৰতীয়ৰ বাবে এয়া এক অতি গৌৰৱৰ মুহূৰ্ত।”

তেওঁ দেশৰ জনসাধাৰণক উৎসাহেৰে হৰ ঘৰ ত্ৰিৰংগা অভিযানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়৷

প্ৰকল্পৰ সবিশেষঃ

প্রধানমন্ত্রীয়ে সবৰ দুগ্ধপামত প্রতিদিনে প্রায় ১২০ মেট্ৰিক টন (এমটিপিডি) উৎপাদনক্ষম পাউদাৰ প্লাণ্টটো উদ্বোধন কৰে৷ সমগ্ৰ প্ৰকল্পটোৰ মুঠ ব্যয় হৈছে ৩০০ কোটি টকাতকৈ অধিক৷ উদ্যোগটোৰ বিন্যাসে বিশ্বজোৰা খাদ্য সুৰক্ষাৰ মানদণ্ড পূৰণ কৰে। ই প্ৰায় শূন্য নিৰ্গমনৰ লগতে অতিশয় শক্তি কাৰ্যক্ষম। এই উদ্যোগটোত শেহতীয়া আৰু সম্পূৰ্ণ স্বয়ংক্ৰিয় বাল্ক পেকিং লাইন আছে।

প্ৰধানমন্ত্ৰীয়ে সবৰ দুগ্ধপামত এচেপ্টিক দুগ্ধ পেকেজিং প্লাণ্টো উদ্বোধন কৰে। প্ৰতিদিনে ৩ লাখ লিটাৰৰ ক্ষমতাসম্পন্ন ই এক অত্যাধুনিক উদ্যোগ। এই প্ৰকল্পটোত মুঠ প্ৰায় ১২৫ কোটি টকা বিনিয়োগ কৰা হৈছে। এই উদ্যোগটোত অধিক শক্তি কাৰ্যক্ষম আৰু পৰিৱেশ অনুকূল প্ৰযুক্তিৰে অত্যাধুনিক স্বয়ংক্ৰিয় ব্যৱস্থা আছে। এই প্ৰকল্পৰ জৰিয়তে গাখীৰ উৎপাদকসকলক উন্নত পাৰিতোষিক সুনিশ্চিত কৰাত সহায়ক হ’ব৷

প্ৰধানমন্ত্ৰীয়ে সবৰ চীজ আৰু ৱেই ড্ৰাইং প্লাণ্ট প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটোৰ আনুমানিক ব্যয় হ’ব প্ৰায় ৬০০ কোটি টকা। এই উদ্যোগটোত চেডাৰ চীজ (২০ এমটিপিডি), মজাৰেলা চীজ (১০ এমটিপিডি) আৰু প্ৰক্ৰিয়াকৃত চীজ (১৬ এমটিপিডি) প্ৰস্তুত কৰা হ’ব৷ পনীৰ প্ৰস্তুত কৰাৰ সময়ত উৎপন্ন হোৱা ৱেই ড্ৰাইং প্লাণ্টত শুকুৱাব লাগিব, যাৰ ক্ষমতা ৪০ এমটিপিডি।

সবৰ দুগ্ধপাম গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচন (জিচিএমএমএফ)ৰ এটা অংশ, যিটোৱে আমুল ব্ৰেণ্ডৰ অধীনত গোটেই ৰেঞ্জৰ দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰী প্ৰস্তুত আৰু বিপণন কৰে।

***

DS/AK/DB



(Release ID: 1846106) Visitor Counter : 113