কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
কেবিনেটে ভাৰত পেট্ৰ'লিয়াম কৰ্পৰেচন লিমিটেডৰ পূৰ্ণ স্বামিত্বযুক্ত সহায়ক কোম্পানী ভাৰত পেট্ৰ' ৰিছৰ্চেজ লিমিটেডৰ দ্বাৰা ব্ৰাজিলত বিএম-এছইএএল-১১ পৰিকল্পনাৰ বিকাশৰ বাবে অতিৰিক্ত বিনিয়োগৰ অনুমোদন দিয়ে
प्रविष्टि तिथि:
27 JUL 2022 5:17PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক বিষয়ৰ মন্ত্ৰীমণ্ডলীয় সমিতিয়ে ভাৰত পেট্ৰ'লিয়াম কৰ্পৰেচন লিমিটেড (বিপিচিএল)ৰ পূৰ্ণ স্বামিত্বযুক্ত সহায়ক কোম্পানী ভাৰত পেট্ৰ' ৰিছৰ্চেজ লিমিটেড (বিপিআৰএল)ৰ দ্বাৰা ব্ৰাজিলত বিএম-এছইএএল-১১ সকাহ পৰিকল্পনাৰ বিকাশৰ বাবে ১,৬০০ মিলিয়ন ডলাৰ (প্ৰায় ১২,০০০ কোটি টকা)ৰ অতিৰিক্ত বিনিয়োগৰ অনুমোদন দিছে।
চিচিইএ-ই নিম্নোল্লিখিতৰো অনুমোদন দিয়ে:
১৷ বিপিচিএলৰ দ্বাৰা বিপিআৰএলৰ ইকুইটী বিনিয়োগ সীমা আৰু কোম্পানীৰ অধিকৃত শ্বেয়াৰ পুঁজিত বৃদ্ধি, ইয়াক ১৫,০০০ কোটি টকাৰ পৰা বঢ়াই ২০,০০০ কোটি টকা (সময়ে সময়ে বিপিচিএলৰ দ্বাৰা ক্ৰয় কৰিবৰ বাবে) কৰা।
২। ইণ্টাৰমিডিয়েট ডব্লিউঅ'এছ-ৰ মাধ্যমত বিপিআৰএলে ইণ্টাৰনেচনেল বিভিৰ দ্বাৰা ইণ্টাৰনেচনেল বিভি ব্ৰাজিল পেট্ৰ'ল লিমিটেডত ইকুইটী বিনিয়োগৰ সীমা ৫,০০০ কোটি টকাৰ বৰ্তমানৰ সীমাৰ পৰা বঢ়াই ১৫,০০০ কোটি টকা কৰিবলৈ অধিকৃত কৰা, অৰ্থাৎ ১০,০০০ কোটি টকাৰ বৃদ্ধি।
বিএম-এছইএএল-১১ পৰিকল্পনাত ২০২৬-২৭ৰ পৰা উৎপাদন আৰম্ভ হোৱাৰ আশা আছে।
ই সহায়ক হ'ব:
ক) ভাৰতৰ শক্তি সুৰক্ষাক শক্তিশালী কৰিবলৈ ইকুইটী তেল পৰ্যন্ত যোৱা।
খ) ভাৰতৰ কেঁচা তেলৰ যোগানত বিবিধতা অনাত, ভাৰতীয় তেল কোম্পানীসমূহে ব্ৰাজিলৰ পৰা অধিক কেঁচা তেলৰ যোগানত ৰুচি ব্যক্ত কৰিছে।
গ) ব্ৰাজিলত ভাৰতৰ স্থিতি শক্তিশালী কৰাত, যাৰ ফলত চুবুৰীয়া লেটিন আমেৰিকান দেশসমূহত বাণিজ্যৰ পথ অধিক মুকলি হ'ব।
ঘ) দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাত।
এই সকাহত বিপিআৰএল-ৰ অংশগ্ৰহণ সুত (পিআই) ৪০ শতাংশ, য'ত ব্ৰাজিলৰ ৰাষ্ট্ৰীয় তেল কোম্পানী পেট্ৰ'ব্ৰাছ সঞ্চালক হিচাপে ৬০ শতাংশৰ অংশীদাৰ।
বিপিআৰএলে ২০০৮ৰ পৰা ব্ৰাজিলত এই পৰিকল্পনাৰ অন্বেষণ আৰু বিকাশৰ কামৰ সৈতে জড়িত হৈ আছে।
***
DS
(रिलीज़ आईडी: 1845689)
आगंतुक पटल : 214
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam