প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দেওঘৰত ১৬,৮০০ কোটিতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰকল্পসমূহে আন্তঃগাঁথনি উন্নয়নক যথেষ্ট পৰিমাণে উদ্গনি যোগাব, যোগাযোগ বৃদ্ধি কৰিব আৰু অঞ্চলটোত সহজ-সৰল জীৱন যাপনৰ বাবে এক গতি প্ৰদান কৰিব

দেওঘৰ বিমানবন্দৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে; ই বাবা বৈদ্যনাথ ধামলৈ প্ৰত্যক্ষ বিমান সংযোগ স্থাপন কৰিব

এইমছ, দেওঘৰত অন্তঃৰোগী বিভাগ আৰু আৰু অস্ত্ৰোপচাৰ কক্ষৰ সেৱা ৰাইজৰ নামত উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

“আমি ৰাজ্যসমূহৰ উন্নয়নৰ দ্বাৰা জাতিৰ উন্নয়নৰ নীতিৰ ওপৰত কাম কৰি আছো”

“যেতিয়া এক সামগ্ৰিক দৃষ্টিভংগীয়ে প্ৰকল্পসমূহক পথ প্ৰদৰ্শন কৰে, তেতিয়া সমাজৰ বিভিন্ন শ্ৰেণীৰ বাবে আয়ৰ নতুন পথ আহে”

“বঞ্চনাক সুযোগলৈ ৰূপান্তৰিত কৰাৰ বাবে আমি বহুতো ঐতিহাসিক সিদ্ধান্ত লৈছো”

“যেতিয়া সাধাৰণ নাগৰিকৰ জীৱনৰ সহজ জীৱনশৈলী উন্নত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয়, তেতিয়া ৰাষ্ট্ৰীয় সম্পত্তিৰ সৃষ্টি হয় আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ নতুন সুযোগৰ উন্মেষ ঘটে”

Posted On: 12 JUL 2022 2:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেওঘৰত ১৬,৮০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে সভাত ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছ, মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত ছোৰেণ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ৰাজ্যিক মন্ত্ৰী আৰু জনপ্ৰতিনিধি সকল উপস্থিত থাকে। .

সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বাবা বৈদ্যনাথৰ আশীৰ্বাদত ১৬,০০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আজি আধাৰশিলা স্থাপন কৰা হৈছে। এইসমূহ প্ৰকল্পই ঝাৰখণ্ডৰ আধুনিক সংযোগ, শক্তি, স্বাস্থ্য, বিশ্বাস আৰু পৰ্যটনক এক বৃহৎ গতি প্ৰদান কৰাৰ দিশত অগ্ৰসৰ হৈছে।

প্রধানমন্ত্রীয়ে কয় কৰে যে বিগত ৮ বছৰৰ পৰা ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তে দেশৰ উন্নয়নৰ চিন্তাধাৰাৰে কাম কৰি আহিছে৷ যোৱা ৮ বছৰত ঝাৰখণ্ডক ঘাইপথ, ৰে’লপথ, বায়ুপথ, জলপথেৰে সংযোগ কৰাৰ প্ৰচেষ্টাত সকলো দিশতে একে চিন্তা আৰু মনোভাৱেৰে কাম কৰি থকা হৈছে। এই সকলোবোৰ সুবিধাই ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত ইতিবাচক প্ৰভাৱ পেলাব।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ঝাৰখণ্ডে দ্বিতীয়টো বিমানবন্দৰ লাভ কৰিছে। ইয়াৰ ফলত বাবা বৈদ্যনাথৰ ভক্তসকলৰ বাবে যথেষ্ট সহজ পৰিৱেশ সৃষ্টি হ’ব। উড়ান আঁচনিৰ জৰিয়তে সাধাৰণ জনতাৰ বাবে বিমান যাত্ৰা সুলভ কৰাৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে আজি চৰকাৰৰ প্ৰচেষ্টাৰ সুফল সমগ্ৰ দেশতে দৃশ্যমান হৈছে। উড়ান আঁচনিৰ অধীনত যোৱা ৫-৬ বছৰত বিমানবন্দৰ, হেলিপ’ৰ্ট আৰু জল বিমানবন্দৰৰ জৰিয়তে প্ৰায় ৭০টা নতুন স্থান সংযোজন কৰা হৈছে। আজি সাধাৰণ নাগৰিকে ৪০০ৰো অধিক নতুন পথত বিমান যাত্ৰাৰ সুবিধা লাভ কৰিছে। ১ কোটিৰো অধিক লোকে বহুতেই প্ৰথমবাৰৰ বাবে অতি সুলভ মূল্যৰ বিমান যাত্ৰাৰ অভিজ্ঞতা লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজিৰ পৰা দেওঘৰ আৰু কলকাতাৰ মাজত বিমান যাত্ৰা আৰম্ভণিৰ লগতে শীঘ্ৰেই ৰাঁচী, দিল্লী আৰু পাটনালৈ বিমান সেৱা আৰম্ভ হোৱাৰ প্ৰস্তাৱৰ বাবে সুখ প্ৰকাশ কৰে। বোকাৰো আৰু ডুমকাৰ বিমানবন্দৰৰ বাবে কাম চলি আছে বুলিও তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে যোগাযোগৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে দেশৰ বিশ্বাস আৰু আধ্যাত্মিকতাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ স্থানসমূহত সুবিধা সৃষ্টিৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে। প্ৰসাদ আঁচনিৰ অধীনত বাবা বৈদ্যনাথ ধামতো আধুনিক সা-সুবিধাসমূহ সম্প্ৰসাৰণ কৰা হৈছে। যেতিয়া এক সামগ্ৰিক দৃষ্টিভংগীয়ে প্ৰকল্পসমূহক পথ প্ৰদৰ্শন কৰে, তেতিয়া সমাজৰ বিভিন্ন শ্ৰেণীৰ বাবে আয়ৰ নতুন পথ আহে আৰু নতুন সুবিধাই নতুন সুযোগৰ সৃষ্টি কৰে।

প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ড ৰাজ্যৰ বাবে গেছ ভিত্তিক অৰ্থনীতি বৃদ্ধিৰ বাবে দেশৰ প্ৰচেষ্টাৰ সুফলৰ ওপৰতো আলোকপাত কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী উৰ্জা গংগা যোজনাই পুৰণি ছবিখন সলনি কৰি আছে। বঞ্চনাক সুযোগলৈ ৰূপান্তৰিত কৰাৰ বাবে আমি বহু ঐতিহাসিক সিদ্ধান্ত লৈছো’, তেওঁ কয়। গেইলৰ জগদীশপুৰ-হালদিয়া-বোকাৰো-ধমৰা পাইপলাইনৰ বোকাৰো- আংগুল অংশই ঝাৰখণ্ড আৰু ওড়িশাৰ ১১খন জিলাত চহৰ গেছ বিতৰণৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে আমি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ মন্ত্ৰ মানি চলিছো। আন্তঃগাঁথনিত বিনিয়োগ কৰি উন্নয়নৰ নতুন পথ, নিয়োগ-আত্মনিয়োগ আৱিষ্কাৰ কৰা হৈছে। ঝাৰখণ্ডৰ বাবে এই পদক্ষেপসমূহৰ সুফলৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে আমি উন্নয়নৰ আকাংক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো, আকাংক্ষিত জিলাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো৷ তেওঁ কয় যে স্বাধীনতাৰ ইমান দিনৰ পাছত যিবোৰ ১৮,০০০ গাঁও বিদ্যুৎ সংযোগ কৰা হৈছিল, সেইবোৰৰ অধিকাংশই দুৰ্গম আৰু দুৰৱৰ্তী অঞ্চলত আছে। চৰকাৰে বিগত ৮ বছৰত মিছন মোডত কাম কৰি নলসংযোগী পানী, পথ আৰু গেছ সংযোগ কৰা বুলিও তেওঁ কয়।

বৃহৎ চহৰৰ বাহিৰলৈ আধুনিক সা-সুবিধাসমূহ বিয়পি পৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পসমূহ প্ৰমাণ যে যেতিয়া সাধাৰণ নাগৰিকৰ সহজ-সৰল জীৱন উন্নত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয়, তেতিয়া ৰাষ্ট্ৰীয় সম্পত্তিৰ সৃষ্টি হয় আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ নতুন সুযোগৰ সৃষ্টি হয়। “এয়া সঠিক উন্নয়ন আৰু আমি সামূহিকভাৱে এই উন্নয়ন ত্বৰান্বিত কৰিব লাগিব”, তেওঁ কয়।

দেওঘৰত উন্নয়নমূলক প্ৰকল্প

দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ধৰ্মীয় গন্তব্যস্থান বাবা বৈদ্যনাথ ধামলৈ প্ৰত্যক্ষ সংযোগ প্ৰদানৰ এক মূল পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে দেওঘৰ বিমানবন্দৰ উদ্বোধন কৰে। প্ৰায় ৪০০ কোটি টকা ব্যয়ৰে এই বিমান বন্দৰ নিৰ্মাণ কৰা হৈছে। বিমানবন্দৰটোৰ টাৰ্মিনেল ভৱনত বছৰি পাঁচ লক্ষাধিক যাত্ৰী বহন কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে।

দেওঘৰৰ এইমছ সমগ্ৰ অঞ্চলৰ স্বাস্থ্যসেৱা খণ্ডৰ বাবে এক আশীৰ্বাদ। এইমছ দেওঘৰত থকা সেৱাসমূহে আৰু অধিক উত্থান লাভ কৰিব কাৰণ প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ এইমছত থকা অন্তঃৰোগী বিভাগ (আইপিডি) আৰু অস্ত্ৰোপচাৰ কক্ষৰ সেৱাসমূহ দেশবাসীক উৎসৰ্গা কৰিব। দেশৰ সকলো প্ৰান্ততে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি উৎকৃষ্ট স্বাস্থ্যসেৱাৰ সুবিধা গঢ়ি তোলা হৈছে। ২০১৮ চনৰ ২৫ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে এইমছ দেওঘৰৰ আধাৰশিলা স্থাপন কৰিছিল।

সমগ্ৰ দেশৰ ধৰ্মীয় গুৰুত্বপূর্ণ স্থানসমূহত বিশ্বমানৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ লগতে এনে আটাইকেইটা স্থানতে পর্যটকসকলৰ বাবে সা-সুবিধা উন্নত কৰাৰ বাবে পৰ্যটন মন্ত্ৰালয়ৰ প্রসাদ আঁচনিৰ অধীনত অনুমোদিত প্রকল্প “বৈদ্যনাথ ধাম, দেওঘৰৰ উন্নয়ন”ৰ উপাদানসমূহ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত ২,০০০ জনকৈ তীৰ্থযাত্ৰীৰ বহনক্ষমতা থকা দুটাকৈ বৃহৎ তীৰ্থযাত্ৰা মণ্ডলী হলৰ উন্নয়ন; জলছাৰ হ্ৰদৰ সন্মুখৰ উন্নয়ন; শিৱগংগা পুখুৰী উন্নয়নৰ লগতে অন্যান্য প্ৰকল্প অন্যতম। নতুন সুবিধাই বাবা বৈদ্যনাথ ধামলৈ অহা লাখ লাখ ভক্তৰ পৰ্যটন অভিজ্ঞতাক আৰু অধিক সমৃদ্ধ কৰিব।

প্রধানমন্ত্রীয়ে ১০ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ একাধিক পথ প্রকল্পৰ আধাৰশিলা স্থাপন কৰে৷ উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত ২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোৰ্হাৰৰ পৰা বৰৱাদা অংশলৈ ছয়লেন; ৩২নং ৰাষ্ট্ৰীয় ঘাইপথৰ পশ্চিমবংগ সীমান্ত অংশলৈকে ৰাজগঞ্জ-চাছ বহলীকৰণ কৰা আদি উল্লেখযোগ্য৷ যিবোৰ প্ৰধান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছিল, সেইবোৰৰ ভিতৰত ৮০নং ৰাষ্ট্ৰীয় ঘাইপথৰ মিৰ্জাচৌকি- ফাৰাক্কা অংশৰ ফ’ৰলেনৰ উন্নীতকৰণ; হৰিহৰগঞ্জৰ পৰা ৯৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰৱা ম’ৰে অংশলৈ ফ’ৰলেন; ২৩নং ৰাষ্ট্ৰীয় ঘাইপথৰ পালমাৰ গুমলা অংশলৈ ফ’ৰলেন; ৭৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পিস্কা ম’ৰে অংশলৈ কুটচেৰী চ’কৰ উচ্চ কৰিড’ৰৰ লগতে অন্যান্য প্ৰকল্প অন্যতম। এই প্ৰকল্পসমূহে অঞ্চলটোত যোগাযোগৰ ক্ষেত্ৰত আৰু অধিক জোৰ দিব আৰু সাধাৰণ জনতাৰ বাবে সহজে চলাচল কৰাটো নিশ্চিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩,০০০ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন শক্তি আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত গেইলৰ জগদীশপুৰ-হালদিয়া-বোকাৰো-ধমৰা পাইপলাইনৰ বোকাৰো-আংগুল অংশ; বৰহী, হাজাৰীবাগ আৰু বোকাৰোত এইচপিচিএলৰ নতুন এলপিজি বটলিং প্লাণ্ট আৰু বিপিচিএলৰ বোকাৰো এল পি জি বটলিং প্লাণ্ট অন্যতম। পৰ্বতপুৰ গেছ সংগ্ৰহ কেন্দ্ৰ, ঝাৰিয়া ব্লক, অ’ এন জি চিৰ কয়লা বেড মিথেন (চিবিএম) সম্পত্তিৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে দুটা ৰে’ল প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰে৷ সেইকেইটা হৈছে গোদ্দা-হান্সদিহা বিদ্যুতীকৰণ খণ্ড আৰু গড়ৱা-মহুৰীয়া দ্বৈত ৰে’ল পথ দেশবাসীৰ নামত উচৰ্গা কৰে৷ এই প্ৰকল্পসমূহে উদ্যোগ আৰু পাৱাৰ হাউচসমূহৰ বাবে সামগ্ৰীৰ নিৰৱচ্ছিন্ন যাতায়তৰ সুবিধা প্ৰদান কৰাত সহায় কৰিব। লগতে ডুমকাৰ পৰা আছানছললৈ ৰে’লৰ চলাচল সহজে সুনিশ্চিত কৰিব। প্ৰধানমন্ত্ৰীয়ে তিনিটা ৰে’লৱে প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে৷ সেইকেইটা হৈছে-ৰাঁচী ৰেলৱে ষ্টেচনৰ পুনৰ উন্নয়ন; জাচিদিহ বাইপাছ লাইন আৰু গড্ডা এলএইচবি ডবা মেৰামতি ডিপো। প্ৰস্তাৱিত পুনৰ উন্নয়ন কৰা ৰাঁচী ষ্টেচনটোত যাত্ৰীসকলৰ চলাচলত সহজ হোৱাৰ লগতে আৰামদায়ক হোৱাটো নিশ্চিত কৰাৰ বাবে ফুড ক’ৰ্ট, এক্সিকিউটিভ লাউঞ্জ, কেফেটেৰিয়া, বাতানুকূল প্ৰেক্ষাগৃহ আদিকে ধৰি বিশ্বমানৰ যাত্ৰীসকলৰ সুবিধা থাকিব।

***

DS/AK/DB



(Release ID: 1841122) Visitor Counter : 134