প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘বাণিজ্য ভৱন’ উদ্বোধন আৰু ৰপ্তানি (NIRYAT) পৰ্টেল মুকলি কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Posted On: 23 JUN 2022 12:53PM by PIB Guwahati

মোৰ কেবিনেট সতীৰ্থ শ্ৰী পীয়ূষ গোৱেল জী, শ্ৰী সোম প্ৰকাশ জী আৰু শ্ৰীমতী অনুপ্ৰিয়া পেটেল জী, উদ্যোগ আৰু ৰপ্তানি জগতৰ সকলো সতীৰ্থ, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল!

আজি নব্য ভাৰতত জন কেন্দ্ৰিক শাসনৰ যাত্ৰাত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে যাক আধাৰ কৰি দেশখনে বিগত আঠটা বছৰে আগবাঢ়ি আহিছে। দেশখনে নতুন আৰু আধুনিক বাণিজ্য ভৱনৰ ৰূপত নতুন উপহাৰ লাভৰ লগতে ৰপ্তানি পৰ্টেল মুকলি কৰা হৈছে। ইয়াৰে এটা কায়িক আন্তঃগাঁথনিৰ প্ৰতীক, আনহাতে আনটো ডিজিটেল আন্তঃগাঁথনিৰ প্ৰতীক যিয়ে ব্যৱসায় আৰু বাণিজ্যৰে জড়িত আমাৰ শাসন ব্যৱস্থাটোৰ ইতিবাচক পৰিৱৰ্তন আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে আমাৰ আকাংক্ষাক প্ৰতিফলিত কৰিছে। এই উপলক্ষে আপোনালোক সকলোকে, ব্যৱসায় আৰু বাণিজ্যৰে জড়িত সমগ্ৰ সমাজখনক তথা আমাৰ এমএছএমইসমূহক অভিনন্দন জনাইছো। আজি দেশখনৰ প্ৰথমগৰাকী উদ্যোগ মন্ত্ৰী ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মৃত্যু বাৰ্ষিকী। স্বাধীন ভাৰতখনিক দিক নিৰ্দেশনা প্ৰদানৰ ক্ষেত্ৰত তেওঁৰ নীতি-নিয়ম, সিদ্ধান্ত, সংকল্প আৰু সংকল্প সাধনৰ প্ৰতি সচেষ্টতা অৱলম্বন অতিশয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে। আজি দেশখনে তেওঁলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে।

বন্ধুসকল,

আপোনালোকে নতুন প্ৰেৰণা আৰু দৃঢ়তাৰে নতুন বাণিজ্য ভৱনত প্ৰৱেশ কৰিছে বুলি মই নিশ্চিত। এই সংকল্প হৈছে ইজ অৱ ডুয়িং বিজনেছৰ আৰু ইয়াৰ জৰিয়তেই ইজ অৱ লিভিঙৰ বাবে। আৰু এই দুয়োটাৰ মাজৰ সংযোগটো হৈছে ইজ অৱ একচেছ। চৰকাৰৰে যোগাযোগৰ সময়ত আৰু চৰকাৰী সুবিধাসমূহ লাভৰ সময়ত কোনেও অসুবিধাৰ সন্মুখীন হ’ব নালাগে, এনে ইজ অৱ একচেছ হৈছে দেশখনৰ অগ্ৰাধিকাৰ। যোৱা আঠটা বছৰৰ শাসন আৰ্হিৰ অতিশয় গুৰুত্বপূৰ্ণ দিশটো হ’ল দেশখনৰ নাগৰিকে মৌলিক সুবিধা, বেংকিং আৰু চৰকাৰী নীতি নিৰ্ধাৰণৰ সুবিধা লাভ কৰিব লাগে। এই দৃষ্টি ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে গ্ৰহণ কৰা নীতি আৰু সিদ্ধান্তসমূহত প্ৰতিফলিত হৈছে। এই ইজ অৱ একচেছৰ আঁৰৰ মূল উদ্দীপনা হ’ল মুদ্ৰা যোজনাৰ অধীনত কোটি-কোটি উদ্যোগীৰ উত্থান, নীতি আৰু বেংক ঋণৰ জৰিয়তে লাখ-লাখ এমএছএমইক উৎসাহিত কৰা, গাওঁ আৰু সৰু চহৰত লাখ-লাখ পথৰ ব্যৱসায়ীক বেংক ঋণৰ সুবিধা প্ৰদান কৰা আৰু হাজাৰ-হাজাৰ ষ্টাৰ্ট-আপৰ বিকাশৰ বাবে নিৰন্তৰভাৱে প্ৰচেষ্টা গ্ৰহণ। চৰকাৰখনৰ আঁচনিসমূহৰ সুবিধাসমূহ সকলোৰে কাষ চপা আৰু বৈষম্যহীনভাৱে হোৱা মাত্ৰেকেহে এই সৰ্বাংগীন উন্নয়ন সম্ভৱ হ’ব। মই এই নতুন বাণিজ্য ভৱনত সকলোৰে বাবে সহজলভ্য আৰু বিকাশৰ এই মনোভাৱ প্ৰতিফলিত হোৱাত মই সন্তোষ পাইছো।

বন্ধুসকল,

এছঅ’পি অৰ্থাৎ, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ শব্দ যুগল আপোনালোক সকলোৰে মাজত অতিশয় জনপ্ৰিয়, ইয়াৰ অৰ্থ হৈছে কামবোৰ কৰাৰ এটা নিৰ্দিষ্ট পদ্ধতি। পূৰ্বে চৰকাৰসমূহৰ এছঅ’পিৰ অৰ্থ আছিল এটা প্ৰকল্প আৰম্ভ কৰা, অথচ ইয়াৰ সম্পূৰ্ণৰ কোনো নিশ্চয়তা নথকা। ৰাজনৈতিক স্বাৰ্থৰ বাবে ঘোষণা কৰা হৈছিল যদিও সময়মতে সম্পূৰ্ণ কৰা সন্দৰ্ভত কোনো গুৰুত্ব নাছিল। আমি এই ধাৰণাটো কেনেকৈ সলনি কৰিছো তাৰ আন এক উদাহৰণ হৈছে এই ভৱনটো। মই ২২ জুন, ২০১৮ ত এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰিছিলো আৰু আজি ২০২২ ৰ ২৩ জুনত ইয়াৰ উদ্বোধন কৰা হৈছে। ইয়াৰ মাজতে ক’ৰোনাৰ বাবেও বহুতো বাধাৰ সৃষ্টি হৈছিল। কিন্তু এই সকলোবোৰৰ মাজতো সংকল্পটো আজি আমাৰ সন্মুখত সাফল্যৰ ৰূপত প্ৰতিভাত হৈছে। এয়া হৈছে নব্য ভাৰতৰ নতুন এছঅ’পি যাৰ জৰিয়তে যিকোনো প্ৰকল্পৰ উদ্বোধনীৰ টাইমলাইনৰ ওপৰত আন্তৰিক প্ৰচেষ্টা ইয়াৰ আধাৰশিলা স্থাপনৰ দিনাৰ পৰাই আৰম্ভ হয়। বিগত কেইবছৰমানত আপোনাসৱে নিজেই দিল্লীতে এনে বহুতো উদাহৰণ দেখা পাব। মাত্ৰ কেইদিনমান পূৰ্বে প্ৰগতি মৈদানৰ সমীপত ইন্টিগ্ৰেটেড ট্ৰেনজিট কৰিডৰ উদ্বোধনৰ সৌভাগ্য লাভ কৰিছিলো। চৰকাৰৰ প্ৰকল্পসমূহ বছৰ-বছৰ ধৰি পৰি নথকা, সময়মতে সম্পূৰ্ণ হৈ চৰকাৰখনৰ আঁচনিসমূহে নিজৰ লক্ষ্যত উপনীত হোৱাটো দেশৰ কৰদাতাসকলৰ প্ৰতি সন্মান। আৰু এতিয়া আমাৰ ওচৰত প্ৰধান মন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ ৰূপত এক আধুনিক মঞ্চও আছে। নব্য ভাৰতৰ আকাংক্ষাৰাজিক অনুধাৱনেৰে এই নতুন বানিজ্য ভৱনেও প্ৰতিটো ক্ষেত্ৰতে দেশবাসীক গতি প্ৰদান কৰিব লাগিব।

বন্ধুসকল,

আৰম্ভণিৰেপৰা উদ্বোধনলৈকে বাণিজ্য ভৱনটোও এই সময়ছোৱাত বাণিজ্যৰ ক্ষেত্ৰত আমাৰ সাফল্যৰ প্ৰতীক। মোৰ আজি মনত পৰিছে, আধাৰশিলা স্থাপনৰ সময়ত মই গ্ল’বেল ইন’ভেশ্যন ইনডেক্সত উদ্ভাৱন আৰু উন্নতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছিলো। আজি আমি গ্ল’বেল ইন’ভেশ্যন ইনডেক্সত ৪৬ নম্বৰ স্থানত আছো আৰু নিৰন্তৰভাৱে আগবাঢ়ি আছো। আধাৰশিলা স্থাপনৰ দিনা আমি ইজ অৱ ডুয়িং বিজনেছৰ অগ্ৰগতি সাধনৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰিছিলো। আজি এই ভৱনটো উদ্বোধন কৰা হৈছে, তেতিয়াৰেপৰা ৩২ হাজাৰৰো অধিক অপ্ৰয়োজনীয় অনুপালন দূৰ কৰা হৈছে। ৩২ হাজাৰ অনুপালনৰ কথা কল্পনা কৰকচোন! আধাৰশিলা স্থাপনৰ সময়ত জিএছটি কাৰ্য্যকৰী হোৱাৰ মাত্ৰ কেইমাহমানহে পাৰ হৈছিল আৰু সকলো ধৰণৰ সন্দেহ আৰু আশংকা আছিল। আজি প্ৰতিমাহে ১ লাখ কোটি টকাৰ জিএছটি সংগ্ৰহ কৰাটো স্বাভাৱিক হৈ পৰিছে। বাণিজ্য ভৱনৰ আধাৰশিলা স্থাপনৰ সময়তে আমি জিইএম পৰ্টেলত প্ৰায় ৯ হাজাৰ কোটি টকাৰ অৰ্ডাৰ সম্পৰ্কে আলোচনা কৰিছিলো। আজি এই পৰ্টেলত ৪৫ লাখ ক্ষুদ্ৰ উদ্যোগী পঞ্জীয়নভুক্ত হৈছে আৰু ২.২৫ লাখ কোটিৰো অধিক টকা মূল্যৰ অৰ্ডাৰ জিইএমত লাভ কৰা হৈছে।

বন্ধুসকল,

সেই সময়ত মই ২০১৪ ৰ পিছত ম’বাইল নিৰ্মাণ ইউনিটৰ সংখ্যা ২ ৰপৰা ১২০ লৈ বৃদ্ধিৰ কথা কৈছিলো। আজি এই সংখ্যা ২০০ ৰোধিক আৰু আমি আমদানিকাৰীৰপৰা বিশ্বখনৰ সৰ্ববৃহৎ ম’বাইল ফোন ৰপ্তানিকাৰীলৈ এক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছো। চাৰি বছৰ পূৰ্বে ভাৰতত ৫০০ ৰো কম পঞ্জীয়নভুক্ত ফিনটেক ষ্টাৰ্ট-আপ আছিল। আজি ইয়াৰ সংখ্যাই প্ৰায় ২৩০০ অতিক্ৰম কৰিছে। আমি তেতিয়া প্ৰতি বছৰে ৮ হাজাৰ ষ্টাৰ্ট-আপক দেখা পাইছিলো, আজি এই সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি পাইছে। বিশ্ব মহামাৰীটোৰ মাজতো আমি আন্তৰিক প্ৰচেষ্টাৰে লক্ষ্য নিৰ্ধাৰণেৰে ইয়াক বাস্তৱায়িত কৰিছো।

বন্ধুসকল,

আমাৰ ৰপ্তানি বাতাবৰণটো হৈছে আজি নব্য ভাৰতত দৃঢ়তাৰে সাফল্যৰ দৃষ্টিৰ সৰ্বোত্তম উদাহৰণ। আধাৰশিলা স্থাপনৰ সময়ত আমি বৈশ্বিক ৰপ্তানি বৃদ্ধিৰ বাবে ভাৰতক এক পছন্দৰ উৎপাদন গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিছিলো। যোৱা বৰ্ষত সমগ্ৰ যোগান শৃংখলটোক বিঘ্নিতকাৰী ঐতিহাসিক বিশ্বব্যাপী বিঘিনিৰ মাজতো ভাৰতৰ ৰপ্তানিৰ পৰিমাণ আছিল $৬৭০ বিলিয়ন অৰ্থাৎ ৫০ লাখ কোটি টকা। আপোনাসৱে এই পৰিমাণ কিমান অভূতপূৰ্ব, সেয়া অনুমান কৰিছে। যোৱা বৰ্ষত দেশখনে প্ৰতিটো প্ৰত্যাহ্বানৰ মাজতো $৪০০ বিলিয়ন অৰ্থাৎ ৩০ লাখ কোটি টকাৰ পণ্য ৰপ্তানিৰ মাইলৰ খুঁটিত উপনীত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আমি ইয়াক অতিক্ৰমেৰে $৪১৮ বিলিয়ন অৰ্থাৎ ৩১ লাখ কোটি টকাৰ অভিলেখ পৰিমাণৰ ৰপ্তানি কৰিলো।

বন্ধুসকল,

বিগত কেইবছৰমানৰ এই সাফল্যত উৎসাহিত হৈ আমি এতিয়া আমাৰ ৰপ্তানিৰ লক্ষ্য বৃদ্ধি কৰিছো আৰু লক্ষ্যত উপনীত হ’বলৈ আমাৰ প্ৰচেষ্টা দুগুণ বৃদ্ধি কৰিছো। এই নতুন লক্ষ্যত উপনীত হ’বলৈ সকলোৰে সামূহিক প্ৰচেষ্টা অতিশয় প্ৰয়োজনীয়। উদ্যোগ আৰু ৰপ্তানি প্ৰোৎসাহন পৰিষদৰ সদস্যসকলো ইয়াত উপস্থিত আছে। মই আপোনালোকক আপোনালোকৰ পৰ্য্যায়তো ৰপ্তানিৰ কেৱল হ্ৰস্বম্যাদী নহয়, দীৰ্ঘ্যম্যাদী লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনালো। সেই লক্ষ্যত কেনেকৈ উপনীত হ’ব পাৰি আৰু চৰকাৰখনে এই ক্ষেত্ৰত কেনেদৰে সহায় কৰিব পাৰে, সেই সন্দৰ্ভতো একেলগে কাম কৰাটো অতিশয় প্ৰয়োজনীয়।

বন্ধুসকল,

নেশ্যনেল ইমপ’ৰ্ট-এক্সপ’ৰ্ট ফৰ ইয়েৰলী এনালাইচিছ অৱ ট্ৰেড অৰ্থাৎ NIRYAT প্লেটফৰ্ম এই দিশত এটি পদক্ষেপ। ৰপ্তানিকাৰী, চৰকাৰৰ বিভিন্ন বিভাগ, ৰাজ্য চৰকাৰ আৰু সকলো অংশীদাৰকে ধৰি আটায়ে ‘ৰিয়েল টাইম ডাটা’ লাভ কৰিব। ইয়াৰদ্বাৰা আমাৰ উদ্যোগ আৰু ৰপ্তানিকাৰীসকলক প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণত সহায় কৰা বহু মন্থৰতা দূৰত সহায়ক হ’ব। বিশ্বখনৰ ২০০ খনৰো অধিক দেশলৈ ৰপ্তানি কৰা ৩০ ৰোধিক পণ্য গোটৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য এই পৰ্টেলত আপোনালোকৰ বাবে উপলব্ধ হ’ব। শীঘ্ৰেই জিলাভিত্তিক ৰপ্তানি সম্পৰ্কীয় তথ্যও এই পৰ্টেলত উপলব্ধ হ’ব। আৰু মিছন ম’ড অব্যাহত থকা ‘ওৱান ডিষ্ট্ৰিক্ট-ওৱান প্ৰডাক্ট’ ও অৱশেষত ইয়াত যোগ কৰা হ’ব। ইয়াৰ জৰিয়তে জিলাসমূহক ৰপ্তানিৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাও সুদৃঢ় হ’ব। ৰপ্তানিৰ ক্ষেত্ৰত ৰাজ্যসমূহত সুস্থ প্ৰতিযোগিতাক প্ৰোৎসাহিতকৰণৰ ক্ষেত্ৰতো এই পৰ্টেলে সহায় কৰিব বুলি মই নিশ্চিত। আমি ৰাজ্যসমূহৰ মাজত এক সুস্থ প্ৰতিযোগিতা বিচাৰো – কোনখন ৰাজ্যই কিমান ৰপ্তানি কৰে, ই কিমান গন্তব্যস্থান সামৰি লয় আৰু কিমান ভিন্ন সামগ্ৰী ৰপ্তানি কৰে, সেয়া গুৰুত্বপূৰ্ণ হৈ উঠিছে।

বন্ধুসকল,

আমি বিভিন্ন দেশৰ উন্নয়নৰ যাত্ৰা সম্পৰ্কে অধ্যয়ন কৰিলে দেখা পাম যে সেই দেশসমূহৰ ৰপ্তানি বৃদ্ধিৰ জৰিয়তেহে অগ্ৰগতি সাধন হৈছিল। অৰ্থাৎ উন্নয়নশীল দেশৰপৰা এখন উন্নত দেশ হোৱাৰ ক্ষেত্ৰত ৰপ্তানিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ বাবেই নিয়োগ আৰু আত্মসংস্থাপনৰ সুযোগো বৃদ্ধি পায়। যোৱা আঠটা বছৰত ভাৰতেও নিৰন্তৰভাৱে ৰপ্তানি বৃদ্ধিৰে ৰপ্তানিৰ এই লক্ষ্যত উপনীত হৈছে। ৰপ্তানি বৃদ্ধিৰ বাবে উন্নত নীতি, প্ৰক্ৰিয়াটো সহজ কৰি তোলা আৰু নতুন বজাৰলৈ সামগ্ৰীৰ প্ৰৱেশে এই ক্ষেত্ৰত বহুখিনি সহায় কৰিছে। আৰু এতিয়া আমি লজিষ্টিক সমৰ্থনত সমানে মনোনিৱেশ কৰিছো যাতে আমাৰ ৰপ্তানি সাশ্ৰয়ী হৈ পৰে। আপোনাসৱ অৱগত যে পিএলআই আঁচনিখনে উৎপাদন বৃদ্ধিত বহুলাংশে সহায় কৰিছে। আমাৰ ৰপ্তানি অংশীদাৰসকলৰপৰা লাভ কৰা সঁহাৰিৰ ভিত্তিত সাধিত নীতি পৰিৱৰ্তনেও বহুখিনি সহায় কৰিছে। আজি চৰকাৰখনৰ প্ৰতিটো মন্ত্ৰালয়ে, প্ৰতিটো বিভাগে, ‘সমগ্ৰ চৰকাৰ’ দৃষ্টিৰে ৰপ্তানি বৃদ্ধিত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। এমএছএমই মন্ত্ৰালয়েই হওঁক বা বৈদেশিক পৰিক্ৰমা, কৃষি বা বাণিজ্য মন্ত্ৰালয়েই হওঁক, সকলোৱে এক উমৈহতীয়া লক্ষ্যৰে সমন্বিতভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমাৰ ৰপ্তানিত বৃহৎ পৰিমাণৰ ইঞ্জিনিয়াৰিং সামগ্ৰী অন্তৰ্ভুক্ত হৈছে আৰু বিশেষকৈ এমএছএমই খণ্ডটোৱে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। দেশখনৰ নতুন অঞ্চলসমূহৰপৰাও ৰপ্তানি বৃদ্ধি পাইছে আৰু বহু আকাংক্ষী জিলাৰপৰাও এতিয়া ৰপ্তানি বহুগুণে বৃদ্ধি পাইছে। কপাহ আৰু হস্ততাঁত সামগ্ৰীৰ ৰপ্তানি ৫৫ শতাংশ বৃদ্ধিয়ে তৃণমূল পৰ্য্যায়ত অব্যাহত কামৰ তীব্ৰতাকে প্ৰতিফলিত কৰিছে। ‘ভকেল ফৰ লোকেল’ আৰু ‘ওৱান-জিলা, ওৱান-প্ৰডাক্ট’ অভিযানৰ জৰিয়তে চৰকাৰখনৰ স্থানীয় সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপে ৰপ্তানি বৃদ্ধিতো সহায় কৰিছে। এতিয়া আমাৰ বহু সামগ্ৰী প্ৰথমবাৰৰ বাবে বিশ্বখনৰ নতুন-নতুন দেশ আৰু নতুন গন্তব্যস্থানলৈ ৰপ্তানি কৰা হৈছে। এতিয়া আমাৰ স্থানীয় সামগ্ৰীসমূহ প্ৰকৃততে বিশ্বব্যাপী সহজলভ্য হোৱাৰ দিশত ক্ষীপ্ৰতাৰে অগ্ৰসৰ হৈছে। সীতাভোগ মিঠাই আৰু নৰকেল নাৰু অৰ্থাৎ নাৰিকল আৰু গুড়ৰ লাড্ডুৰ প্ৰথম চালান বাহৰেইনলৈ ৰপ্তানি কৰা হৈছে। নাগালেণ্ডৰ সতেজ ভোট জলকীয়া লণ্ডনৰ বজাৰলৈ যোৱাৰ সমান্তৰালকৈ অসমৰ সতেজ লেটেকু ডুবাইলৈ ৰপ্তানি কৰা হৈছে। আমাৰ ছত্তীশগড়ৰ জনজাতীয় ভ্ৰাতৃ-ভগ্নীসকলৰ বনজ উৎপাদিত মহুৱা ফুল ফ্ৰান্সলৈ আৰু কাৰ্গিলৰ খুমানি ডুবাইলৈ ৰপ্তানি কৰা হৈছে। আৰুবা, বেলিজ, বাৰ্মুডা, গ্ৰেনাডা, ছুইজাৰলেণ্ড আদি নতুন বজাৰত হস্ততাঁত সামগ্ৰীৰ প্ৰচলন হৈছে। আমি আমাৰ কৃষক, বয়নকাৰী আৰু পৰম্পৰাগত সামগ্ৰীসমূহক ৰপ্তানি বাতাবৰণটোৰে সংযোগ কৰিবলৈয়ো জিআই টেগিঙৰ সহায় লৈছো আৰু ইয়াত গুৰুত্ব আৰোপ কৰিছো। যোৱা বৰ্ষত আমি ইউএই আৰু অষ্ট্ৰেলিয়াৰ সৈতে বাণিজ্য চুক্তি চূড়ান্ত কৰিছিলো আৰু আন দেশৰ সৈতেও বহু অগ্ৰগতি লাভ কৰা হৈছে। বিদেশত থকা আমাৰ কূটনৈতিক অভিযানকো মই প্ৰশংসা কৰিব বিচাৰিছো। এক অতিশয় প্ৰত্যাহ্বানমূলক পৰিবেশক ভাৰতৰ বাবে সুযোগলৈ ৰূপান্তৰিতকৰণৰ অৰ্থে অব্যাহত আমাৰ সকলো মিছনক অভিনন্দন জনালো।

বন্ধুসকল,

ব্যৱসায়ৰ বাবে নতুন বজাৰ চিনাক্তকৰণ আৰু এইসমূহৰ প্ৰয়োজনীয়তা চিনাক্তকৰণ আৰু সেই সামগ্ৰীসমূহ প্ৰস্তুত কৰাটো দেশখনৰ প্ৰগতিৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। বিগত সময়ছোৱাত আমাৰ ব্যৱসায়ীসকলে পাৰস্পৰিক অংশীদাৰিত্ব আৰু বিশ্বাস ভিত্তিক ব্যৱসায় কেনেকৈ সম্ভৱ, সেয়া প্ৰদৰ্শন কৰিছে। আমি স্বাধীনতাৰ ‘অমৃত কাল’ ত মূল্য আৰু যোগান শৃংখলৰ এই শিক্ষণক সুদৃঢ় কৰিব লাগিব। একে ধৰণৰ মূল্যৰ ভিত্তিত আমি ইউএই আৰু অষ্ট্ৰেলিয়াৰ সৈতে বাণিজ্য চুক্তি সম্পন্ন কৰিছো। বহু দেশ আৰু অঞ্চলৰ সৈতেও আমি এনে চুক্তিৰ অৰ্থে ক্ষীপ্ৰতাৰে আগবাঢ়িছো।

বন্ধুসকল,

যোৱা আঠটা বছৰত দেশখনৰ কৃতিত্বই প্ৰতিজন ভাৰতীয়কে গৌৰৱান্বিত কৰিছে। এই উদ্দীপনাৰেই আমি স্বাধীনতাৰ এই ‘অমৃত কাল’ ত অহা ২৫ বছৰৰ সংকল্পৰ অৰ্থেও কাম কৰিব লাগিব। আজি এটা নতুন ভৱন নিৰ্মাণ কৰা হৈছে আৰু নতুন পৰ্টেল এটাও মুকলি কৰা হৈছে। কিন্তু আমাৰ দায়িত্ব শেষ হোৱা নাই। এক প্ৰকাৰে ই এক নতুন সংকল্প আৰু শক্তিৰে দ্ৰুত গতিত নতুন সাফল্যৰ অভিমুখে আৰম্ভণি। লগতে প্ৰতিটো বিভাগকে আমি সময়ে-সময়ে মুকলি কৰা পৰ্টেল আৰু প্লেটফৰ্মসমূহৰ কাম-কাজৰ মূল্যায়ন কৰিবলৈ আহ্বান জনাইছো। আমি যি লক্ষ্যৰ বাবে এই আহিলাসমূহ প্ৰস্তুত কৰিছো, তাত উপনীত হোৱাটো নিশ্চিতকৰণৰ বাবে প্ৰচেষ্টা চলাব লাগে আৰু যদি কোনো সমস্যা আছে তেন্তে সেয়াও সমাধান কৰা উচিত। উদ্যোগৰ সতীৰ্থ আৰু ৰপ্তানিকাৰীসকলকো আহ্বান জনাইছো যে তেওঁলোকে চৰকাৰখনৰ সন্মুখত মুকলিকৈ নিজৰ কথাখিনি প্ৰকাশ কৰক আৰু উদ্ভাৱনীমূলক পৰামৰ্শ আগবঢ়াওঁক আৰু সমাধান উলিয়াওঁক। আমি একেলগে সমাধান সূত্ৰ নিৰ্ণয় কৰিব বিচাৰো। আপোনাসৱে ৰপ্তানি পৰ্টেললৈ গৈ কি-কি যোগ কৰিব বা আঁতৰাব লাগে, সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়াই যেন। জিলা পৰ্য্যায়ত ৰপ্তানি বৃদ্ধিৰ বাবে কি-কি ব্যৱস্থা কৰিব পাৰি? আমি জিলা পৰ্য্যায়ত ৰপ্তানিৰ ক্ষেত্ৰত সুস্থ প্ৰতিযোগিতা সৃষ্টি কৰিব লাগিব। আমিও আমাৰ নিৰ্মাতাসকলৰ মাজত বিশ্বমানৰ পেকেজিঙৰ ওপৰত ‘জিৰ’ ডিফেক্ট, জিৰ’ ইফেক্ট’ ৰ প্ৰতিযোগিতা সৃষ্টি কৰিব লাগিব। আমি আমাৰ বিশাল সংকল্পসমূহ সকলোৰে ইনপুট, সকলোৰে পৰামৰ্শৰে, অৰ্থাৎ ‘সবকা প্ৰয়াস’ (সকলোৰে প্ৰচেষ্টা) ৰদ্বাৰা  বাস্তৱায়িত কৰিব পাৰো। আকৌ এবাৰ নতুন ভৱনটোৰ বাবে আপোনালোক সকলোকে অভিনন্দন জ্ঞাপন কৰিলো আৰু এই মহান কাৰ্য্যসূচীত মোক অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে বিভাগটোৰ প্ৰতি অত্যন্ত কৃতজ্ঞতা জনালো। বহু-বহু ধন্যবাদ! শুভেচ্ছা জনালো।

****

DS/VK/AK/SB



(Release ID: 1840304) Visitor Counter : 112