প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৮০০ কোটিৰো অধিক অৰ্থ-মূল্যৰ এলানি উন্নয়ণী প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে


“বিকাশ আৰু ঐতিহ্যৰ সমাহাৰৰ এখনি ছবি দাঙি ধৰিছে আজিৰ কাশীয়ে”

“সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস’ৰ এক উত্কৃষ্ট নিদৰ্শন হৈছে মোৰ কাশী”

“চমু পথেৰে যে দেশ লাভান্বিত হ’ব নোৱাৰে সেই বাৰ্তাকে আজি কাশীৰ নাগৰিকসকলে সমগ্ৰ দেশবাসীলৈ প্ৰেৰণ কৰিছে”

“দুখীয়া-নিচলাৰ সমস্যাৱলী সমাধানৰ বাবে চৰকাৰে সদায়ে প্ৰয়াস কৰি আহিছে, তেওঁলোকৰ সুখ-দুখৰ সমভাগী হব বিচাৰিছে”

“আমাৰ বাবে কেৱল চিকমিকনিয়েই উন্নয়ণ নহয়। আমাৰ বাবে উন্নয়ণৰ অৰ্থ হৈছে দুখীয়া, নিচলা, বঞ্চিত, পিচপৰা, জনজাতি, মাতৃ-ভগ্নীসকলৰ সবলীকৰণ”

Posted On: 07 JUL 2022 5:23PM by PIB Guwahati

বাৰানসীৰ ছিগ্ৰাস্থিত ‘ড০ সম্পূৰ্ণানন্দ স্পৰ্টছ ষ্টেডিয়াম’ত অনুষ্ঠিত এক কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১৮০০ কোটিৰো অধিক অৰ্থ্-মূল্যৰ এলানি উন্নয়নী প্ৰকল্পৰ উদ্বোধনৰ লগতে আধাৰশিলাও স্থাপন কৰে। কাৰ্যক্ৰমত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো উপস্থিত থাকে।

কাৰ্যক্ৰমত দিয়া ভাষণৰ আৰম্ভণীতে প্ৰধানমন্ত্ৰীয়ে শেহতীয়া নিৰ্বাচনত দিয়া বিপুল সমৰ্থনৰ বাবে উত্তৰ প্ৰদেশ আৰু কাশীৰ নাগৰিকসকলক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, “কাশী সদায়ে উজ্জীৱিত আৰু প্ৰবাহিত হৈয়ে থাকে। সাম্প্ৰতিক কাশীয়ে ঐতিহ্য আৰু উন্নয়ণৰ সমাহাৰৰ এক সুন্দৰ প্ৰতিচ্ছবি দেশবাসীৰ আগত দাঙি ধৰিছে। তেওঁ কয় যে বহু হাজাৰ কোটি টকীয়া আঁচনিৰ লগতে উন্নয়ণী প্ৰকল্পসমূহৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু বহু প্ৰকল্পৰ কাম অব্যাহতও আছে। কাশীৰ আত্মা চিৰন্তণ যদিও কাশীৰ শৰীৰিক উন্নয়ণ নিৰন্তৰ অব্যাহত আছে। উন্নয়ণে কাশীক অধিক সক্ৰিয়, অধিক প্ৰগতিশীল আৰু অধিক সংবেদনশীল কৰি তুলিছে”। তেওঁ কয়, “সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াসৰ এক উত্কৃষ্ট নিদৰ্শন দাঙি ধৰিছে মোৰ কাশীয়ে”।

কাশীৰ সংসাদ, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয় “সজাগ কাশীবাসীয়ে দেশক দিক-দৰ্শন কৰাব পৰাকৈ কাম কৰি দেখুওৱা দেখি মই আনন্দিত হৈছো। চমু পথেৰে যে দেশ লাভান্বিত হ’ব নোৱাৰে সেই বাৰ্তা দেশবাসীলৈ প্ৰেৰণ কৰিছে কাশীৰ নাগৰিকসকলে”। তেওঁ স্থানীয় লোকসকলে অস্থায়ী সমাধানৰ পৰিৱৰ্তে দীৰ্ঘম্যাদী সমাধান তথা স্থায়ী প্ৰকল্পক প্ৰাথমিকতা প্ৰদান কৰা কথাক প্ৰশংসা কৰে। তেওঁ কয়, “আন্তঃগাঁথনি আৰু অন্যন্য পৰ্যায়ত হোৱা উন্নয়ণে মহানগৰীখনলৈ পৰ্যটন সম্ভাৱনীয়তাক আদৰি আনিছে আৰু ইয়েই বাণিজ্যিক আৰু স্বাচ্ছন্দ্যপূৰ্ণ জীৱনৰ বিপুল সম্ভাৱনীয়তা সৃষ্টি কৰিছে”।

আগন্তুক শাওন মাহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় দেশৰ লগতে পৃথিৱীৰ সকলো প্ৰান্তৰ পৰা ‘বাবা বিশ্বনাথ’ দৰ্শনৰ বাবে আহিব খোজা শ্ৰদ্ধালুসকল কাশীলৈ বিপুল সংখ্যাৰে আহিব। ‘বিশ্বনাথ ধাম প্ৰকল্প’ সম্পূৰ্ণ হোৱাৰ পিচত এইটো হৈছে প্ৰথম শাওন উত্সৱ। বিশ্বনাথ ধামক লৈ পৃথিৱীজুৰি এতিয়া কিমান উদ্দীপনাৰ সৃষ্টি হৈছে সেই কথা যোৱা মাহচেৰেকতে মানুহে অনুভৱ কৰিব পাৰিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তাকে দেখি শ্ৰদ্ধালুসকলৰ মনত জাগৃত হোৱা সেই অনুভূতি যাতে অক্ষুন্ন ৰাখিব পৰা যায় আৰু তেওঁলোকক যিমান পাৰি আতিথ্য আগবঢ়াব পৰা যায় সেয়া নিশ্চিত কৰাৰ বাবে চৰকাৰে যত্পৰোনাস্তি প্ৰয়াস অব্যাহত ৰাখিছে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ অৱশ্যে অন্যান্য সকলোবোৰ ‘যাত্ৰা’কে সহজ আৰু স্বাচ্ছন্দ্যপূৰ্ণ কৰি তোলাৰো ব্যৱস্থা কৰা হৈছে বুলি প্ৰসংগক্ৰমে উল্লেখ কৰে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ বাবে কেৱল চিকমিকনিয়েই উন্নয়ণ নহয়। আমাৰ বাবে উন্নয়ণৰ অৰ্থ হৈছে দুখীয়া, নিচলা, বঞ্চিত, পিচপৰা, জনজাতি, মাতৃ-ভগ্নীসকলৰ সবলীকৰণ”। তেওঁ দুখীয়া-দৰিদ্ৰসকললৈ পকীঘৰ আৰু প্ৰতিটো ঘৰলৈকে নলীৰে প্ৰবাহিত পানীৰ যোগান দিয়াৰ বাবে চৰকাৰে নিলস প্ৰয়াস অব্যাহ ৰাখিছে বুলিও উল্লেখ কৰে।

তেওঁ কয়, দু”খীয়া-নিচলাৰ সমস্যাৱলী সমাধানৰ বাবে চৰকাৰে সদায়ে প্ৰয়াস কৰি আহিছে, তেওঁলোকৰ সুখ-দুখৰ সমভাগী হ’ব বিচাৰিছে”।

 

উন্নয়ণী প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

যোৱা আঠোটা বছৰত বাৰানসীত আন্তঃগাঁথনি উন্নয়ণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। ইয়াৰ সুবাদতে মহানগৰীখনৰ প্ৰেক্ষাপটৰ লক্ষণীয় ৰূপান্তৰণ সম্পাদিত হোৱা পৰিলক্ষিত হৈছে। এইসমূহ প্ৰয়াসৰ প্ৰাথমিক লক্ষ্যই হৈছে কাশীবাসীৰ জীৱন ধাৰণৰ শৈলী অধিক স্বাচ্ছন্দ্যপূৰ্ণ কৰি তোলা। এই দিশত আন এক পদক্ষেপ গ্ৰহণ কৰি এই কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে ৫৯০ কোটি টকা অৰ্থ-মূল্যৰ ইতিমধ্যে কাম সম্পূৰ্ণ হৈ উঠা এলানি প্ৰকল্পৰ শুভ উদ্বোধন কৰে।  ইয়াৰ ভিতৰত আছে স্নানাগাৰ সম্বলিত জেট্টী; পেট্ৰোল আৰু ডিজেল ইঞ্জিনযুক্ত ৫০০ নাও চিএনজি ইঞ্জিন যুক্ত কৰাকে ধৰি নমো ঘাটৰ পুনৰ উন্নয়ণৰ প্ৰথমটো পৰ্যায়; পুৰণি কাশীৰ কামেশ্বৰ মহাদেৱ ৱাৰ্ডৰ পুনৰ উন্নয়ণ; হৰহুৱা, দাসেপুৰ গাৱত ৬০০ অধিক ‘ইডব্লিউএছ ফ্লেট’ৰ নিৰ্মাণ; নতুন বিপণন ক্ষেত্ৰ আৰু লহৰতাৰা-চক ঘাট উৰণসেতু; দসাশ্বমেধ ঘাটত পৰ্যটক সেৱাৰ ব্যৱস্থা আৰু বিপণন চৌহদ; আৰু ‘আইপিডিএছ তৃতীয় পৰ্য়ায়’ত সম্পন্ন কৰা ‘৩৩/১১ কেভি বিদ্যুত উপসংমণ্ডল’ স্থাপনকে ধৰি বাৰানসী স্মাৰ্ট চিটী আৰু চহৰ উন্নয়ণ সম্পৰ্কীয় এলানি প্ৰকল্প।

ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰে বহু কেইটা পথ নিৰ্মাণ প্ৰকল্প। ইয়াৰ ভিতৰত আছে ‘বাবেটপুৰ-কাপছেথি-ভদহি পথ’ত চাৰি লেনযুক্ত দলং, কেন্দ্ৰীয় জে’ল ৰোডৰ বৰুণ নৈৰ ওপৰৰ দলং, ‘পিণ্ড্ৰা-কথিৰাওন পথ’ৰ বহলীকৰণ, ‘ফুলপুৰ-সিন্ধৌৰা সংযোগী পথ’ৰ বহলীকৰণ, ৮টা গ্ৰামীণ পথৰ সবলীকৰণ তথা পুনৰ্নিৰ্মাণ, ৭টা ‘পিএমজিএছওৱাই পথ’ আৰু ‘দৰশৌনা-সিন্ধৌৰা পথ’ৰ বহলীকৰণ প্ৰকল্প।

জিলাখনত বহুকেইটা পয়-প্ৰণালী, আৱৰ্জনা নিষ্কাষণ প্ৰকল্প তথা পানী যোগান আঁচনি, আইটিআই, বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত নিৰ্মিত বৈদিক বিজ্ঞান কেন্দ্ৰ, ৰামনগৰত চৰকাৰী কন্যা গৃহও মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে। সেইদৰে তেওঁ ‘ড০ ভীম ৰাও আম্বেডকাৰ ক্ৰীড়া চৌহদ’ত ‘ছীন্থেটিক এথলেটিক ট্ৰেক’ আৰু এখন ‘ছীন্থেটিক বাছকেট বল ক’ৰ্ট’, বাবা লালপুৰ আৰু আন বহুকেইটা আৰক্ষী আৰু অগ্নিনিৰ্বাপণ প্ৰকল্প; সিন্ধৌৰাত আৰক্ষী থানাৰ আবাসিক চৌহদ; হোষ্টেলৰ কোঠা; মিৰ্জামুৰাদ, চোলাপুৰ, জস্না আৰু কাপছেথিত আৰক্ষী  থানা আৰু পিণ্ড্ৰাত নিৰ্মিত এটা অগ্নি নিৰ্বাপণ কেন্দ্ৰও উদ্বোধন কৰে।

ইফালে প্ৰধানমন্ত্ৰীয়ে ১২০০ কোটি টকাৰো অধিক অৰ্থ-মূল্যৰ এলানি উন্নয়ণী প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। এইসমূহ প্ৰকল্প সম্পূৰ্ণ হৈ উটিলে আক্ষৰিক অৰ্থতে সলনি হ’ব অঞ্চলটোৰ সামগ্ৰিক ৰূপৰেখা।

 

***

DS/AK/KB



(Release ID: 1840069) Visitor Counter : 120