প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অন্ধ্ৰ প্ৰদেশৰ ভীমাৱৰমত কিংবদন্তি স্বাধীনতা সেনানী আল্লুৰী সীতাৰামা ৰাজুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আয়োজিত বছৰজোৰা কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে আল্লুৰী সীতাৰামা ৰাজুৰ ৩০ ফুট ওখ প্ৰতিমূৰ্তি

“স্বাধীনতা সংগ্ৰাম কেৱল কেইটামান বছৰৰ, কেতবোৰ অঞ্চলৰ অথবা কিছু সংখ্যক মানুহৰ মাজত সীমাবদ্ধ ইতিহাস নহয়”

“আল্লুৰী সীতাৰামা ৰাজু হৈছে ভাৰতীয় সংস্কৃতি, জনজাতীয় পৰিচয়, বীৰত্ব, আদৰ্শ আৰু মূল্যবোধৰ প্ৰতীক”

“আমাৰ নতুন ভাৰত হ’ব লাগিব আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোনৰ ভাৰতখন। এখন ভাৰত- য’ত থাকিব দুখীয়া-নিচলা, খেতিয়ক, শ্ৰমিক, পিচপৰা, জনজাতীয় সকলোৰে বাবে সম সুযোগ”

“আজি, নতুন ভাৰতত নতুন সুযোগ, পথ, চিন্তা-প্ৰক্ৰিয়া আৰু সম্ভাৱনীয়তা বিদ্যমান, আৰু আমাৰ যুৱ-প্ৰজন্মই এইসমূহ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ গুৰু দায়িত্ব গ্ৰহণ কৰিছে”

“অন্ধ্ৰ প্ৰদেশ হৈছে বীৰ আৰু দেশপ্ৰেমিকৰ জন্মভূমি”

“১৩০ কোটি ভাৰতীয়ই প্ৰতিটো প্ৰত্যাহ্বানকে কয়- ‘শক্তি আছে যদি আমাক ৰখাইতো চা’!”

Posted On: 04 JUL 2022 1:13PM by PIB Guwahati

অন্ধ্ৰ প্ৰদেশৰ ভীমাৱৰমত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি স্বাধীনতা সংগ্ৰামী আল্লুৰী সীতাৰামা ৰাজুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আয়োজিত বছৰ জোৰা কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত অন্ধ্ৰ্ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী বিশ্বভূষণ হৰিশ্চন্দ্ৰন, মুখ্যমন্ত্ৰী শ্ৰী ওৱাই এছ জগনমোহন ৰেড্ডী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষণ ৰেড্ডীও উপস্থিত থাকে।

এই উপলক্ষে সমবেত হোৱা ৰাইজক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয় যে এক সমৃদ্ধ উত্তৰাধিকাৰীত্ব বহণ কৰা পূণ্যভূমি অন্ধ্ৰ প্ৰদেশক প্ৰণিপাত জনোৱাৰ বাবে পোৱা এই সুযোগৰ বাবে তেওঁ নিজকে ধন্য মানিছে। তেওঁ ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’, আল্লুৰী সীতাৰামা ৰাজুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী আৰু ‘ৰাম্পা ক্ৰান্তি’ৰ দৰে ঘটনাৰ কাকতালীয় সংযোগৰ কথা বিশেষ ভাবে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘মান্যম বীৰুডু’ মহান আল্লুৰী সীতাৰামা ৰাজুৰ স্মৃতি সুঁৱৰি প্ৰণিপাত কৰাৰ লগতে দেশৰ হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ মহান স্বাধীনতা সংগ্ৰামীজনৰ পৰিয়ালবৰ্গৰে মিলিত হ’বলৈ পাই আনন্দিত হোৱাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আদিবাসী পৰম্পৰা আৰু অন্ধ্ৰ প্ৰদেশৰ পৰম্পৰাৰে উজ্জীৱিত হোৱা স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰে।

ভাষণ প্ৰসংগত তথ্য দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আল্লুৰী সীতাৰামা ৰাজু গাৰুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী আৰু ‘ৰাম্পা ক্ৰান্তি’ৰ ১০০ বৰ্ষপূৰ্তিৰ কাৰ্যক্ৰম গোটেই বছৰটো জুৰি উদযাপন কৰা হ’ব। তেওঁৰ জন্মস্থান পানড্ৰাংগীৰ পুনৰুদ্ধাৰ, চিন্তাপল্লী আৰক্ষী থানাৰ পুনৰ্নিৰ্মাণ, মোগাল্লুত ‘আল্লুৰী ধ্যান মন্দিৰ’ৰ নিৰ্মাণৰ দৰে কাৰ্যাৱলীক প্ৰধানমন্ত্ৰীয়ে ‘অমৃত মহোত্সৱ’ৰ প্ৰতীক বুলিয়ে অভিহিত কৰে। আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ বাবে দেশে গ্ৰহণ কৰা প্ৰতিজ্ঞাকে আজিৰ অনুষ্ঠানটোৱে প্ৰতিবিম্বিত কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, “স্বাধীনতা সংগ্ৰাম কেৱল কেইটামান বছৰৰ, কেতবোৰ অঞ্চলৰ অথবা কিছু সংখ্যক মানুহৰ মাজত সীমাবদ্ধ ইতিহাস নহয়”। “এই ইতিহাস হৈছে ভাৰতৰ প্ৰতিটো কোণতে সম্পন্ন হোৱা ত্যাগ, দৃঢ়তা আৰু আত্ম-ত্যাগৰ ইতিহাস! আমাৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস হৈছে আমাৰ বৈচিত্ৰ্যতা, সংস্কৃতি আৰু ৰাষ্ট্ৰ হিচাপে আমাৰ একতাৰ প্ৰতীক” বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

 

আল্লুৰী সীতাৰামা ৰাজু হৈছে “ভাৰতীয় সংস্কৃতি, জনজাতীয় পৰিচয়, বীৰত্ব, আদৰ্শ আৰু মূল্যবোধৰ প্ৰতীক” বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সীতাৰামা ৰাজু গাৰুৰ জন্মৰ পৰা তেওঁৰ ত্যাগ, তেওঁৰ জীৱন-যাত্ৰা আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ স্ৰোত স্বৰূপ। তেওঁ জনজাতীয় সমাজৰ অধিকাৰ সাব্যস্তকৰণ, তেওঁলোকৰ সুখ-দুখ আৰু দেশৰ স্বাধীনতাৰ বাবে জীৱন উচৰ্গা কৰিছিল। “আল্লুৰী সীতাৰামা ৰাজুয়ে দেশক একতাৰ এনাজৰীৰে বান্ধি ৰখা ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মন্ত্ৰক প্ৰতিনিদ্ধিত্ব প্ৰদান কৰে” বুলিও প্ৰধনমন্ত্ৰীয়ে মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় আধ্যাত্মিকতাবাদে আল্লুৰী সীতাৰামা ৰাজুক আৰু সহানুভূতি, জনজাতীয় সমাজৰ পৰিচিতি আৰু সমতা, জ্ঞান আৰু সাহসৰ অনুভূতি প্ৰদান কৰিছিল। আল্লুৰী সীতাৰামা ৰাজু আৰু ‘ৰাম্পা ক্ৰান্তি’ত প্ৰাণাহুতি দিয়া সকলৰ যৌৱনকালৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে সেইসকল যোদ্ধাৰ ত্যাগ আনকি আজিও সমগ্ৰ দেশৰ বাবেই শক্তি আৰু অনুপ্ৰেৰণাৰ উত্স হৈ আছে বুলি অভিমত ব্যক্ত কৰে। “স্বাধীনতা সংগ্ৰামক নেতৃত্ব দিছিল এইখন দেশৰ যুৱ-প্ৰজন্মই। দেশৰ উন্নয়ণ সাধান কৰাৰ বাবে আজিৰ প্ৰজন্মৰ যুৱসকল আগবাঢ়ি অহাৰ বাবে আজি উত্তম সুযোগ লাভ কৰিছে” বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, “আজি, নতুন ভাৰতত নতুন সুযোগ, পথ, চিন্তা প্ৰক্ৰিয়া আৰু সম্ভাৱনীয়তা বিদ্যমান, আমাৰ যুৱ-প্ৰজন্মই এইসমূহ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ গুৰু দায়িত্ব গ্ৰহণ কৰিছে”।

“অন্ধ্ৰ প্ৰদেশ হৈছে বীৰ আৰু দেশপ্ৰেমিকৰ জন্মভূমি। এই ডোখৰ ভূমি য’ত স্বাধনীতা বীৰ পিংগলী ভেংকায়াই দেশৰ পতাকাখন প্ৰস্তুত কৰিছিল। এইডোখৰ ভূমি য’ত কানেগণ্টি হণুমন্তু, কান্দুকুৰি বীৰেছালীংগম পণ্টুলু আৰু পট্টি শ্ৰীৰামালু আদিৰ দৰে বীৰে জন্ম গ্ৰহণ কৰিছিল। ‘অমৃত কাল’ত এইসকল স্বাধীনতা সংগ্ৰামীৰ সপোন বাস্তৱায়িত কৰাটো আমাৰ সকলোৰে দায়িত্ব হোৱা উচিত বুলি উল্লেখ কৰি দেশবাসীৰ প্ৰতি আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ নতুন ভাৰত হ’ব লাগিব আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোনৰ ভাৰতখন। এখন ভাৰত- য’ত থাকিব দুখীয়া-নিচলা, খেতিয়ক, শ্ৰমিক, পিচপৰা, জনজাতীয় সকলোৰে বাবে সম সুযোগ। বিগত ৮টা বছৰত চৰকাৰে দেশৰ জনজাতীয়সকলৰ বিকাশৰ বাবে অহৰ্নিশে কাম কৰি আহিছে” বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয়, ব্ৰিটিছৰে যুঁজাৰ সময়ত ‘মান্যম বীৰুডু’ আল্লাৰী সীতাৰামা ৰাজুয়ে ধ্বনি দিছিল ‘শক্তি আছে যদি মোক ৰখাইতো চা’। আজিও দেশে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। সেই একেই সাহসৰেই আজিও ১৩০ কোটি দেশবাসীয়ে, একতা আৰু সামৰ্থ্যৰে প্ৰতিটো প্ৰত্যাহ্বানকে হুংকাৰ দিয়ে ‘শক্তি আছে যদি আমাক ৰখাই চা’, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

 

***

DS/AK/KB



(Release ID: 1839346) Visitor Counter : 113