প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰথযাত্ৰা উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভকামনা

प्रविष्टि तिथि: 01 JUL 2022 9:25AM by PIB Guwahati

ৰথযাত্ৰা উপলক্ষে জনসাধাৰণলৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতীয় সংস্কৃতিত যাত্ৰাৰ গুৰুত্ব সন্দৰ্ভত শেহতীয়া ‘মন কী বাত’ৰ বাবে যুগুতোৱা এটি ভিডিঅ’ও তেওঁ বিতৰণ কৰিছে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“ৰথযাত্ৰাৰ এই বিশেষ উপলক্ষত শুভকামনা জ্ঞাপন কৰিছো। প্ৰভু জগন্নাথৰ নিৰন্তৰ আশীৰ্বাদ বিচাৰি আমি প্ৰাৰ্থনা জনাইছো। আমাৰ সকলোকে সুস্বাস্থ্য আৰু আনন্দৰে জীৱন অতিবাহিত কৰাৰ বাবে শক্তি প্ৰদান কৰিব।

শেহতীয়া #মন কী বাত’ত ‘যাত্ৰা’ আৰু ‘ৰথযাত্ৰা’ৰ আমাৰ সংস্কৃতিত থকা গুৰুত্ব সম্পৰ্কে মই কি কৈছিলো সেয়া আপোনালোকলৈ প্ৰেৰণ কৰিছো”।

 

***

DS/ST/KB


(रिलीज़ आईडी: 1839071) आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam