প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মুম্বাইৰ ৰাজ ভৱনত জল ভূষণ ভৱন আৰু বিপ্লৱী বীৰসকলৰ গেলাৰী উদ্বোধন প্ৰধানমন্ত্ৰীৰ


“মহাৰাষ্ট্ৰত আছে জগতগুৰু শ্ৰী সন্ত টুকাৰম মহাৰাজৰ পৰা বাবাছাহেব আম্বেদকাৰলৈকে সমাজ সংস্কাৰকৰ অতি চহকী উত্তৰাধিকাৰী”

“ভাৰতৰ স্বাধীনতাত অগণন লোকৰ ‘তপস্যা’ জড়িত হৈ থকাৰ বিপৰীতে স্বাধীনতা সংগ্ৰামক কোনো এটা ঘটনাতে সীমাবদ্ধ কৰাৰ প্ৰৱণতা আছে”

“স্বাধীনতা আন্দোলনৰ ‘স্থানীয়ৰ পৰা বিশ্বজোৰা’ মনোভাৱেই আমাৰ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ শক্তি”

“একবিংশ শতিকাত মহাৰাষ্ট্ৰৰ বহু চহৰ দেশৰ বিকাশৰ কেন্দ্ৰত পৰিণত হ’ব”

Posted On: 14 JUN 2022 6:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ ৰাজ ভৱনত জল ভূষণ ভৱন আৰু বিপ্লৱী বীৰসকলৰ গেলাৰী উদ্বোধন কৰে। এই উপলক্ষে অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশিয়াৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী উদ্ধৱ থাকৰে উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে আজি বট পূৰ্ণিমা আৰু কবীৰ জয়ন্তীৰ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনায়। সমাৱেশত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে মহাৰাষ্ট্ৰই দেশক বহু ক্ষেত্ৰত অনুপ্ৰাণিত কৰিছে। তেওঁ লগতে কয় যে জগতগুৰু শ্ৰী সন্ত টুকাৰম মহাৰাজৰ পৰা বাবাছাহেব আম্বেদকাৰলৈকে সমাজ সংস্কাৰকসকলৰ এক অতি চহকী উত্তৰাধিকাৰী আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে মহাৰাষ্ট্ৰৰ পৰা সন্ত সন্ত জ্ঞানেশ্বৰ মহাৰাজ, সন্ত নামদেৱ, সন্ত ৰামদাস, আৰু সন্ত চোখামেলাই দেশত শক্তিৰ সঞ্চাৰ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে যদি আমি স্বৰাজ্যৰ কথা কওঁ, তেন্তে ছত্ৰপতি শিৱাজী মহাৰাজ আৰু ছাত্রপতি সম্ভাজী মহাৰাজৰ জীৱনে আজিও প্ৰতিজন ভাৰতীয়ৰ মাজত দেশপ্ৰেমৰ ভাৱ শক্তিশালী কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাজভৱনৰ স্থাপত্যত প্ৰাচীন মূল্যবোধ আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতিসমূহ অন্তৰ্ভুক্ত কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজভৱনক লোকভৱনলৈ ৰূপান্তৰিত কৰাৰ মনোভাৱক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে জ্ঞাত বা অজ্ঞাতে আমি ভাৰতৰ স্বাধীনতা কেইটামান ঘটনাতে সীমাবদ্ধ কৰি ৰাখিছো৷ ভাৰতৰ স্বাধীনতাত অগণন লোকৰ ‘তপস্যা’ জড়িত হৈ আছিল আৰু স্থানীয় পৰ্যায়ত বহু ঘটনাৰ সামূহিক প্ৰভাৱ আছিল ৰাষ্ট্ৰীয়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে মাধ্যম বেলেগ আছিল যদিও সংকল্প একেই আছিল৷ তেওঁ উল্লেখ কৰে যে সামাজিক, পাৰিবাৰিক বা মতাদৰ্শগত ভূমিকা যিয়েই নহওক কিয়, আন্দোলনৰ স্থান, সেয়া দেশৰ ভিতৰতেই হওক বা বিদেশতেই হওক, লক্ষ্য আছিল এক-ভাৰতৰ সম্পূৰ্ণ স্বাধীনতা। প্ৰধানমন্ত্ৰীয়ে বাল গংগাধৰ তিলক, চাপেকাৰ ভাতৃদ্বয়, বাসুদেৱ বলৱন্ত ফদক আৰু মেডাম ভিকাইজী কামাৰ বহু অমূল্য অৱদানক স্মৰণ কৰে। তেওঁ লগতে উল্লেখ কৰে যে স্বাধীনতা সংগ্ৰামখন স্থানীয়ভাৱেও বিশ্বজুৰি বিস্তৃত হৈ আছে। তেওঁ স্বাধীনতা সংগ্ৰামৰ বিশ্বজোৰা পৰিসৰৰ উদাহৰণ হিচাপে গদৰ পাৰ্টি, নেতাজী নেতৃত্বাধীন আজাদ হিন্দ ফৌজ আৰু শ্যামজী কৃষ্ণ বৰ্মাৰ ইণ্ডিয়া হাউছ আদিৰ কথা উল্লেখ কৰে। “স্থানীয়ৰ পৰা বিশ্বজোৰা এই মনোভাৱেই আমাৰ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ আধাৰ”, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দীৰ্ঘদিন ধৰি অতি উদাসীনতা অব্যাহত আছিল। তেওঁ পুনৰ উল্লেখ কৰে যে মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বৰ্মাৰ মৃতদেহ ভাৰতত পাবলৈ কিয় ইমান দি অপেক্ষা কৰিব লগীয়া হৈছিল, যেতিয়ালৈকে শ্ৰী মোদীয়ে ভাৰতলৈ ঘূৰাই অনা নাছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে মুম্বাই সপোনৰ চহৰ, অৱশ্যে মহাৰাষ্ট্ৰত এনে বহু চহৰ আছে, যিবোৰ একবিংশ শতিকাত দেশৰ বিকাশৰ কেন্দ্ৰত পৰিণত হ’ব৷ এই চিন্তাৰে এফালে মুম্বাইৰ আন্তঃগাঁথনি আধুনিকীকৰণ কৰা হৈছে আৰু একে সময়তে আন চহৰসমূহতো আধুনিক সা-সুবিধা বৃদ্ধি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে৷।

প্ৰধানমন্ত্ৰীয়ে সকলোকে নিশ্চিত কৰি কয় যে তেওঁলোকৰ ভূমিকা যিয়েই নহওক কিয়, তেওঁলোকে ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি শক্তিশালী কৰাৰ লক্ষ্য লোৱা উচিত আৰু ৰাষ্ট্ৰীয় উন্নয়নত সকলোৰে প্ৰয়াসৰ প্ৰতি তেওঁ পুনৰবাৰ সহযোগিতা বিচাৰে।

জল ভূষণ ১৮৮৫ চনৰ পৰা মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ চৰকাৰী বাসভৱন হিচাপে পৰিগণিত হৈছে। ইয়াৰ আয়ুস উকলি যোৱাৰ লগে লগে ইয়াক ভাঙি পেলোৱা হয় আৰু তাৰ ঠাইত নতুন ভৱন এটা নিৰ্মাণত অনুমোদন দিয়া হয়। ২০১৯ চনৰ আগষ্ট মাহত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিয়ে নতুন ভৱনটোৰ আধাৰশিলা স্থাপন কৰিছিল। পুৰণি ভৱনটোৰ সকলো স্বকীয় বৈশিষ্ট্য নৱনিৰ্মিত ভৱনটোত সংৰক্ষিত কৰা হৈছে। ২০১৬ চনত মহাৰাষ্ট্ৰৰ তদানীন্তন ৰাজ্যপাল শ্ৰী বিদ্যাসাগৰ ৰাৱে ৰাজভৱনত এটা বাংকাৰ বিচাৰি পাইছিল। ইয়াৰ পূৰ্বে ব্ৰিটিছসকলে ইয়াক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ গোপন ভাণ্ডাৰ হিচাপে ব্যৱহাৰ কৰিছিল। ২০১৯ চনত এই বাংকাৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল।মহাৰাষ্ট্ৰৰ স্বাধীনতা সংগ্ৰামী আৰু বিপ্লৱীসকলৰ অৱদানৰ স্মৃতিত এই গেলাৰীটোক এক ধৰণৰ সংগ্ৰহালয় হিচাপে গঢ়ি তোলা হৈছে। ইয়াত বাসুদেৱ বলৱন্ত ফডকে, চাফেকাৰ ভাতৃদ্বয়, ছাৱাৰকাৰ ভাতৃদ্বয়, মেডাম ভিকাজী কামা, ভি বি গোগেট, ১৯৪৬ চনত নৌসেনা বিদ্ৰোহ আদিৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে।

***

DS/AK/DB



(Release ID: 1837138) Visitor Counter : 74