প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৪৪ সংখ্যক ‘দবা অলিম্পিয়াড’-ৰ ঐতিহাসিক ‘সংকল্প শিখা লৈ কৰা যাত্ৰা’ৰ শুভাৰম্ভ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰথম বাৰৰ বাবে ভাৰতে অনুষ্ঠিত কৰিব ‘দবা অলিম্পিয়াড’

কুশল নেতৃত্ব বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনালে ‘ফিডে’-ৰ অধ্যক্ষই

“এয়া কেৱল ভাৰতৰ বাবেই সন্মানৰ কথা নহয়, বৰং এয়া দবা-ৰ গৌৰৱশালী ঐতিহ্যৰ বাবেও সন্মান”

“এইবেলি ভাৰতে পদক আহৰণৰ ক্ষেত্ৰতো নতুন অভিলেখ ৰচনা কৰিব বুলি মই কামনা কৰিছো”

“যদি উপযুক্ত সহযোগিতা আৰু উপযুক্ত বাতাবৰণ আগবঢ়োৱা যায় তেন্তে আনকি দুৰ্বলজনৰ বাবেও কোনো লক্ষ্যই অসম্ভৱ হৈ নৰয়”

“ভাৰতৰ দূৰদৃষ্টি সম্পন্ন ক্ৰীড়া নীতি আৰু ‘টাৰ্গেট অলিম্পিক প’ডিয়াম স্কিম’(টপছ)ৰ দৰে আঁচনিয়ে ফল দিবলৈ আৰম্ভ কৰিছে”

“আগতে যুৱক-যুৱতীসকলে উপযুক্ত মঞ্চ এখনৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল। আজিৰ তাৰিখত ‘খেলো ইণ্ডিয়া অভিযান’ৰ অধীনত দেশে বিচাৰি উলিয়াই গঢ় দিছে এইসমূহ প্ৰতিভাক”

“উদ্বিগ্নতা বা ছাপশূণ্য হৈ আপোনালোকৰ এশ শতাংশ উচৰ্গা কৰক”

Posted On: 19 JUN 2022 6:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত ৪৪সংখ্যক ‘দবা অলিম্পিয়াড’ৰ ঐতিহাসিক ‘সংকল্প শিখা যাত্ৰা’(টৰ্চ ৰিলে)ৰ শুভাৰম্ভ ঘোষণা কৰে। ‘ফিডে’(আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচন)-ৰ অধ্যক্ষ আৰ্কেডী ডিভৰ্কভিচে আনুষ্ঠানিক ভাবে প্ৰধানমন্ত্ৰীৰ হাতত শিখা অৰ্পণ কৰাৰ পিচত তেওঁ গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দক এই শিখা অৰ্পণ কৰে। চেন্নাইৰ সমীপবৰ্তি মহাবলীপুৰমত আনুষ্ঠানিক ভাবে সামৰণি পৰাৰ আগতে এই শিখা সমদলে আগন্তুক ৪০ দিনত ৭৫খন মহানগৰ পৰিভ্ৰমণ কৰিব। প্ৰতিখন মহানগৰীতে দবাৰ ৰাজ্যিক গ্ৰেণ্ডমাষ্টাৰগৰাকীয়ে এই শিখা গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়েও ‘খেলো চেছ’ আনুষ্ঠানিক পদযাত্ৰাত ভাগ লয়, তেওঁক অনুসৰণ কৰে  শ্ৰীমতী কনেৰু হাম্পীয়ে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু শ্ৰী নীতীশ প্ৰামানিক আৰু দবা খেলুৱৈ, অনুৰাগী, বাৰ্তাবাহক, দবা সংস্থাৰ বিষববীয়াসকল উপস্থিত থাকে।

‘ফিডে’ৰ অধ্যক্ষ আৰ্কেডী ডিভৰ্কভিচে শিখা সমদলৰ এক নতুন পৰম্পৰা আৰম্ভ কৰাৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে এই সমদলে খেলবিধক অধিক জনপ্ৰিয় কৰি তোলাৰ উপৰি সমগ্ৰ পৃথিৱীকে অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বয়ং উপস্থিতিৰে আমাক সন্মানিত কৰাৰ বাবে ফিডেই কৃতজ্ঞতা জ্ঞাপন কৰিছো”। দবা খেলৰ মহত্ব প্ৰকাশ কৰাৰ লগতে ক্ৰীড়া আৰু শিক্ষাৰ সমন্বয়ত জীৱনে সাফল্যৰ পথত আগাঢ়িব যে পাৰে সেই কথা প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে ২০১০ চনত একেটা স্থানতে সৰ্বাধিক সংখ্যক খেলুৱৈয়ে দবা খেলা এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ স্মৃতিও ৰেমন্থন কৰে। ‘ফিডে’ৰ অধ্যক্ষগৰাকীয়ে ভাৰতৰ লগতে পৃথিৱীৰ সকলো বিদ্যালয়ৰ পাঠ্যক্ৰমতে দবা খেল অন্তৰ্ভুক্ত হোৱাটো কামনা কৰে। তেওঁ কয়, “আজিৰ তাৰিখত ভাৰত হৈছে সবাতোকৈ দ্ৰুত গতিৰে আগবঢ়া দবা খেলৰ দেশ আৰু ইয়াকে লৈ আপোনালোকে গৌৰৱ কৰাৰ সকলো প্ৰাসংগিকতা আছে। আমি আপোনাৰ নেতৃত্ব আৰু দবা খেলৰ বাবে আপুনি সম্পাদন কৰা সকলো কামৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো”।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, আজি ভাৰতৰ পৰা দবা অলিম্পিয়াড গেমছৰ বাবে প্ৰথম শিখা সমদল আৰম্ভ হৈছে। এই বছৰ, প্ৰথমবাৰৰ বাবে, ভাৰতে দবা অলিম্পিয়াডৰ আয়োজন কৰিছে। আমি গৌৰৱান্বিত যে ইয়াৰ উত্পত্তিস্থলৰ পৰা ওলাই গৈ এই ক্ৰীড়াই সমগ্ৰ পৃথিৱীতে এক ছাপ পেলাইছে। ই এতিয়া বহুতো দেশৰ বাবে এক আবেগত পৰিণত হৈছে”। তেওঁ আৰু কয়, “আমি আনন্দিত যে দবাক আকৌ এবাৰ ইয়াৰ মূল স্থানত এক বিশাল আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান হিচাপে উদযাপন কৰা হৈছে। 'চতুৰংগ'ৰ ৰূপত, এই ক্ৰীড়াই বহু শতিকা পূৰ্বে ভাৰতৰ পৰা সমগ্ৰ বিশ্ব ভ্ৰমণ কৰিছিল। আজি, প্ৰথম দবা অলিম্পিয়াডৰ শিখাও ভাৰতৰ পৰা আৰম্ভ হৈছে। আজি যেতিয়া ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি আছে আৰু 'অমৃত মহোৎসৱ' উদযাপন কৰিছে, দবা অলিম্পিয়াডৰ এই শিখাই দেশৰ ৭৫ খন চহৰলৈ ভ্ৰমণ কৰিব। ফিডে’ৰ এটা সিদ্ধান্তত মই অত্যন্ত আনন্দিত। সংস্থাটোৱে সিদ্ধান্ত লৈছে যে প্ৰতিটো দবা অলিম্পিয়াড গেমছৰ বাবে সংকল্প শিখাৰ যাত্ৰা ভাৰতৰ পৰাই আৰম্ভ হ'ব। এয়া কেৱল ভাৰতৰ বাবেই নহয়, 'দবা'ৰ এই গৌৰৱময় ঐতিহ্যৰ বাবেও এক সন্মান। ইয়াৰ বাবে ফিডে আৰু ইয়াৰ সকলো বিষয়ববীয়াৰ মই শলাগ লৈছো”।

দবাৰ ঐতিহ্য সন্দৰ্ভত মন্তব্য কৰবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ পূৰ্বপুৰুষসকলে বিশ্লেষণাত্মক আৰু সমস্যা সমাধানকাৰী মগজুৰ বাবে ‘চতুৰংগ’ বা দবাৰ দৰে খেলৰ উদ্ভাৱন কৰিছিল। ভাৰতৰ জৰিয়তে দবা বিশ্বৰ বহু দেশলৈ গৈছিল আৰু অতি জনপ্ৰিয় হৈ উঠিছিল। আজি যুৱক-যুৱতীসকলৰ বাবে বিদ্যালয়সমূহত দবাকো শিক্ষাৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰা হৈছে। যোৱা বছৰ চেৰেকত ভাৰতে দবা খেলত নিৰন্তৰভাৱে ইয়াৰ প্ৰদৰ্শন উন্নত কৰিছে। এইবাৰ সৰ্বাধিক সংখ্যক খেলুৱৈয়ে দবা অলিম্পিয়াডত অংশগ্ৰহণ কৰিছে। সেয়েহে, মই আশা কৰোঁ যে এইবাৰ ভাৰতে পদকৰ বাবে এক নতুন অভিলেখ গঢ়িব”।

প্ৰধানমন্ত্ৰীয়ে কয়, “দবা আৰু ইয়াৰ নিয়মৰ আঁৰত লুকাই থকা আত্মাৰ গভীৰ অৰ্থ আছে। উদাহৰণ স্বৰূপে, দবাখেলৰ প্ৰতিটো গুটিৰে নিজাববীয়াকৈ অনন্য শক্তি আৰু সামৰ্থ্য আছে। যদি গুটিটো সঠিক ভাবে চলোৱা হয়, তেনেহ'লে ই অতি শক্তিশালী হৈ উঠে! আনকি "আটাইতকৈ দুৰ্বল" বুলি গণ্য কৰা গুটিটোৱে দিয়া চালচোও আটাইতকৈ শক্তিশালী বুলি পৰিগণিত হ'ব পাৰে। দবা ব’ৰ্ডৰ এই বৈশিষ্ট্যটোৱে আমাক জীৱনৰ এটা ডাঙৰ বাৰ্তা প্ৰদান কৰে। সঠিক সমৰ্থন আৰু সঠিক পৰিৱেশৰ পৰিপ্ৰেক্ষিতত, দুৰ্বল লোকৰ বাবেও কোনো লক্ষ্য অসম্ভৱ নহ'ব”।

দবা খেলে শিকোৱা আৰু এটা পাঠৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “দবা খেলৰ আন এটা মহান বৈশিষ্ট্য আছে অৰ্থাৎ ‘ভিজন’। দবাই আমাক শিকায় যে যিজনে হ্ৰস্বম্যাদী সফলতাৰ পৰিৱৰ্তে দীৰ্ঘম্যাদী পৰিকল্পনাৰে সফলতা আহৰণৰ পদক্ষেপ গ্ৰহণ কৰে তেওঁ প্ৰকৃত সফলতা অৰ্জন কৰে। ক্ৰীড়া সম্পৰ্কীয় নীতিৰ কথা ক'লে, আমাৰ ওচৰত ‘TOPS’ অৰ্থাৎ ‘টাৰ্গেট অলিম্পিক প’ডিয়াম স্কিম’ আৰু ‘খেলো ইণ্ডিয়া’ আছে আৰু আমি ইয়াৰ আশ্চৰ্যজনক ফলাফল দেখিছো”।

“যোৱা কেইবছৰমানত, আমি অলিম্পিক, পেৰালিম্পিক আৰু ডেফলিম্পিক্সৰ দৰে মুখ্য গোলকীয় ক্ৰীড়া প্ৰতিযোগিতা দেখিছোঁ। ভাৰতৰ খেলুৱৈসকলে এই সকলো বোৰ ইভেণ্টত সুন্দৰ প্ৰদৰ্শন কৰিছে, পুৰণি অভিলেখ ভংগ কৰিছে আৰু নতুন অভিলেখ সৃষ্টি কৰিছে। টকিঅ' অলিম্পিকত, আমি প্ৰথমবাৰৰ বাবে 7 টা পদক জিকিছিলো আৰু পেৰালিম্পিকত প্ৰথমবাৰৰ বাবে আমি 19 টা পদক জিকিছিলো! শেহতীয়াকৈ, ভাৰতে আৰু এটা সফলতা অৰ্জন কৰিছে। আমি সাত দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে থমাছ কাপ জিকিছো”।

“যেতিয়া প্ৰতিভা এটাই উপযুক্ত সুযোগ পায়, তেতিয়া সফলতাই নিজেই ইয়াক আকৰ্ষিত কৰে। আৰু আমাৰ দেশত প্ৰতিভাৰ কোনো অভাৱ নাই। দেশৰ যুৱ প্ৰজন্মৰ সাহস, নিষ্ঠা আৰু সামৰ্থ্যৰ অভাৱ নাই। ইয়াৰ আগতে, আমাৰ যুৱক-যুৱতীসকলে উপযুক্ত মঞ্চৰ বাবে অপেক্ষা কৰিব লগা হৈছিল কিন্তু এতিয়া 'খেলো ইণ্ডিয়া' আঁচনিৰ অধীনত, দেশে নিজেই সেই প্ৰতিভা বিচাৰি উলিয়াই তেওঁলোকক গঢ় দিবলৈ লৈছে। ‘খেলো ইণ্ডিয়া আঁচনি’ৰ জৰিয়তে দূৰৱৰ্তী অঞ্চল, গাওঁ আৰু জনজাতীয় অধ্যুষিত অঞ্চলৰ পৰা হাজাৰ হাজাৰ যুৱক-যুৱতীক বাছনি কৰা হৈছে। বিভিন্ন ৰাজ্য আৰু জিলাত, আধুনিক ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত, অন্যান্য বিষয়ৰ দৰে ক্ৰীড়াকো অগ্ৰাধিকাৰ দিয়া হৈছে। ক্ৰীড়াক্ষেত্ৰত, যুৱসকলে খেলৰ উপৰিও নতুন সুযোগ লাভ কৰিছে। ক্ৰীড়া বিজ্ঞান, ক্ৰীড়া ফিজিঅ', ক্ৰীড়া গৱেষণা আদিৰ দৰে নতুন শাখা যোগ দিয়া হৈছে। দেশত কেইবাখনো ক্ৰীড়া বিশ্ববিদ্যালয় খোলা হৈছে যাতে তেওঁলোকে কেৰিয়াৰ গঢ়িব পাৰে”।

“যেতিয়া এজন খেলুৱৈ খেলপথাৰলৈ যায়, বা চেচবোৰ্ড বা টেবুলৰ সন্মুখত বহে, তেতিয়া খেলুৱৈজনে নিজৰ বিজয়ৰ বিষয়ে নাভাবে। বৰঞ্চ খেলুৱৈজনে দেশৰ হৈ খেলে। এইটো একেবাৰে স্বাভাৱিক যে কোটি কোটি লোকৰ আশা-আকাংক্ষাৰ চাপ খেলুৱৈজনৰ ওপৰত থাকিব। কিন্তু আপুনি এইটো মনত ৰাখিব লাগিব যাতে দেশখনে আপোনাৰ দ্বাৰা কৰা সমৰ্পণ আৰু শ্ৰম বুজি পায়। আপুনি আপোনাৰ ১০০% দিব লাগিব কিন্তু চাপ ০% হ'ব লাগিব - অৰ্থাৎ যিকোনো টেনচনৰ পৰা মুক্ত। যেনেকৈ বিজয় খেলৰ এটা অংশ, একেদৰে, জয়ৰ বাবে পৰিশ্ৰম কৰাটোও খেলৰ এটা অংশ। দবা খেলত, এটা সাধাৰণ ভুলে খেলখন সলনি কৰিব পাৰে। কিন্তু আপুনি আপোনাৰ মনৰ খেলৰ দ্বাৰা মেজখন ঘূৰাই দিব পাৰে। সেয়েহে, এই খেলত আপুনি আপোনাৰ মন যিমানে নিয়ন্ত্ৰণত ৰাখিব আৰু শান্ত হ'ব, আপুনি সিমানেই ভাল প্ৰদৰ্শন কৰিব। যোগ আৰু ধ্যানে আপোনাক এই খেলত যথেষ্ট সহায় কৰিব পাৰে। পৰহিলৈ অৰ্থাৎ ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস। মই বিচাৰোঁ যে আপোনালোকে যোগক আপোনালোকৰ দৈনন্দিন জীৱনৰ এটা অংশ কৰি তুলিব আৰু যোগ দিৱসৰ বিষয়ে ব্যাপক প্ৰচাৰ কৰক। এনে কৰাৰ দ্বাৰা, আপোনালোকে কোটি কোটি লোকক পথ দেখুৱাবলৈ সক্ষম হ'ব”।

অহা ২৮ জুলাই,২০২২ৰ পৰা ১০ আগষ্টলৈকে চেন্নাইৰ মহাবলীপুৰমত ৪৪ সংখ্যক ‘দবা অলিম্পিয়াড’ অনুষ্ঠিত হব। এই প্ৰথম বাৰৰ বাবে ভাৰত আৰু ৩০ বছৰৰ পিচত এচীয়াত অনুষ্ঠিত কৰিব খোজা এই সন্মানীয় প্ৰতিযোগিতাখন ১৯২৭ চনৰ পৰাই অনুষ্ঠিত কৰি অহা হৈছে। এই সৰ্বাদিক দেশ অংশগ্ৰহণ কৰা এইবেলিৰ দবা অলিম্পিয়াত মুঠ ১৮৯খন দেশে অংশগ্ৰহণ কৰিব।

 

***

DS/KB



(Release ID: 1836428) Visitor Counter : 236