প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী ৰাম বাহাদুৰ ৰাইৰ গ্ৰন্থ উন্মোচনী সভাত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 18 JUN 2022 9:57PM by PIB Guwahati

নমস্কাৰ!

আমাৰ দেশত সৰ্ব সাধাৰণ জনতাক প্ৰেৰণা দিয়াৰ বাবে ঋষিসকলে মন্ত্ৰ দিছিল- ‘চৰৈৱতি- চৈৰৱতি’!

এগৰাকী সাংবাদিকৰ বাবেতো এই মন্ত্ৰ, নতুন চিন্তাৰ অন্বেষণ আৰু সমাজৰ সন্মুখলৈ কিবা নতুন অনাৰ বাবে বহণ কৰা আগ্ৰহ, এয়াইতো তেওঁৰ সহজাত অনুশীলন। মোৰ ভাল লাগিছে যে ৰামবাহাদুৰ ৰাই জীয়ে যেনে দৰে তেওঁৰ দীঘলীয়া জীৱন যাত্ৰাত এই সাধানতে ব্ৰতী হৈ আহিছিল, আজি তেওঁৰ আৰু এক সফলতা আমি দেখিবলৈ পাইছো। মই আশা কৰিম যে ‘ভাৰতীয় সংবিধান-অনকহী কহানী’, নামৰ আপোনাৰ এই গ্ৰন্থখনে নিজৰ শিৰোনামক চৰিতাৰ্থ কৰিব আৰু দেশৰ সন্মুখত সংবিধানক আৰু ব্যাপক ৰূপত উপস্থাপন কৰাত সফল হ’ব। মই এই অভিনৱ প্ৰয়াসৰ বাবে ৰামবাহাদুৰ ৰাই জীক, আৰু গ্ৰন্থখনৰ প্ৰকাশনৰে সৈতে জড়িত সকলো লোককে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

বন্ধুসকল,

আপোনালোক সকলোৱেই দেশৰ বৌদ্ধিক বৰ্গক প্ৰতিনিধিত্ব কৰা লোক। আপোনালোকে গ্ৰন্থখনিৰ উন্মোচনৰ বাবে এই বিশেষ দিনটো নিৰ্বাচন কৰাটো নিতান্তই স্বাভাৱিক। এয়া স্বাধীনতাৰ অমৃত মহোত্সৱৰ সময়। আজিৰ দিনটো অৰ্থাত্ ১৮ জুন তাৰিখতে তদানীন্তন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ জীয়ে মূল সংবিধানৰ প্ৰথমটো সংশোধনত স্বাক্ষৰ দান কৰিছিল। অৰ্থাত্, আজিৰ দিনটো আমাৰ সংবিধানৰ গণতান্ত্ৰিক গতিশীলতাৰ প্ৰথমটো দিন। আৰু, আজিৰ দিনটোতে আমি সংবিধানখনক এক বিশেষ দৃষ্টিৰে চাব খোজা এই গ্ৰন্থখন উন্মোচন কৰিছো। এয়াই আমাৰ সংবিধানৰ সকলোতকৈ ডাঙৰ শক্তি, যিয়ে আমাক চিন্তাৰ বিবিধতা আৰু তথ্য-সত্যৰ অন্বেষণৰ বাবে প্ৰেৰণা দিয়ে।

বন্ধুসকল,

আমাৰ সংবিধানখন স্বাধীন ভাৰতৰ এনে পৰিকল্পনাৰ ৰূপত আমাৰ সন্মুখলৈ আহিছিল যিয়ে দেশৰ বহুবোৰ প্ৰজন্মৰ সপোনক বাস্তৱায়িত কৰিব পাৰে। সংবিধান যুগুতোৱাৰ বাবে সংবিধান সভাৰ প্ৰথমখন বৈঠক ১৯৪৬ চনৰ ৯ ডিচেম্বৰত অনুষ্ঠিত হৈছিল। অৰ্থাত্, স্বাধীনতাৰো কেবা মাহো আগতে! এই বৈঠকৰ নেপথ্যত এটা ডাঙৰ ঐতিহাসিক প্ৰসংগিকতা আছিল, সময় আৰু পৰিস্থিতি আছিল! আপোনালোক সকলোৱেই ইতিহাস আৰু সংবিধানৰ বিষয়ে অভিজ্ঞ লোক সেয়ে, আপোনালোকে সেই বিষয়ে বাৰুকৈয়ে জানিব। কিন্তু মই ইয়াৰ নেপথ্যত এক ভাৱনাত্মক দিশো আছে বুলি অনুভৱ কৰিছো। অনিশ্চয়তাৰে ভৰা সেই কালখণ্ড, বহু প্ৰত্যাহ্বানৰে যুঁজি থকা আমাৰ স্বতন্ত্ৰতা আন্দোলন, কিন্তু, তথাপিও আমাৰ দেশৰ আত্মবিশ্বাস কিমান দৃঢ় আছিল যে নিজৰ স্বাধীনতা, স্বৰাজক লৈ সম্পূৰ্ণ ভৰসা আছিল। স্বাধীনতা লাভৰ ইমান দিন আগতেই দেশে স্বাধীনতাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি দিছিল, নিজৰ সংবিধানৰ ৰূপৰেখা তৈয়াৰ কৰাৰ বাবে চিন্তা-চৰ্চা আৰম্ভ কৰি দিছিল। এই কথাই ইয়াকো প্ৰতিপন্ন কৰে যে ভাৰতৰ সংবিধান কেৱল এখন গ্ৰন্থই নহয়, ই এক বিচাৰ, এক নিষ্ঠা, স্বতন্ত্ৰতাৰ এক বিশ্বাসো হয়।

বন্ধুসকল,

স্বাধনীতাৰ অমৃত মহোত্সৱত দেশে আজি স্বতন্ত্ৰতা আন্দোলনৰ বহু অকথিত অধ্যায়ক সন্মুখলৈ অনাৰ বাবে সমূহীয়া প্ৰয়াস অব্যাহত ৰাখিছে। যিসকল সংগ্ৰামী জীৱনৰ সৰ্বস্ব সমৰ্পিত কৰাৰ পিচতো বিস্মৃত হৈয়ে থাকি যাবলগীয়া হ’ল, যিবোৰ ঘটনাক স্বাধীনতাৰ যুঁজক নতুন মোৰ দিয়াৰ পিচতে পাহৰি পেলোৱা হ’ল, আৰু যিবোৰ চিন্তা স্বাধীনতাৰ যুঁজক শক্তি প্ৰদান কৰাৰ পিচতো স্বাধীনতা লাভৰ পিচত আমাৰ সংকল্পৰ পৰা আঁতৰি গ’ল, দেশে আজি সেইসমূহকো পুনৰাই এডাল সূতাৰে বান্ধিব খুজিছে, যাতে ভৱিষ্যতৰ ভাৰতত অতীতৰ চেতনা আৰু শক্তিশালী হ’ব পাৰে। সেয়ে, আজি দেশৰ যুৱক-যুৱতীসকলে অকথিত ইতিহাসৰ বিষয়ে গৱেষণা কৰি আছে, গ্ৰন্থ প্ৰণয়ন কৰি আছে। অমৃত মহোত্সৱৰ সময়ছোৱাত অনেক কাৰ্যক্ৰমৰ আয়োজন কৰা হৈছে। ‘ভাৰতীয় সংবিধান-অনকহী কহানী’ শীৰ্ষক গ্ৰন্থখনে দেশৰ এই অভিযানক এক নতুন শক্তি দিয়াৰ কাম কৰিব। স্বাধীনতাৰ ইতিহাসৰ সৈতে আমাৰ সংবিধানৰ অকথিত অধ্যায়সমূহে দেশৰ যুৱ-প্ৰজন্মক এক নতুন চেতনা প্ৰদান কৰিব, তেওঁলোকৰ চৰ্চাক আৰু ব্যাপক কৰি তুলিব। ৰামবাহাদুৰ জীয়ে তেওঁৰ এই গ্ৰন্থখনৰ এটি প্ৰতিলিপি মোলৈ বহু দিনৰ আগতে পঠাইছিল। মই গ্ৰন্থখনৰ কেইটামান পৃষ্ঠা মেলি চাই থাকোতেই বহুকেইটা মনোগ্ৰাহী কথা আৰু চিন্তাৰ উমান পাইছিলো। যেনে, এঠাইত আপুনি লিখিছে যে-

ভাৰতৰ সংবিধানৰ ইতিহাসক স্বাধীনতা সংগ্ৰামৰ লুপ্তধাৰা হিচাপে গণ্য কৰা হৈছে। কিন্তু এয়া নহয়। সংবিধানৰে পৰিচিত হোৱাটো প্ৰতিগৰাকী নাগৰিকৰে কৰ্তব্য। গ্ৰন্থখনৰ আৰম্ভণীতে আপুনি এই বুলিও লিখিছে যে সংবিধানখনক লৈ আপোনাৰ আগ্ৰহ জৰুৰীকালীন পৰিস্থিতিত জাগৃত হ’বলৈ ধৰিছিল, যেতিয়া আপোনাক সীসাত জে’লত আবদ্ধ কৰা হৈছিল। অৰ্থাত্, সংবিধানে আপোনাক আপোনাৰ অধিকাৰৰে পৰিচিত কৰাইছিল, আৰু যেতিয়া আপুনি ইয়াক গভীৰ ভাবে অধ্যয়ন কৰিবলৈ ল’লে তেতিয়া সংবিধানৰ জ্ঞানৰ পৰিচিতি নাগৰিকৰ কৰ্তব্যৰ ৰূপত কৰিবলৈ ল’লে। অধিকাৰ আৰু কৰ্তব্যৰ এই তাল-মিলেইতো আমাৰ সংবিধানক ইমান বিশেষত্ব প্ৰদান কৰিছে। আমাৰ যদি অধিকাৰ আছে, তেন্তে কৰ্তব্যও আছে, আৰু কৰ্তব্য আছে বাবেইতো অধিকাৰো সিমানেই মজবুত হয়। সেয়ে, স্বাধীনতাৰ অমৃত কালত আজি দেশে কৰ্তব্য বোধৰ কথা ক’বলৈ লৈছে, কৰ্তব্যৰ প্ৰসংগত ইমান জোৰ দিবলৈ ধৰিছে।

বন্ধুসকল,

আমি যেতিয়া কোনো নতুন সংকল্প গ্ৰহণ কৰি আগবাঢ়ো তেতিয়া আমাৰ অভিজ্ঞতাই আমাৰ সজাগতাৰ ৰূপ ধাৰণ কৰে। সেয়ে, এখন ৰাষ্ট্ৰৰ ৰূপত আমি সংবিধানক যিমান গভীৰ ভাবে হৃদয়ংগম কৰিব পাৰিম সিমানেই বিস্তৃত ভাবে আমি সংবিধানৰ সামৰ্থ্যক ব্যৱহাৰ কৰিব পাৰিম। আমাৰ সংবিধানৰ অৱধাৰনাক কেনেদৰে গান্ধীজীয়ে নেতৃত্ব দিছিল, চৰ্দাৰ পেটেলে ধৰ্মৰ আধাৰত নিৰ্বাচনৰ ব্যৱস্থাক অন্ত পেলাই ভাৰতীয় সংবিধানক সাম্প্ৰদায়িকতাৰ পৰা মুক্ত কৰায়, ড০ আম্বেডকাৰে সংবিধানৰ উদ্দেশ্যাৱলীত বন্ধুত্বৰ সংযোজন ঘটাই ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ আকাৰ প্ৰদান কৰিছিল, আৰু কেনেকৈ ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ দৰে বিদ্বানে সংবিধানক ভাৰতৰ আত্মাৰে জড়িত কৰাৰ প্ৰয়াস কৰিছিল, এইখন গ্ৰন্থই এনে বহু অকথিত কাহিনীৰে আমাক পৰিচিত কৰাব। এই সকলোবোৰ কথাই আমাক ভৱিষ্যতৰ পথনো কি হোৱা উচিত তাৰো নিৰ্দেশনা দিব।

বন্ধুসকল,

ভাৰত স্বভাৱসুলভ ভাবেই এক মুক্ত-চিন্তাৰ দেশ। জড়তা আমাৰ মূল স্বভাৱৰ অংশ নহয়। সংবিধান সভাৰ গঠনৰ পৰা ইয়াৰ বিতৰ্ক পৰ্যন্ত, সংবিধানক আপোন কৰাৰ পৰা আজিৰ এই প্ৰেক্ষাপট পৰ্যন্ত, আমি নিৰন্তৰ এক গতিশীল আৰু প্ৰগতিশীল সংবিধানৰে দৰ্শন কৰিছো। আমি তৰ্ক কৰিছো, প্ৰশ্নৰ অৱতাৰণা কৰিছো, বিতৰ্কও কৰিছো, পৰিৱৰ্তনো কৰিছো। মোৰ সম্পূৰ্ণ ভৰসা আছে যে এয়াই আমাৰ জনগণত, আৰু জন মনত নিৰবিচ্ছিন্ন ভাবে অব্যাহত থাকিব। আমি সদায়ে গৱেষণা কৰি থাকিম, আগতকৈ উন্নত ভৱিষ্যত গঢ়ি থাকিম। আপোনালোক সকলো প্ৰবুদ্ধ লোকে এনে দৰেই দেশৰ এই গতিশীলতাক নেতৃত্ব প্ৰদান কৰি থাকিব। এই আশাকে কৰি, আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালো!

 

***

 

DS/TS/KB


(Release ID: 1836424) Visitor Counter : 180