প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত এটা প্ৰবন্ধ ভাগ-বতৰা কৰিছে


লগতে অন্নদাঁতাসকলৰ কল্যাণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত মাইগভত এলানি টুইট ভাগ-হতৰা কৰে

Posted On: 03 JUN 2022 5:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ তথ্য থকা narendramodi.in ৱেবছাইটৰ এটা প্ৰবন্ধ ভাগ-বতৰা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে-

"পশুপালনৰ পৰা মীন পালন, বনাঞ্চলৰ পৰা মিঠা বিপ্লৱলৈকে, আমাৰ চৰকাৰে মিত্ৰশক্তিৰ কাৰ্যকলাপৰ জৰিয়তে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে অজস্ৰ প্ৰচেষ্টা চলাইছে। #8yearsOfKisanKalyan"

প্ৰধানমন্ত্ৰীয়ে অন্নদাঁতাৰ কল্যাণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰি মাইগভত এলানি টুইটো ভাগ-বতৰা কৰে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে-

"দেশৰ অন্নদাতাৰ সৱলীকৰণে নতুন ভাৰতক এক শক্তিশালী ভেটি প্ৰদান কৰিছে। বীজৰ পৰা বজাৰলৈকে, প্ৰতিটো খণ্ডই তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ ওপৰত গুৰুত্ব দিছে। এইটো আমাৰ কৃষক ভাই-ভনীসকলৰ সংকল্পৰ ফলাফল যে ভাৰতে কৃষি খণ্ডত এক নতুন উদাহৰণ স্থাপন কৰিছে। #8YearsOfKisanKalyan"

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কৃষক ভাই-ভনীসকলক কেইবাটাও আঁচনিৰ ১০০% লাভালাভ প্ৰদান কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে-

"আমাৰ চৰকাৰে কৃষক ভাই-ভনীসকলক আঁচনিসমূহৰ ১০০ শতাংশ লাভালাভ প্ৰদান কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। পিএম-কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি ৰেকৰ্ড বাজেট আৱণ্টন বা উৎপাদন ব্যয়ৰ ডেৰ গুণ এমএছপি, মাটিৰ স্বাস্থ্য কাৰ্ডৰ পৰা ই-নামলৈকে, এনে বহুতো আঁচনি আছে যিয়ে অন্নদাতাক নতুন শক্তি প্ৰদান কৰিছে। "

 

***

DS/ST/MANN



(Release ID: 1831282) Visitor Counter : 108