প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে শিশুৰ বাবে পিএম কেয়াৰ্ছ আঁচনিৰ জৰিয়তে মুনাফা জাৰি কৰিছে

"পিএম কেয়াৰ্ছ ফৰ চিলড্ৰেন হৈছে এই কথাৰো প্ৰতিফলন যে প্ৰতিজন দেশবাসী সম্পূৰ্ণ সংবেদনশীলতাৰে আপোনালোকৰ লগত আছে"

"সংকটৰ এই সময়ত মা ভাৰতী আপোনালোক সকলো শিশুৰ সৈতে আছে"

"এই জটিল সময়ত ভাল কিতাপ আপোনালোকৰ বিশ্বস্ত বন্ধু হ'ব পাৰে"

"আজি যি সময়ত আমাৰ চৰকাৰে ৮ বছৰ সম্পূৰ্ণ কৰি আছে সেই সময়ত দেশৰ আত্মবিশ্বাস আৰু দেশবাসীৰ নিজৰ ওপৰত ভৰষা অভূতপূৰ্ব"

"যোৱা ৮ বছৰ দুখীয়াৰ কল্যাণ আৰু সেৱাৰ বাবে সমৰ্পিত আছিল"

"এতিয়া দুখীয়াতকৈও দুখীয়া লোক লাভবান হোৱাক লৈ আশ্বস্ত। এই ভৰষাকে বঢ়াবলৈ আমাৰ চৰকাৰে এতিয়া এশ-শতাংশ সবলীকৰণৰ অভিযান চলাই আছে"

Posted On: 30 MAY 2022 11:35AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত পিএম কেয়াৰ্ছ ফৰ চিলড্ৰেন স্কিমৰ জৰিয়তে মুনাফা জাৰি কৰে। এই কাৰ্যক্ৰমৰ সৈতে জড়িত মানুহৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণী, মন্ত্ৰীসভাৰ আন কেইবাজনো সদস্য আৰু মুখ্যমন্ত্ৰী অন্তৰ্ভুক্ত আছিল।

উপস্থিত জনসমুদায়ক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সেই শিশুসকলৰ জীৱনলৈ আহি থকা জটিলতাৰ প্ৰতি সহানুভূতি ব্যক্ত কৰে যিসকলে কৰোণাৰ কাৰণে নিজৰ প্ৰিয়জনক হেৰুৱালে। "প্ৰতিটো দিনৰ সংঘৰ্ষ আৰু প্ৰতিটো দিনৰ প্ৰত্যাহ্বান। আজি যিসকল শিশু আমাৰ লগত আছে আৰু যাৰ বাবে এই কাৰ্যক্ৰম হৈ আছে, তেওঁলোকৰ বেদনা শব্দৰে প্ৰকাশ কৰা কঠিন।" তেওঁ শিশুসকলক কয় যে তেওঁ প্ৰধানমন্ত্ৰী হিচাপে নহয়, বৰং পৰিয়ালৰ সদস্য হিচাপে কৈ আছে।

প্ৰধানমন্ত্ৰীয়ে কয়, "এনে পৰিস্থিতিত, 'পিএম কেয়াৰ্ছ ফৰ চিলড্ৰেন এনেকুৱা কৰোণা প্ৰভাৱিত শিশুসকলৰ সংকট কম কৰাৰ এটা সামান্য প্ৰয়াস, যি নিজৰ পিতৃ-মাতৃ উভয়কে হেৰুৱালে। পিএম কেয়াৰ্ছ ফৰ চিলড্ৰেন এই কথাৰো প্ৰতিফলন যে প্ৰতিজন দেশবাসী সম্পূৰ্ণ সংবেদনশীলতাৰে আপোনালোকৰ লগত আছে।" প্ৰধানমন্ত্ৰীয়ে কয় যে যদি কাৰোবাক ব্যৱসায়িক পাঠ্যক্ৰম (প্ৰফেচনেল ক'ৰ্ছ) বা উচ্চ শিক্ষাৰ বাবে শৈক্ষিক ঋণৰ (এডুকেশ্বন লোন) আৱশ্যক হয় তেন্তে তাতো পিএম কেয়াৰ্ছে সহায় কৰিব। অন্য দৈনিক প্ৰয়োজনৰ বাবেও আন যোজনাৰ মাধ্যমত তেওঁলোকৰ বাবে প্ৰতিমাহত ৪ হাজাৰ টকাৰ ব্যৱস্থা কৰা হৈছে। ২৩ বছৰ বয়স হ'লে ১০ লাখ টকাৰ উপৰিও মনোবৈজ্ঞানিক আৰু ভাবনাত্মক সহায়ৰ বাবে শিশুসকলক আয়ুষ্মান কাৰ্ডৰ মাধ্যমত স্বাস্থ্য বীমা আৰু সংবাদ হেল্পলাইনৰ মাধ্যমত ভাবনাত্মক পৰামৰ্শও দিয়া হ'ব।

প্ৰধানমন্ত্ৰীয়ে মহামাৰীৰ সবাতোকৈ দুখজনক প্ৰভাৱৰ ইমান সাহসেৰে মোকাবিলা কৰা বাবে শিশুসকলক চালাম জনায় আৰু কয় যে পিতৃ-মাতৃৰ মৰম কোনেও পূৰাব নোৱাৰে। তেওঁ কয়, "সংকটৰ এই সময়ত মা ভাৰতী আপোনালোক সকলো শিশুৰ সৈতে আছে।" তেওঁ লগতে কয় যে পিএম কেয়াৰ্ছ ফৰ চিলড্ৰেনৰ জৰিয়তে দেশে নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা চলাই আছে। প্ৰধানমন্ত্ৰী মহোদয়ে মহামাৰীৰ সময়ত মানৱীয় কৰুণাৰ সেই উদাহৰণবিলাক সোঁৱৰে যি সময়ত বিশেষভাৱে মানুহে প্ৰভাৱিত লোকৰ কল্যাণৰ বাবে যোগদান দিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে এই কোষে কৰোণা কালত হাস্পতাল সাজু কৰা, ভেণ্টিলেটৰ ক্ৰয় কৰা আৰু অক্সিজেন প্লাণ্ট লগোৱাতো যথেষ্ট সহায় কৰিলে। ইয়াৰ ফলত বহু লোকৰ জীৱন বচাব পৰা গ'ল আৰু বহু পৰিয়ালৰ ভৱিষ্যৎ বচাব পৰা গ'ল।

প্ৰধানমন্ত্ৰী মহোদয়ে কয় যে নিৰাশাৰ অন্ধকাৰাচ্ছন্ন বাতাবৰণতো যদি আমি নিজৰ ওপৰত বিশ্বাস ৰাখো তেন্তে পোহৰৰ এটি কিৰণ অৱশ্যেই দেখা পোৱা যায়। তেওঁ আমাৰ দেশকে ইয়াৰ সবাতোকৈ ডাঙৰ উদাহৰণ বুলি কয়। প্ৰধানমন্ত্ৰীয়ে শিশুসকলক পৰামৰ্শ দিয়ে যে তেওঁলোকে নিৰাশাক পৰাজয়লৈ ৰূপান্তৰ হ'বলৈ দিব নালাগে। তেওঁ তেওঁলোকক নিজৰ ডাঙৰ আৰু নিজৰ শিক্ষকসকলৰ কথা শুনিবলৈ কয়। তেওঁ লগতে কয় যে এই কঠিন সময়ত ভাল কিতাপ হে তেওঁলোকৰ বিশ্বস্ত বন্ধু হ'ব পাৰে। তেওঁ শিশুসকলক ৰোগ মুক্ত হৈ থাকিবলৈ খেলো ইণ্ডিয়া আৰু ফিট ইণ্ডিয়া মুভমেণ্টত অন্তৰ্ভুক্ত হৈ নেতৃত্ব কৰিবলৈও কয়। তেওঁ তেওঁলোকক যোগ দিৱসতো ভাগ ল'বলৈ কয়। তেওঁ কয় যে নেতিবাচকতাৰ সেই পৰিৱেশত ভাৰতে নিজৰ শক্তিৰ ওপৰত ভৰষা কৰিলে। "আমাৰ নিজৰ বৈজ্ঞানিক, নিজৰ ডাক্তৰ আৰু নিজৰ যুৱক-যুৱতীৰ ওপৰত ভৰষা আছিল আৰু আমি পৃথিৱীৰ বাবে চিন্তা নহয়, আশাৰ কিৰণ হৈ ওলালো। আমি সমস্যা নহ'লো বৰং সমাধান দিওঁতা হৈ সন্মুখলৈ আহিলো। আমি পৃথিৱীৰ বিভিন্ন দেশলৈ ঔষধ আৰু টীকা পঠিয়ালো। ইমান ডাঙৰ দেশতো আমি ভেকচিন প্ৰতিজন নাগৰিকৰ কাষলৈ লৈ গ'লো।" তেওঁ কয় যে আমাৰ দেশ সবাতোকৈ দ্ৰুতগতিত বৃদ্ধি পাই থকা অৰ্থনৈতিক ব্যৱস্থা হিচাপে অগ্ৰসৰ হৈছে আৰু পৃথিৱীয়ে নতুন আশা আৰু বিশ্বাসেৰে আমাৰ ফালে চাই আছে।

প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰি কয় যে আজি যেতিয়া তেওঁৰ চৰকাৰে নিজৰ ৮ বছৰ সম্পূৰ্ণ কৰি আছে সেই সময়ত দেশৰ আত্মবিশ্বাস আৰু দেশবাসীৰ নিজৰ ওপৰত ভৰষা অভূতপূৰ্ব। ভ্ৰষ্টাচাৰ, হাজাৰ হাজাৰ কোটিৰ কেলেংকাৰী, ভাই-ভতিজাবাদ, দেশজুৰি বিয়পা সন্ত্ৰাসবাদী সংগঠন আৰু ক্ষেত্ৰীয় ভেদভাবৰ সেই দুষ্টচক্ৰৰ পৰা দেশ এতিয়া বাহিৰলৈ ওলাই আছে, য'ত ই ২০১৪ৰ আগতে আৱদ্ধ হৈ আছিল। তেওঁ কয়, "এয়া আপোনালোক সকলো শিশুৰ বাবে এটা উদাহৰণ যে আটাইতকৈ কঠিন দিনো পাৰ হৈ যায়।"

স্বচ্ছ ভাৰত মিছন, জন ধন যোজনা বা হৰ ঘৰ জল অভিযানৰ দৰে কল্যাণকাৰী নীতিৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ ভাবনাৰে আগবাঢ়ি আছে। তেওঁ কয় যে যোৱা ৮ বছৰ দুখীয়াৰ কল্যাণ আৰু সেৱাৰ বাবে সমৰ্পিত আছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "পৰিয়ালৰ এজন সদস্য হিচাপে, মই জটিলতা কম কৰিবলৈ আৰু দেশৰ দুখীয়াৰ বাবে জীৱনৰ সুগমতাত সংশোধন কৰিবলৈ চেষ্টা কৰিছো।"

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰি চৰকাৰে দুখীয়াৰ অধিকাৰ সুনিশ্চিত কৰিছে। এতিয়া দুখীয়াতকৈও দুখীয়া লোকৰো বিশ্বাস আছে যে চৰকাৰৰ যোজনাৰ সুফল তেওঁলোকে পাব, আৰু নিৰন্তৰ পাব। এই ভৰষা বঢ়াবলৈ আমাৰ চৰকাৰে এতিয়া এশ-শতাংশ সবলীকৰণৰ অভিযান চলাই আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে যোৱা আঠ বছৰত যিমান উচ্চতা আহৰণ কৰিছে, তাৰ কথা আগতে হয়তো কোনেও কল্পনাই কৰা নাছিল। আজি পৃথিৱীজুৰি ভাৰতৰ গৌৰৱ বাঢ়িছে, বিশ্ব মঞ্চত আমাৰ ভাৰতৰ শক্তি বাঢ়িছে। তেওঁ সন্তুষ্টি প্ৰকাশ কৰে যে যুৱ শক্তিয়ে ভাৰতৰ এই যাত্ৰাৰ নেতৃত্ব বহন কৰি আছে। শেষত তেওঁ কয়, "নিজৰ সপোনৰ বাবে কেৱল নিজৰ জীৱন সমৰ্পিত কৰি দিয়ক, সেয়া সাকাৰ হৈ যাব।"

 

***********

DS/AK



(Release ID: 1829612) Visitor Counter : 102