প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজকোটৰ আটকোটস্থিত মাতুশ্ৰী কে.ডি.পি. মাল্টিস্পেচিয়েলিটি হাস্পতাল পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ

“এই চিকিৎসালয়খন জনসাধাৰণৰ জীৱনৰ অগ্ৰগতি সাধনৰ প্ৰয়াসৰ ক্ষেত্ৰত চৰকাৰী ও ব্যক্তিগত খণ্ডৰ মাজৰ সমন্বয়ৰ উদাহৰণ”

“যোৱা ৮ বছৰত দৰিদ্ৰলৈ ‘সেৱা’, ‘সুশাসন’ আৰু ‘গৰীব কল্যাণ’ ত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে”

“যোৱা ৮ বছৰত দেশবাসীক বিব্ৰত কৰা কোনো অন্যায় কাৰ্য্য সংঘটিত হোৱা নাই”

“আঁচনিসমূহৰ সংপৃক্তিকৰণৰ অৰ্থে চৰকাৰে অভিযান আৰম্ভ কৰিছে”

Posted On: 28 MAY 2022 1:36PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজকোটৰ আটকোটত নৱনিৰ্মিত মাতুশ্ৰী কে.ডি.পি. মাল্টিস্পেচিয়েলিটি হাস্পতাল পৰিদৰ্শন কৰে। চিকিৎসালয়খনি শ্ৰী পেটেল সেৱা সমাজে পৰিচালনা কৰিছে। ই অঞ্চলটোৰ জনসাধাৰণলৈ উচ্চ-মানৰ চিকিৎসা সঁজুলি উপলব্ধকৰণৰ লগতে বিশ্ব-মানৰ স্বাস্থ্যসেৱাৰ সুবিধা আগবঢ়াব। এই কাৰ্য্যসূচীত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পুৰুষোত্তম ৰূপালা, ডঃ মনসুখ মাণ্ডবিয়া, ডঃ মহেন্দ্ৰ মুঞ্জাপাৰা, সাংসদ, গুজৰাট চৰকাৰৰ মন্ত্ৰী আৰু সন্ত সমাজৰ সদস্যসকলকে প্ৰমুখ্য কৰি গন্যমান্য লোকসকল উপস্থিত থাকে।

সমবেতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ উদ্বোধনত সন্তোষ ব্যক্ত কৰে। তেখেতে কয়, এই চিকিৎসালয়খন সৌৰাষ্ট্ৰৰ স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে স্থাপন কৰা হৈছে। এই চিকিৎসালয়খন জনসাধাৰণৰ জীৱনৰ অগ্ৰগতি সাধনৰ প্ৰয়াসৰ ক্ষেত্ৰত চৰকাৰী ও ব্যক্তিগত খণ্ডৰ মাজৰ সমন্বয়ৰ উদাহৰণ।

এনডিএ চৰকাৰখনৰ ৮ বছৰ সফলতাৰে সম্পন্ন হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতক ৰাষ্ট্ৰখনিৰ সেৱাৰ সুযোগ প্ৰদানৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে মাতৃভূমিক ৮ বছৰীয়া সেৱাৰ প্ৰাকক্ষণত তেখেত গুজৰাটৰ ভূমিত থকাটো সাৰ্থক হৈছে। তেখেতে গুজৰাটৰ জনসাধাৰণক দেশখনক সেৱাৰ সুযোগ আৰু ‘সংস্কাৰ’ প্ৰদানৰ বাবে প্ৰণাম জনায়। তেখেতে কয় যে এই সেৱা আমাৰ সংস্কৃতি, আমাৰ মাটিৰ সংস্কৃতি আৰু বাপু আৰু পেটেলৰ সংস্কৃতিত বিদ্যমান। তেখেতে কয় যে যোৱা ৮ বছৰত দেশবাসীক বিব্ৰত কৰা কোনো অন্যায় কাৰ্য্য সংঘটিত হোৱা নাই৷ এই বছৰকেইটাত দুখীয়াৰ সেৱা, ‘সুশাসন’ আৰু ‘গৰীব কল্যাণ’ ত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছিল। তেখেতে কয় যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াসৰ মন্ত্ৰই ৰাষ্ট্ৰখনৰ উন্নয়নত উদ্দীপনা যোগাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, পূজ্য বাপু আৰু চৰ্দাৰ পেটেলে দৰিদ্ৰ, দলিত, বঞ্চিত, জনজাতীয়, মহিলা আদিৰ সবলীকৰণৰ সপোন দেখিছিল। তেওঁলোকে স্বচ্ছতা আৰু সবলতা ৰাষ্ট্ৰীয় সচেতনতাৰ অংশ হোৱা এখনি ভাৰতৰ কামনা কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাপুৱে স্বদেশী সমাধানৰে অৰ্থনীতি সুদৃঢ় হোৱা এখনি ভাৰত গঢ়ি তুলিব বিচাৰিছিল। তেখেতে অৱগত কৰে যে এতিয়া ৩ কোটিৰো অধিক পৰিয়ালে এটা পকী ঘৰ লাভ কৰিছে, ১০ কোটিৰো অধিক পৰিয়াল মুকলিত মলত্যাগৰপৰা মুক্ত হৈছে, ৯ কোটিৰো অধিক ভগ্নী পাকঘৰত ধোঁৱাৰপৰা মুক্ত হৈছে আৰু ২.৫ কোটিৰো অধিক পৰিয়ালে বিদ্যুৎ সংযোগ, ৬ কোটিৰো অধিক পৰিয়ালে খোৱাপানীৰ সংযোগ লাভ কৰিছে আৰু ৫০ কোটিৰো অধিক হিতাধিকাৰীয়ে বিনামূলীয়াকৈ ৫ লাখ টকা পৰ্য্যন্ত স্বাস্থ্য ক’ভাৰেজ লাভ কৰিছে। তেখেতে কয়, এয়া কেৱল সংখ্যাই নহয়, বৰঞ্চ দৰিদ্ৰসকলৰ মৰ্য্যাদা নিশ্চিতকৰণ আৰু ৰাষ্ট্ৰখনৰ সেৱাৰ প্ৰতি আমাৰ সমৰ্পণৰ প্ৰমাণ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ১০০ বছৰৰ ভিতৰত এটা মহামাৰীৰ সময়তো তেওঁলোকে দৰিদ্ৰসকলে তেওঁলোকৰ জীৱন যাত্ৰাত কোনো অসুবিধাৰ সন্মুখীন নোহোৱাটো নিশ্চিত কৰিছে। জন ধন বেংক একাউন্টত ধন জমা কৰা হৈছে, দৰিদ্ৰ লোকক বিনামূলীয়াকৈ চিলিণ্ডাৰ যোগান ধৰা হৈছে আৰু সকলোলৈকে বিনামূলীয়াকৈ টেষ্টিং আৰু ভেকচিন আগবঢ়োৱা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এতিয়া যুদ্ধ চলি থকাৰ সময়তো আমি জনসাধাৰণৰ জীৱনযাত্ৰা সহজতৰকৰণৰ প্ৰয়াস কৰিছো। তেখেতে কয় যে তেখেতৰ চৰকাৰে আঁচনিসমূহৰ সংপৃক্তিকৰণৰ অৰ্থে অভিযান আৰম্ভ কৰিছে। সকলোৱে প্ৰাপ্য লাভ কৰা মাত্ৰেকে বৈষম্য আৰু দুৰ্নীতিৰ কোনো সুযোগ নাথাকে বুলিও তেখেতে গুৰুত্ব আৰোপ কৰে। তেখেতে কয়, এই প্ৰচেষ্টাই দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন সহজ কৰি তুলিব।

গুজৰাটী ভাষাত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে পেটেল সমাজখনক জনসেৱাৰ মহান কামৰ বাবে প্ৰশংসা কৰে। গুজৰাটৰ মুখ্যমন্ত্ৰিত্বৰ সময়ছোৱাৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০০১ ত গুজৰাটৰ জনসাধাৰণে তেখেতক সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰোতে মাত্ৰ ৯ খন চিকিৎসা মহাবিদ্যালয় আছিল, এতিয়া গুজৰাটত ৩০ খন চিকিৎসা মহাবিদ্যালয় আছে। ‘গুজৰাটৰ লগতে দেশখনৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় চোৱাৰ মোৰ ইচ্ছা আছে। আমি নিয়ম সলনি কৰিছো আৰু এতিয়া মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মাতৃভাষাত অধ্যয়ন কৰিব পাৰিব’, তেখেতে কয়।

উদ্যোগৰ প্ৰসংগত শ্ৰী মোদীয়ে কয়, পূৰ্বে কেৱল বদোদৰাৰপৰা ভাপীলৈকেহে উদ্যোগ দেখা গৈছিল, বিপৰীতে এতিয়া গুজৰাটৰ সকলোতে উদ্যোগ দেখা যায়। ঘাইপথ বহল হৈছে আৰু এমএছএমইসমূহ গুজৰাটৰ এক বৃহৎ শক্তি হিচাপে পৰিগণিত হৈছে। ফাৰ্মাচিউটিকেল উদ্যোগৰো উত্থান ঘটিছে। সৌৰাষ্ট্ৰৰ জনসাধাৰণৰ সাহসী চৰিত্ৰই ইয়াৰ পৰিচয় বুলি তেখেতে কয়।

ব্যক্তিগত অভিমত প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেখেতে দৰিদ্ৰতা কি, সেয়া বুজি পায় আৰু পৰিয়ালৰ মহিলাসকলে অসুস্থ হৈয়ো কেনেকৈ কাম কৰি থাকে আৰু পৰিয়ালটোক অসুবিধা প্ৰদান নকৰাৰ মানসেৰে চিকিৎসা গ্ৰহণৰপৰা বিৰত থকাৰ কথা বুজি পায়। “আজি আপোনাসৱৰ দিল্লীত এজন সন্তান আছে যিয়ে সকলো মাতৃয়েই চিকিৎসা লাভ কৰাটো নিশ্চিত কৰিছে। সেইবাবেই পিএমজেএৱাই আঁচনিৰ শুভাৰম্ভ কৰা হৈছে”, তেখেতে কয়। একেদৰে সুলভ মূল্যৰ ঔষধৰ বাবে জন ঔষধি কেন্দ্ৰ আছে আৰু সকলোৰে সুস্বাস্থ্যৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে বুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে সামৰণি মাৰে।

 

***

DS/AK/SB



(Release ID: 1829609) Visitor Counter : 117