প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ আটকোটত মাতুশ্ৰী কে.ডি.পি. মাল্টিস্পেচিয়েলিটি হস্পিটেল উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণ পাঠ

Posted On: 28 MAY 2022 3:59PM by PIB Guwahati

ভাৰত মাতা কী-জয়

ভাৰত মাতা কী-জয়

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান ভূপেন্দ্ৰভাই পেটেল জী, গুজৰাট ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ চি আৰ পাটিল, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী পুৰুষোত্তম ৰূপালা জী, মনসুখ মাণ্ডৱিয়া জী, ডঃ মহেন্দ্ৰ মুঞ্জপৰা জী, জ্যেষ্ঠ নেতা শ্ৰী বাজুভাই বালাজী, শ্ৰী বিজয় ৰূপানীজী, পেটেল সেৱা সমাজ ন্যাসৰ সকলো ন্যাসৰক্ষী, সকলো দাতা, আমাক আশীৰ্বাদ দিবলৈ উপস্থিত হোৱা বৃহৎ সংখ্যক পূজনীয় সাধুগণ, গুজৰাট চৰকাৰৰ আন মন্ত্ৰীসকল,সাংসদ, বিধায়কসকল আৰু ইমান গৰম সত্ত্বেও আশীৰ্বাদ দিবলৈ আটকোটত উপস্থিত হোৱা বৃহৎ সংখ্যক মোৰ মৰমৰ ভাই-ভনীসকল, মই সুখী, কিয়নো আজি মাতুশ্ৰী কে.ডি.পি. মাল্টি-স্পেচিয়েলিটি চিকিৎসালয়খন উদ্বোধন কৰা হৈছে। চিকিৎসালয়খনে সৌৰাষ্ট্ৰত স্বাস্থ্য সেৱা আৰু উন্নত কৰাত সহায় কৰিব। যেতিয়া চৰকাৰৰ প্ৰচেষ্টাৰ সৈতে জনসাধাৰণৰ প্ৰচেষ্টা যোগ হয় তেতিয়া আমাৰ সেৱা কৰাৰ ক্ষমতা বহুগুণে বৃদ্ধি পায়। ৰাজকোটত নিৰ্মিত এই আধুনিক চিকিৎসালয়খন ইয়াৰ এক সুন্দৰ উদাহৰণ।

 

ভাই-ভনীসকল,

কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে দেশৰ বাবে ৮ বছৰৰ সেৱা সম্পূৰ্ণ কৰিছে। আঠ বছৰ আগতে, আপোনাসৱে মোক বিদায় জনাইছিল, কিন্তু আপোনালোক সকলোৰে মৰম বাঢ়িহে গৈ আছে। আজি মই গুজৰাটলৈ আহিছোঁ আৰু মই গুজৰাটৰ সকলো নাগৰিকক মূৰ দোৱাই সন্মান জনাব বিচাৰিছোঁ। আপোনাসৱে মোক সংস্কাৰ দিছে, আপোনাসৱে মোক শিক্ষা দিছে, সমাজৰ বাবে কেনেদৰে জীয়াই থাকিব লাগে সেয়া আপোনাসৱে মোক শিকাইছে। এই যি সকলোবোৰ আপোনাসৱে মোক শিকাইছে, তাৰ ফলস্বৰূপে মই যোৱা আঠ বছৰ ধৰি মাতৃভূমিৰ সেৱাৰ ক্ষেত্ৰত কোনোধৰণৰ ক্ৰটি ৰখা নাই।। এয়া আপোনাসৱৰেই সংস্কাৰ, এই মাটিৰ সংস্কৃতি, পূজনীয় বাপু আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ এই পবিত্ৰ ভূমিৰ সংস্কাৰ যে আঠ বছৰত তেওঁলোকে ভুলবশতঃও এনে একো সংঘটিত হ'বলৈ দিয়া নাই, বা এনে একো কৰা নাই যাৰ বাবে আপোনাসৱ বা দেশৰ কোনো নাগৰিকে তেওঁলোকৰ মূৰ তল কৰিব লগা হৈছে।

বিগত বছৰবোৰত, আমি দৰিদ্ৰ লোকসকলৰ সেৱা, সুশাসন আৰু দৰিদ্ৰ লোকসকলৰ  কল্যাণক সৰ্বাধিক অগ্ৰাধিকাৰ দিছোঁ। সবকা সাথ-সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস- এই মন্ত্ৰ অনুসৰণ কৰি আমি দেশৰ উন্নয়নত এক নতুন মাত্ৰা প্ৰদান কৰিছোঁ। এই ৮ বছৰত আমি পূজনীয় বাপু আৰু চৰ্দাৰ পেটেলৰ সপোনৰ ভাৰত গঢ়ি তুলিবলৈ আন্তৰিক প্ৰচেষ্টা চলাইছোঁ। পূজনীয় বাপুৱে এনে এখন ভাৰতৰ কল্পনা কৰিছিল যিয়ে প্ৰতিজন দৰিদ্ৰ, দলিত, বঞ্চিত, পীড়িত, আমাৰ জনজাতীয় ভাই-ভনী, আমাৰ মাতৃ আৰু ভগ্নীসকলক শক্তিশালী কৰি তুলিব। য'ত স্বচ্ছতা আৰু স্বাস্থ্য জীৱন পদ্ধতিৰ এক অংশ হৈ পৰে, যাৰ অৰ্থনীতি থলুৱা সমাধানৰ বাবে সক্ষম।

 

বন্ধুসকল,

তিনি কোটিতকৈও অধিক দৰিদ্ৰ লোকৰ পকী ঘৰ আছে, ১০ কোটিতকৈও অধিক পৰিয়াল মুকলিত শৌচ কৰাৰ পৰা মুক্ত, ৯ কোটিতকৈও অধিক দৰিদ্ৰ পৰিয়ালৰ ভগ্নীয়ে ধোঁৱাৰ পৰা মুক্ত হৈছে, ২.৫ কোটিতকৈও অধিক দৰিদ্ৰ পৰিয়ালৰ বিদ্যুৎ সংযোগ আছে, ৬ কোটিতকৈও অধিক পৰিয়ালৰ নলৰ পানী লাভ কৰিছে, ৫০ কোটিতকৈও অধিক ভাৰতীয়ই ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা লাভ কৰে। এইবোৰ কেৱল পৰিসংখ্যাই নহয় মোৰ ভাই-ভনীসকল। এইবোৰ কেৱল পৰিসংখ্যা নহয়, এইবোৰ দৰিদ্ৰৰ মৰ্যাদা সুনিশ্চিত কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ বন্ধুসকল ।

 

ভাই-ভনীসকল,

চৰকাৰখন দৰিদ্ৰ লোকসকলৰ বাবে, গতিকে চৰকাৰে দৰিদ্ৰসকলৰ বাবে কেনেদৰে সেৱা আগবঢ়ায়, তেওঁলোকক শক্তিশালী কৰিবলৈ কেনেদৰে কাম কৰে সেয়া আজি সমগ্ৰ দেশে প্ৰত্যক্ষ কৰি আছে। শতাব্দীৰ সৰ্ববৃহৎ সংকট, কৰোনা মহামাৰীৰ এই সময়তো, দেশে প্ৰতি মুহূৰ্ততে এইয়া অনুভৱ কৰিছে। যেতিয়া মহামাৰী আৰম্ভ হৈছিল, দৰিদ্ৰ লোকসকলে খোৱা-বোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছিল। সেয়েহে আমি দেশৰ অন্ন ভাণ্ডাৰ দেশবাসীৰ বাবে মুকলি কৰি দিছিলোঁ। আমাৰ মাতৃ আৰু ভগ্নীসকলক সন্মান সহকাৰে জীয়াই থাকিববলৈ জন ধন বেংক একাউণ্টত পোনপটীয়াকৈ ধন জমা কৰিছিলোঁ, কৃষক আৰু শ্ৰমিকসকলৰ বেংক একাউণ্টত ধন জমা কৰিছিলোঁ, বিনামূলীয়া গেছ চিলিণ্ডাৰৰ ব্যৱস্থা কৰিছিলোঁ যাতে দৰিদ্ৰ লোকৰ পাকঘৰ চলি থাকে, আখলৰ জুই কাহানিও নুমাই নাযায়। যেতিয়া চিকিৎসাৰ প্ৰত্যাহ্বান বৃদ্ধি হৈছিল,আমি পৰীক্ষাৰ পৰা চিকিৎসালৈকে দৰিদ্ৰ লোকসকলৰ বাবে সুবিধাবোৰ সুলভ কৰিছিলোঁ। যেতিয়া ভেকছিন উপলব্ধ হৈছিল, প্ৰতিজন ভাৰতীয়ই বিনামূলীয়াকৈ ভেকছিন লাভ কৰাটো আমি নিশ্চিত কৰিছিলোঁ। আপোনালোক সকলোকে টিকাকৰণ কৰা হৈছে নহয়? টিকাকৰণ কৰা হৈছে, নহয়? কোনোবাই এটা পইচা দিব লগা হৈছে নেকি? আপোনালোকে এটকাও খৰচ কৰিবলগীয়া হৈছে নেকি?

 

ভাই-ভনীসকল,

এফালে, কৰোনাৰ এই কঠিন সময়, বিশ্বব্যাপী মহামাৰী আৰু আজিকালিতো আপোনাসৱে দেখিছেই যে যুদ্ধও চলি আছে। টিভিত আধা সময় দেখুওৱা যুদ্ধৰ বাতৰিবোৰে সকলোকে চিন্তিত কৰে। আমাৰ দৰিদ্ৰ ভাই-ভনী, আমাৰ মধ্যবিত্ত ভাই-ভনীসকলে যাতে অসুবিধাৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে এই পৰিস্থিতিতো আমি নিৰন্তৰ প্ৰচেষ্টা চলাইছিলোঁ । এতিয়া আমাৰ চৰকাৰে ১০০ শতাংশ নাগৰিকক সুবিধাসমূহ উপলব্ধ কৰাৰ বাবে অভিযান চলাই আছে। তেওঁলোকৰ যি প্ৰাপ্য সেয়া তেওঁলোকে লাভ কৰিব লাগে।

 

যেতিয়া প্ৰতিজন নাগৰিকৰ মাজলৈ সুবিধা উপলব্ধ কৰোৱাৰ লক্ষ্য থাকে তেতিয়া বৈষম্যও নাইকিয়া হয় আৰু দুৰ্নীতিৰ কোনো সুযোগ নাথাকে। কোনো স্বজন-তোষণ নাই, জাত-পাতৰ কোনো কোনো ভেদভাব নাথাকে। সেয়েহে, আমাৰ চৰকাৰে মৌলিক সুবিধাৰ সৈতে সম্পৰ্কিত আঁচনিবোৰ সংপৃক্তকৰণৰ বাবে ১০০শতাংশ লোকৰ মাজলৈ নিয়াৰ ক্ষেত্ৰত নিষ্ঠাৰে নিয়োজিত হৈ আছে।আমি ৰাজ্য চৰকাৰসমূহক এই কামটো কৰিবলৈ নিৰন্তৰ অনুপ্ৰেৰিত কৰি আছোঁ, সহায় কৰি আহিছোঁ। আমাৰ এই প্ৰচেষ্টাই দেশৰ দৰিদ্ৰ লোকসকলক, দেশৰ মধ্যবিত্ত শ্ৰেণীক শক্তিশালী কৰিব, তেওঁলোকৰ জীৱন সহজ কৰি তুলিব।

আজি জচদনত প্ৰথমখন চুপাৰ স্পেচিয়েলিটি হস্পিটেল উদ্বোধন কৰিবলৈ মই ইয়ালৈ অহাৰ সুযোগ লাভ কৰিছোঁ। মই সকলো দাতা আৰু ট্ৰাষ্টীক লগ কৰাৰ সুযোগ পাইছোঁ। আৰু ন্যাসৰক্ষীসকলে মোক কৈছে, 'চাহাব, পিছলৈ ঘূৰি নাচাব, ইয়ালৈ যিয়ে আহিব তেওঁ বিনা চিকিৎসাৰে ওভতি যাব নোৱাৰিব। এয়া হৈছে ট্ৰাষ্টী আৰু তেওঁলোকৰ ভাৱনা আৰু এখন আধুনিক চিকিৎসালয় আপোনাৰ ঘৰৰ চোতালত। পেটেল সেৱা সমাজৰ সকলো বন্ধুক যিমানেই কম অভিনন্দন জনাও, সিমানেই কম হব। পেটেল সেৱা সমাজে আজি নিষ্ঠাৰে কৰা মহান কামৰ বাবে আপোনালোক সকলো অভিনন্দনৰ যোগ্য। আৰু ইয়াৰ পৰা অনুপ্ৰেৰণা লৈ আপোনাসৱ সকলোৱে সমাজৰ বাবে কিবা কৰিব বিচাৰে।

সাধাৰণতে, কোনোবাই যদিহে এটা কাৰখানা উদ্বোধন কৰিবলৈ গৈছে, কোনোবাই বাছ আস্থান উদ্বোধন কৰিবলৈ গৈছে, যদিহে আপুনি ৰেল ষ্টেচন উদ্বোধন কৰিবলৈ গৈছে, তেন্তে আপুনি মনেৰে ক'ব, 'ভাই, আপোনাৰ সকলো কাম বহুদূৰ আগুৱাই যাওক। মানুহে চেষ্টা কৰা উচিত, কাৰখানাৰ উৎপাদন ভাল হ'ব লাগে।' কিন্তু এতিয়া  চিকিৎসালয়ৰ বাবে কি ক'ব লাগে মোক কওঁক। এতিয়া মই এইদৰেতো ক'ব নোৱাৰো যে চিকিৎসালয়খন ভৰ্তি হৈ আছে। মই উদ্বোধন কৰিছোঁ যদিও আমি সমাজত এনে এক স্বাস্থ্যৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব যাতে চিকিৎসালয়বোৰ খালী হৈ থাকে। কোনেও অহাৰ প্ৰয়োজন নহয়। আৰু যেতিয়া সকলো স্বাস্থ্যবান হৈ থাকে তেতিয়া কোনেও কেতিয়াও চিকিৎসালয়লৈ অহাৰ প্ৰয়োজন নহব। আৰু যেতিয়া আহিব লগা হয়, আপোনাৰ ঘৰলৈ আগৰ তুলনাত অধিক স্বাস্থ্যৱান হৈ ঘৰলৈ যাওক। এনে কাম এই চিকিৎসালয়ত হ'বলৈ গৈ আছে। আজি গুজৰাটত স্বাস্থ্য খণ্ডই যি গতি লাভ কৰিছে, যি আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে, যি স্তৰত কাম কৰা হৈছে তাৰ বাবে ভূপেন্দ্ৰভাই আৰু তেওঁৰ সমগ্ৰ দলটোক আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু ইয়াৰ লাভালাভ গুজৰাটৰ প্ৰতিটো কোণৰ সাধাৰণৰ পৰা সাধাৰণ মানুহে লাভ কৰিব। আজি আমাৰ ৰাজকোট এনে এক ঠাই যে ওচৰৰ তিনি বা চাৰিখন জিলাৰ বাসিন্দাই অনুভৱ কৰে যে ই আমাৰ সৈতে আছে। যদিহে ওলাই আহে, আপুনি আধা ঘণ্টা বা এঘণ্টাৰ ভিতৰত উপস্থিত হ'ব পাৰে। আপোনাসৱ সকলোৱে জানে, ৰাজকোটত গুজৰাটে লাভ কৰা এইমছৰ কাম দ্ৰুত গতিত চলি আছে।অলপ আগতে, মই জামনগৰলৈ আহিছোঁ আৰু বিশ্ব স্বাস্থ্য সংস্থাই ইয়াত বিশ্বৰ পৰম্পৰাগত ঔষধ কেন্দ্ৰ স্থাপন কৰিছে। এফালে, জামনগৰৰত আৰ্য়ুবেদ আৰু আনফালে মোৰ ৰাজকোট আৰু আটকোটত এইমছ। হয়, বাপু আপোনাৰ গৌৰৱ বৃদ্ধি পাইছে। বন্ধুসকল, দুই দশক আগতে আপুনি মোক আপোনাসৱৰ সেৱা কৰাৰ সুযোগ দিছিল। ২০০১ চনত, গুজৰাটত তেওঁৰ মাত্ৰ নখন চিকিৎসা মহাবিদ্যালয় আছিল। এই সকলোবোৰ আপোনাৰ মনত আছেনে আপোনসৱে পাহৰি গৈছে?এইবোৰ নতুন প্ৰজন্মক কওঁক। অন্যথা, তেওঁলোকে নাজানিব কি হৈ আছে। মাত্ৰ ৯ খন চিকিৎসা মহাবিদ্যালয় আৰু কিমান জন লোকে চিকিৎসক হ'ব বিচাৰিছিল? সেই সময়ত মাত্ৰ ১১০০ খন আসন আছিল, য'ত এজনে চিকিৎসক হোৱাৰ অভ্যাস কৰিব পাৰে। ইমান ডাঙৰ গুজৰাটত ২০০১ চনত প্ৰথমতে মাত্ৰ ১১০০খন আসন। আৰু আপোনাসৱে জানি আনন্দিত হ'ব যে আজি কেৱল গুজৰাটত চৰকাৰী আৰু বেচৰকাৰী মহাবিদ্যালয়কে ধৰি ৩০ খন চিকিৎসা মহাবিদ্যালয় আছে। কেৱল সেয়াই নহয়, কেৱল গুজৰাটতে নহয়, দেশতো প্ৰতিখন জিলাতে এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ ইচ্ছা আছে। এমবিবিএছ আৰু স্নাতকোত্তৰৰ আসন একালত ১১০০ আছিল আৰু আজি ৮০০খন আসন হৈছে, ৮০০০।

ভাই-ভনীসকল, আমি এইক্ষেত্ৰতো এটা নতুন দুঃসাহসিক কাম কৰিছোঁ। দৰিদ্ৰ পিতৃ-মাতৃৰ সন্তান চিকিৎসক হোৱাটো আপোনাসৱে বিচাৰে নে নিবিচাৰে, মোক কওঁক? হয় নে নহয় কওকচোন, ওলাই পৰিব? তেওঁলোকে ইংৰাজী মাধ্যমত নে গুজৰাটীত অধ্যয়ন কৰিছে সেয়া আপোনাসৱে তেওঁলোকক প্ৰথমে সুধিব। যদিহে ইংৰাজীত অধ্যয়ন কৰিছে তেতিয়াহলে চিকিৎসক হোৱাৰ দুৱাৰ খোলা হ'ব। যদি আপোনাসৱে গুজৰাটী মাধ্যমত অধ্যয়ন কৰিছে, তেন্তে চিকিৎসক হোৱাৰ সকলো পথ বন্ধ হৈ পৰে। এয়া অন্যায় হয় নে নহয়, ভাই? আমি নিয়মবোৰ সলনি কৰিলোঁ, আৰু সিদ্ধান্ত ললো যে যদি আমি চিকিৎসক হ'ব বিচাৰো, বা অভিযন্তা হ'ব বিচাৰো, আমি মাতৃভাষাতো অনুশীলন কৰিব পাৰোঁ। আৰু মানুহক সেৱা কৰিব পৰা যায়।

 

বন্ধুসকল,

ডাবল ইঞ্জিন চৰকাৰ যেতিয়া দুগুণ লাভ থাকিবই, হয় নে নহয়? আৰু আপোনাসৱে যদি আপোনাসৱৰ মামাৰ ঘৰলৈ খাবলৈ গৈছে, আৰু যদিহে আপোনাসৱক পৰিচৰ্যা কৰিবলৈ তাত মা আছে, তেন্তে ইয়াৰ অৰ্থ আপোনাসৱক মই বুজাব লাগিব নেকি?এই ডাবল ইঞ্জিন চৰকাৰখনে গুজৰাটৰ উন্নয়নক নতুন মাত্ৰা দিয়াৰ বাবে কাম কৰিছে। উন্নয়নৰ ক্ষেত্ৰত সন্মুখীন হোৱা সকলো বাধা আঁতৰ কৰা হৈছে। আৰু, গুজৰাটে দ্ৰুততাৰে উন্নয়নৰ সুবিধা লাভ কৰিছে। ২০১৪চনৰ পূৰ্বে গুজৰাটত এনে বহুতো প্ৰকল্প আছিল, যিসমূহ দিল্লীৰ তদানীন্তন চৰকাৰৰ ওচৰলৈ বিবেচনাৰ বাবে যোৱাৰ সময়ত তেওঁলোকে সেইবোৰৰ প্ৰতি গুৰুত্ব দিয়া নাছিল। তেওঁলোকে সেইসমূহ প্ৰকল্পৰ মাজত মোদীকহে দেখা পাইছিল। আৰু তেওঁলোকৰ মাথা নষ্ট হৈ গৈছিল আৰু সেইসমূহ লগে লগে কেনচল নাইবা ৰিজেক্ট কৰিছিল। সকলো কাম বন্ধ কৰা হৈছিল। ইমান উদাসীনতা। মা নৰ্মদা নৈক ভেটি এই লোকসকলে বহি আছিল। আমি এই চৰ্দাৰ সৰোবৰ বান্ধটো নিৰ্মাণ কৰিবলৈ অনশন কৰিব লগা হৈছিল। আপোনাসৱৰ মনত আছেনে? মোৰ বন্ধুসকল, আপোনাসৱৰ মনত আছেনে? আৰু এই অনশনে কাম দিছিল আৰু চৰ্দাৰ সৰোবৰ বান্ধ হৈ পৰিছিল। চৌনি এটা যোজনা হৈ পৰিল।আৰু নৰ্মদা মা কচ্ছ-কাঠিয়াৱাড়ৰ ধৰণীলৈ আহিছিল আৰু আমাৰ জীৱন উজ্জ্বল কৰি তুলিছিল। আমাৰ ইয়াত এনে কাম হয়। আৰু এতিয়া চৰ্দাৰ সৰোবৰ, চৰ্দাৰ বল্লভভাই পেটেল সমগ্ৰ বিশ্বৰ সৰ্ববৃহৎ মূৰ্তি। সমগ্ৰ বিশ্বতে চৰ্দাৰ চাহেবৰ নাম প্ৰতিধ্বনিত হৈছে। আৰু যেতিয়া মানুহ ইয়ালৈ যায়, আচৰিত হৈ পৰে যে গুজৰাটত ইমান ডাঙৰ কাম, ইমান সোনকালে। এয়াই হৈছে গুজৰাটৰ শক্তি, ভাই।

আন্তঃগাঁথনিৰ দ্ৰুত বিকাশৰ পৰা গুজৰাট লাভান্বিত হৈছে। এক অভূতপূৰ্ব গতিত, এক অভূতপূৰ্ব পৰিমাণত আজি গুজৰাটত আন্তঃগাঁথনিৰ কাম আগবাঢ়িছে। ইয়াৰ জৰিয়তে গুজৰাটৰ সকলো ক্ষেত্ৰ লাভান্বিত হৈছে। এটা সময় আছিল যেতিয়া উদ্যোগ বুলিলে কেৱল বদোদৰাৰ পৰা বাপীকে বুজা গৈছিল। যদি আপুনি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে যায়, তেতিয়াহলে ইয়াৰ চাৰিওফালৰ সকলো কাৰখানা চাওক। ইয়াতেই সীমাবদ্ধ আছিল আমাৰ ঔদ্যোগিক বিকাশ। আজি, আপোনাসৱে গুজৰাটৰ যি দিশতেই যায় দেখিব ক্ষুদ্ৰ আৰু ডাঙৰ উদ্যোগ, কাৰখানাবোৰ দ্ৰুত গতিত চলি আছে। যিকোনো ঠাইত নিৰ্মিত ডাঙৰ গাড়ীয়ে হওক বা সৰু গাড়ীয়ে হওক, এইবোৰৰ আটাইতকৈ সৰু অংশসমূহ আমাৰ ৰাজকোটৰ অভিযান্ত্ৰিক উদ্যোগত নিৰ্মাণ কৰা হয়। আজি আহমেদাবাদ-মুম্বাই বুলেট ট্ৰেইন প্ৰকল্পৰ কাম দ্ৰুতগতিত চলি আছে। মুম্বাইৰ পৰা দিল্লীলৈ সমৰ্পিত পশ্চিম কৰিডৰ আৰু ইয়াৰ লজিষ্টিক ব্যৱস্থাৰ কাম দ্ৰুত গতিত চলি আছে। গুজৰাটৰ ঘাইপথসমূহ যেতিয়া বহল কৰি দুগুণ-তিনিগুণ কৰা হব তেতিয়া এই সকলোবোৰে গুজৰাট বন্দৰৰ শক্তি বৃদ্ধিত সহায় কৰিব।। আজি গুজৰাটত বিমান-সংযোগ ব্যৱস্থাৰ অভূতপূৰ্ব সম্প্ৰসাৰণ দেখা গৈছে। আৰু ৰো-ৰো ফেৰী সেৱা, মোৰ মনত আছে যে আমি সৰু থাকোতে বাতৰি কাকতত পঢ়িছিলোঁ, এই ৰো-ৰো ফেৰী সেৱা কি? যেতিয়া মই মুখ্যমন্ত্ৰী হৈছিলোঁ, মই সুধিছিলো, "ভাই, এয়া কি?" এইটো কত আছে? মই সৰুৰে পৰা শুনি আহিছিলোঁ, আজি ৰো-ৰো ফেৰী সেৱা আৰম্ভ হৈছে। আৰু যদি এই লোকসকলে এতিয়া ৩০০-৩৫০ কিলোমিটাৰৰ পৰিৱৰ্তে আঠ ঘণ্টা ৰাহি কৰি চুৰাটৰ পৰা কাঠিয়াৱাৰত আহি উপস্থিত হয়।

বিকাশ কেনেদৰে হয়, আমি আজি সেয়া দেখিছোঁ। এমএচএমইবোৰ গুজৰাটৰ আটাইতকৈ ডাঙৰ শক্তি হিচাপে প্ৰমাণিত হৈছে। সমগ্ৰ সৌৰাষ্ট্ৰত এনে এক সময় আছিল যেতিয়া নিমখৰ বাহিৰে কোনো উদ্যোগ নাছিল, কঠিয়াৱাৰ উদং হৈ আছিল, কচ্ছ-কঠিয়াৱাড়ৰ লোকসকলে জীৱিকা অৰ্জনৰ অৰ্থে ভাৰতৰ প্ৰতিটো কোণে কোণে ঘূৰি ফুৰিব লগা হৈছিল। কিন্তু আজি ভাৰতৰ জনসাধাৰণে কচ্ছ-কঠিয়াৱাড়লৈ আহিব বিচাৰে। বন্দৰবোৰ উজলি উঠিছে, ই গুজৰাটৰ প্ৰতিচ্ছবি সলনি কৰিছে বন্ধুসকল। মৰবি টাইলছ উদ্যোগে বিশ্বত দপদপাই আছে।

জামনগৰৰ পিতলৰ উৎদ্যোগৰ প্ৰসাৰ বিশ্বত বৃদ্ধি পাইছে। ফাৰ্মা উদ্যোগ, দৰৱ কোম্পানীসমূহৰে ক্ষেত্ৰতো একে হৈছে, এনে এক সময় আছিল যেতিয়া গুজৰাট চৰকাৰে সুৰেন্দ্ৰনগৰৰ ঔষধ কোম্পানীসমূহক প্ৰলুব্ধ কৰাৰ বাবে যথেষ্ট সুবিধা আগবঢ়াইছিল। কিন্তু একো ফল ধৰা নাছিল। আজি, ডাঙৰ ডাঙৰ ফাৰ্মাচিউটিকেল কোম্পানীবোৰে গুজৰাট আৰু সৌৰাষ্ট্ৰৰ মাটিৰ পৰাই দৃঢ়ভাৱে আগুৱাই গৈ আছে। এনে বহুতো ক্ষেত্ৰ আছে য'ত গুজৰাটে দ্ৰুত গতিত আগবাঢ়ি আছে। আৰু সমগ্ৰ দেশতে চলোৱা এক জিলা-এক সামগ্ৰীৰ অভিযানে গুজৰাটৰ ঔদ্যোগিক বিকাশক লাভান্বিত কৰিছে। আৰু সৌৰাষ্ট্ৰৰ পৰিচয়ো আছে। একেই পৰিচয় আছে আমাৰ কঠিয়াৱাড়ৰ, কচ্ছৰৰ, গুজৰাটৰ। দুঃসাহসিক প্ৰকৃতি, পানীৰ অভাৱৰ মাজত বাস কৰা গুজৰাটৰ সেই নাগৰিকজনেও আজি কৃষিক্ষেত্ৰত দপদপাই আছে। এয়াই গুজৰাটৰ শক্তি ভাইসকল, আৰু শক্তিক প্ৰগতিৰ পথত নিবলৈ চৰকাৰ দিল্লী নাইবা গান্ধীনগৰত ৰৈ আছে, আমি চাৰিওদিশত আগবাঢ়িছোঁ ভাইসকল।

আজি স্বাস্থ্য সুবিধা ভালেখিনি বৃদ্ধি পাইছে, ইয়াৰ বাবে মোৰ ফালৰ পৰা মই সকলো নাগৰিকক অভিনন্দন জনাইছোঁ। আপোনাসৱে বিশ্বাস ৰাখিব। এইমাত্ৰ ভূপেন্দ্ৰভাইয়ে কৈ আছিল, পিএমজেএৱাই আঁচনি, আয়ুষ্মান যোজনা, বিশ্বৰ আটাইতকৈ ডাঙৰ আঁচনি ইয়াত চলি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যাতকৈ অধিক লোকে এনে আঁচনিৰ সুবিধা গ্ৰহণ কৰি আছে, এনে আঁচনি ইয়াত চলি আছে। ইউৰোপীয় দেশসমূহৰ জনসংখ্যাতকৈ অধিক লোক এনে আঁচনিৰ জৰিয়তে উপকৃত হৈছে, এনে আঁচনি ভাৰতত চলি আছে। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে গুৰুতৰ ৰোগত আক্ৰান্ত ৫০ কোটি লোকৰ পাঁচ লাখ টকালৈকে ৰোগৰ ব্যয় চৰকাৰে বহন কৰে।

ভাইসকল,

দৰিদ্ৰতা আৰু দৰিদ্ৰলোকৰ দুখ, এয়া মই কিতাপত পঢ়িব লগা হোৱা নাছিল, টিভিৰ পৰ্দাত চাব লগা হোৱা নাছিল, দৰিদ্ৰতাত মাজেৰে জীৱন কেনেদৰে জীয়াই থাকে সেয়া মই জানো। আজিও, সমাজত মাতৃ-ভগ্নীৰ বেমাৰ হলেও, কষ্ট হলেও, তেওঁলোকে পৰিয়ালৰ কাকো নকয়, তেওঁলোকে দুখ সহ্য কৰে, আৰু ঘৰৰ কাম কৰি যায়। আৰু যদি ঘৰৰ কোনোবা অসুস্থ হয়, তেতিয়াও তেওঁলোকে ইয়াৰ যত্ন লয়। মাতৃ-ভগ্নীয়ে তেওঁলোকৰ দুখৰ বিষয়ে কাকো নকয়। আৰু যেতিয়া বেমাৰ বাঢ়ি হয়, তেতিয়া তেওঁলোকে ঈশ্বৰৰ ওচৰত তেওঁলোকক এই ধৰাৰ পৰা লৈ যাবৰ বাবে প্ৰাৰ্থনা কৰে। কাৰণ তেওঁলোকৰ বাবে ল'ৰা ছোৱালীবোৰে দুখ সহিবলগীয়া হয়। যদি পুত্ৰ আৰু কন্যাই গম পায়, তেন্তে কয়, মা আমি এখন ভাল চিকিৎসালয়লৈ নি চিকিৎসা কৰিব বিচাৰে। তেতিয়া মাতৃয়ে কয়, "তোমালোকে ঋণত পোত যাবা, তোমালোকৰ প্ৰজন্ম সম্পূৰ্ণৰূপে ধাৰত ডুব যাব, আৰু এতিয়া মই কিমান জীয়াই থাকিম। ঈশ্বৰে যিমান দিন ৰাখে সিমান দিন জীয়াই থাকিম। মই চিকিৎসালয়লৈ নাযাওঁ। ঋণ লৈ মোক ঔষধ গ্ৰহণ কৰিব দিব নালাগে।" আমাৰ দেশৰ মাতৃ-ভগ্নীয়ে ধনৰ কাৰণে চিকিৎসা লাভ কৰা নাছিল। পুত্ৰই ঋণত পোত যোৱাৰ ভয়ত চিকিৎসালয়লৈ যোৱা নাছিল।

আজি, দিল্লীত মাকৰ চিকিৎসাৰ বাবে পুত্ৰ এজন বহি আছে। মাতৃসকলে কষ্ট পাব নালাগে, তেওঁলোকক অস্ত্ৰোপচাৰৰ প্ৰয়োজন হলে ধনৰ বাবে অস্ত্ৰোপচাৰ নোহোৱাকৈ থাকিব নালাগে, এনেবোৰ কাৰণতে আয়ুষ আঁচনি প্ৰৱৰ্তন কৰা হৈছে। আৰু মই সুখী যে এই চিকিৎসালয়খনতো আয়ুষ্মান কাৰ্ড লৈ অহা ব্যক্তিজনক চৰকাৰৰ আঁচনিৰ সম্পূৰ্ণ লাভা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে। সেইবাবে পকেটৰ পৰা টকা দিব নোৱাৰিলে চিকিৎসা লাভ নকৰাৰ দিন আৰু নাহে। আপোনাসৱে ভাবক যে যদি এটা মধ্যবিত্ত পৰিয়াল, এক নিৰ্দিষ্ট উপাৰ্জন থকা পৰিয়াল আৰু যদিহে পৰিয়ালৰ এজন বৃদ্ধ ব্যক্তিৰ ডায়েবেটিচ আছে, তেন্তে তেওঁ এমাহত ১২০০-১৫০০ টকাৰ ঔষধ গ্ৰহণ কৰিব লাগিব। তেওঁ দৈনিক বেজী ল'ব লাগিব বা পিল খাব লাগিব। আৰু ইমান ব্যয়বহুল ঔষধ, সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ কি হব? আমাৰ ভাৰতৰ প্ৰতিটো কোণত জন ঔষধি কেন্দ্ৰ খোলা হৈছে, আৰু এমাহত ২০০০ টকা খৰচ হোৱা ঔষধ, এই কেন্দ্ৰত ১০০ টকা লাভ কৰিব পাৰে, আৰু ঔষধ নোহোৱাকৈ কোনো লোকে দুখ ভুগিব নালাগে। সেইকাৰণে ভাৰতত শ শ জন ঔষধি কেন্দ্ৰ আৰম্ভ কৰা হৈছে। যাৰ বাবে সাধাৰণ মানুহে সস্তাতে ঔষধ ক্ৰয় কৰিব পাৰে আৰু তেওঁৰ স্বাস্থ্যৰ যতন লব পাৰে আৰু কোনো সমস্যা অবিহনে যিকোনো পৰিস্থিতি চম্ভালিব পাৰে।

 

ভাই-ভনীসকল,

পৰিষ্কাৰ-পৰিচ্ছন্নতা, পানী, পৰিৱেশ- এই সকলোবোৰ বস্তু স্বাস্থ্যৰ বাবে অত্যাৱশ্যকীয়। সুস্বাস্থ্যৰ বাবে আমি আন্তৰ্জাতিক যোগ দিৱস পাতি আহিছোঁ। মই আপোনালোক সকলোকে প্ৰাৰ্থনা জনাইছোঁ যে, আপোনালোক সকলোৰে স্বাস্থ্য ভাল হওঁক, সুস্থ থাকক। গুজৰাটৰ প্ৰতিটো শিশু সুস্থ হৈ থাকক, গুজৰাটৰ ভৱিষ্যত স্বাস্থ্যৱান হওঁক। এই সংকল্পৰ সৈতে, আজি এই পৱিত্ৰ দিন উপলক্ষে মই সমাজৰ প্ৰতিগৰাকী লোকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই দাতাসকলক শুভকামনা জনাইছোঁ, মই সেই দাতাসকলৰ মাতৃসকলক শুভেচ্ছা জনাইছোঁ, যিসকলে তেওঁলোকৰ সন্তানক এনে ধৰণৰ ৰীতি-নীতিৰে ডাঙৰ-দীঘল কৰিছে। যিসকলে সমাজৰ বাবে ইমান ডাঙৰ কাম কৰিছে। তেওঁলোক সকলোকে সম্ভাষণ জনাই আৰু আপোনালোক সকলোকে প্ৰণাম জনাইছোঁ। আপোনাসৱে ইমান মৰম দিছে, ইমান গৰমতো আপোনাসৱে ইয়ালৈ আহিছে। আপোনাসৱৰ এই আশীৰ্বাদ মোৰ আটাইতকৈ ডাঙৰ শক্তি। এয়াই মোৰ ধন। হাজাৰ হাজাৰ ভগ্নীয়ে তেওঁলোকৰ কঠিয়াৱাড়ীৰ পৰম্পৰাৰ অংশ হিচাপে মূৰত কলহ লৈ ৰ'দত থিয় হৈ মোক আশীৰ্বাদ দিছে। মাতৃ আৰু ভগ্নী, সকলো সমাজৰ ভগ্নীয়ে মোক এইদৰে আশীৰ্বাদ দিছে যেন ঘৰৰহে কোনো অনুষ্ঠান। মই সকলো মাতৃ আৰু ভগ্নীক অভিবাদন জনাইছোঁ। আপোনাসৱৰ আশীৰ্বাদ শিৰত লৈ মই ভাৰত আৰু গুজৰাটৰ সেৱা আগবঢ়াই যাম। বহুত ধন্যবাদ।

 

ভাৰত মাতা কী-জয়

ভাৰত মাতা কী-জয়

অশেষ ধন্যবাদ!

 

 ***

DS/VJ/NS/AK/KG



(Release ID: 1829367) Visitor Counter : 116