প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

হাইদৰাবাদস্থিত ‘ইণ্ডিয়ান স্কুল অব বিজনেছ’ৰ ২০ বৰ্ষপূৰ্তি সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

Posted On: 26 MAY 2022 5:41PM by PIB Guwahati

তেলেংগাণাৰ ৰাজ্যপাল শ্ৰীমতী তামিলসাই সৌন্দৰ্যৰাজন সৌন্দৰ্ৰাজন জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰী জি কৃষ্ণ ৰেড্ডী জী, তেলেংগাণা চৰকাৰৰ মন্ত্ৰী, ‘ইণ্ডিয়ান স্কুল অব বিজনেছ’ৰ কাৰ্যবাহী পৰিষদৰ অধ্যক্ষ, ডীন, অন্যান্য অধ্যাপক, শিক্ষক, অভিভাৱকবৃন্দ আৰু মোৰ মৰমৰ যুৱ বন্ধু-বান্ধৱসকল!

আজি ‘ইণ্ডিয়ান স্কুল অব বিজনেছ’-য়ে গৌৰৱময় যাত্ৰাৰ এক অতিকে গুৰুত্বপূৰ্ণ সাফল্যৰ ঢাপ অতিক্ৰম কৰিলে। আমি সকলোৱে ‘আইএছবি’-ৰ প্ৰতিষ্ঠাৰ একুৰি বছৰ পূৰ্ণ হোৱাৰ আনন্দৰ মুহূৰ্তটো উদযাপন কৰি আছো। আজি বহু সংখ্যক বন্ধু-বান্ধৱীয়ে তেওঁলোকৰ উপাধিসমূহ লাভ কৰিছে। তেওঁলোকৰ একাংশই সোণৰ পদক লাভ কৰিছে। ‘আইএছবি’-ৰ সফলাতাৰ এইটো মোৰত উপনীত হোৱাৰ ক্ষেত্ৰত বহু সংখ্যক লোকৰ কঠোৰ তপস্যা বিজড়িত হৈ আছে। মই আজি সেইসকল প্ৰতিগৰাকী ব্যক্তিকে স্মৰণ কৰি আপোনালোক আটাইকে, ‘আইএছবি’-ৰ অধ্যাপক, শিক্ষক, সকলো ছাত্ৰ-ছাত্ৰী, অভিভাৱক, ‘আইএছবি’-ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো।

বন্ধুসকল,

২০০১ চনত অটলজীয়ে এইখন প্ৰতিষ্ঠান দেশৰ নামত উচৰ্গা কৰিছিল। তেতিয়াৰ পৰা আজি পৰ্যন্ত প্ৰায় ৫০ হাজাৰ কাৰ্যবাহীয়ে ইয়াৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি ওলাই গৈছে। আজি ‘আইএছবি’ এছীয়াৰ শীৰ্ষস্থানীয় ‘বিজনেছ স্কুল’ৰ অন্যতম হৈ উজলি উঠিছে। ‘আইএছবি’-ৰ পৰা ওলাই যোৱা প্ৰফেশ্যনেলসকলে দেশৰ ব্যৱসায়-বাণিজ্যৰ গতি প্ৰদান কৰি আছে, বৃহত্ বৃহত্ প্ৰতিষ্ঠানসমূহৰ ‘মেনেজমেণ্ট’ চম্ভালি আছে। ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে বহুবোৰ ‘ষ্টাৰ্ট-আপ’ জন্ম দিছে, অনেক ‘ইউনিকৰ্ণ’ নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এয়া ‘আইএছবি’-ৰ বাবে সাফল্যপূৰ্ণ অভিজ্ঞতা হোৱাৰ লগতে সমগ্ৰ দেশৰ বাবেই গৰ্বৰো বিষয়।

বন্ধুসকল,

মোক কোৱা হৈছে যে এয়া হাইদৰাবাদ আৰু মোহালী চৌহদৰ যুটীয়া দীক্ষান্ত উপাধি-প্ৰদান সমাৰোহ। আজি যিসকল ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ ওলাই গৈছে, তেওঁলোকৰ বাবে এয়া এই কাৰণেও গুৰুত্বপূৰ্ণ হ’ব, কিয়নো এই সময়ত দেশে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিত উপলক্ষে ‘অমৃত মহোত্সৱ’ উদযাপন কৰি আছে। আজি আমি বিগত ৭৫টা বছৰৰ অভিজ্ঞতাসমূহৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছো আৰু আগন্তুক ২৫টা বছৰৰ বাবে সংকল্পৰ পটলিপিও প্ৰস্তুত কৰি আছো। স্বাধীনতাৰ এই অমৃতকালত আগন্তুক ২৫টা বছৰৰ বাবে আমি সংকল্প গ্ৰহণ কৰিছো, সেই সংকল্প সিদ্ধিৰ বাবে আপোনালোক আটাইৰে বহুত ডাঙৰ ভূমিকা আছে। আৰু আজিৰ ভাৰতে যি আশা কৰৰিছে, ৰাইজৰ মাজত যি আত্মবিশ্বাস হৈছে, নতুন ভাৰত নিৰ্মাণৰ বাবে যি ইচ্ছাসক্তি জাগিছে, সেয়াই আপোনালোকৰ বাবে অনেক সম্ভাৱনাৰ দুৱাৰো মুকলি কৰিছে। আপোনালোকে নিজেই চাওঁকচোন, আজি ভাৰত ‘জি-২০’ দেশসমূহৰ মাজৰ আটাইতকৈ দ্ৰুতগতিৰে উন্নতি কৰা অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। ‘স্মাৰ্টফোন ডেট কনজুমাৰ’-ৰ ক্ষেত্ৰত ভাৰতে প্ৰথম স্থান অধিকাৰ কৰিছে। ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাৰ দিশেৰে যদি চোৱা যায় তেন্তে ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰতে দ্বিতীয়। ‘গ্লোব্লেল ৰিটেইল ইনডেক্স’তো ভাৰত পৃথিৱীৰ দুই নম্বৰ স্থানত থকা দেশ। পৃথিৱীৰ তৃতীয় ‘ষ্টাৰ্ট-আপ ইক’ ছিষ্টেম’ আছে ভাৰতত। পৃথিৱীৰ তৃতীয় সৰ্ববৃহত্ ‘কনজুমাৰ মাৰ্কেটো’ হ’ল ভাৰত। এনেকৈ বহুবোৰ কথাই মই আপোনালোকক ক’ব পাৰো, গন্তি কৰাব পাৰো। ক’ৰোনাৰ দৰে পৃথিৱীজোৰা মহামাৰীতো আমি সকলোৱে আৰু পৃথিৱীয়ে ভাৰতৰ সামৰ্থ্য প্ৰত্যক্ষ কৰিলে। শতিকাৰ সৰ্ববৃহত্ সংকটৰ সময়ত ‘গ্লোবেল ছাপ্লাই ছেইন’ত ইমান ডাঙৰ বাধাৰ সৃষ্টি হ’ল, তাৰ পিচত যুদ্ধয়ো এই সংকটক আৰু অধিক শোচনীয় কৰি তুলিলে। এই সকলোবোৰৰ মাজতো, ভাৰতে আজি উন্নয়ণৰ এক বৃহত্ কেন্দ্ৰৰ ৰূপত মূৰ দাঙি উঠিছে। যোৱাটো বছৰত ভাৰতে আজি পৰ্যন্ত সৰ্বাধিক, অভিলেখ ভংগকাৰী ‘এফডিআই’ আহৰণ কৰিবলৈ সক্ষম হৈছিল। আজি পৃথিৱীয়ে এই কথা হৃদয়ংগম কৰিব পাৰিছে যে ‘ইণ্ডিয়া মীনছ বিজনেছ’। আৰু এয়া কেৱল চৰকাৰে অকলে কৰা প্ৰয়াসৰে সম্ভৱ হোৱা নাই। ইয়াত ‘আইএছবি’-ৰ দৰে ‘বিজনেছ স্কুল’ৰ, ইয়াৰ পৰা ওলাই যোৱা ‘প্ৰফেশ্যনেল’সকলৰ, দেশৰ যুৱক-যুৱতীসকলৰ বহুত ডাঙৰ অৱদান আছে। সেয়া লাগিলে ‘ষ্টাৰ্ট-আপ’য়েই হওক, অথবা পাৰম্পৰিক ব্যৱসায়েই হওক, লাগিলে উত্পাদনেই হওক কিম্বা সেৱাক্ষেত্ৰই হওক, আমাৰ যুৱ-প্ৰজন্মই এই কথা প্ৰতিপন্ন কৰি দেখুৱাইছে যে তেওঁলোকে পৃথিৱখনকে নেতৃত্ব প্ৰদান কৰিব পাৰে। মই ঠিকেই কৈছোনে বাৰু? আপোনালোকৰ বাৰু নিজৰ ওপৰত বিশ্বাস আছেনে নাই? মোৰ কিন্তু আপোনালোকৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে। আপোনালোকৰ নিজৰ ওপৰত আছেনে?

বন্ধুসকল,

সেয়ে আজি পৃথিৱীয়ে ভাৰতক, ভাৰতৰ যুৱ-প্ৰজন্মক, আৰু ভাৰতৰ সা-সামগ্ৰীক এক নতুন সন্মান আৰু নতুন ভৰসাৰে সৈতে চাবলৈ ধৰিছে।

বন্ধুসকল,

ভাৰতে যি মাত্ৰাৰে, গণতান্ত্ৰিক পদ্ধতিৰে আমাৰ দেশত কৰিব পাৰে, যি পদ্ধতিৰে আমি ইয়াত কোনো নীতি অথবা সিদ্ধান্ত বলবত্ কৰিব পাৰো, সেয়া গোটেই পৃথিৱীৰ বাবেই অধ্যয়ণৰ জৰিয়তে শিকিব লগা বিষয় হৈ উঠে। আমি প্ৰায়েই ভাৰতীয় সমাধানসমূহক গোলকীয় প্ৰেক্ষাপটত প্ৰয়োগ হোৱা দেখিবলৈ পাই থাকো। আৰু সেয়ে আজিৰ এই গুৰুত্বপূৰ্ণ দিনটোত আলোনালোকক ক’ম যে আপোনালোকে আপোনালোকৰ ব্যক্তিগত লক্ষ্যসমূহক, দেশৰ লক্ষ্যৰ সৈতে একাকাৰ কৰক। আপোনালোকে যি শিকে, আপোনালোকে যি অভিজ্ঞতাই আহৰণ কৰে, আপোনালোকে যিয়েই পদক্ষেপ গ্ৰহণ কৰে, তাৰ জৰিয়তে দেশৰ হিত কেনেকৈ সাধন হয়, এই কথা সদায়ে ভবা উচিত, নিতান্তই এই চিন্তা কৰক। আজি দেশত ‘স্বাচ্ছন্দ্যৰে ব্যৱসায় কৰা’ৰ অভিযানেই হওক, ডেৰ হাজাৰৰো অধিক পুৰণি আইন আৰু হাজাৰ হাজাৰ বাধ্যবাধকতাৰ অন্ত পেলোৱাই হওক, কৰ সম্পৰ্কীয় অনেক আইনৰ অন্ত পেলাই ‘জিএছটি’-ৰ দৰে পাৰদৰ্শী ব্যৱস্থা গঢ়ি তোলাই হওক, উদ্যোগী আৰু উদ্ভাৱনক উত্সাহ প্ৰদান কৰাই হওক, নতুন ‘ষ্টাৰ্ট-আপ’ নীতিয়েই হওক, ‘ড্ৰোন নীতি’য়েই হওক, অনেক নতুন নতুন খণ্ড মুকলি কৰাই হওক, এই সকলো পৰিৱৰ্তনেই আপোনালোকৰ দৰে যুৱ-প্ৰজন্মৰ বাবেইতো সম্ভৱ হৈছে। আপোনালোকৰ দৰে যুৱ-প্ৰজন্মৰ তৰফৰ পৰা আহিবলগীয়া সকলো সমাধানেই হওক, সেই সমাধানসমূহৰ বলবতকৰণৰ বাবে আপোনালোকৰ চিন্তাক দেশৰ সামৰ্থ্য কৰি তোলাৰ বাবে আমাৰ চৰকাৰে সদায়ে দেশৰ যুৱ-শক্তিৰ সৈতে থিয় দি আহিছে।

বন্ধুসকল,

আপোনালোকে চাগৈ নিশ্চয় মন কৰিছে যে মই এটা কথা বাৰে বাৰে দোহাৰি আহিছো, আৰু প্ৰায়েই কৈয়ো আহিছো, সেয়া হৈছে ‘ৰিফৰ্ম, পাৰ্ফৰ্ম, ট্ৰেন্সফৰ্ম’ৰ কথা। এই মন্ত্ৰই আজি দেশত যি শাসন চলিছে, তাক সংজ্ঞায়িত কৰে। এয়া আপোনালোকৰ দৰে ‘মেনেজমেণ্ট’ৰ ছাত্ৰ, ‘প্ৰফেশ্যনেল’ৰ বাবেও বহুতেই গুৰুত্বপূৰ্ণ। মই সকলোবোৰ কথা আপোনালোকক এই কাৰণেই কৈছো কাৰণ, আপোনালোকে ইয়াৰ পৰা ওলাই যোৱাৰ পিচত বহুবোৰ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিবগৈ লাগিব। নীতিসমূহ কেৱল ‘ড্ৰয়িংবোৰ্ড’তেই  ভাল দেখক, কাগজে-পত্ৰই ধুনীয়া হওক, কিন্তু বাস্তৱ ক্ষেত্ৰত তাৰ কোনো প্ৰভাৱেই নপৰিলে, তাৰ পৰা কোনো লাভ নহ’ব। সেয়ে নীতিসমূহৰ সমীক্ষা, ৰূপায়ণ আৰু অন্তত লাভ কৰিবলগীয়া পৰিণতিৰ আধাৰত হোৱা উচিত। ‘ৰিফৰ্ম, পাৰ্ফৰ্ম, ট্ৰেন্সফৰ্ম’-ৰ মন্ত্ৰই কেনেকৈ নীতিসমূহক, দেশৰ সু-শাসনক পুনঃ সংজ্ঞায়িত কৰেগৈ এই কথাও মই ভাবো আপোনালোকৰ নিচিনা ন-জোৱানসকলে জনাটো বহুত প্ৰয়োজন।

বন্ধুসকল,

বিগত আঠোটা বছৰৰ তুলনা যদি আপোনালোকে তাৰ আগৰ তিনিটা দশকৰে কৰে, এটা কথা নিশ্চয় দেখিবলৈ পাব। আমাৰ দেশত ‘ৰিফৰ্ম’ৰ প্ৰয়োজনীয়তা সদায়েই অনুভৱতো কৰি অহা হৈছিলেই, কিন্তু ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱ সদায়েই আছিল। বিগত তিনিটা দশকত নিৰন্তৰ তৈয়াৰ হোৱা ৰাজনৈতিক অস্থিৰতাৰ কাৰণে দেশে দীঘলীয়া সময়ৰ বাবে ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱ প্ৰত্যক্ষ কৰিবলগীয়া হ’ল। ইয়াৰ কাৰণেই দেশে ‘ৰিফৰ্ম’ৰ পৰা, ডাঙৰ সিদ্ধান্ত গ্ৰহণৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। ২০১৪ চনৰ পিচত আমাৰ দেশে ৰাজনৈতিক ইচ্ছাশক্তিকো দেখিছে আৰু নিৰন্তৰ ‘ৰিফৰ্ম’ও সম্পাদিত হৈ আছে। আমি দেখুৱাইছো যে যদি সততাৰে, ইচ্ছাশক্তিৰে ‘ৰিৰ্ফম’ৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়া হয় তেন্তে জনসমৰ্থন নিজে নিজেই বাঢ়িবলৈ ধৰে। ‘ফিনটেক’ উদাহৰণ আমাৰ সন্মুখতে আছে। যিখন দেশত এটা সময়ত ‘বেংকিং’-কে ‘প্ৰিভিলেজ’ বুলি গণ্য কৰা হৈছিল, সেইখন দেশত ‘ফিনটেক’ৰ বাবে এতিয়া সাধাৰণ নাগৰিকৰ জীৱনেই সলনি হবলৈ ধৰিছে। যিখন দেশত এটা সময়ত বেংকৰ প্ৰতি আস্থা গঢ়াৰ বাবে বহুখিনি পৰিশ্ৰম কৰিবলগীয়াত পৰিছিল, সেইখন দেশতে এতিয়া পৃথিৱীৰ ৪০শতাংশ ডিজিটেল ‘ট্ৰেনজেকশ্যন’ সম্ভৱ হৈছে। আমাৰ স্বাস্থ্যখণ্ডৰ প্ৰসংগত ভবা হৈছিল যে এইটো খণ্ডই কোনো ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নোৱাৰিব। কিন্তু স্বাস্থ্যখণ্ডত হোৱা সংস্কাৰ যে দেশৰ ইচ্ছাশক্তিৰ পৰিণাম সেই কথা আমি ১০০টা বছৰৰ সকলোতকৈ বৃহত্ মহামাৰীৰ কালত  অনুভৱ কৰিব পাৰিছো। ক’ৰোনাই যেতিয়া আমাৰ দুৱাৰত টোকৰ মাৰিছিলহি তেতিয়া আমাৰ হাতত ‘পিপিই কীট’ প্ৰস্তুত কৰাৰ বাবে উত্পাদক প্ৰতিষ্ঠান নাছিল বুলিব পৰা অৱস্থাতে আছিল। ক’ৰোনাৰ বাবে বিশেষ ভাবে প্ৰয়োজনীয় সা-সামগ্ৰী প্ৰস্তুক কৰিব পৰা আন্তঃগাঁথনিও নাছিল। কিন্তু চাই থাকোতেই ১১০০ৰো অধিক ‘পিপিই’ নিৰ্মাতাৰ এক নেটৱৰ্ক ভাৰতত গঠন হৈ গ’ল। ক’ৰোনাৰ পৰীক্ষাৰ বাবেও আৰম্ভণীতে মাত্ৰ কেই ডজন মান পৰীক্ষাগাৰহে আছিল। বহুত কম সময়তে দেশত আঢ়ৈ হাজাৰৰো অধিক পৰীক্ষাগাৰৰো এক নেটৱৰ্ক গঠিত হ’ল। ক’ভিডৰ প্ৰতিষেধকৰ বাবেতো আমাৰ দেশত চিন্তা প্ৰকট কৰা হৈছিল যে আমি বিদেশৰ প্ৰতিষেধক পামগৈনে নাইবা। কিন্তু আমি আমাৰ নিজা প্ৰতিষেধক তৈয়াৰ কৰিলো। ইমানেই প্ৰতিষেধক উত্পাদন কৰিছো যে ভাৰততে ১৯০ কোটিৰো অধিক পালি ইতিমধ্যেই প্ৰদান কৰা হৈছে। ভাৰতে পৃথিৱীৰ ১০০ৰো অধিক দেশলৈকো প্ৰতিষেধক প্ৰেৰণ কৰিছে। এইদৰেই চিকিত্সা বিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰতো আমি এটাৰ পিচত এটাকৈ অনেক সংস্কাৰ সাধন কৰিছো। ইয়াৰ পৰিণাম স্বৰূপেই বিগত ৮টা বছৰত চিকিত্সা মহাবিদ্যালয়ৰ সংখ্যা ৩৮০ৰ পৰা ৬০০ৰো অধিকলৈ বৃদ্ধি পাইছে। দেশত চিকিত্সা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসনৰ সংখ্যা ৯০ হাজাৰৰ পৰা বাঢ়ি ডেৰ লাখৰো অধিক হৈছেহি।

বন্ধুসকল,

বিগত আঠোটা বছৰত দেশে যি ইচ্ছাশক্তি প্ৰত্যক্ষ কৰিছে, তাৰ ফলতে এক বৃহত্ পৰিৱৰ্তন সম্ভৱ হৈছে। এতিয়া ‘ব্যুৰোক্ৰেচী’য়েও সম্পূৰ্ণ শক্তিৰে ‘ৰিফৰ্ম’ক বাস্তৱায়িত কৰাৰ বাবে উঠি-পৰি লাগিছে। ব্যৱস্থা আগৰটোৱেই আছিল, কিন্তু এতিয়া তাৰ পৰা আদায় কৰা ফল নিতান্তই সন্তোষজনক হৈছে। আৰু এই আঠোটা বছৰত যিটো সকলোতকৈ ডাঙৰ অনুপ্ৰাণিত হ’ব লগা কথা হৈছে, সেয়া হৈছে ‘জন-অংশীদাৰিত্ব’। দেশৰ জনতা নিজেই আগবাঢ়ি আহি সংস্কাৰক গতি প্ৰদান কৰিছেহি। আমি এইকথা ‘স্বচ্ছ ভাৰত অভিযান’ত প্ৰত্যক্ষ কৰিছিলো। আৰু এতিয়া ‘ভোকেল ফৰ লোকেল’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’তো আমি ‘জন-অংশীদাৰিত্ব’ৰ শক্তি প্ৰত্যক্ষ কৰিছো। যেতিয়া জনতাই সহযোগিতা আগবঢ়াই, তেতিয়া তাৰ পৰিণতি অৱশ্যেই লাভ কৰা যায়, তাতক্ষণিক ভাবে উপলব্ধ হয়। অৰ্থাত্ চৰকাৰী ব্যৱস্থাত চৰকাৰে ‘ৰিফৰ্ম’ কৰে, ‘ব্যুৰোক্ৰেচী’য়ে ‘পাৰ্ফৰ্ম’ কৰে আৰু জনতাৰ সহযোগিতাৰে ‘ট্ৰেন্সফৰ্মেশ্যন’ সম্ভৱ হয়।

বন্ধুসকল,

এয়া আপোনালোকৰ বাবে ডাঙৰ ‘কেচ-ষ্টাডী’, ‘ৰিফৰ্ম, পাৰ্ফৰ্ম, ট্ৰেন্সফৰ্ম’ৰ যি ‘ডাইনেমিক্স’, সেয়া আপোনালোকৰ বাবে গৱেষণাৰ বিষয়। ‘আইএছবি’-ৰ দৰে বৃহত্ প্ৰতিষ্ঠানে অধ্যয়ন কৰি, ‘এনালাইছিছ’ কৰি ইয়াক পৃথিৱীৰ আগত দাঙি ধৰা উচিত। ইয়াৰ পৰা যিসকল যুৱ-বন্ধু পঢ়ি-শুনি ওলাই যাবলৈ ধৰিছে, তেওঁলোকেও ‘ৰিফৰ্ম, পাৰ্ফৰ্ম, ট্ৰেন্সফৰ্ম’-ৰ এই মন্ত্ৰক প্ৰতিটো ক্ষেত্ৰত প্ৰয়োগ কৰাৰ প্ৰয়াস কৰা উচিত।

বন্ধুসকল,

মই দেশৰ ক্ৰীড়া প্ৰেক্ষাপটটোৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষিত কৰিব খুজিছো। এনে কি কথা হ’ল যে ২০১৪ চনৰ পিচত খেলৰ প্ৰতিটো ক্ষেত্ৰতে অভুতপূৰ্ব প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে! ইয়াৰ সকলোতকৈ ডাঙৰ কাৰণটো হৈছে আমাৰ ‘এথলিট’সকলৰ আত্মবিশ্বাস। আত্মবিশ্বাস তেতিয়াহে আহে, যেতিয়া প্ৰকৃত প্ৰতিভাৰ অনুসন্ধান হয়, যেতিয়া প্ৰতিভাৰ উপযুক্ত প্ৰতিপালন সম্ভৱ হয়, যেতিয়া স্বচ্ছতাৰে নিৰ্বাচন সম্ভৱ হয়, প্ৰশিক্ষণৰ, প্ৰতিযোগিতাৰ এক উন্নত মানৰ আন্তঃগাঁথনি উপলব্ধ হয়। ‘খেলো ইণ্ডিয়া’ৰ পৰা ‘অলিম্পিক প’ডিয়াম আঁচনি’লৈকে এনে অনেক সংস্কাৰ সাধনৰ জৰিয়তে আজি ক্ৰীড়াক্ষেত্ৰত সম্ভৱ হোৱা সংস্কাৰ আমি প্ৰত্যক্ষ কৰিব পাৰিছো, অনুভৱ কৰিব পাৰিছো।

বন্ধুসকল,

‘মেনেজমেণ্ট’ৰ পৃথিৱীখনত ‘পাৰ্ফৰ্মেন্স’, ‘ভেল্যু এডিশ্যন’, ‘প্ৰডাক্টিভিটী’ আৰু ‘ইন’ভেশ্যন’ আদি কথাবোৰৰ বহু চৰ্চা কৰা হয়। যদি আপোনালোকে ৰাজহুৱা নীতিত ইয়াৰ উত্তম উদাহৰণ চাব বিচাৰে তেন্তে ‘আকাংক্ষী জিলা কাৰ্যক্ৰম’-ক নিশ্চয় অধ্যয়ণ কৰা উচিত। আমাৰ দেশত ১০০ৰো অধিক জিলা এনে আছিল যিবোৰ জিলা উন্নয়ণৰ দৌৰত পিচ পৰি আছিল। দেশৰ প্ৰায় সকলো ৰাজ্যৰে এখন বা দুখন বা কোনোবখনত ততোধিক এনে আকাংক্ষী জিলা আছে। বিকাশৰে জড়িত সকলো ‘পেৰামিটাৰ’ত এইবোৰ জিলা বহুখিনি পিচ পৰি ৰৈছিল। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ দেশৰ সামগ্ৰিক ‘পাৰ্ফৰ্মেন্স’ৰ ওপৰত, ৰেটিঙত, সামগ্ৰিক প্ৰদৰ্শন বহুত ডাঙৰ নেতিবাচক প্ৰভাৱ পৰিছিল। ‘এইবোৰ জিলাই একোৱেই কৰিব নোৱাৰে’, ‘পৰিৱৰ্তনৰ ঢৌৱে স্পৰ্শ কৰা নাই’, ‘অৱস্থাই বেয়া’ আদি বিশেষণৰে সামৰি এইবোৰ জিলাক ‘পিচপৰা জিলা’ হিচাপে ঘোষণা কৰিয়েই ক্ষান্ত হৈছিল চৰকাবোৰ। এইবোৰ ‘বেকৱাৰ্ড’ জিলা বুলি যদি সদায় উল্লেখ কৰি থকা হয়, তেন্তে তেওঁলোকৰ মনতো ‘পৰিৱৰ্তন অসম্ভৱ’ ধৰণৰ ভাৱনা আহিবলৈ ধৰিছিল। এইবোৰ জিলাক তেওঁলোকৰ ভাগ্যৰ সৈতে এৰি দিয়া মনোভাৱ এটাই গা-কৰি উঠিছিল।

কিন্তু বন্ধুসকল,

আমি ‘এপ্ৰোচ’ সলনি কৰিছিলো। যিবোৰ জিলাক কালি পৰ্যন্ত ‘পিচপৰা জিলা’ বুলি কোৱা হৈছিল, আমি ক’লো এইবোৰ ‘পিচ পৰা জিলা’ নহয়, এইবোৰ ‘আকাংক্ষী জিলা’হে। আৰু আমি সিদ্ধান্ত গ্ৰহণ কৰিলো যে আমি এইবোৰ জিলাত বিকাশৰ আকাংক্ষা উজাগৰ কৰিম, এক নতুন আগ্ৰহ উজ্জীৱিত কৰিম। দেশৰ পাৰদৰ্শী, যুৱ বিষয়াৰ একাংশক নিৰ্বাচিত কৰি এইবোৰ জিলালৈ প্ৰেৰণৰ দিহা কৰা হ’ল। এইবোৰ জিলাত সম্পন্ন হোৱা প্ৰতিটো কাম বিশেষ পদ্ধতিৰে নিৰীক্ষণ কৰা দিহা কৰা হ’ল, ‘ডেস্ক-বোৰ্ড’ত ‘ৰিয়েল টাইম মনিটৰিং’-ৰ ব্যৱস্থা কৰা হ’ল। যিবোৰ খণ্ডত দুৰ্বলতা চকুত পৰিছিল সেইবোৰ আঁতৰোৱাৰ প্ৰয়াস কৰা হ’ল। আৰু বন্ধুসকল, আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছো আজি স্থিতি এনে হৈছে যে এইবোৰ জিলাৰ বহু সংখ্যকেই এতিয়া দেশৰ উন্নত বুলি নাম থকা জিলাসমূহতকৈয়ো ভাল প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। যিবোৰক এটা সময়ত ‘পিচপৰা জিলা’ বুলি আখ্যা দিয়া হৈছিল, যিবোৰে দেশৰ উন্নয়ণী সূচকাংকক প্ৰভাৱিত কৰিছিল, সেইবোৰেই এতিয়া ‘আকাংক্ষী জিলা’ হৈ দেশৰ বিকাশৰ গতি ত্বৰান্বিত কৰিবলৈ ধৰিছে। এতিয়া আমি ৰাজ্যসমূহক কৈছো যে এই মনোভাৱক আৰু অধিক সম্প্ৰসাৰিত কৰক। প্ৰতিখন জিলাত বিকাশৰ সূচকাংকত পিচ পৰি ৰোৱা উন্নয়ণ খণ্ডসমূহক চিনাক্ত কৰি ‘আকাংক্ষী উন্নয়ণ খণ্ড’-ৰ অভিযান আৰম্ভ কৰক। দেশত সম্পাদিত হোৱা এই পৰিৱৰ্তনৰ ধাৰা, ইয়াৰ বিষয়ে উপলব্ধ তথ্যই আপোনালোকৰ নীতিগত সিদ্ধান্ত গ্ৰহণৰ সময়ত, ‘মেনেজমেণ্ট’ত বহুত সহায়ক হ’ব।

বন্ধুসকল,

আপোনালোকে এইবোৰ জনাটো এই কাৰণেই প্ৰয়োজন, কিয়নো আজি দেশত ব্যৱসায়ৰ ধাৰণা আৰু পৰিসৰো সম্প্ৰসাৰিত হৈছে। আজিৰ ভাৰতত অৰ্থনৈতিক প্ৰেক্ষাপট, ক্ষুদ্ৰ, মজলীয়া কুটীৰ আৰু আনকি অনানুষ্ঠানিক প্ৰতিষ্ঠান পৰ্যন্ত বিস্তাৰিত হৈছে। এই ব্যৱসায়ে লাখ লাখ লোকক জীৱিকা নিৰ্বাহৰ সুযোগ প্ৰদান কৰি আহিছে। ইয়াৰ সামৰ্থ্য খুবেই বেছি, ইয়াৰ আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধতাও বহুতেই বেছি। সেয়ে আজি যেতিয়া দেশে অৰ্থনৈতিক বিকাশৰ নতুন অধ্যায় লিখিবলৈ ধৰিছে, সেয়ে আমি আৰু এটা কথা মনত ৰাখিব লাগিব। আমি ক্ষুদ্ৰ ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়সমূহৰ প্ৰতিও সিমানেই ধ্যান দিব লাগিব। আমি তেওঁলোকক অধিক বিশাল মঞ্চ প্ৰাদন কৰিব লাগিব, উন্নতি কৰিবৰ বাবে অধিক উন্নত সুযোগ প্ৰদান কৰিব লাগিব। আমি তেওঁলোকক দেশ-বিদেশৰ নতুন নতুন বজাৰসমূহৰে জড়িত হোৱাত সহায় কৰিব লাগিব। আমি তেওঁলোকক যিমান পাৰি সিমান বেছি প্ৰযুক্তিৰে সংযোজিত কৰিব লাগিব। আৰু এই কথাতে ‘আইএছবি’-ৰ দৰে প্ৰতিষ্ঠানৰ, ‘আইএছবি’-ৰ শিক্ষাৰ্থীৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ হৈ উঠিব। একোগৰাকী ভৱিষ্যতৰ বাণিজ্যিক নেতাৰ ৰূপত আপোনালোক সকলোৱে প্ৰতিটো ব্যৱসায়কে আৰু ডাঙৰ আৰু বিস্তাৰিত কৰাৰ বাবে আগবাঢ়ি আহিব লাগিব, দায়িত্ব পালন কৰিব লাগিব। আৰু আপোনালোকে চাবচোন, আপোনালোকে যদি ক্ষুদ্ৰ ব্যৱসায়ক উন্নতি কৰাত সহায় কৰে তেন্তে আপোনালোকে লাখ লাখ ‘এণ্টাৰপ্ৰাইজ’ গঢ়ি তোলাত সহায় কৰিব, কোটি কোটি পৰিয়ালক সহায়ৰ হাত আগবঢ়াব পাৰিব। ভাৰতক ভৱিষ্যতৰ বাবে সাজু কৰি তোলাৰ বাবে আমি এই কথা সুনিশ্চিত কৰিব লাগিব যে ‘ভাৰত আত্মনিৰ্ভৰ’ হ’ব। আৰু এই ক্ষেত্ৰত আপোনালোকৰ দৰে ব্যৱসায়িক ‘প্ৰফেশ্যনেল’ৰ বহুত ডাঙৰ ভূমিকা থাকিব। আৰু এয়া আপোনালোকৰ বাবে এক প্ৰকাৰে দেশৰ সেৱাৰ গুৰুত্বপূৰ্ণ উদাহৰণো হ’ব।

বন্ধুসকল,

দেশৰ বাবে কিবা কৰিবলৈ, দেশৰ বাবে কিবা কৰি সফলতা আহৰণ কৰিবলৈ আপোনালোকৰ মনত জাগৃত হোৱা আগ্ৰহে দেশক নতুন উচ্চতালৈ লৈ যাব। ‘আইএছবি’-ৰ ওপৰত, ‘আইএছবি’-ৰ শিক্ষাৰ্থীসকলৰ ওপৰত, আপোনালোক সকলো ন-জোৱানৰ ওপৰত বহুত আস্থা আছে, বহুত বিশ্বাস আছে। আপোনালোকে একোটা উদ্দেশ্যৰ সৈতে এই প্ৰতিষ্ঠিত সংস্থানটোৰ পৰা ওলাই যাব। আপোনালোকে আপোনালোকৰ লক্ষ্যক ৰাষ্ট্ৰ সংকল্পৰে সংপৃক্ত কৰক। আমি যিয়েই নকৰো কিয়, তাৰ জৰিয়তেই এখন ৰাষ্ট্ৰৰ ৰূপত শক্তিশালী হ’ব, এই প্ৰতিশ্ৰুতিবদ্ধতাৰেই যেতিয়া আপোনালোকে কোনো প্ৰায়াস কৰিব তেতিয়া সফলতাই নিজেই আহি আপোনালোকক লগ দিবহি। পুনৰবাৰ আজি যিসকল বন্ধুক মই পদক অৰ্পণ কৰাৰ সুযোগ পালো আৰু যিসকলে সিদ্ধি প্ৰাপ্ত কৰিলে তেওঁলোকক, তেওঁলোকৰ পৰিয়ালবৰ্গক বহুত বহুত শুভকামনা জ্ঞাপন কৰিলো। আৰু ‘আইএছবি’-য়ে বিকাশৰ যাত্ৰাত এনে প্ৰজন্ম গঢ়ি তোলাৰ পৰম্পৰা অব্যাহত ৰাখক, এনে প্ৰজন্মই ৰাষ্ট্ৰৰ বাবে সমৰ্পণৰ মনোভাৱৰে কাৰ্য কৰি যাওক, এই কামনাৰেই সকলোকে বহুত বহুত ধন্যবাদ!

 

***

 

DS/TS/AK/DK/KB



(Release ID: 1828868) Visitor Counter : 136