প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এনইচি কৰ্প’ৰেচনৰ অধ্যক্ষ ড০ নোবুহিৰো এণ্ডোৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
प्रविष्टि तिथि:
23 MAY 2022 12:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৩ মে'ত টকিঅ'ত এনইচি কৰ্প’ৰেচনৰ অধ্যক্ষ ড০ নোবুহিৰো এণ্ডোক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ দূৰসংযোগ খণ্ডত বিশেষকৈ চেন্নাই-আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ (কেএনআই) আৰু কোচি-লক্ষদ্বীপ দ্বীপপুঞ্জ (কেএলআই) অ’এফচি প্ৰকল্পৰ ক্ষেত্ৰত এনইচিৰ ভূমিকাৰ প্ৰশংসা কৰে। তেওঁ প্ৰডাকচন লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিৰ অধীনত বিনিয়োগৰ সুযোগৰ ওপৰতো আলোকপাত কৰে।
তেওঁলোকে ঔদ্যোগিক উন্নয়ন, কৰ আৰু শ্ৰমকে ধৰি ভাৰতত ব্যৱসায় কৰাৰ সহজতাৰ বাবে হাতত লোৱা বিভিন্ন সংস্কাৰৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে নতুন আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতত সুযোগৰ বিষয়েও আলোচনা কৰে।
***
DS/AK/MANN
(रिलीज़ आईडी: 1828715)
आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam