প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        জাপানত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
                    
                    
                        
                    
                
                
                    Posted On:
                23 MAY 2022 6:25PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৩ মে'ত জাপানত প্ৰবাসী ভাৰতীয়সকলৰ ৭০০ৰো অধিক সদস্যৰ সৈতে মত বিনিময় কৰে।
উক্ত অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ মাজত সাংস্কৃতিক বান্ধোন কটকটীয়া কৰা আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত যোগাযোগ বৃদ্ধি কৰাৰ দৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা কেইবাগৰাকীও লোকক সাক্ষাৎ কৰে। ইয়াৰ ভিতৰত আছিল জাপানী ইণ্ডোলজিষ্ট, খেলুৱৈ আৰু সাংস্কৃতিক শিল্পী। প্ৰধানমন্ত্ৰীয়ে জাপানত বাস কৰা প্ৰবাসী ভাৰতীয় সন্মান প্ৰাপকসকলকো সাক্ষাৎ কৰে। জাপানত সম্প্ৰতি ৪০,০০০ৰো অধিক প্ৰবাসী ভাৰতীয়ই বাস কৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় লোকসকলক তেওঁলোকৰ দক্ষতা, প্ৰতিভা আৰু উদ্যোগশীলতাৰ লগতে মাতৃভূমিৰ সৈতে থকা তেওঁলোকৰ সম্পৰ্কৰ বাবে প্ৰশংসা কৰে। ভাৰত আৰু জাপানৰ মাজত বিদ্যমান গভীৰ সাংস্কৃতিক সম্পৰ্কৰ কথা উল্লেখ কৰাৰ সময়ত তেওঁ স্বামী বিবেকানন্দ আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ সাম্প্ৰতিক সময়ত  বিশেষকৈ আন্তঃগাঁথনি, প্ৰশাসন, পৰিৱেশ বান্ধৱ উদ্যোগ, ডিজিটেল বিপ্লৱসহ বিভিন্ন ক্ষেত্ৰত ভাৰতত বিভিন্ন আৰ্থ-সামাজিক উন্নয়ন আৰু যিসমূহ সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে তাৰ ওপৰত আলোকপাত কৰে। তেওঁ ভাৰতীয় সম্প্ৰদায়ক 'ভাৰত চলো, ভাৰত চে জুড়ো' অভিযানত যোগদানৰ লগতে ইয়াক আগুৱাই নিয়াৰ বাবে আমন্ত্ৰণ জনায়।
 
 ***
DS/ST/AK/KG 
                
                
                
                
                
                (Release ID: 1828115)
                Visitor Counter : 161
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam