কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
কেবিনেটে ৫৪০ মেগাৱাটযুক্ত কাৱাৰ হাইড্ৰ' ইলেক্ট্ৰিক প্ৰকল্প নিৰ্মাণত অনুমোদন জনাইছে
প্ৰকল্পটোৱে ১৯৭৫ মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন কৰিব বুলি আশা কৰা হৈছে
কাৱাৰ প্ৰকল্প ৫৪মাহত সম্পূৰ্ণ হ'ব
প্ৰকল্পৰ নিৰ্মাণ কাৰ্যকলাপৰ ফলত ২৫০০ লোকে চাকৰি লাভ কৰিব আৰু জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সামগ্ৰিক সামাজিক অৰ্থনৈতিক বিকাশ সাধন হ'ব
प्रविष्टि तिथि:
27 APR 2022 5:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক বিষয়ৰ কেবিনেট কমিটিয়ে আজি জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ কিস্তৱাৰ জিলাৰ চেনাব নদীত অৱস্থিত ৫৪০ মেগাৱাটযুক্ত কোৱাৰ জল বৈদ্যুৎ প্ৰকল্পৰ বাবে ৪৫২৬.১২ কোটি টকা বিনিয়োগত অনুমোদন জনাইছে। ২৭ এপ্ৰিলত প্ৰকল্পটো ক্ৰমে ৫১% আৰু ৪৯% ইকুইটি অৱদানৰ সৈতে এনএইচপিচি আৰু জেকেএছপিডিচিৰ মাজত এক যুটীয়া উদ্যোগ কোম্পানী মেচাৰ্ছ চেনাব ভেলী পাৱাৰ প্ৰজেক্টছ প্ৰাইভেট লিমিটেডে ৰূপায়ণ কৰিব।
প্ৰকল্পটোৱে বছৰত ১৯৭৫.৫৪ মিলিয়ন ইউনিট উৎপাদন কৰিব। ভাৰত চৰকাৰে আন্তঃগাঁথনি উন্নত কৰিবলৈ ৬৯.৮০ কোটি টকাৰ অনুদান আগবঢ়াইছে আৰু লগতে মেচাৰ্ছ চিভিপিপিএলত জেকেএছপিডিচিৰ ইকুইটি অৱদানৰ বাবে ৬৫৫.০৮কোটি টকাৰ অনুদান প্ৰদান কৰি জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলক উদগণি যোগাইছে। কোৱাৰ হাইড্ৰ' ইলেক্ট্ৰিক প্ৰকল্পটো ৫৪ মাহৰ ব্যৱধানত আৰম্ভ কৰা হ'ব। প্ৰকল্পটোৰ পৰা উৎপাদিত শক্তিয়ে গ্ৰিডৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব আৰু বিদ্যুৎ যোগানৰ স্থিতি উন্নত কৰিব।
প্ৰকল্পৰ নিৰ্মাণ কাৰ্যকলাপৰ ফলত ২৫০০ লোকে চাকৰি লাভ কৰিব আৰু জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সামগ্ৰিক সামাজিক অৰ্থনৈতিক বিকাশ সাধন হ'ব।
***
DS/MS
(रिलीज़ आईडी: 1821170)
आगंतुक पटल : 214
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada