প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২৯ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ‘গ্লোবেল পাটিদাৰ বিজনেছ ছামিট’

प्रविष्टि तिथि: 28 APR 2022 6:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ এপ্ৰিল, ২০২২ৰ দিনা দিনৰ ১২ বজাত ‘ভিডিঅ’ কন্ফাৰেন্সিং’ ব্যৱস্থাৰে সাৰদাধামে অনুষ্ঠিত কৰা ‘গ্লোবেল পাটিদাৰ বিজনেছ ছামিট’(জিপিবিএছ)ৰ শুভাৰম্ভ ঘোষণা কৰিব।

পাটিদাৰ সম্প্ৰদায়ৰ আৰ্থ-সামাজিক উন্নয়ণক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে সাৰদাধামে ‘মিছন ২০২৬’ কাৰ্যক্ৰমৰ অধীনত এই সন্মিলনৰ আয়োজন কৰিছে। প্ৰতি দুবছৰৰ মূৰে মূৰে এই সন্মিলন অনুষ্ঠিত কৰি অহা হৈছে। ২০১৮ আৰি ২০২০ চনত প্ৰথম দুখন সন্মিলন গান্ধীনগৰত অনুষ্ঠিত কৰা হৈছিল। এইবেলি সন্মিলনখন চুৰটত অনুষ্ঠিত কৰা হ’ব। চলিত বৰ্ষৰ ‘জিপিবিএছ’-ৰ প্ৰাতিপাদ্য প্ৰসংগ হৈছে ‘আত্মনিৰ্ভৰ সম্প্ৰদায়ৰ পৰা আত্মনিৰ্ভৰ গুজৰাট আৰু ভাৰত’। সম্প্ৰদায়টোৰ মাজৰ ক্ষুদ্ৰ, মজলীয়া আৰু বৃহত্ বাণিজ্যিক প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰা, নতুন উদ্যোগীসকলক প্ৰতিপালন আৰু সহযোগিতা আগবঢ়োৱা আৰু শিক্ষিত যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰি নিয়োগৰ ক্ষেত্ৰত সহায় কৰাই হৈছে এই সন্মিলন মূল উদ্দেশ্য। ২৯ এপ্ৰিলৰ পৰা ১ মে’লৈ তিনিদিন ধৰি অনুষ্ঠিত হ’বলগীয়া সন্মিলনখনত চৰকাৰৰ ঔদ্যোগীক নীতি, ‘এমএছএমই’, ‘ষ্টাৰ্ট আপ’, উদ্ভাৱন আদিৰ লগতে বিভিন্ন প্ৰসংগত বিস্তৃত আলোচনা অনুষ্ঠিত কৰা হ’ব।

 

***

DS/ST/KB


(रिलीज़ आईडी: 1821167) आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam