প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৪ এপ্ৰিলত বেংগালুৰুত অনুষ্ঠিত হবলগীয়া ‘খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ’ সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
23 APR 2022 10:06PM by PIB Guwahati
২৪ এপ্ৰিলত বেংগালুৰুত ‘খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ’ অনুষ্ঠিত হোৱাটো আনন্দৰ বিষয় বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে এনেধৰণৰ ক্ৰীড়া সমাৰোহসমূহে যুৱ-ক্ৰীড়া প্ৰতিভাধৰসকলৰ প্ৰতিভা বিকশিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাইলৈ আবেলি হ’বলগীয়া সমাৰোহৰ আৰম্ভণি অনুষ্ঠানত মনৰ ভাব ব্যক্ত কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।
এই সন্দৰ্ভত প্ৰকাশিত এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“কাইলৈ ২৪ এপ্ৰিল তাৰিখে বেংগালুৰুত শুভাৰম্ভ হ’বলগীয়া ‘খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ’খনৰ আয়োজন সঁচাকৈ এক আনন্দৰ বিষয়। এনেধৰণৰ ক্ৰীড়া সমাৰোহসমূহে যুৱ-ক্ৰীড়া প্ৰতিভাধৰসকলৰ প্ৰতিভা বিকশিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাইলৈ আবেলি হ’বলগীয়া সমাৰোহৰ আৰম্ভণি অনুষ্ঠানত মই মোৰ মনৰ ভাব ব্যক্ত কৰিম”।
***
DS/ST/KB
(रिलीज़ आईडी: 1819768)
आगंतुक पटल : 204
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam