কেবিনেট

ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোর্ড অফ ইণ্ডিয়া আৰু কানাডাৰ মানিটোবা ছিকিউৰিটিজ কমিচনৰ মাজত স্বাক্ষৰিত দ্বিপাক্ষিক বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 13 APR 2022 3:28PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰতৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোর্ড আৰু কানাডাৰ মানিটোবা ছিকিউৰিটিজ কমিচনৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি অনুমোদন জনাইছে।

 

সুবিধাঃ

• এই বুজাবুজি চুক্তিয়ে শ্বেয়াৰ আৰু ঋণপত্র সংক্রান্তীয় আইনৰ আন্তঃসীমা সহযোগিতাৰ আনুষ্ঠানিক ভেঁটি স্থাপন কৰা, পাৰস্পৰিক সহযোগিতাৰ পথ সুগম কৰা, দক্ষ নিৰীক্ষণ ব্যৱস্থা বাহাল ৰখা, প্রযুক্তিগত জ্ঞান বিনিময়ত সহায় কৰিব আৰু শ্বেয়াৰ আৰু ঋণপত্রৰ বজাৰত কার্যকৰী আইন প্রয়োগত সহায় কৰিব৷

• এই বুজাবুজি চুক্তি জৰিয়তে মানিটোবাৰ বিনিয়োগকাৰীসকলে ছেবিত বিদেশী বিনিয়োগকাৰী হিচাপে পঞ্জীয়ন কৰিব পাৰিব৷

 

প্রভাৱঃ

কানাডাৰ মানিটোবা প্রদেশৰ বহু সংস্থাই বিদেশী বিনিয়োগকাৰী হিচাপে ছেবিত পঞ্জীয়ন হ’ব বিচাৰে৷ ইয়াৰ পূর্ব চর্ত হ’ল সংশ্লিষ্ট বিদেশী দেশ/প্রদেশৰ শ্বেয়াৰ আৰু ঋণপত্র বজাৰৰ নিয়ন্ত্রকক আন্তর্জাতিক ছিকিউৰিটিজ কমিচন সংস্থাৰ বহুপাক্ষিক বুজাবুজি চুক্তিত (ইণ্টাৰনেচনেল অৰ্গেনাইজেচন অফ ছিকিউৰিটিজ কমিচনছ মাল্টি লেটাৰেল মেমোৰেণ্ডাম অফ আণ্ডাৰষ্টান্ডিং–আইঅএছচিঅ’ এমএমইউ) স্বাক্ষৰ কৰিব লাগিব৷ তদুপৰি, ছেবিৰ সৈতে দ্বিপাক্ষিক বুজাবুজি চুক্তিও সংশ্লিষ্ট দেশে স্বাক্ষৰ কৰিব লাগিব৷ মানিটোবাৰ প্রায় ২০টা বিনিয়োগকাৰী সংস্থা, যাৰ মুঠ সম্পদৰ মূল্য ২,৬৬৫ কোটি টকা, সেই সংস্থাসমূহ এই বুজাবুজি চুক্তিৰ ফলত উপকৃত হ’ব৷ এই সংস্থাসমূহে বৰ্তমান ভাৰতীয় বজাৰত বিনিয়োগ কৰিব পাৰিব৷

 

***

DS/DB



(Release ID: 1817442) Visitor Counter : 133