প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে পৰীক্ষা পে চৰ্চাক লৈ জনসাধাৰণৰ আগ্ৰহক প্ৰশংসা কৰে

পোষ্ট কৰা হৈছে: 30 MAR 2022 10:05AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ পৰীক্ষা পে চৰ্চাক লৈ বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়োৱা দেশৰ লাখ লাখ লোকৰ আগ্ৰহৰ শলাগ লয়। তেওঁ লগতে শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকসকলকো ধন্যবাদ জনায়।

প্ৰধানমন্ত্ৰীয়ে এক টুইটত কয়,

"চলিত বৰ্ষৰ পৰীক্ষা পে চৰ্চাক লৈ দেশবাসীৰ আগ্ৰহ অত্যন্ত ইতিবাচক। লাখ লাখ লোকে তেওঁলোকৰ মূল্যবান দিহা-পৰামৰ্শ আৰু অভিজ্ঞতা বৰ্ণনা কৰিছে। এই অনুষ্ঠানলৈ অৰিহণা আগবঢ়োৱা সকলো শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকক মই ধন্যবাদ জনাইছো। ১ এপ্ৰিলৰ অনুষ্ঠানলৈ মই আগ্ৰহেৰে অপেক্ষা কৰিছো।"

 

***

DS/ST/MS


(ৰিলিজ আই ডি : 1811803) অতিথি কক্ষ : 162