প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অনুমোদন জনাই প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণত অসমীয়া অনুবাদ

Posted On: 08 FEB 2022 9:50PM by PIB Guwahati

মাননীয় সভাপতি মহোদয়

 

ৰাষ্ট্ৰপতি ডাঙৰীয়াৰ অভিভাষণৰ ওপৰত ইয়াত বিস্তাৰিতভাৱে আলোচনা হৈছে৷ মই ৰাষ্ট্ৰপতি জীক ধন্যবাদ জনাবলৈ এই আলোচনাত ভাগ ল'বৰ বাবে আপুনি সময় দিছে, মই আপোনাৰ ওচৰত বহুত কৃতজ্ঞ৷ আদৰণীয় ৰাষ্ট্ৰপতি জীয়ে বিগত দিনবোৰত ক’ৰোনাৰ এই কঠিন কালখণ্ডতো দেশত চৌপাশে কেনেকুৱা তৎপৰতা গ্ৰহণ কৰিলে, দেশৰ দলিত, পীড়িত, গৰীব, শোষিত, মহিলা, যুৱক-যুৱতী তেওঁলোকৰ জীৱনক সবলীকৰণ কৰিবলৈ, তেওঁলোকৰ জীৱনত পৰিৱৰ্তন সাধনৰ বাবে দেশত যি গতিবিধি হৈছে, তাৰ এক সংক্ষিপ্ত পৰিসংখ্যা দেশৰ সন্মুখত প্ৰস্তুত কৰিলে। আৰু তাত আশাও আছে, বিশ্বাসো আছে, সংকল্পও আছে, সমৰ্পণো আছে। অনেক মাননীয় সদস্যই বিস্তাৰিতভাৱে আলোচনা কৰিছে। মাননীয় খড়গেজীয়ে কিছুমান দেশৰ বাবে, কিছুমান দলৰ বাবে, কিছুমান নিজৰ বাবে যথেষ্ট কথা কৈছে। আনন্দ শৰ্মাজীয়েও তেওঁৰ কিছু সময়ৰ সমস্যা থাকিল, কিন্তু তথাপিও তেওঁ চেষ্টা কৰিলে। আৰু তেওঁ এইবুলি ক'লে যে দেশৰ উপলব্ধিসমূহ স্বীকাৰ কৰিব লাগে। শ্ৰীমান মনোজ ঝা জীয়ে ৰাজনীতিতকৈ অভিভাষণ পৃথক হোৱা দৰকাৰ, এই সন্দৰ্ভত ভাল পৰামৰ্শও দিলে। প্ৰসুন্ন আচাৰ্য জীয়ে বীৰ বাল দিৱস আৰু নেতাজীৰে জড়িত কানুন সন্দৰ্ভতো বিস্তাৰিতভাৱে প্ৰশংসা কৰে। ডক্টৰ ফৌজিয়া খান জীয়ে সংবিধানৰ প্ৰতিষ্ঠাক লৈ বিস্তাৰিতভাৱে আলোচনা কৰিছে। প্ৰতিজন সদস্যই নিজৰ অনুভৱৰ আধাৰত নিজৰ ৰাজনৈতিক চিন্তাৰ আধাৰত আৰু ৰাজনৈতিক স্থিতিৰ আধাৰত নিজৰ কথা আমাৰ সন্মুখত ৰাখিলে। মই সকলো মাননীয় সদস্যৰ ওচৰত ইয়াৰ বাবে হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো।

 

মাননীয় সভাপতি মহোদয়,

 

আজি দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছে। ৭৫ বছৰৰ স্বাধীনতাৰ কালখণ্ডত দেশক দিশ দিয়াৰ, দেশক গতি দিয়াৰ অনেক স্তৰত প্ৰয়াস হৈছে। আৰু সেই সকলোৰে লেখ-জোখ লৈ যি ভাল তাক আগবঢ়োৱা, যি নাটনি আছে তাক সঠিক কৰা। আৰু য'ত নতুন তৎপৰতা গ্ৰহণৰ আৱশ্যকতা আছে, সেই নতুন তৎপৰতা গ্ৰহণ কৰা আৰু দেশে যেতিয়া স্বাধীনতাৰ ১০০ বছৰ পালন কৰিব, তেতিয়া আমি দেশক কলৈ লৈ যাব লাগিব, কেনেকৈ লৈ যাব লাগিব, কি কি যোজনাৰ সহায়ত আমি লৈ যাব পাৰিম, ইয়াৰ বাবে এয়া বহুত মহত্বপূৰ্ণ সময়।

 

মাননীয় সভাপতি মহোদয়,

 

ক’ৰোনা এক বৈশ্বিক মহামাৰী আৰু যোৱা ১০০ বছৰত মানৱ জাতিয়ে ইমান ডাঙৰ সংকট নাই দেখা। আৰু এতিয়াও এই সংকট বহুৰূপীয়া। নতুন নতুন ৰং ৰূপ লৈ কেতিয়াবা নহয় কেতিয়াবা, কিবা নহয় কিবা আপদ লৈ আহে। আজি ১৩০ কোটিৰ ভাৰতৰ বাবে পৃথিৱীত যেতিয়া প্ৰাৰম্ভিক ক’ৰোনাৰ আৰম্ভণি হয়, আলোচনা এইবুলি হৈছিল যে ভাৰতৰ কি হ'ব? আৰু ভাৰতৰ কাৰণে পৃথিৱীৰ কিমান বৰবাদী হ'ব, এই দিশতে আলোচনা হৈছিল। কিন্তু এয়া ১৩০ কোটি দেশবাসীৰ সংকল্প শক্তিৰ সামৰ্থ্য এতিয়া তেওঁলোকে যিয়েই জীৱনত উপলব্ধ আছিল তাৰ মাজতে নিয়মানুবৰ্তিতাৰ প্ৰাৰম্ভ কৰাৰ প্ৰয়াস কৰে যে আজি বিশ্বত ভাৰতৰ প্ৰয়াসৰ প্ৰশংসা হৈ আছে আৰু ইয়াৰ গৌৰৱ, এয়া কোনো ৰাজনৈতিক দলৰ কালখণ্ড নাছিল। এই প্ৰাপ্তি দেশৰ। ১৩০ কোটি দেশবাসীৰ।  যদিও টীকাকৰণৰ সন্দৰ্ভত এতিয়া প্ৰশ্ন কালত আমাৰ আদৰণীয় মন্ত্ৰী জীয়ে বিস্তাৰিতভাৱে কৈছে যে যিদৰে ভাৰতে ভেকচিন বনোৱাত ইনোভেচনত, ৰিছাৰ্চত আৰু তাৰ প্ৰয়োগত আজিও পৃথিৱীত ভেকচিনৰ বিৰুদ্ধে বহুত ডাঙৰ আন্দোলন চলি আছে। মই সন্মানিত সদস্যৰ পৰা বা সকলো আদৰণীয় সদস্যৰ পৰা, ইয়াৰ সন্মুখত আমাৰ ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ, আমাৰ হেল্থ কেয়াৰ ৱৰ্কাৰ্ছ, আমাৰ বৈজ্ঞানিক, এওঁলোকে যি কাম কৰিলে, তাৰ প্ৰশংসা কৰিলে ভাৰতৰ প্ৰতিভা তো বিকশিত হ'বই হ'ব। কিন্তু এনেদৰে জীৱন সঁপি দিয়া লোকৰো উদ্যম বৃদ্ধি পাব আৰু সেয়ে সদনে বৰ গৌৰৱেৰে তেওঁলোকক অভিনন্দন জনাইছে, তেওঁলোকক ধন্যবাদ জনাইছে।

 

মাননীয় সভাপতি মহোদয়,

 

এই ক’ৰোনা কালত ৮০ কোটিতকৈও অধিক দেশবাসীক ইমান দীঘল কালখণ্ডৰ বাবে বিনামূলীয়া ৰেচনৰ ব্যৱস্থা, তেওঁলোকৰ ঘৰৰ চৌকা কেতিয়াবা নজলক, তেনেকুৱা স্থিতিৰ জন্ম নহওক, এই কাম ভাৰতে কৰি পৃথিৱীৰ সন্মুখত উদাহৰণ প্ৰস্তুত কৰিলে। ঘৰ দিয়াৰ নিজৰ প্ৰতিশ্ৰুতিৰ দিশত আমি একেৰাহে গৈ থাকিলো। যিমান কোটি কোটি পৰিয়ালে এই ঘৰ পাইছে, প্ৰতিটো দুখীয়া পৰিয়ালক আজি লাখপতি বুলিব পাৰি।

 

মাননীয় সভাপতি মহোদয়,

 

এই ক’ৰোনা কালতে পাঁচ কোটি গ্ৰামীণ পৰিয়ালক নলেৰে পানী যোগান ধৰাৰ কাম কৰি এক নতুন অভিলেখ ৰচনা কৰা হৈছে। এই ক’ৰোনা কালতে যেতিয়া প্ৰথম লকডাউন আহে তেতিয়াও বহুত সতৰ্কতাৰে বহুতৰ সৈতে আলোচনা কৰাৰ পিছত অলপ সাহসৰো দৰকাৰ আছিল যে গাঁৱত কৃষকক লকডাউনৰ পৰা মুক্ত কৰি ৰখা যাওক। এই ক’ৰোনা কালতে লাগে জম্মু কাশ্মীৰ হওক, লাগে নৰ্থ-ইষ্ট হওক, প্ৰত্যেক কালখণ্ডত বিস্তাৰিতভাৱে ইয়াৰ বিকাশৰ যাত্ৰাক আগবঢ়োৱা হৈছে আৰু তাক আমি চলাইছো। আজি সমগ্ৰ দেশত আমাৰ যুৱক-যুৱতীসকলে খেল জগতত যিদৰে প্ৰদৰ্শন কৰিছে আৰু ক’ৰোনাৰ এই সকলো বন্ধনৰ মাজত তেওঁলোকে নিজৰ তপস্যা কম হ'বলৈ দিয়া নাই। নিজৰ সাধনা কম হ'বলৈ দিয়া আৰু দেশৰ গৌৰৱ বৃদ্ধি কৰিছে।

 

মাননীয় সভাপতি মহোদয়,

 

এই ক’ৰোনা কালতে আজি যেতিয়া আমাৰ দেশৰ যুৱ ষ্টাৰ্ট-আপ অৰ্থাৎ ভাৰতৰ যুৱ এক পৰিচয় হৈ পৰিছে, এক ছিননিমাছ হৈ পৰিছে। আজি আমাৰ দেশৰ যুৱ ষ্টাৰ্ট-আপৰ কাৰণে ষ্টাৰ্ট-আপৰ পৃথিৱীত টপ ৩ত হিন্দুস্তানক স্থান দিয়া হৈছে।

 

মাননীয় সভাপতি মহোদয়,

 

এই ক’ৰোনা কালতে লাগে চিঅ'পি-২৬ৰ প্ৰসংগই হওক, লাগে জি-২০ সমুদায়ৰ ক্ষেত্ৰ হওক, বা লাগে সমাজ-জীৱনৰ অনেক অনেক বিষয়তে কাম কৰাই হওক, লাগে পৃথিৱীৰ ১৫০খন দেশলৈ ঔষধ পঠিওৱাৰ কথাই হওক, ভাৰতে এক লীডাৰশ্বিপ ৰোল লৈছে। আজি ভাৰতৰ এই লীডাৰশ্বিপ পৃথিৱীত চৰ্চিত।

 

মাননীয় সভাপতি মহোদয়,

 

যেতিয়া সংকটৰ সময় হয়, প্ৰত্যাহ্বান অপাৰ হয়। বিশ্বৰ প্ৰত্যেক শক্তিয়ে নিজৰ সুৰক্ষাত লাগি থাকে। কোনেও কাৰো সহায় কৰিব নোৱাৰে। এনেকুৱা কাল খণ্ডত সেই সংকটৰ পৰা বাহিৰলৈ ওলোৱা আৰু অটল বিহাৰী বাজপেয়ী জীৰ কবিতাৰ সেই শব্দই আমাৰ সকলোকে প্ৰেৰণা দিব পাৰে। অটল জীয়ে লিখিছিল- व्याप्त हुआ बर्बर अंधियारा, किन्तु चीर कर तम की छाती, चमका हिन्दुस्तान हमारा।शत-शत आघातों को सहकर, जीवित हिन्दुस्तान हमारा। जग के मस्तक पर रोली सा, शोभित हिन्दुस्तान हमारा। অটল জীৰ এই শব্দই আজিৰ এই কালখণ্ডত ভাৰতৰ সামৰ্থ্যৰ পৰিচয় কৰায়।

 

মাননীয় সভাপতি মহোদয়,

 

এই ক’ৰোনা কালত সকলো ক্ষেত্ৰকে প্ৰত্যাহ্বানৰ মাজতো আগবাঢ়িবৰ বাবে ভৰপূৰ প্ৰয়াস কৰা হৈছে। কিন্তু ইয়াত কিছুমান ক্ষেত্ৰ আছিল যাৰ ওপৰত অলপ বিশেষ জোৰো দিয়া হয়। ক’ৰোনা কালত যি বিশেষ ক্ষেত্ৰৰ ওপৰত আলোকপাত কৰা হয়, সেইবোৰৰ মই দুটাৰ আলোচনা কৰিব বিচাৰিম। এক, এমএছএমই ছেক্টৰ, সকলোতকৈ বেছি ৰোজগাৰ দিয়া এটা ক্ষেত্ৰ, আমি সুনিশ্চিত কৰিলো। কৃষকে অধিক এমএছপি পালে আৰু সেয়াও ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ স্কিমৰ জৰিয়তে পালে। বেলেগ বেলেগ মন্ত্ৰালয়ে যি পিএলআই স্কিমৰ সূচনা কৰে, তাৰ ফলত মেনুফেকচাৰিঙে শক্তি পালে। ভাৰত এতিয়া লিডিং মোবাইল মেনুফেকচাৰাৰ হ'ল আৰু ৰপ্তানিতো ইয়াৰ যোগদান বাঢ়ি আছে। অটমবাইল আৰু বেটাৰী, এই ক্ষেত্ৰতো পিএলআই স্কিমে উৎসাহজনক পৰিণাম দি আছে। আমাৰ ডিফেঞ্চ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীক আমি চাওঁ, ইউপি আৰু তামিলনাডুত ডিফেঞ্চ কৰিডৰ বনাই আছে। এমঅ'ইউএছ যি হৈ আছে, যেনেকৈ মানুহ এই ক্ষেত্ৰলৈ আহি আছে, এমএছএমই ক্ষেত্ৰৰ মানুহ ইয়ালৈ আহি আছে, ডিফেঞ্চ ছেক্টৰলৈ, এয়া নিজেই উৎসাহ বৰ্ধক যে দেশৰ লোকৰ মাজত এই সামৰ্থ্য আছে আৰু দেশক ডিফেঞ্চ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰিতুলিবলৈ আমাৰ এমএছএমই ক্ষেত্ৰৰ মানুহে বহুত সাহস গোটাই আছে, আগবাঢ়ি আহিছে।

 

মাননীয় সভাপতি মহোদয়,

 

এমএছএমই, কিছু জিইএম, তেওঁলোকৰ মাধ্যমত চৰকাৰত যি সামগ্ৰীৰ ক্ৰয় হয়, তাৰ এটা বহুত ডাঙৰ মাধ্যম বনোৱা হৈছে আৰু সেই প্লেটফৰ্মৰ কাৰণে আজি বহুত সুবিধা হৈছে। তেনেদৰেই আমি এক বহুত ডাঙৰ মহত্বপূৰ্ণ নিৰ্ণয় কৰিছো যে চৰকাৰত ২০০ কোটিৰ পৰা, ২০০ কোটি টকালৈকে যি নিবিদা হ'ব, সেই নিবিদা গ্লবেল নহ'ব। তাত হিন্দুস্তানৰ মানুহকে সুযোগ দিয়া হ'ব আৰু যাৰ ফলত আমাৰ এমএছএমই ছেক্টৰে আৰু তেওঁলোকৰ দ্বাৰা আমাৰ সংস্থাপনে শক্তি পাব।

 

মাননীয় সভাপতি মহোদয়,

 

এই সদনত আদৰণীয় সদস্যসকলে ৰোজগাৰ সন্দৰ্ভতো কিছুমান গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছে। কিছু লোকে পৰামৰ্শও দিছে। কিমান চাকৰি সৃষ্টি হৈছে, এই কথা জানিবলৈ ইপিএফঅ' পেৰল, এই ইপিএফঅ' পে-ৰল সবাতোকৈ বিশ্বস্ত মাধ্যম বুলি ধৰা হয়। ২০২১ বছৰত প্ৰায় এক কোটি বিশ লাখ নতুন ইপিএফঅ'ৰ পে-ৰলৰ সৈতে জড়িত আৰু এই কথা আমি পাহৰিব নালাগিব যে এইবোৰ সকলো ফৰমেল জবছ। আৰু ইয়াৰ মাজতো ৬০-৬৫ লাখ ১৮-২৫ বছৰৰ বয়সৰ আছে, ইয়াৰ অৰ্থ এইটোৱেই যে এই বয়স প্ৰথম চাকৰিৰ।

 

মাননীয় সভাপতি মহোদয়,

 

ৰিপৰ্টে কয় যে ক’ৰোনাৰ আগৰ তুলনাত কোভিড ৰেষ্ট্ৰিকচন খোলাৰ পিছত হায়াৰিং দুগুণ বাঢ়ি গৈছে। নেছকমৰ ৰিপ'ৰ্টতো এই ট্ৰেণ্ডৰে আলোচনা হৈছে। ইয়াৰ অনুসৰি ২০১৭ৰ পিছত ডাইৰেক্ট-ইনডাইৰেক্ট প্ৰায় নেছকমে কৈছে, ২৭ লাখ সংস্থাপন আইটি ছেক্টৰত আৰু এয়া কেৱল দক্ষতাৰ দৃষ্টিৰে নহয়, তাৰ ওপৰৰ লেভেলৰ লোক হয়, যি সংস্থাপন লাভ কৰিছে। মেনুফেকচাৰিং বঢ়োৱাৰ ফলত ভাৰতৰ গ্লবেল এক্সপৰ্ট বৃদ্ধি হৈছে আৰু তাৰ লাভ সংস্থাপনৰ ক্ষেত্ৰত পোনপটীয়াকৈ হৈছে।

 

মাননীয় সভাপতি মহোদয়,

 

২০২১বছৰত, অৰ্থাৎ মাত্ৰ এবছৰত ভাৰতত যিমান ইউনিকৰ্ণ হৈছে, সেয়া আগৰ বছৰত হোৱা মুঠ ইউনিকৰ্ণতকৈও অধিক। আৰু এই সকলো ৰোজগাৰৰ গণনাত যদি নাহে, তেন্তে ৰোজগাৰতকৈ অধিক ৰাজনীতিৰ আলোচনা বুলিহে ধৰা হয়।

 

মাননীয় সভাপতি মহোদয়,

 

কেইবাজনো মাননীয় সদস্যই মূল্যবৃদ্ধি সংক্ৰান্তত আলোচনা কৰিছে। যদি মূল্যবৃদ্ধিৰ কথা কয় তেন্তে আমেৰিকাত ৪০ বছৰত সৰ্বাধিক মূল্যবৃদ্ধিৰ এই সময় আমেৰিকাই ভূগি আছে। ব্ৰিটেইনে ৩০ বছৰত সৰ্বাধিক মূল্যবৃদ্ধিৰ প্ৰহাৰত অধিক চিন্তিত। পৃথিৱীৰ ১৯খন দেশত, য'ত ইউৰো কাৰেঞ্চী আছে, তাত মূল্যবৃদ্ধিৰ হাৰ হিষ্টৰিকেল হাইটছ, উচ্চতম। এনেকুৱা পৰিস্থিতিতো মহামাৰীৰ হেঁচা সত্ত্বেও আমি মূল্যবৃদ্ধিক এটা লেভেলত ৰখোৱাৰ বহুত প্ৰয়াস কৰিছো, সততাৰে যত্ন কৰিছো। ২০১৪ৰ পৰা ২০২০লৈকে এই হাৰ ৪-৫%ৰ আশে-পাশে আছিল। বাকী পৃথিৱীৰ ইকনমী চাওক, তেন্তে তাৰ অৰ্থনৈতিক ব্যৱস্থাত হয় গ্ৰ'থ শ্ল' হৈছে, নাইবা মূল্যবৃদ্ধিয়ে দশকজোৰা ৰেকৰ্ড ভংগ কৰিছে।

 

মাননীয় সভাপতি মহোদয়,

 

এই সদনত কিছু সতীৰ্থই ভাৰতৰ নিৰাশাজনক ছবি দাঙি ধৰিছে আৰু দাখিল কৰাত আনন্দ আহি আছিল, এনেকুৱাও লাগিছিল। মই যেতিয়া এনেকুৱা নিৰাশা দেখা পাওঁ, তেতিয়া মোৰ লাগে যেন সাৰ্বজনীন জীৱনত, উত্থান-পতন আহি থাকে, জয়-পৰাজয় হৈ থাকে, তাৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিগত জীৱনৰ নিৰাশা কমছেকম দেশৰ ওপৰত জাপি দিব নালাগে। তেনেকুৱা দুখ-বেদনা ২০১৩লৈকে যি দুৰ্দশাত পাৰ হ'ল, ২০১৪ত হঠাতে দেশৰ জনতাই যি ৰশ্মিৰ, তাত যি চকু কাৰোবাৰ গুছি গ'ল, তেওঁলোকে পুৰণি দৃশ্যহে দেখা পায়।

মাননীয় সভাপতি মহোদয়,

 

আমাৰ ইয়াত শাস্ত্ৰত কোৱা হৈছে যে- মহাজনো যেন গতঃ স পন্থাঃ, অৰ্থাৎ মহাজন লোক, ডাঙৰ লোক, যি পথেৰে যায় সেই পথেই অনুকৰণীয় হয়।

 

মাননীয় সভাপতি মহোদয়,

 

এই সদনত এটা কথা ক'ব বিচাৰো, ইয়াত যিয়েই নহওক, যি দিশতেই বহি নাথাকক কিয়, ইয়াতেই হওক, বা তাতেই হওক, য'তেই নহওক কিয়, কিন্তু জন-প্ৰতিনিধি নিজেই নিজৰ ওচৰত সৰু হওক, ডাঙৰ হওক, ক্ষেত্ৰৰ লীডাৰ হয়, নেতৃত্ব কৰে তেওঁ। যিয়েই তেওঁৰ কমাণ্ড এৰিয়া হ'ব, তাৰ মানুহে তেওঁক চায়, তেওঁৰ কথা অনুসৰণ কৰে।

 

মাননীয় সভাপতি মহোদয়,

 

শাসন যাৰেই নহওক, শাসনত যিয়েই নাথাকক, কিন্তু দেশৰ সামৰ্থ্যক কম বুলি গণ্য কৰিব নালাগে। আমি দেশৰ সামৰ্থ্যৰ সমগ্ৰ বিশ্বৰ সন্মুখত খোলা মনেৰে গুণ-গান কৰিব লাগে, দেশৰ বাবে বহুত আৱশ্যকীয়।

 

মাননীয় সভাপতি মহোদয়,

 

সদনত আমাৰ এজন বন্ধুৱে কৈছে, 'Vaccination is not a big deal.' মই এইটো দেখি হাইৰান হওঁ, কিছু লোকৰ ভাৰতৰ ইমান ডাঙৰ প্ৰাপ্তিক, প্ৰাপ্তি যেন লগা নাই! এজন বন্ধুৱে এইবুলিও কৈছে যে টীকাকৰণৰ ওপৰত ব্যৰ্থ খৰচ হৈ আছে। এই কথা দেশে যেতিয়া শুনিব, কেনেকুৱা লাগিব এনেকুৱা মানুহৰ কাৰণে।

 

মাননীয় সভাপতি মহোদয়,

 

ক’ৰোনাই যেতিয়াৰ পৰা মানৱ জাতিৰ ওপৰত সংকটৰ সৃষ্টি কৰি আছে, চৰকাৰে দেশ আৰু দুনিয়াত উপলব্ধ প্ৰত্যেক সম্পদ আহৰণ কৰিবলৈ ভৰপূৰ চেষ্টা চলাইছে। আৰু যেতিয়ালৈকে মহামাৰী থাকিব, তেতিয়ালৈকে চৰকাৰে দুখীয়াতকৈও দুখীয়া পৰিয়ালৰ জীৱন বচাবলৈ যিমান খৰচ কৰিব লাগিব, সিমান খৰচ কৰিবলৈ সংকল্পবদ্ধ। আমি দেখিছো যে কেনেকৈ ৰাজনৈতিক স্বাৰ্থত খেল খেলা হৈছে। ভাৰতীয় ভেকচিনৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা হৈছে। অলপ ভাবক, যি আগতে আপুনি কৈছিল, আজি যি হৈ আছে, তাক অলপ লগ লগাই চাওক, হ'ব পাৰে সংস্কাৰৰ সম্ভাৱনা থাকিলে কিবা কামত আহি যাব।

 

মাননীয় সভাপতি মহোদয়,

 

দেশৰ জনতা সজাগ। আৰু মই দেশৰ জনতাক অভিনন্দন জনাইছো যে তেওঁলোকৰ প্ৰত্যেক সৰু-সুৰা নেতাই এনেকুৱা ভুল কৰিলে তথাপি তেওঁলোকে এই সংকটৰ সময়ত এনেকুৱা কথাক কাণত নল'লে আৰু ভেকচিনৰ বাবে শাৰীত থিয় হৈ থাকিল। যদি এনেকুৱা নহ'ল হেঁতেন তেন্তে বহুত ডাঙৰ বিপদ হ'ল হেঁতেন। কিন্তু ভাল হ'ল দেশৰ জনতাই কিছুমান নেতাতকৈও আগবাঢ়ি গ'ল, এয়া দেশৰ বাবে ভাল।

 

মাননীয় সভাপতি মহোদয়,

 

এই সম্পূৰ্ণ ক’ৰোনা কালখণ্ড একপ্ৰকাৰৰ ফেডাৰেল ষ্ট্ৰাকচাৰৰ উত্তম উদাহৰণ বুলি মই ক'ব পাৰো। মুখ্যমন্ত্ৰীসকলৰ সৈতে ২৩খন মিটিং কৰা হ'ল আৰু বিস্তাৰিতভাৱে আলোচনা কৰা হয়। ২৩খন মিটিং কৰাটো এই কালখণ্ডত আৰু বিস্তাৰিতভাৱে আলোচনা কৰি ৰণনীতি বনোৱা আৰু সকলোকে অন ব'ৰ্ড লৈ আগবঢ়া, আৰু লাগে কেন্দ্ৰীয় চৰকাৰ হওক, ৰাজ্য চৰকাৰ হওক বা স্থানীয় স্বৰাজৰ সংস্থাৰ সংগঠন হওক, সকলোৱে মিলি প্ৰয়াস কৰিছে।

 

কিন্তু মাননীয় সভাপতি মহোদয়,

 

তথাপিতো আত্ম চিন্তন কৰাৰ আৱশ্যক হয় কিছুমান মানুহৰ। যেতিয়া ক’ৰোনাৰ অল পাৰ্টি মিটিং মতা হয়, চৰকাৰৰ ফালৰ পৰা বিস্তৃতভাৱে প্ৰজেকচন দিবলগীয়া আছিল, আৰু এফালে চেষ্টা কৰা হয় যে কিছুমান দল নাযায়, তেওঁলোকক বুজোৱাৰ চেষ্টা হ'ল, আৰু নিজেও নাহিল। শৰদ ৰাও জীয়ে কৈছে, চাওক ভাই, এয়া কোনো ইউপিএৰ নিৰ্ণয় নহয়, মই যাক যাক ক'ব পাৰো, মই ক'ম, আৰু শৰদ ৰাও জী আহিল, বাকী টিএমচিসহ সকলো দলৰ মানুহ আহিল আৰু তেওঁলোকে নিজৰ বহুমূলীয়া পৰামৰ্শও দিলে।

 

মাননীয় সভাপতি মহোদয়,

 

আমি হলিষ্টিক হেল্থ কেয়াৰৰ ওপৰত ফকাছ কৰিলো। আধুনিক চিকিৎসা পৰম্পৰা, ভাৰতীয় চিকিৎসা পদ্ধতি, দুয়োটাকে আয়ুস মন্ত্ৰালয়েও সেই সময়ত বহুত কাম কৰিলে। কিন্তু এই কথা চাব লাগিব, আজি বিশ্বত আমাৰ অন্ধ্ৰ, তেলেংগানাৰ মানুহে ক'ব, আমাৰ হালধিৰ এক্সপৰ্ট যি বাঢ়ি আছে, সেয়া এই ক’ৰোনাই মানুহক ভাৰতৰ উপচাৰ পদ্ধতিলৈ আকৰ্ষণ কৰিছে, তাৰ পৰিণাম। মই বিচাৰো যে আমি সকলোৱে, য'ত য'ত আমাৰ পৰিচয় আছে, এই কথাৰ ওপৰত জোৰ দিব লাগে, কিয়নো এই ক্ষেত্ৰখন আমাৰ তল পৰি আছে।

 

মাননীয় সভাপতি মহোদয়,

 

আয়ুষ্মান ভাৰতৰ জৰিয়তে ৮০ হাজাৰতকৈ অধিক হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ আজি কৰ্মৰত আৰু সকলোধৰণৰ আধুনিক সেৱাৰ সুবিধা দিবলৈ সেইবিলাক সজাই থকা হৈছে। এই চেণ্টাৰে গাঁও আৰু ঘৰৰ ওচৰতে ফ্ৰী টেষ্টৰ লগতে উন্নত প্ৰাইমাৰী হেল্থ কেয়াৰ সুবিধা দি আছে। এই চেণ্টাৰে কেঞ্চাৰ, ডায়েবেটিছ আৰু আন গম্ভীৰ ৰোগ আৰম্ভণিতে ডিটেক্ট কৰাত সহায় কৰি আছে।

 

মাননীয় সভাপতি মহোদয়,

 

এনেয়েও পুৰণি পৰম্পৰা এইটো আছিল যে বাজেটৰ পূৰ্বে কিছু টেক্স লগাই দিয়ে যাতে বাজেটত আলোচনা নহয়, বাজেটত দেখা নাযায় আৰু সেইদিনা শ্বেয়াৰ মাৰ্কেট অৱনমিত নহয়। আমি বাজেটৰ পূৰ্বে ৬৪ হাজাৰ কোটি টকা পিএম আত্মনিৰ্ভৰ সুস্থ ভাৰত যোজনাৰ জৰিয়তে ক্ৰিটিকেল হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণৰ বাবে ৰাজ্যসমূহৰ মাজত বিতৰণ কৰিলো।

 

মাননীয় সভাপতি মহোদয়,

 

এইবাৰ খড়গে জীয়ে বৰ বিশেষ কৈ আছিল যে, মোক তো কৈ আছিল যে মই সেই বিষয়ে কওঁ, ইফালে-সিফালে নকওঁ, কিন্তু তেওঁ কি ক'লে- তাকো এবাৰ চেক কৰা যাওক। সদনত কোৱা হৈছে যে কংগ্ৰেছে ভাৰতৰ ভেটী ৰচনা কৰিলে আৰু ভাজপাৰ মানুহে কেৱল পতাকা উঠালে।

 

মাননীয় সভাপতি মহোদয়,

 

এয়া সদনত এনেয়ে হাঁহি-তামাচাত কোৱা কথা নাছিল। এয়া সেই গম্ভীৰ চিন্তাৰ পৰিণাম আৰু সেয়া দেশৰ বাবে বিপজ্জনক। আৰু সেয়া হৈছে, কিছুমান মানুহে ভাবে যে হিন্দুস্তান ১৯৪৭ত জন্ম হৈছে। আৰু এই চিন্তাৰে পৰিণাম হৈছে যে ভাৰতত যোৱা ৭৫ বছৰত যি কাম কৰাৰ ৫০ বছৰৰ সুযোগ পাইছিল, তেওঁলোকৰ নীতিৰ ওপৰতো এই মানসিকতাৰ প্ৰভাৱ আছে আৰু সেই কাৰণেই বহু বিকৃতিৰ জন্ম হৈছে।

 

এই ডেমক্ৰেচী আপোনাৰ অনুগ্ৰহত নহয় আৰু আপুনি, ১৯৭৫ত ডেমক্ৰেচীৰ টেঁটু চেপা দিওঁতাই ডেমক্ৰেচীৰ গৌৰৱৰ ওপৰত কথা কোৱা অনুচিত।

 

মাননীয় সভাপতি মহোদয়,

 

ই সৰু বয়সত জন্ম হৈছে, এনেকুৱা যি চিন্তাৰ মানুহ। ডেমক্ৰেচী, ডিবেট, এয়া ভাৰতত দশক দশক ধৰি চলি আছে। আৰু কংগ্ৰেছৰ জটিলতা এইটো যে ডাইনেষ্টিৰ আগলৈ তেওঁলোকে একো ভবাই নাই। এয়া তেওঁলোকৰ চিন্তা। মই বিচাৰো যে সকলো ৰাজনৈতিক দলে গণতান্ত্ৰিক আদৰ্শ আৰু মূল্যবোধ নিজৰ দলতো বিকশিত কৰক, তাক সমৰ্পিত কৰক। আৰু হিন্দুস্তানৰ সবাতোকৈ পুৰণি পাৰ্টি হিচাপে কংগ্ৰেছে ইয়াৰ দায়িত্ব বেছিকৈ লওক।

মাননীয় সভাপতি মহোদয়,

 

ইয়াত কোৱা হৈছে যে কংগ্ৰেছ নোহোৱা হ'লে কি হ'ল হেঁতেন। ইণ্ডিয়া ইজ ইন্দিৰা, ইন্দিৰা ইজ ইণ্ডিয়া, এই চিন্তাৰেই পৰিণাম এয়া।

 

মাননীয় সভাপতি মহোদয়,

মই অলপ ক'ব বিচাৰো যে কোৱা হৈছে- মই ভাবি আছো যে কংগ্ৰেছ নোহোৱা হ'লে কি হ'ল হেঁতেন। কিয়নো মহাত্মা গান্ধীৰ ইচ্ছা আছিল, কিয়নো মহাত্মা গান্ধীয়ে জানিছিল যে এওঁলোক থাকিলে কি কি হ'ব। আৰু তেওঁ কৈছিল আৰম্ভণিৰে পৰা ইয়াক শেষ কৰা, ইয়াক নিঃশেষ কৰা। মহাত্মা গান্ধীয়ে কৈছিল। কিন্তু যদি নহ'ল হেঁতেন, মহাত্মা গান্ধীৰ ইচ্ছা অনুসৰি যদি হ'ল হেঁতেন, যদি মহাত্মা গান্ধীৰ ইচ্ছা অনুসৰি কংগ্ৰেছ নোহোৱা হ'লে কি হ'ল হেঁতেন- গণতন্ত্ৰ পৰিয়ালবাদৰ পৰা মুক্ত হ'ল হেঁতেন, ভাৰতে বিদেশী চছমাৰ সলনি স্বদেশী সংকল্পৰ ৰাস্তাত চলিলে হেঁতেন। যদি কংগ্ৰেছ নাথাকিল হেঁতেন, তেন্তে ইমাৰ্জেঞ্চীৰ কলংক নহ'ল হেঁতেন। যদি কংগ্ৰেছ নাথাকিল হেঁতেন তেন্তে দশক দশক ধৰি কৰাপচনক সংস্থাগত বনাই নাৰাখিলে হেঁতেন। যদি কংগ্ৰেছ নাথাকিল হেঁতেন তেন্তে জাতিবাদ আৰু ক্ষেত্ৰবাদৰ খাল ইমান দ নহ'ল হেঁতেন। যদি কংগ্ৰেছ নাথাকিল হেঁতেন তেন্তে শিখসকলৰ নৰ সংহাৰ নহ'ল হেঁতেন, বছৰ বছৰ ধৰি পঞ্জাৱ আতংকৰ জুইত নজ্বলিলেহেঁতেন। যদি কংগ্ৰেছ নাথাকিল হেঁতেন তেন্তে কাশ্মীৰৰ পণ্ডিতসকলে কাশ্মীৰ এৰিবলগীয়া অৱস্থা নহ'ল হেঁতেন। যদি কংগ্ৰেছ নাথাকিল হেঁতেন তেন্তে কন্যাসকলক চৌকাত জলোৱাৰ ঘটনা নঘটিল হেঁতেন। যদি কংগ্ৰেছ নাথাকিল হেঁতেন তেন্তে দেশৰ সাধাৰণ মানুহে ঘৰ, পথ, বিজুলি, পানী, শৌচালয়, মূল সুবিধাৰ বাবে ইমান বছৰৰ বাবে অপেক্ষা কৰিবলগীয়া নহ'ল হেঁতেন৷

মাননীয় সভাপতি মহোদয়

মই হিচাপ কৰি থাকিম৷

মাননীয় সভাপতি মহোদয়

কংগ্ৰেছ যেতিয়া শাসনত আছিল, তেতিয়া বিকাশ হ’বলৈ দিয়া নাছিল, এতিয়া বিৰোধীত থাকি বিকাশত বাধা প্ৰদান কৰিছে৷ এতিয়া কংগ্ৰেছক ‘ৰাষ্ট্ৰ’ৰ ক্ষেত্ৰতো আপত্তি আছে৷ যদি ‘ৰাষ্ট্ৰ’ ইয়াৰ কল্পনা অসাংবিধানিক হয়, তেতিয়া হ’লে আপোনালোকৰ দলৰ নাম ইণ্ডিয়ান নেচনেল কংগ্ৰেছ কিয় ৰাখিলে? এতিয়া আপোনালোকৰ নতুন চিন্তাধাৰা আহিছে, সেয়েহে ইণ্ডিয়া নেচনেল কংগ্ৰেছৰ নাম সলনি কৰি ফেডাৰেচন অৱ কংগ্ৰেছ কৰি দিয়ক, নিজয় পূৰ্বপুৰুষৰ ভুল শুদ্ধৰাই দিয়ক৷

মাননীয় সভাপতি মহোদয়,

ইয়াত যুক্তৰাষ্ট্ৰবাদক লৈ কংগ্ৰেছ, টিএমচি আৰু বাওঁ দলৰ লগতে বহুতে ইয়াত ডাঙৰ ডাঙৰ কথা কৈছে৷ প্ৰয়োজনো আছে, কিয়নো এয়া ৰাজ্যসমূহৰ জ্যেষ্ঠ নেতাসকলৰ সদন৷ কিন্তু সকলো সতীৰ্থক…

মাননীয় সভাপতি মহোদয়,

গণনন্ত্ৰ কেৱল শুনুৱাৰ বাবেই নহয়, শুনাসকলো গণতন্ত্ৰৰ অংশীদাৰ৷ কিন্তু বছৰ বছৰ ধৰি উপদেশ দিয়াৰে অভ্যাস আছে, সেইবাবে কথা শুনাত সমস্যা হৈছে৷

মাননীয় সভাপতি মহোদয়,

যুক্তৰাষ্ট্ৰবাদক লৈ কংগ্ৰেছ, টিএমচি আৰু বাওঁকে ধৰি বহু বন্ধুৱে ইয়াত বহু কথা উত্থাপন কৰিছে৷ এয়া স্বাভাৱিক কথা আৰু এই সদনত ইয়াত চৰ্চা যিহেতু ৰাজ্যসমূহৰ বহু জ্যেষ্ঠ নেতাৰ মাৰ্গদৰ্শন পাও, কিন্তু যেতিয়া এই কথা কয়, তেতিয়া আজি মই সকলোকে আহ্বান জনাও যে আমি যুক্তৰাষ্ট্ৰবাদক লৈ আমাৰ যি চিন্তাধাৰা আছে, তেওঁলোকে বাবা চাহেব আম্বেদকাৰৰ সন্দৰ্ভত নিশ্চয় পঢ়িব, বাবা চাহেব আম্বেদকাৰক স্মৰণ কৰিব৷ বাবা চাহেব আম্বেদকাৰ জীয়ে সংবিধানত কৈছিল,

''এই ফেডাৰেচন এক ইউনিয়ন, কিয়নো এয়া অটুট৷ প্ৰশাসনিক সুবিধাৰ বাবে দেশ আৰু জনসাধাৰণক বিভিন্ন ৰাজ্যত বিভাজিত কৰিব পৰা যায়৷ প্ৰশাসনৰ বাবে বিভিন্ন ৰাজ্যত বিভাজিত কৰিব পৰা যায়, কিন্তু দেশ অভিন্ন ৰূপত এক৷'

তেওঁ প্ৰশাসনিক ব্যৱস্থা আৰু ‘ৰাষ্ট্ৰ’ৰ কল্পনাক স্পষ্ট কৰিছে৷ বাবা চাহেব আম্বেদকাৰে সংবিধান সভাত এইদৰে কৈছিল৷ মই ভাবো যুক্তৰাষ্ট্ৰবাদক বুজি পোৱাৰ বাবে বাবা চাহেব আম্বেদকাৰৰ ইমান গম্ভীৰ চিন্তাধাৰাৰ পৰা বুজি পালো যে মাৰ্গদৰ্শনৰ বাবে কোনো কথাৰ প্ৰয়োজন নাই৷ কিন্তু আমাৰ দেশত কি হৈছে৷ যুক্তৰাষ্ট্ৰবাদৰ সন্দৰ্ভত ইমান ডাঙৰ ডাঙৰ ভাষণ দিয়ে যে ইমান উপদেশ দিছিল৷ আমি সেই দিনবোৰ পাহৰিব পাৰিম জানো, যেতিয়া বিমানবন্দৰৰ সামান্য কথাতে মুখ্যমন্ত্ৰীক অপসাৰণ কৰা হৈছিল৷ অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী টি. অঞ্জায়াৰ ক্ষেত্ৰত কি হৈছিল, এই সদনৰ বহু নেতাই ভালদৰে জানিছিল৷ প্ৰধানমন্ত্ৰীৰ পুত্ৰক বিমানবন্দৰত কৰা ব্যৱস্থাপনা পচন্দ হোৱা নাছিল বাবেই তেওঁক অপসাৰণ কৰা হৈছিল৷ এই কাৰ্যই অন্ধ্ৰপ্ৰদেশৰ কোটি কোটি লোকক আৱেগত আঘাত দিছিল৷ সেইদৰে কৰ্ণাটকৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী বীৰেন্দ্ৰ পাটিল জীকো অপমানিত কৰি পদৰ পৰা অপসাৰণ কৰা হৈছিল৷ সেই কামো কৰিছিল, যেতিয়া তেওঁ ৰোগা্ক্ৰান্ত আছিল৷ আমাৰ চিন্তাধাৰা কংগ্ৰেছৰ দৰে সংকীৰ্ণ নাছিল৷ আমি সংকীৰ্ণ চিন্তাৰে কাম কৰা লোক নহয়৷ আমাৰ চিন্তাধাৰাত ৰাষ্ট্ৰীয় লক্ষ্য আৰু আঞ্চলিক আকাংক্ষা, তাৰ মাজত আমি কোনো সংঘাত নেদেখো৷ আমি বিশ্বাস কৰো যে আঞ্চলিত আকাংক্ষাক সিমানেই সন্মানেৰে মান্য দিব লাগিব, সমস্যাৰ সমাধান কৰিব লাগিব৷ ভাৰতৰ প্ৰগতি তেতিয়া হ’ব, যেতিয়া বিকাশক ধ্যান দি আঞ্চলিক আকাংক্ষাক গুৰুত্ব দিয়া হ’ব৷ এয়াই দায়িত্ব, যেতিয়া আমি এই কথা কও যে দেশক আগুৱাই নিব লাগি, কিন্তু ইয়াতো এটা চৰ্ত আছে যে ৰাজ্যৰ প্ৰগতি কৰিম, যেতিয়াহে দেশৰ গতি ক্ষিপ্ৰ হ’ব৷ ৰাজ্যৰ প্ৰগতি নকৰি, দেশৰ প্ৰগতিৰ কথা ভাৱিলে নহ’ব৷ সেইবাবে প্ৰথম চৰ্ত হৈছে ৰাজ্যৰ প্ৰগতি কৰিলেহে দেশৰ প্ৰগতি সম্ভৱ৷ যেতিয়া দেশৰ প্ৰগতি হ’ব, দেশৰ সমৃদ্ধি হ’ব, দেশৰ ভিতৰত সমৃদ্ধি আহে, তেতিয়া সমৃদ্ধি ৰাজ্যসমূহত প্ৰচাৰ হয় আৰু সেইবাবেই দেশ সমৃদ্ধ হয়, এই চিন্তাধাৰাৰে আমি আগুৱাই যাও৷ মই জানো, মই তেতিয়া গুজৰাটত আছিলো, মোৰ বিৰুদ্ধে দিল্লী চৰকাৰে কিমান অভিযোগ আনিছিল, ইতিহাস সাক্ষী আছে৷ কি কি যে নহৈছিল মোৰ লগত৷ গুজৰাটৰ ক্ষেত্ৰত কি কি যে নহৈছিল, কিন্তু সেই সময়তো প্ৰতিদিনে আপোনালোকে মোৰ ৰেকৰ্ড চাই লওক, মুখ্যমন্ত্ৰী হিচাপে মই সদায় এটা কথা কৈছিলো যে গুজৰাটৰ মন্ত্ৰ হৈছে দেশৰ প্ৰগতিয়েই গুজৰাটৰ প্ৰদতি৷ সদায় দিল্লীত কোনো চৰকাৰ আছে বুলি ভাৱি নাথাকো, দেশৰ বিকাশৰ বাবে গুজৰাটৰ বিকাশ আৰু যুক্তৰাষ্ট্ৰবাদত আমাৰ সকলোৰে দায়িত্ব এই যে আমি দেশৰ বিকাশৰ বাবে অন্য ৰাজ্যসমূহৰ বিকাশ কৰিম, যাতে দুয়ো মিলি দেশক নতুন শিখৰত উপনীত কৰাম আৰু এই পদক্ষেপেই শুদ্ধ, সেই পথত আগুৱাই যোৱাটো প্ৰয়োজন৷ এইটো অতি দুখৰ কথা এই যে যিসকলে দশক দশক ধৰি চৰকাৰ চলোৱাৰ সুবিধা পাইছিল আৰু তেওঁলোকে ৰাজ্যসমূহক কিদৰে দমন কৰিছিল৷ ইয়াত সকলো বহি আছে, ভুক্তভোগী লোকো বহি আছে৷ কিদৰে দমন কৰিছিল৷ প্ৰায় ১০০বাৰ ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰি ৰাজ্য চৰকাৰসমূহক সিপাৰে সৈতে উভালি পেলাই দিছিল৷ আপোনালোকে কোনখন মুখেৰে এই কথা কৈছে? সেইবাবে গণতন্ত্রইও আপোনালোকক সন্মান কৰা নাই। তেওঁ কোন প্রধানমন্ত্রী আছিল যিগৰাকীয়ে তেওঁৰ শাসনকালত ৫০খন চৰকাৰক ওফৰাই পেলাইছিল? বিভিন্ন ৰাজ্যৰ ৫০খন চৰকাৰক ওফৰাই পেলোৱা হৈছিল৷

মাননীয় সভাপতি মহোদয়,

এই সমস্ত বিষয়েৰ জবাব প্রত্যেক ভাৰতবাসী জানে আৰু এৰ সাজা আজি আমাদেৰ ভুগতে হৈছে।

মাননীয় সভাপতি মহোদয়,

কংগ্রেছৰ হাইকমাণ্ড যিগৰাকী আছে, তেওঁৰ নীতি তিনি ধৰণৰ কামেৰে চলে। এক, আগতে ‘ডিছক্রেডিট’ কৰা, তাৰপাছত ‘ডিষ্টেবিলাইজ’ কৰা আৰু তাৰপাছত ‘ডিচমিচ’ কৰা। এই পদ্ধতিত অবিশ্বাস সৃষ্টি কৰা, অস্থিৰ কৰা তাৰ পাছত বৰ্খাস্ত কৰি দিয়া। এই তিনিটা নীতিলৈয়ে তেওঁ চলে৷

আপুনি কিবা এটা কওক মাননীয় সভাপতি মহোদয়,

মই আজি ক’ব বিচাৰো যে ফাৰুক আব্দল্লাজীৰ চৰকাৰক কোনে অস্থিৰ কৰিছিল? চৌধুৰী দেৱীলালজীৰ চৰকাৰক কোনে অস্থিৰ কৰিছিল? চৌধুৰী চৰণ সিংজীৰ চৰকাৰক কোনে অস্থিৰ কৰিছিল? পাঞ্জাৱত চর্দাৰ বাদল সিঙৰ চৰকাৰক কোনে বৰ্খাস্ত কৰিছিল? মহাৰাষ্ট্রত বালাচাহেব ঠাকৰেক বদনাম কৰাৰ বাবে কোনে ‘লেতেৰা কৌশল’ প্রয়োগ কৰিছিল? কর্ণাটকত ৰামকৃষ্ণ হেগড়ে আৰু এছ.আৰু.বোন্মাইৰ চৰকাৰক কোনে আঁতৰাইছিল? পঞ্চাশৰ দশকত কেৰালাত নির্বাচিত কমিউনিষ্ট চৰকাৰক কোনে আঁতৰাইছিল? আজিৰ পৰা ৫০ বছৰ পূৰ্বে তামিলনাডুত জৰুৰী অৱস্থাৰ সময়ত কৰুণানিধিৰ চৰকাৰক কোনে আঁচৰাইছিল? ১৯৮০চনত এম.জি.আৰুৰ চৰকাৰক কোনে বৰ্খাস্ত কৰিছিল? অন্ধ্রপ্রদেশত কে এন.টি.ৰামা ৰাওৰ চৰকাৰক অস্থিৰ কৰাৰ চেষ্টা কৰিছিল আৰু সেইটো এনে সময়ত যেতিয়া তেওঁ অসুস্থ আছিল৷ এয়া কোন দল আছিল, যিসকলে মুলায়ম সিং যাদৱজীক ইয়াৰ বাবে বিব্রত কৰিছিল যি কেন্দ্রত বিভিন্ন বিষয়ক লৈ তেওঁ তেওঁলোকৰ সৈতে সহমত নাছিল৷ কংগ্রেছে নিজৰ নেতাসকলকো বাদ দিয়া নাছিল৷ অন্ধ্রপ্রদেশত কংগ্রেছ চৰকাৰে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। তেওঁলোকৰ সৈতে তেওঁলোকে কি ব্যৱহাৰ কৰিছে? যি কংগ্রেছে তেওঁলোকক কেন্দ্রত ক্ষমতাত অধিষ্ঠিত হোৱাৰ সুযোগ দিছিল, সেই কংগ্রেছৰ নেতাসকলৰ সৈতে তেওঁলোকে কি কৰিছিল? তেওঁলোকে অতি লজ্জাজনক পদ্ধতিৰে অন্ধ্রপ্রদেশত বিভাজনৰ সৃষ্টি কৰিছিল৷ বিধানসভাত মাইক বন্ধ কৰি দিছিল৷ জলকীয়াৰ গুড়ি স্প্রে কৰিছিল৷ কোনো ধৰণৰ আলোচনা হোৱা হ’বলৈ দিয়া নাছিল৷ এয়া ঠিক পদ্ধতি আছিল নে? তাত গণতন্ত্র আছিল নে? অটলজীৰ চৰকাৰে তিনিখন নতুন ৰাজ্য গঠন কৰিছিল। আমি ৰাজ্য গঠন হোৱাটো কেতিয়াও বিৰোধিতা কৰা নাই৷ কিন্তু পদ্ধতি কি আছিল? অটলজীয়ে গঠন কৰা ৰাজ্য কেইখন হ’ল-ছত্তীশগড়, ঝাৰখণ্ড আৰু উত্তৰাখণ্ড। কিন্তু তাক লৈ তেতিয়া কোনো বিৰোধিতা কৰা নাছিল৷ শান্তিত সকলো ঠিকে ঠাকে হৈছে। সকলোৱে মিলি সিদ্ধান্ত লৈছিল। অন্ধ্র, তেলেংগানাৰ ক্ষেত্রতো এনে হ’ব পাৰিলহেতেন৷ আমি তেলেংগানাৰ বিৰোধিতা কৰা নাছিলো৷ সকলোৱে মিলি কৰিব পৰা গ’লহেতেন৷  কিন্তু আপোনালোকৰ অহংকাৰ, ক্ষমতাৰ খকে সমগ্ৰ দেশৰ মাজত এই কটু পৰিৱেশৰ সৃষ্টি কৰিছে আৰু আজিও তেলেংগানা আৰু অন্ধ্রৰ মাজত সেই বৈৰীতাৰ বীজ আছে, যাৰ ফলত তেলেংগানাৰো ক্ষতি হৈছে, অন্ধ্রেৰো ক্ষতি হৈছে। কিন্তু তাৰ পৰা আপোনালোকক কোনো ৰাজনৈতিক লাভান্বিত হোৱা নাই৷ এতিয়া আপোনালোকে আমাত বুজাবলৈ আহিছে?

মাননীয় সভাপতি মহোদয়,

আমি ‘কো-অপাৰেটিভ ফেডাৰেলিজম’ বা সহযোগিতামূলক যুক্তৰাষ্ট্রীয় পৰিকাঠামোৰ লগতে এক নতুন পৰিৱর্তনৰ দিশত আগুৱাই গৈছো আৰু আমি ‘কো-অপাৰেটিভ কম্পিটেটিভ ফেডাৰেলিজম’ বা সহযোগিতামূলক প্রতিযোগিতামূলক যুক্তৰাষ্ট্রীয় ব্যৱস্থাৰ কথা কৈছো। আমাৰ ৰাজ্যসমূহৰ মাজত উন্নয়নক লৈ প্রতিযোগিতা হ’ব, সুস্থ প্রতিযোগিতা হ’ব। আমি প্রত্যেকেই আগুৱাই যোৱাৰ চেষ্টা কৰিম। সেই ৰাজ্যৰ ক্ষমতাত যি দলেই নাথাকক কিয়, এই প্রতিযোগিতাক উৎসাহ যোগোৱাৰ কাম আমি কৰিম। এয়া আমাৰ কাম আৰু আমি তাকে কৰিছো৷

মাননীয় সভাপতি মহোদয়,

মই আজি এটা উদাহৰণ দিব বিচাৰিছো। জিএছটি কাউন্সিল গঠন ভাৰতত শক্তিশালী যুক্তৰাষ্ট্রীয় ব্যৱস্থাৰ বাবে এক উন্নত পৰিকাঠামোৰ উৎকৃষ্ট উদাহৰণ। ৰাজহ সংগ্রহৰ গুৰুত্বপূর্ণ সিদ্ধান্তসমূহ জিএছটি কাউন্সিলত গ্রহণ কৰা হয় আৰু ৰাজ্যসমূহৰ বিত্তমন্ত্ৰী আৰু দেশৰ বিত্তমন্ত্ৰী সকলোৱে একেখন টেবুলত বহি সিদ্ধান্ত লয়৷ তাত কোনো ডাঙৰ নহয়, কোনো সৰু নহয়, কোনো আগত নহয়, কোনো পিছত নহয়। সকলোৱে একেলগে আলাপ-আলোচনা কৰি সিদ্ধান্ত লৈছিল। সেইবাবে দেশবাসীয়ে গৌৰৱ কৰিব পাৰে৷ এই সভাকক্ষই আটাইতকৈ বেছি গৌৰৱ কৰিব পাৰে যি জিএছটি কাউন্সিলত সকলো সিদ্ধান্ত, কেইবাশ সিদ্ধান্ত লোৱা হৈছে আৰু এই সকলো সিদ্ধান্ত সর্বসন্মতিক্রমে লোৱা হৈছে। সকলো ৰাজ্যৰ বিত্তমন্ত্ৰী আৰু দেশৰ বিত্তমন্ত্ৰী মিলি সিদ্ধান্ত লয়৷ ইয়াতকৈ অধিক যুক্তৰাষ্ট্রীয় ব্যৱস্থাৰ উদাহৰণ আৰু কি হ’ব পাৰে? এই ব্যৱস্থা লৈ গৌৰৱ কৰিব নোৱাৰে নে? কিন্তু দুঃখজনকভাৱে আমাৰৰ মাজতে বহুতেই এইটোক লৈ গৌৰৱ নকৰে৷

মাননীয় সভাপতি মহোদয়,

মই ভাৰতত উন্নত যুক্তৰাষ্ট্রীয় শাসন ব্যৱস্থাৰ আৰু এটা উদাহৰণ দাঙি ধৰিব বিছাৰো। মই দেখিছো আমাৰ দেশত সামাজিক ন্যায় অতি অনিবার্য, নহ’লে দেশ আগুৱাব নোৱাৰে৷ আঞ্চলিক ন্যায়ো সিমানেই প্রয়োজনীয়। যদি কোনো অঞ্চল উন্নয়নৰ ক্ষেত্রত পিছ পৰি থাকে, তেতিয়াহ’লে দেশ আহৱাই যাব নোৱাৰিব আৰু সেইবাবে আমি এটা প্রকল্প প্ৰস্তুত কৰিছো। উচ্চাকাংক্ষী জিলা। দেশত ১০০খন এনে জিলাক বাছনি কৰি লোৱা হৈছে, ভিন্ন ভিন্ন মাপকাঠিৰ ভিত্তিত বাছি লোৱা হৈছে, ৰাজ্যসমূহৰ সৈতে আলাপ-আলোচনাৰ মাধ্যমেৰে তেওঁলোকক বাছনি কৰা হৈছে। এই ১০০ৰ বাহিৰে আৰু এনে কেতবোৰ জিলা আছে যিসমূহ ‘এভাৰেজ ডিষ্ট্ৰিক্ট’। সেইবোৰ যিমান ক্ষিপ্ৰতাৰে উন্নয়নৰ মাধ্যমেৰে উন্নত জিলাসমূহৰ সমকক্ষ হৈ উঠিব, আমাৰ দেশৰ অনুন্নয়নৰ বোজা সিমানেই লাঘৱ হ’ব আৰু সেই কামো আমি কৰিছো। আজি অতি সন্তুষ্টিৰে, অতি গৌৰৱেৰে কও যে এই প্রকল্পৰ উদ্যোগ যদিও কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে, কিন্তু এখন ৰাজ্যক বাদ দি বাকী সকলো ৰাজ্যই তাক গ্রহণ কৰিছে। শতাধিক জিলাৰ পৰিস্থিতি পৰিৱর্তনৰ বাবে কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু জিলা প্রশাসনে আজি মিলাপ্ৰীতিৰে কাম কৰিছে আৰু তাত সকলো দলৰ শাসনাধিষ্ঠিত চৰকাৰ আছে। এনে নহয় যে কেৱল ভাৰতীয় জনতা পার্টিৰ ক্ষমতাধিষ্ঠিত চৰকাৰৰ জিলাসমূহ বাছি লোৱা হৈছে। আমি দল নিৰ্বিশেষে, সকলোৱে মিলাপ্ৰীতিৰে ইমান ভাল ফল আনিব পাৰিছো যে অতি কম সময়ত এই উচ্চাকাংক্ষী জিলাসমূহে বহু মাপকাঠিত নিজৰ ৰাজ্যৰ গড় উন্নয়নৰতকৈ অধিক আগুৱাই গৈছে আৰু এই ফলকে মই ভাৱো যথেষ্ট ভাল ফল৷ মই ক’ব বিচাৰিছো যে কেইখনমান উচ্চাকাংক্ষী জিলাত জন ধন একাউণ্ট পূৰ্বৰ তুলনাত চাৰিগুণ বৃদ্ধি পাইছে। অর্থাৎ, সকলোৰে প্রচেষ্টাত সেই ৰাজ্যৰ দুখীয়া লোকসকলৰ চাৰগুণ অধিক লোকে বেংক একাউণ্ট খুলিছে, প্রত্যেক পৰিয়ালত শৌচালয় নিৰ্মাণ কৰা হৈছে, বিদ্যুৎ সংযোগ সুনিশ্চিত কৰা হৈছে৷ এইবোৰ ক্ষেত্রত সকলো ৰাজ্যৰ উচ্চাকাংক্ষী জিলাসমূহে যথেষ্ট ভাল কাম কৰিছে। মই ভাৱো এয়া যুক্তৰাষ্ট্রীয় শাসন ব্যৱস্থাৰ এক উজ্জ্বল উদাহৰণ আৰু ইয়াৰ জৰিয়তে দেশৰ উন্নয়নৰ বাবে যুক্তৰাষ্ট্রীয় শাসন ব্যৱস্থাৰ শক্তি, উপযোগিতাৰ আৰু ভাল নিদর্শন সৃষ্টি হ’ব।

মাননীয় সভাপতি মহোদয়,

মই আজি আৰু এটা উদাহৰণ দিব বিচাৰিছো কিদৰে ৰাজ্যসমূহক আর্থিকভাবে সাহায্য প্ৰদান কৰা হয়। কি পদ্ধতিৰে, কিদৰে নীতি পৰিৱর্তন কৰি এই সাহায্য প্ৰদান কৰা সম্ভৱ হয় তাৰ এক উদাহৰণ দিব বিচাৰিছো। এটা সময় আছিল যেতিয়া আমাৰ প্রাকৃতিক সম্পদ কেৱল কিছুসংখ্যক লোকৰ ভঁৰাল ভৰোৱাৰ কামত লাগিছিল। এই দুর্দশা আমি দেখিছো। ইয়াক লৈ বহু আলাপ, আলোচনা, সমালোচনাও হৈছে৷ এতিয়া সেই সম্পদসমূহে দেশৰ ৰাজকোষ সমৃদ্ধ কৰিছে। আমি কয়লা আৰু খনি খণ্ডৰ সংস্কাৰ সাধন কৰিছো৷ ২০০০ চনত আমি স্বচ্ছ প্রক্রিয়াৰে খনিজ সম্পদৰ নিলাম কৰিছো। আমি সংস্কাৰ প্রক্রিয়া অব্যাহত ৰাখিছো৷ যিদৰে বৈধ অনুজ্ঞা অবিহনে মাচুল হস্তান্তৰৰ ৫০ শতাংশ ব্যৱস্থাৰ মুক্ত বজাৰত কেৱল বিক্ৰী, ‘আগতীয়া কাম-কাজৰ’ৰ ৫০ শতাংশ বাদ দিয়া, বিগত এবছৰত খনি খণ্ডৰ পৰা ৰাজহ প্রায় ১৪,০০০ কোটি টকা বৃদ্ধি হৈ ৩৫,০০০ হাজাৰ কোটি টকা হৈছে। নিলামৰ জৰিয়তে যিমান ৰাজহ আহিছে তাৰ অংশ ৰাজ্য চৰকাৰসমূহেও পাইছে। এই সিদ্ধান্ত যে লোৱা হৈছে সেয়াই আটাইতকৈ ডাঙৰ কথা। এই সংস্কাৰ প্রক্রিয়া আৰম্ভ হোৱাত ৰাজ্যসমূহৰ বহু উপকাৰ হৈছে আৰু ৰাজ্যসমূহৰ উপকাৰ হ’লেই দেশৰ উপকাৰ হোৱাটো নিশ্চিত। সহযোগিতামূলক যুক্তৰাষ্ট্রীয় ব্যৱস্থাৰ ইমান ডাঙৰ গুৰুত্বপূর্ণ সিদ্ধান্ত অতুলনীয়। ওড়িশাই, এই সংস্কাৰ আৰম্ভ কৰাৰ ক্ষেত্রত অগ্রণী ৰাজ্য হিচাপে আগুৱাই আহিছে। মই ওড়িশাৰ মুখ্যমন্ত্রী ডাঙৰীয়াক অভিনন্দন জনাও যে তেওঁৰ চৰকাৰে সকলো সংস্কাৰৰ ক্ষেত্রত কান্ধত কান্ধত মিলাই কাম কৰিছে৷

মাননীয় সভাপতি মহোদয়,

ইয়াত এই বিষয় লৈও আলোচনা হৈছে যে আমি ইতিহাস সলনি কৰা চেষ্টা কৰিছো। কেইবাবাৰো কোৱা হৈছে৷ বাহিৰতো কোৱা হৈছে। বহুতে এই লৈ লিখামেলাও কৰিছে৷ মই দেখিছো যে কংগ্রেছে এক প্রকাৰ ‘আর্বান নক্সাল’ৰ জালত পৰিছে৷ তেওঁলোকৰ সম্পূর্ণ ভাৱনাৰ পদ্ধতিক ‘আর্বান নক্সাল’সকলে দখল কৰে লৈছে আৰু সেইবাবে তেওঁলোকৰ সকলো ভাৱনা আৰু কাম-কাজ ধ্বংসাত্মক হৈ পৰিছে। এয়া দেশৰ বাবে অত্যন্ত চিন্তাৰ বিষয়। অতি গভীৰভাবে এই লৈ চিন্তা কৰিব লাগিব৷ ‘আর্বান নক্সাল’সকলে অতি চতুৰতাৰে কংগ্রেছৰ এই দুর্দশাৰ সুযোগ লৈ তেওঁলোকৰ মনক সম্পূর্ণৰূপে দখল কৰিছে। তেওঁলোকৰ চিন্তা-ভাৱনাৰ প্রবাহক দখল কৰি লৈছে আৰু সেইবাবেই তেওঁলোকে বাৰে বাৰে এইকথা কৈছে যে চৰকাৰে ইতিহাস সলনি কৰিছে।

মাননীয় সভাপতি মহোদয়,

মই কেৱল একাংশ লোকৰ স্মৃতিশক্তি শুধৰাই দিব বিচাৰো, সামান্য স্মৃতিশক্তি বৃদ্ধি কৰিব বিচাৰিছো৷ আমি কোনো ইতিহাস সলনি কৰা নাই। একাংশ লোকৰ বাবে ইতিহাস আঙুলিৰ মুৰত লিখা বছৰৰ পূৰ্বৰ পৰা আৰম্ভ হয়। আমি কেৱল তাৰ অলপ আগৰ কথা স্মৰণ কৰিছো তাৰবাদে একো কৰা নাই। যদি তেওঁলোকৰ ৫০ বছৰৰ ইতিহাসত মজা আহে, তেতিয়াহ’লে আমি তাক আৰু ১০০বছৰ পাছলৈ লৈ গৈছে৷ কোনোৱে যদি ১০০ বছৰৰ ইতিহাসৰ পৰা মজা পায়, আমি তেওঁলোকক ২০০বছৰৰ পুৰণি ইতিহাসলৈ লৈ গৈছো৷ কোনোৱে যদি ২০০বছৰত মজা পায়, তেওঁলোকক আমি ৩০০ বছৰলৈ নিব বিচাৰিছো৷ যদি ৩০০-৩৫০ বছৰ পিছলৈ লৈ যায় তেতিয়াহ’লে ছত্রপতি শিৱাজীৰ নাম নিশ্চিতভাৱে আহিব। মই তেওঁলোকৰ স্মৃতিশক্তিক সতেজ কৰি তুলিছো৷ আমি ইতিহাস সলনি কৰা নাই। একাংশ লোকৰ বাবে ইতিহাস কেৱল এটা পৰিয়ালৰ ইতিহাসৰ মাজতে সীমাবদ্ধ। তেওঁলোকৰ এই সীমাবদ্ধতাক লৈ আমি কি কৰিম? আমাৰ দেশৰ ইতিহাসতো যথেষ্ট ডাঙৰ। এয়া বহু ডাঙৰ বিষয় উত্থান-পতন আছিল আৰু আমি ইতিহাসৰ সুদীর্ঘ কালছোৱা মন পেলোৱাৰ চেষ্টা কৰিছো কাৰণ গৌৰৱময় ইতিহাসক পাহৰাই দিয়াটো এই দেশৰ ভৱিষ্যতৰ বাবে সঠিক নহয়। এই কামক আমি নিজৰ দায়িত্ব বুলি ভাৱো আৰু এই ইতিহাসৰ পৰা শিক্ষা লৈ আমি অহা ২৫বছৰ ধৰি দেশক নতুন উচ্চতালৈ নিয়াৰ এক বিশ্বাস সৃষ্টি কৰিব বিচাৰিছো। মই ভাৱো এই অমৃতকাল এতিয়া এই চর্চা আৰু তাৰ পৰা সৃষ্টি হোৱা বিশ্বাসক লৈয়ে আগুৱাই যাব। এই অমৃতকালত আমাৰ কন্যাসকল, আমাৰ যুল সম্প্রদায়, আমাৰ কৃষক, আমাৰ গ্রাম, আমাৰ দলিত, আমাৰ জনজাতি, আমাৰ পীড়িত, আমাৰ পিছপৰা সমাজৰ প্রত্যেক ব্যক্তিৰ অৱদান থাকিব লাগিব, প্রত্যেকৰে অংশীদাৰিত্ব থাকিব লাগিব৷ আমি আগুৱাই যাব লাগিব৷ কেতিয়াবা কেতিয়াবা আমি ১৮৫৭ চনৰ স্বাধীনতা সংগ্রামৰ দিশ চাম। আমাৰ জনজাতি অধ্যুষিত এলেকাসমূহৰ লোকসকলে ১৮৫৭ৰ স্বাধীনতা সংগ্রামত যি অৱদান আগবঢ়াইছিল সেয়া আমি কেতিয়াও পঢ়াৰ সুযোগ পোৱা নাছিলো। ইমান মহান সোণালী পৃষ্ঠাসমূহ আমি কিদৰে পাহৰিব পাৰো? আৰু মই এই বিষয়সমূহ স্মৰণ কৰোৱাৰ চেষ্টা কৰিছো৷ আমাৰ চেষ্টা এই যে দেশক আত্মবিশ্বাসেৰে ভৰাই তোলা, দেশক আগুৱাই নিয়া।

মাননীয় সভাপতি মহোদয়,

মহিলাসকলৰ সবলীকৰণকো আমি অগ্রাধিকাৰ দিছো। ভাৰতৰ দৰে দেশত ৫০শতাংশ জনসংখ্যা আমাৰ বিকাশ যাত্রাত ‘সবকা প্রয়াস’ৰ বিষয়। সেই ‘সবকা প্রয়াসে’ আটাইতকৈ ডাঙৰ অংশীদাৰ হ’ল আমাৰ মা-ভনীসকল৷ দেশৰ ৫০ শতাংশ জনসংখ্যা আৰু সেইবাবে ভাৰতৰ সমাজৰ বৈশিষ্ট্য হ’ল পৰম্পৰা ধৰি সংস্কাৰ সাধন আৰু পৰিৱর্তন। এইটোকে কোৱা হয় জীৱন্ত সমাজ। প্রত্যেক যুগত এনে মহাপুৰুষসকলে জন্ম আছে, যিসকলে আমাৰ সমাজক সকলো কু-সংস্কাৰ আৰু বিচ্যুতিৰ পৰা মুক্ত কৰাৰ চেষ্টা কৰিছে আৰু আজি আমি জানো মহিলাসকলৰ উন্নতিক লৈ চিন্তা-ভাৱনা ভাৰতত নতুন নহয়। বহু দিন ধৰি ভাৰতত এই লিংগ সাম্যৰ কথা কোৱা হৈছে, তেওঁলোকৰ সবলীকৰণৰ অগ্রাধিকাৰ দিয়া হৈছে৷ সেই চিন্তাভাৱনা অনুসৰণ কৰিয়েই আমি মাতৃত্বকালীন ছুটীৰ সময়ত ঘৰৰ মহিলাসকলৰ সবলীকৰণৰ মাধ্যমেৰে পৰিয়ালৰ সবলীকণৰ চেষ্টা কৰিছো আৰু সেই লক্ষ্যৰে আমি কাম কৰি আহিছো৷ আমাৰ ‘বেটী বচাও, বেটী পঢ়াও’ আঁচনিৰ জৰিয়তে আমাৰ দেশত লিংগ অনুপাতে যি বৈষম্য আছিল, যি ভাৰসাম্যহীনতা আছিল, সেয়া বহু পৰিমাণে শুধৰাব পাৰিছো৷ আজি যি প্রতিবেদনসমূহ আহিছে, তাত আজি আমাৰ দেশৰ কিছু অঞ্চলত পুৰুষৰ তুলনাত মা-ভনীসকলৰ সংখ্যা বৃদ্ধি পাইছে। এয়া অতি আনন্দৰ বিষয়, অতি গৌৰৱৰ বিষয়। যি বেয়া দিন আমি দেখিছো, তাৰ পৰা আমি ওলাই আহিব পাৰো তাৰবাবে আমি প্ৰচেষ্টা হাতত লৈছো৷ আজি এনচিচিচ আমাৰ কন্যাসকলক অধিক পৰিমাণে যোগদান কৰাইছো৷ সেনা, বায়ুসেনা আৰু নৌ-সেনাত আমাৰ কন্যাসকলে যোগদান কৰিছে আৰু সফলতাৰে কাম কৰিছে৷ আমি তিনি তালাকৰ কু-প্রথা অন্ত পেলাইছো৷ মই য’লৈকে যাও, মা-ভনীসকলে মোক আশীর্বাদ জনাই কাৰণ, তিনি তালাক প্রথা যেতিয়া অন্ত পৰিছে, তেতিয়া কেৱল কন্যাসকল সুবিচাৰ পাইছে তেনে নহয়, সেই পিতৃসকলেও সুবিচাৰ পাইছে, সেই ভায়েকেও সুবিচাৰ পাইছে, যিসকলে তেওঁলোকৰ কন্যা বা ভনীসকলক তিনি তালাকৰ কুপ্রথাৰ ফলত ঘৰলৈ ঘূৰি আনিবলৈ বাধ্য হৈছিল৷ সেইবাবে এই সিদ্ধান্ত সমগ্ৰ সমাজৰ কল্যাণৰ বাবে আছিল। এয়া কেৱল মহিলাসকলৰ বাবে নাছিল, পুৰুষসকলৰ বিৰুদ্ধে নাছিল৷ এই সিদ্ধান্ত মুছলমান পুৰুষসকলৰ বাবে সিমানেই উপকাৰী সিদ্ধান্ত কাৰণ তেওঁলোকেওতো কোনো কন্যাৰ পিতৃ, কাৰোবাৰ ভাতৃ। সেইবাবে ই তেওঁলোকৰ উপকাৰ কৰিছে, তেওঁলোকৰ পৰিয়ালকো সুৰক্ষিত কৰিছে। ফলস্বৰূপে, মানুহে ক’ব পাৰিছে বুলিয়েই সকলোৱে একেলগে গৌৰৱ অনুভৱ কৰিছে, আনন্দ কৰিছে৷ কাশ্মীৰৰ পৰা আমি যিদৰে সংবিধানৰ ৩৭০ধাৰাক বাতিল কৰিছে, সেইদৰে সেই ৰাজ্যৰ মা-ভনীসকলক সবলীকৰণ কৰিছো। তেওঁলোকে যিসমূহ অধিকাৰ পোৱা নাছিল, আমি তেওঁলোকৰ সেই অধিকাৰ পোৱাত সহায় কৰিছো আৰু সেই অধিকাৰৰ কাৰণেই আজি তেওঁলোকৰ শক্তি বৃদ্ধি পাইছে। আজি তেওঁলোকৰ বিয়াৰ বয়সতো সমতা আহিছে। আজিৰ যুগত স্ত্রী আৰু পুৰুষৰ মাজত এই বিষয়ত কোনো ব্যৱধান থকা উচিৎ নহয়। ল’ৰা-ছোৱালী যদি সমান হয়, তেতিয়াহ’লে সকলো ক্ষেত্রত সমান হোৱা উচিৎ আৰু সেইবাবে আমি ল’ৰা-ছোৱালী বিয়াৰ বয়স সমান হোৱাৰ লক্ষ্যৰে প্রস্তাৱ লৈছো আৰু তাকলৈ আগুৱাই গৈছো। মোৰ দৃঢ় বিশ্বাস, আজি কিছুসময়ৰ পাছতে সংসদত এই বিষয়ত সঠিক সিদ্ধান্ত লৈ আমাৰ মা-ভনীসকলৰ কল্যাণৰ কাম কৰিম৷

মাননীয় সভাপতি মহোদয়,

এই বছৰ গোৱাৰ প্ৰতিষ্ঠাৰ ৬০ বছৰ সম্পূৰ্ণ হ’ল। ৬০বছৰ এক অতি গুৰুত্বপূর্ণ সময়৷ গোৱা মুক্তিৰ ৬০ বছৰত আজি সেই চিত্রসমূহৰ কথা তুলি ধৰিব বিচাৰিছো। আমাৰ কংগ্রেছৰ বন্ধুসকলে য’তেই থাকক, তেওঁলোকে নিশ্তিতভাৱে শুনিছে৷ গোৱাৰ জনতাই আমাৰ এই কথাসমূহ নিশ্চিতভাৱে মন দি শুনিব। যদি চর্দাৰ চাহেব … চর্দাৰ বল্লভভাই পেটেলজী যিদৰে হায়দৰাবাদৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছিল, সিদ্ধান্ত লৈছিল, যিদৰে চর্দাৰ পেটেলে জুনাগড়ৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছিল, পদক্ষেপ লৈছিল, সেইদৰে চর্দাৰ চাহেবে এক প্রেৰণা লৈ গোৱাৰ বাবেও ৰণনীতি প্ৰস্তুত কৰিছিল৷ গোৱা ভাৰত স্বাধীন হোৱাৰ ১৫ বছৰ পাছত দাসত্ব বন্ধনৰ পৰা মুক্ত হৈছে আৰু সেই সময়ৰ ৬০ বছৰ পাছত খবৰ কাগজ সেই সময়ৰ মিডিয়া ৰিপোর্টত কোৱা হৈছে যে তৎকালীন প্রধানমন্ত্রী ভাৱিছিল, এই ঘটনাত তেওঁৰ আন্তর্জাতিক ইমেজ কেনে হ’ব৷ এয়াই তেতিয়া পণ্ডিত নেহৰুৰ আটাইতকৈ ডাঙৰ চিন্তাৰ বিষয় আছিল। যদি আন্তর্জাতিক ক্ষেত্রত আমাৰ ইমেজ সলনি হৈ যায় তেতিয়াহ’লে কি হ’ব? আৰু সেইবাবে তেওঁ ভাৱিছিল যে গোৱাৰ ঔপনিৱেশিক চৰকাৰক আক্রমণ কৰিলে তেওঁৰ নিজৰ আন্তর্জাতিক ক্ষেত্রত যে শান্তিপ্রিয় নেতাৰ ইমেজ আছে, সেয়া ভাঙি চুৰমাৰ হৈ যাব। গোৱাৰ যি হয় হওক, গোৱাবাসীয়ে যিমান কষ্ট সহ্য কৰিব লগা হয় কৰক, আমাৰ ইমেজ যেন নষ্ট নহয়। সেইবাবে যেতিয়া গোৱাত সত্যাগ্রহীসকলৰ ওপৰক গুলী চলিছিল, বিদেশী শাসকসকলে গুলী চলাইছিল, ভাৰতৰ এটা অংশৰ ওপৰত ঠিয় হৈ আমাৰেই ভাই-ভনীসকলৰ ওপৰত গুলী চলাইছিল, তেতিয়া আমাৰ দেশৰ প্রধানমন্ত্রীয়ে কৈছিল যে মই সেনা নিদিও, মই সেনা প্ৰেৰণ নকৰো৷ সত্যাগ্রহীসকলক সহায় কৰিবলৈ তেওঁ অস্বীকাৰ কৰিছিল। এই অন্যায় কংগ্রেছে গোৱাৰ সৈতে কৰিছিল আৰু গোৱাই ১৫ বছৰতকৈ অধিক সময় ধৰি দাসত্ব বন্ধনত থাকিব লগা হৈছিল। গোৱাৰ বহু বীৰপুত্রই আত্মবলিদান দিবলগীয়া হৈছিল। লাঠি আৰু গুলীৰ সন্মুখত জীৱন উৎসৰ্গা কৰিবলগীয়া হৈছিল। এনে পৰিস্থিতৰ সৃষ্টি হৈছিল। নেহৰুজীয়ে ১৯৫৫ চনৰ ১৫ আগষ্টত লালকিল্লাৰ প্রাচীৰৰ পৰা তেওঁৰ প্রদত্ত ভাষণত কৈছিল, মই তাৰে এটা উদ্ধৃতি দিব বিচাৰিছো। খুব ভাল হ’লহেতেনে যদি কংগ্রেছৰ বন্ধুসকল এতিয়া ইয়াত থাকিলহেতেন। মোৰ মুখত নেহৰুজীৰ নাম শুনি তেওঁলোকৰ দিনটো বহুত ভাল গ’লহেতেন আৰু সেইবাবে তেওঁলোকৰ তৃষ্ণা পুৰণৰ বাবে মই বাৰে বাৰে নেহৰুজীৰ নাম লৈ থাকিম। নেহৰুজীয়ে কৈছিল, লালকিল্লাৰ প্রাচীৰৰ পৰা কৈছিল আৰু মই তাকেই উদ্ধৃত কৰিছো, কোনেও ভুল নুবুজিব, ভাষাটো লক্ষ্য কৰক। কোনেও প্ৰৱঞ্চনা বলি নহয় যে আমি তাত কোনো সৈনিক তৎপৰতা দেখাম, কোনো সেনাবাহিনী গোৱাৰ চাৰিওপালে নাই। গোৱাবাসীয়ে এইটোকে বিচাৰে। আস্ফালন কৰি এনে পৰিস্থিতিৰ সৃষ্টি কৰক যাতে আমি সৈনিক পঠাবলৈ বাধ্য হও এয়া গোৱাবাসীয়ে নিবিচাৰো৷ আমি সেনা নপঠাও, আমি শান্তিৰ পথত এই সমস্যাৰ সমাধান বিচাৰো৷ এয়া সকলো পক্ষই বুজক৷ সেইদৰে ১৫আগষ্টত গোৱাবাসীৰ বাবে বক্তব্য তেওঁলোকৰ উচ্চাকাংক্ষাৰ বিৰুদ্ধে, তেওঁলোকৰ সকলো প্রত্যাশাৰ বিৰুদ্ধে কংগ্রেছৰ নেতাসকলে মন্তব্য কৰিছিল৷ পণ্ডিত নেহৰুজীয়ে সকলোৰে আগত কৈছিল, যিসকলে তালৈ গৈছে, লোধিয়াজীকে ধৰি সকলোৱে তাত সত্যাগ্রহ কৰিছিল, আন্দোলন কৰিছিল৷ দেশৰ সত্যাগ্রহীসকল গৈছিল, আমাৰ জগন্নাথ ৰাজ যোশী, কর্ণাটকত তেওঁৰ নেতৃত্বত সত্যাগ্রহ চলিছিল। পণ্ডিত নেহৰুজীয়ে কি কৈছিল? যিসকল তালৈ গৈছে তেওঁলোকক শুভেচ্ছা জনাইছো। কিন্তু কেনে মজা চাওক। দেশৰ স্বাধীনতাৰ বাবে যিসকলে যুঁজ কৰিছে, সেই দেশবাসীৰ বাবে এই ভাষাত কিমান অহংকাৰ আছিল। তেওঁ কৈছিল, যিসকল কৈছিল তেওঁলোকৰ যোৱাটো শুভেচ্ছা জনাই কিন্তু এয়াও মনত ৰাখিব যে আপোনালোকক সত্যাগ্রহী বোলা হ’ব আৰু যি সত্যাগ্রহৰ নীতি, সিদ্ধান্ত আৰু পথকো মনত ৰাখিব৷ সত্যাগ্রহীসকলৰ আঁৰত সেনাবাহিনী নাথাকে আৰু সেনাবাহিনীৰ আহ্বানো নাথাকে৷ অসহায় অৱস্থাত এৰি দিয়া আমাৰ দেশৰ নাগৰিকসকলৰ এয়া গোৱাৰ ক্ষেত্ৰত হৈছিল। গোৱাৰ জনগণে কংগ্রেছৰ এই মনোভাৱক কেতিয়াও পাহৰিব নোৱাৰে৷

মাননীয় সভাপতি মহোদয়,

আমাৰ ইয়াত বাক-স্বাধীনতা লৈও ডাঙৰ ডাঙৰ ভাষণ দিয়া হৈছে আৰু প্রায়েই আমাক এই বিষয়ত বিভিন্ন ধৰণৰ জ্ঞান দিয়া হয়। মই আজি এটা ঘটনা আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰো আৰু এই ঘটনাটোও গোৱাৰ এক সুপুত্রক লৈ৷ গোৱাৰ এক সন্মানীয় সু-পুত্র, গোৱাৰ মাটিৰ সন্তানৰ কথা। অভিব্যক্তিৰ সম্পর্ক কি হয়, কেনে হয়, এয়া মই উদাহৰণসহ তুলি ধৰিব বিচাৰো। ব্যক্তিস্বাধীনতাৰ কথা যিসকলে কয় তেওঁলোকৰ ইতিহাস আজি মই মুক্ত কৰিছো। কি ক’ম লতা মংগেছকাৰজীৰ মহাপ্রয়াণত আজি সমগ্ৰ দেশ শোকস্তব্ধ। কিন্তু লতা মংগেশকাৰজীৰ পৰিয়াৰ গোৱাৰ মুল বাসিন্দা আছিল। তেওঁৰ পৰিয়ালৰ সৈতে কেনে ব্যৱহাৰ কৰা হৈছিল এয়াও দেশবাসীয়ে জনা দৰকাৰ৷ লতা মংগেশকাৰজীৰ সৰু ভাই হ’লন পণ্ডিত হৃদয়নাথ মংগেশকাৰজী। গোৱাবাসীয়ে তেওঁৰ বাবে গৌৰৱ কৰে কাৰণ তেওঁ গোৱাৰ সুপুত্র। তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ত চাকৰি কৰিছিল৷ তেওঁক অল ইণ্ডিয়া ৰেডিঅ’ৰ পৰা বৰ্খাস্ত কৰা হৈছিল। কিয়? তেওঁ কি পাপ কৰিছিল? তেওঁ যি ভুল কৰিছিল সেয়া হল, তেওঁ দামোদৰ বীৰ ছাভাৰকাৰৰ এটা দেশভক্তিৰ কবিতা অল ইণ্ডিয়া ৰেডিঅ’ত পাঠ কৰিছিল৷ এয়া হৃদয়নাথজীয়ে নিজেই এটা সাক্ষাৎকাৰত কৈছিল৷ তেওঁৰ এই সাক্ষাৎকাৰ আপোনালোকে বিচাৰিলে শুনিব পাৰে৷ তেওঁ সাক্ষাৎকাৰত কৈছিল যেতিয়া তেওঁ দামোদৰ বীৰ ছাভাৰকাৰজীক সাক্ষাৎ কৰি সুধিছিল যে মই আপুনি লিখা গানটো গাব বিচাৰো, তেতিয়া ছাভাৰকাৰজীয়ে তেওঁক কৈছিল, “তুমি জে’ললৈ যাব বিচৰানেকি? মোৰ কবিতা গাই তুমি জে’ললৈ যাব বিচৰানেকি?” কিন্তু হৃদয়নাথজীৰ কবিতাটো ইমান ভাল লাগে যে তেওঁ সেই দেশভক্তিৰ কবিতাটত সুৰ দিছিল আৰু অল ইণ্ডিয়া ৰেডিঅ’ত গাই শুনায়। আঠদিনৰ ভিতৰতে তেওঁক অল ইণ্ডিয়া ৰেডিঅ’ৰ পৰা বৰ্খাস্ত কৰা হয়। এয়াইতো আপোনালোক বাক স্বাধীনতাৰ নমুনা। এই স্বাধীনতাৰ মিথ্যা, আপোনালোকৰ এই মিথ্যাচাৰ আপোনালোকেই দেশৰ সন্মুখত দাঙি ধৰিছে৷ কংগ্রেছী চৰকাৰসমূহ তেওঁলোকৰ শাসনকালত কিদৰে অন্যায় অত্যাচাৰ কৰিছে এয়া কেৱল গোৱাৰ সুপুত্র হৃদয়নাথ মংগেশকাৰজীৰ সৈতে হোৱা নাই, এই তালিকা বহু দীঘলীয়া। মজৰুজ ছুলতানপুৰীজীক এবছৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। তেওঁৰ দোষ কি আছিল? তেওঁ পণ্ডিত নেহৰুক সমালোচনা কৰিছিল৷ একেদৰে, নেহৰুজীৰ দুৰ্ব্যৱহাৰৰ সমালোচনা কৰাৰ বাবে অধ্যাপক ধর্মপালজীকো কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। বিখ্যাত গায়ক তথা নায়ক কিশোৰ কুমাৰজীক জৰুৰীকালীন সময়ত ইন্দিৰাজীৰ সন্মুখত শিৰনত নকৰাৰ লগতে জৰুৰীকালীন অৱস্থাৰ সপক্ষে বক্তব্য নৰাকাৰ বাবেই তেওঁক সেই সময়ত বহিষ্কাৰ কৰা হৈছিল। আমি সকলোৱে জানো যে এয়া বিশেষ পৰিয়ালৰ বিৰুদ্ধে যদি কোনোৱে সামান্য আৱাজ তোলে, সামান্য চকুত চকু তুলি কথা কয়, তেতিয়াহ’লে কি হয়! সীতাৰাম কেশৰীজীৰ কথা আমি সকলোৱে জানো। তেওঁৰ ক্ষেত্ৰত কি হৈছিল সেয়াও আমি জানো।

মাননীয় সভাপতি মহোদয়,

সভাকক্ষৰ সকলো সদস্যৰ প্রতি মোৰ এটা প্রার্থনা আছে। মোৰ প্রার্থনা হ’ল আপোনালোক সকলোৱে ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ওপৰত আস্থা ৰাখক, বিশ্বাস কৰক, ভৰসা কৰক। ১৩০ কোটি দেশবাসীৰ সামর্থ্যৰ ওপৰত আমি ভৰসা কৰিব লাগিব৷ আমি ডাঙৰ লক্ষ্য লৈ এই সামর্থ্যেৰ ভিত্তিত দেশক নতুন উচ্চতালৈ নিয়াৰ বাবে কৃতসংকল্পৰে আগুৱাই যাব লাগিব৷

মাননীয় সভাপতি মহোদয়,

আমি তোৰ-মোৰ, আপোন-পৰ এই পৰম্পৰা নাইকিয়া কৰিব লাগিব৷ এটা ভাৱেৰে এটা লক্ষ্যৰে আগুৱাই যাব লাগিব, এয়াই বৰ্তমানৰ সময়ৰ আহ্বান৷ এক স্বৰ্ণিম কাল সমগ্ৰ বিশ্বই ভাৰতৰ দিশে ডাঙৰ আশাৰে গৌৰৱেকে চাই ৰৈছে৷ এনে সময়ত আমি সুযোগ হেৰাই যাব নিদিও৷ দেশবাসীৰ কল্যানৰ বাবে ইয়াতকৈ ডাঙৰ সুযোগ নাহে৷ এই সুযোগ আমি ধৰি লৈ ২৫বছৰীয়া যাত্ৰাত আমি ক’ৰবাত উপনীত হ’ব লাগিব৷ আমাৰ দেশৰ বাবে, আমাৰ পৰম্পৰাৰ বাবে আমি গৌৰৱ কৰো আৰু সভাপতি মহোদয় আমি অতি বিশ্বাসেৰে একেলগে আগুৱাই যাম৷ আমাৰ শাস্ত্ৰত কৈছে৷ সম গচ্চধ্য সম বদধ্বম ছ’ ৱৌ মনাংসি জানতাম৷ অৰ্থাৎ আমি একেলগে আগুৱাই যাম, একেলগে চৰ্চা কৰিম, মিলিজুলি সকলো কাম কৰিম এই আহ্বানেৰে মই ৰাষ্ট্ৰপতি ডাঙৰীয়াৰ অভিভাষণৰ সমৰ্থন জনাইছো৷ তেওঁক ধন্যবাদ জনাইছো৷ সকলো সন্মানীয় সদস্যবৃন্দই যি চিন্তাধাৰা ব্যক্ত কৰিলে, তেওঁলোককো ধন্যবাদ জনাইছো৷

বহুত বহুত ধন্যবাদ

***

DS/LP/AK/AK/NS/DK/GS/DB



(Release ID: 1798504) Visitor Counter : 377