প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু কেনিয়াৰ প্রাক্তন প্রধানমন্ত্রী শ্ৰীযুত ৰাইলা আমোলো ওডিংগাৰ মাজত বৈঠক

Posted On: 13 FEB 2022 2:41PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ব্যক্তিগত ভাৰত ভ্ৰমণৰত কেনিয়াৰ প্রাক্তন প্রধানমন্ত্রী শ্ৰীযুত ৰাইলা আমোলো ওডিংগাৰ সৈতে বৈঠকত মিলিত হয়৷ দুয়োগৰাকী নেতাৰ মাজত কেইবা দশক পূৰণি বন্ধুত্বপূর্ণ ব্যক্তিগত সম্পর্ক আছে।

প্রায় চাৰে তিনি বছৰৰ পাছত শ্ৰীযুত ওডিংগাক সাক্ষাৎ কৰিবলৈ পাই প্রধানমন্ত্রী মোদীয়ে সন্তোষ প্রকাশ কৰে৷ প্রধানমন্ত্রীয়ে ২০০৮ চনৰ পৰা ভাৰত-কেনিয়া উভয় ক্ষেত্রতে শ্ৰীযুত ওডিংগাৰ সৈতে তেওঁৰ একাধিক কথোপকথনৰ লগতে ২০০৯ আৰু ২০১২চনত ভাইব্রেণ্ট গুজৰাট সন্মিলনত জনোৱা সমর্থনৰ কথা স্মৰণ কৰে৷

দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত পাৰস্পৰিক সম্পর্ককে ধৰি অন্যান্য বিষয়তো আলোচনা কৰে৷ প্রধানমন্ত্রীয়ে ভাৰত-কেনিয়া সম্পর্কক আৰু অধিক শক্তিশালী কৰাৰ প্রতিশ্রুতি দিয়ে৷

প্রধানমন্ত্রী মোদীয়ে ওডিংগাৰ সু-স্বাস্থ্য আৰু অনাগত দিনৰ বাবে শুভেচ্ছা জনায়৷

 

***

DS/AKJ/DB



(Release ID: 1798235) Visitor Counter : 123