ৰাষ্ট্ৰপতি সচিবালয়

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দে ২০২২ বৰ্ষৰ ৭৩তম গণতন্ত্ৰ দিৱসৰ প্ৰাক্ সন্ধ্যাত দেশবাসীক উদ্দেশ্যি প্ৰদান কৰা ভাষণ

Posted On: 25 JAN 2022 7:45PM by PIB Guwahati

মৰমৰ দেশবাসীসকল,

নমস্কাৰ!

১. ৭৩ তম গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত, দেশ আৰু বিদেশত বাস কৰা ভাৰতৰ জনসাধাৰণ সকলোলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছো! এয়া ভাৰতীয়ত্বৰ গৌৰৱৰ উৎসৱ যিয়ে আমাক সকলোকে একেডাল সূতাত বান্ধি ৰাখিছে। ১৯৫০ চনৰ আজিৰ দিনটোতে আমাৰ সকলোৰে এই গৌৰৱময় পৰিচয়ক আনুষ্ঠানিক ৰূপ দিয়া হৈছিল। সেইদিনা ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণৰাজ্য হিচাপে প্ৰতিষ্ঠিত হৈছিল আৰু আমি, ভাৰতৰ জনসাধাৰণে, এক সংবিধান প্ৰণয়ন কৰিছিলো যি হৈছে আমাৰ সামূহিক চেতনাৰ এক জীৱন্ত দস্তাবেজ। আমাৰ বৈচিত্ৰ্যময় আৰু সফল গণতন্ত্ৰক সমগ্ৰ বিশ্বতে প্ৰশংসা কৰা হয়। প্ৰতি বছৰে গণতন্ত্ৰ দিৱসত আমি আমাৰ প্ৰাণৱন্ত গণতন্ত্ৰ আৰু ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ চেতনা উদযাপন কৰো। মহামাৰীৰ বাবে, চলিত বৰ্ষৰ উদযাপন পূৰ্বতকৈ সামান্য কম হ'ব পাৰে, কিন্তু আমাৰ আত্মা আগৰ দৰেই শক্তিশালী হৈ আছে।

২. গণতন্ত্ৰ দিৱসৰ এই দিনটো মহান নায়কসকলক স্মৰণ কৰাৰ এক উপলক্ষ যিয়ে স্বৰাজৰ সপোন বাস্তৱায়িত কৰিবলৈ অদম্য সাহস দেখুৱাইছিল আৰু দেশবাসীৰ মনত ইয়াৰ বাবে যুঁজিবলৈ উৎসাহ প্ৰদান কৰিছিল। দুদিন পূৰ্বে, ২৩ জানুৱাৰীত, আমি সকলো দেশবাসীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুক তেওঁৰ ১২৫ তম জন্ম জয়ন্তীত স্মৰণ কৰিছো, তেওঁ 'জয়-হিন্দ' ঘোষণা কৰিছিল। তেওঁৰ স্বাধীনতাৰ আকাংক্ষা আৰু ভাৰতক গৌৰৱান্বিত কৰাৰ যি উচ্চাকাংক্ষা সেয়া আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস।

৩.  আমি যথেষ্ট সৌভাগ্যৱান যে আমাৰ সংবিধান গঠন কৰা সদনত সেই যুগৰ শ্ৰেষ্ঠ ব্যক্তিত্বৰ প্ৰতিনিধিত্ব উপস্থিত আছিল। তেওঁলোক আমাৰ মহান স্বাধীনতা সংগ্ৰামৰ মুখ্য ধ্বজ্বাবাহক আছিল। দীঘলীয়া ব্যৱধানৰ পিছত, ভাৰতৰ ৰাষ্ট্ৰীয় চেতনাৰ এক নৱজাগৰণ হৈছিল। সেয়েহে, সেই অসাধাৰণ মহিলা আৰু পুৰুষসকলে এক নতুন জাগৰণৰ অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁলোকে সাধাৰণ ৰাইজৰ স্বাৰ্থত খচৰা সংবিধানৰ প্ৰতিটো অনুচ্ছেদ, বাক্য আৰু শব্দৰ ওপৰত এক বিতং আলোচনা কৰিছিল। সেই চিন্তা-চৰ্চা প্ৰায় তিনি বছৰ ধৰি চলিছিল। অৱশেষত, ড০ বাবাচাহেব আম্বেদকাৰে খচৰা সমিতিৰ অধ্যক্ষ হিচাপে তেওঁৰ ক্ষমতাত সংবিধানক এক আনুষ্ঠানিক ৰূপ দিছিল। আৰু সেইখন আমাৰ আধাৰভূত গ্ৰন্থ হৈ পৰিছিল।

৪. অৱশ্যে, আমাৰ সংবিধানৰ পৰিসৰ বিস্তৃত কিয়নো ইয়াত ৰাজ্যসমূহৰ কাৰ্যপ্ৰণালীৰ বিৱৰণো আছে। কিন্তু সংবিধানৰ চমু প্ৰস্তাৱনাত গণতন্ত্ৰ, ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্বৰ পথপ্ৰদৰ্শক নীতিসমূহ সংক্ষিপ্তভাৱে নিৰ্ধাৰণ কৰা হৈছে। এই আদৰ্শবোৰে এক দৃঢ় ভেটিৰ সৃষ্টি কৰিছে যাৰ ওপৰত আমাৰ মহান গণৰাজ্য দৃঢ়ভাৱে প্ৰতিষ্ঠিত হৈ আছে। এই জীৱনমূল্যবোৰে আমাৰ সামূহিক ঐতিহ্যকো প্ৰতিফলিত কৰে।

৫. মৌলিক অধিকাৰ আৰু নাগৰিকৰ মৌলিক কৰ্তব্য হিচাপে জীৱনৰ এই মূল্যবোধবোৰক আমাৰ সংবিধানে মৌলিক গুৰুত্ব প্ৰদান কৰিছে। অধিকাৰ আৰু কৰ্তব্য একেটা মুদ্ৰাৰ দুটা পিঠি। নাগৰিকসকলে সংবিধানত উল্লেখ কৰা মৌলিক কৰ্তব্য পালনে মৌলিক অধিকাৰৰ বাবে এক উপযুক্ত পৰিৱেশৰ সৃষ্টি কৰে। এই আহ্বানৰ পৰিপ্ৰেক্ষিতত, দেশৰ সেৱাৰ মৌলিক কৰ্তব্য পালন কৰাৰ সময়ত, আমাৰ কোটি কোটি দেশবাসীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানৰ পৰা ক’ভিড টীকাকৰণ অভিযানলৈ এই আটাইবোৰক এক গণ আন্দোলনলৈ পৰিৱৰ্তিত কৰিছে। এনে অভিযানৰ সফলতাৰ যথেষ্ট কৃতিত্ব আমাৰ কৰ্তব্যনিষ্ঠ নাগৰিকসকলে লাভ কৰিছে। মই নিশ্চিত যে আমাৰ দেশবাসীয়ে কৰ্তব্যৰ প্ৰতি এই নিষ্ঠাৰে তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণেৰে ৰাষ্ট্ৰীয় স্বাৰ্থৰ অভিযান শক্তিশালী কৰি থাকিব।

মৰমৰ দেশবাসীসকল,

৬. ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান সভাই ভাৰতৰ সংবিধান অংগীকৃত, প্ৰণয়ন আৰু গৃহীত কৰে। আমি সেই দিনটো সংবিধান দিৱস হিচাপে উদযাপন কৰো। দুমাহৰ পিছত অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰীত আমাৰ সংবিধান সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়। এইটো ১৯৩০ চনৰ সেই দিনটোক স্মৰণ কৰিবলৈ কৰা হৈছিল যি দিনা ভাৰতৰ জনসাধাৰণে সম্পূৰ্ণ স্বাধীনতা অৰ্জনৰ সংকল্প গ্ৰহণ কৰিছিল। ১৯৩০ চনৰ পৰা ১৯৪৭ চনলৈ, প্ৰতি বছৰে ২৬ জানুৱাৰীক 'পূৰ্ণ স্বৰাজ দিৱস' হিচাপে পালন কৰা হৈছিল, সেয়েহে সেই দিনটোৰ পৰাই সংবিধান সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

৭. ১৯৩০ চনত মহাত্মা গান্ধীয়ে দেশবাসীক 'পূৰ্ণ স্বৰাজ দিৱস' কেনেদৰে উদযাপন কৰিব লাগে বুজাই দিছিল। তেওঁ কৈছিল:  

"... যিহেতু আমি কেৱল অহিংস আৰু প্ৰকৃত পদক্ষেপৰ জৰিয়তে আমাৰ লক্ষ্য প্ৰাপ্ত কৰিব বিচাৰো, আৰু আমি কেৱল আত্ম-শুদ্ধিৰ জৰিয়তেহে এই কাম কৰিব পাৰো, আমি সেই দিনটোত যিমান পাৰি কিছু সৃষ্টিশীল কাম কৰাত আমাৰ সকলো সময় অতিবাহিত কৰিব লাগে। "

৮. যিমান সম্ভৱ সিমান সৃষ্টিশীল কাম কৰাৰ গান্ধীজীৰ শিক্ষা সদায়েই প্ৰাসংগিক হৈ থাকিব। তেওঁৰ ইচ্ছা অনুসৰি গণৰাজ্য দিৱস উদযাপনৰ দিনা আৰু তাৰ পাছতো আমাৰ সকলোৰে চিন্তা আৰু কাৰ্যকলাপত সৃষ্টিশীলতা থাকিব লাগে। গান্ধীজীয়ে বিচাৰিছিল যে আমি অন্তৰ্দৃষ্টি নিক্ষেপ কৰিব লাগে, আত্মনিৰীক্ষণ কৰিব লাগে আৰু উন্নত মানৱ হ'বলৈ চেষ্টা কৰিব লাগে, আৰু ইয়াৰ পিছত বাহিৰলৈ প্ৰত্যক্ষ কৰি, জনসাধাৰণৰ সৈতে সহযোগিতা প্ৰদান কৰিব লাগে তথা এখন উন্নত ভাৰত আৰু উন্নত পৃথিৱী গঢ়ি তোলাত অৰিহণা যোগাব লাগে।   

মৰমৰ দেশবাসীসকল,

৯. মানৱ সম্প্ৰদায়ক আজিৰ দৰে পৰস্পৰে পৰস্পৰৰ সহায়ৰ কেতিয়াও প্ৰয়োজন হোৱা নাছিল। এতিয়া দুবছৰতকৈও অধিক সময় পাৰ হৈ গ'ল কিন্তু ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে মানৱতাৰ সংগ্ৰাম এতিয়াও চলি আছে। এই মহামাৰীত সহস্ৰাধিক মানুহে প্ৰাণ হেৰুৱাইছে। সমগ্ৰ বিশ্বৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছে। বিশ্ব সম্প্ৰদায়ে এক অভূতপূৰ্ব দুৰ্যোগৰ সন্মুখীন হৈছে। নতুন ৰূপত, এই ভাইৰাছে নতুন সংকটৰ সৃষ্টি কৰি আহিছে। এই পৰিস্থিতি মানৱ জাতিৰ বাবে এক অসাধাৰণ প্ৰত্যাহ্বান হৈ পৰিছে।

১০. মহামাৰীৰ সন্মুখীন হোৱা পৰিস্থিতিটো ভাৰতত তুলনামূলকভাৱে অধিক কঠিন হ'ব লাগিছিল। আমাৰ দেশত জনসংখ্যাৰ ঘনত্ব অধিক, আৰু এক উন্নয়নশীল অৰ্থনীতি হিচাপে, এই অদৃশ্য শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ ওচৰত পৰ্যাপ্ত আন্তঃগাঁথনি আৰু উপযুক্ত স্তৰত প্ৰয়োজনীয় সম্পদ নাছিল। কিন্তু কেৱল ইমান কঠিন সময়তহে এখন ৰাষ্ট্ৰৰ যুঁজ দিয়াৰ সামৰ্থ্য স্পষ্ট হয়। মই এয়া প্ৰকাশ কৰিবলৈ পাই গৌৰৱান্বিত অনুভৱ কৰো যে আমি ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে ব্যতিক্ৰমী সংকল্প তথা কৰ্ম-সামৰ্থ্য প্ৰদৰ্শন কৰিছো। প্ৰথম বছৰতে আমি স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি সম্প্ৰসাৰিত আৰু শক্তিশালী কৰিছো আৰু আন দেশবোৰক সহায় কৰিবলৈও আগবাঢ়িছো। দ্বিতীয় বছৰত আমি স্থানীয় প্ৰতিষেধক বিকশিত কৰিছিলো আৰু বিশ্ব ইতিহাসৰ সৰ্ববৃহৎ টীকাকৰণ অভিযান আৰম্ভ কৰিছিলো। এই অভিযান দ্ৰুত গতিত আগবাঢ়িছে। আমি বহুতো দেশক প্ৰতিষেধক আৰু অন্যান্য চিকিৎসা সুবিধা প্ৰদান কৰিছো। ভাৰতৰ অৱদানক বিশ্বব্যাপী সংগঠনসমূহে প্ৰশংসা কৰিছে।

১১. দুৰ্ভাগ্যবশতঃ, সংকটৰ পৰিস্থিতি আহিয়েই আছে, কিয়নো এই ভাইৰাছবিধে পৰিৱৰ্তনশীল ৰূপত পুনৰ প্ৰত্যাৱৰ্তন কৰি আছে। অগণন পৰিয়ালে ভয়ংকৰ দুৰ্যোগৰ মাজেৰে পাৰ হৈছে। আমাৰ সামূহিক দুখ-কষ্ট প্ৰকাশ কৰিবলৈ মোৰ ওচৰত শব্দ নাই। একমাত্ৰ সান্ত্বনা এয়াই যে বহুতো জীৱন ৰক্ষা কৰা হৈছে। মহামাৰীৰ প্ৰভাৱ এতিয়াও ব্যাপক হৈ আছে, সেয়েহে আমি সতৰ্ক হৈ থাকিব লাগিব আৰু আমাৰ সাৱধানতা একেবাৰে শিথিল কৰিব নালাগিব। আমি এতিয়ালৈকে গ্ৰহণ কৰা সাৱধানতাবোৰ অব্যাহত ৰাখিব লাগিব। মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো ক’ভিডআচৰণৰ অপৰিহাৰ্য অংশ। ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত বিজ্ঞানী আৰু বিশেষজ্ঞসকলে নিৰ্ধাৰণ কৰা সাৱধানতা অনুসৰণ কৰাটো আজি প্ৰতিজন দেশবাসীৰ ৰাষ্ট্ৰ-ধৰ্ম হৈ পৰিছে। এই সংকট দূৰ নোহোৱালৈকে আমি এই ৰাষ্ট্ৰীয় ধৰ্ম পালন কৰিব লাগিব।

১২.  এই সংকটৰ সময়ত, আমি দেখিছোঁ যে আমি সকলো দেশবাসী কেনেদৰে এটা পৰিয়ালৰ দৰে সম্পৰ্কিত হৈ পৰিছো। সামাজিক দূৰত্বৰ কঠিন পৰ্যায়ত, আমি সকলোৱে ইজনে সিজনৰ সৈতে ঘনিষ্ঠতা অনুভৱ কৰিছো। আমি উপলব্ধি কৰিছো যে আমি পৰস্পৰে পৰস্পৰৰ ওপৰত কিমান নিৰ্ভৰশীল। চিকিৎসক, নাৰ্চ আৰু পেৰামেডিকে কঠিন পৰিস্থিতিত দীঘলীয়া সময় কাম কৰি, আনকি ৰোগীৰ যত্ন লোৱাৰ বাবে নিজৰ জীৱন বিপদাপন্ন কৰি মানৱ জাতিলৈ সেৱা আগবঢ়াইছে। বহুলোকে নিশ্চিত কৰিছে যে অত্যাৱশ্যকীয় সুবিধা উপলব্ধ আৰু দেশত কাৰ্যকলাপ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে যোগান শৃংখলা যাতে ব্যাহত নহয়। কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা কৰ্মচাৰী, নীতি-নিৰ্মাতা, প্ৰশাসক আৰু অন্যান্যসকলে সময়মতে পদক্ষেপ গ্ৰহণ কৰিছে।

১৩.  এই প্ৰচেষ্টাৰ বলত আমাৰ অৰ্থনীতিয়ে পুনৰ গতি লাভ কৰিছে। এয়া প্ৰতিকূল পৰিস্থিতিত ভাৰতৰ স্থিৰতাৰ প্ৰমাণ যে যোৱা বছৰ অৰ্থনৈতিক বিকাশৰ মন্দাৱস্থাৰ পিছত এই বিত্তীয় বৰ্ষত অৰ্থনীতি আকৰ্ষণীয় হাৰত বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে। ই যোৱা বছৰ আৰম্ভ কৰা স্বাৱলম্বিতা পূৰ্ণ ভাৰত অভিযানৰ সফলতাও চিহ্নিত কৰে। চৰকাৰে সকলো অৰ্থনৈতিক খণ্ডৰ উন্নতি আৰু প্ৰয়োজন অনুসৰি সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত সক্ৰিয় হৈ আছে। এই আকৰ্ষণীয় অৰ্থনৈতিক প্ৰদৰ্শনৰ মুখ্য অৱদান হৈছে কৃষি আৰু উৎপাদন খণ্ডত হোৱা পৰিৱৰ্তন। মই জানি আনন্দিত যে আমাৰ কৃষকসকলে, বিশেষকৈ ক্ষুদ্ৰ যুৱ কৃষকসকলে উৎসাহেৰে প্ৰাকৃতিক কৃষি ব্যৱস্থা আঁকোৱালি লৈ আছে।

১৪.  ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে মানুহক নিযুক্তি প্ৰদান কৰা আৰু অৰ্থনীতিত্ব ত্বৰান্বিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আমাৰ অভিনৱ যুৱ উদ্যোগীসকলে ষ্টাৰ্ট-আপ পৰিৱেশ-প্ৰণালীৰ কাৰ্যকৰী ব্যৱহাৰ কৰি সফলতাৰ নতুন অভিলেখ গঢ়িছে। আমাৰ দেশত এক উন্নত, বিশাল আৰু সুৰক্ষিত ডিজিটেল পৰিশোধ মঞ্চৰ সফলতাৰ উদাহৰণ হৈছে যে প্ৰতি মাহে লাখ লাখ ডিজিটেল লেনদেন সম্পন্ন হৈছে। 

১৫.  ৰাজহুৱা সম্পদৰ পৰা লাভান্বিত হ'বলৈ অৰ্থাৎ জনগাঁথনিগত লভ্যাংশ প্ৰাপ্ত কৰাৰ বাবে, চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে এক সক্ষম পৰিৱেশ প্ৰদান কৰিছে, যি হৈছে আমাৰ পৰম্পৰাগত জীৱন মূল্যবোধ আৰু আধুনিক দক্ষতাৰ এক আদৰ্শ মিশ্ৰণ। মই জানি আনন্দিত যে ভাৰতে বিশ্বৰ শীৰ্ষ ৫০ টা 'অভিনৱ অৰ্থনীতি'ত স্থান লাভ কৰিছে। এই সাফল্য আৰু অধিক সন্তোষজনক কিয়নো আমি ব্যাপক অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে যোগ্যতা বৃদ্ধি কৰিবলৈও সক্ষম হৈছো।

ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল,

১৬. যোৱা বছৰ অলিম্পিক গেমছত আমাৰ খেলুৱৈসকলৰ চমৎকাৰ প্ৰদৰ্শনে জনসাধাৰণলৈ আনন্দৰ ঢৌ কঢ়িয়াই আনিছিল। সেই যুৱ বিজয়ীসকলৰ আত্মবিশ্বাসে আজি লক্ষ লক্ষ দেশবাসীক অনুপ্ৰেৰণা যোগাইছে।

১৭. শেহতীয়া মাহবোৰত, মই আমাৰ দেশবাসীয়ে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিশ্ৰুতি আৰু অধ্যৱসায়ৰ জৰিয়তে দেশ আৰু সমাজক শক্তিশালী কৰাৰ বহুতো উল্লেখযোগ্য উদাহৰণ দেখিছো। সেইবোৰৰ ভিতৰত, মই মাত্ৰ দুটা উদাহৰণ উল্লেখ কৰিবলৈ বিচাৰিম। ভাৰতীয় নৌসেনা আৰু কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ সমৰ্পিত দলে স্বদেশী আৰু অতি-আধুনিক বিমান বাহক 'আইএচি-বিক্ৰান্ত'ৰ নিৰ্মাণ কৰিছে যাক আমাৰ নৌবাহিনীত অন্তৰ্ভুক্ত কৰা হ’ব। এনে আধুনিক সামৰিক সামৰ্থ্যৰ বলত ভাৰতক এতিয়া বিশ্বৰ আগশাৰীৰ নৌ-শক্তিচালিত দেশসমূহৰ ভিতৰত গণ্য কৰা হয়। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়ি যোৱাৰ এয়া এক আকৰ্ষণীয় উদাহৰণ। ইয়াৰ বাহিৰেও, মই এটা বিশেষ হৃদয়স্পৰ্শী অভিজ্ঞতা লাভ কৰিছো। হাৰিয়ানাৰ ভিৱানী জিলাৰ চুই নামৰ এখন গাঁৱত, সেই গাওঁখনৰ পৰা ওলাই অহা কিছুমান বুদ্ধিমান নাগৰিকে সংবেদনশীলতা আৰু অধ্যৱসায় প্ৰদৰ্শিত কৰি 'স্ব-অনুপ্ৰাণিত আদৰ্শ গ্ৰাম যোজনা'ৰ অধীনত তেওঁলোকৰ গাওঁখন পুনৰুজ্জীৱিত কৰিছে। এয়া হৈছে আপোনাৰ গাওঁ অৰ্থাৎ আপোনাৰ মাতৃভূমিৰ প্ৰতি আসক্তি আৰু কৃতজ্ঞতাৰ এক অনুকৰণীয় উদাহৰণ। কৃতজ্ঞ লোকসকলৰ হৃদয়ত, তেওঁলোকৰ জন্মস্থানৰ প্ৰতি দীৰ্ঘদিন ধৰি জীৱন্ত প্ৰেম আৰু শ্ৰদ্ধা আছে। এনে উদাহৰণে মোৰ এই বিশ্বাসক শক্তিশালী কৰে যে এখন নতুন ভাৰত উদীয়মান হৈছে – এক শক্তিশালী ভাৰত আৰু এক সংবেদনশীল ভাৰত। মই নিশ্চিত যে এই উদাহৰণৰ দ্বাৰা অনুপ্ৰাণিত হৈ আন সক্ষম দেশবাসীয়েও তেওঁলোকৰ গাওঁ আৰু চহৰসমূহৰ উন্নয়নত অৰিহণা যোগাব। 

১৮. এই সন্দৰ্ভত, মই আপোনালোক সকলো দেশবাসীৰ সৈতে এক ব্যক্তিগত অভিজ্ঞতা বিনিময় কৰিবলৈ বিচাৰো। যোৱা বছৰ জুন মাহত মই কানপুৰ দেহাট জিলাত থকা মোৰ জন্মস্থান, অৰ্থাৎ মোৰ গাওঁ পাৰোংখ ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছিলো। তাত উপস্থিত হোৱাৰ পিছত, মোৰ গাওঁখনৰ মাটি মোৰ কপালত লগোৱাৰ অনুভৱ জাগ্ৰত হৈছিল কাৰণ মই বিশ্বাস কৰো যে মোৰ গাঁৱৰ, দেশৰ আশীৰ্বাদৰ বলতহে মই ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ'বলৈ সক্ষম হৈছিলোঁ। মই পৃথিৱীত য'তেই যাওঁ, মোৰ গাওঁ আৰু মোৰ ভাৰত মোৰ হৃদয়ত বিদ্যমান। যিসকল লোকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰে জীৱনৰ দৌৰত আগবাঢ়িবলৈ সক্ষম হৈছে তেওঁলোকলৈ মোৰ অনুৰোধ হৈছে যে তেওঁলোকে যাতে নিজৰ গাওঁ আৰু চহৰ আৰু মাতৃসকলক সদায় মনত ৰাখে। একে সময়তে, আপোনাৰ জন্মস্থান আৰু দেশৰ সেৱা কৰিবলৈ আপুনি যি পাৰে তাকে কৰিব লাগিব। যদি ভাৰতৰ সকলো সফল লোকে তেওঁলোকৰ নিজ নিজ জন্মস্থানৰ বিকাশৰ বাবে আন্তৰিকতাৰে কাম কৰে, তেন্তে স্থানীয় উন্নয়নৰ আধাৰত সমগ্ৰ দেশখন বিকশিত হ'ব। 

মৰমৰ দেশবাসীসকল,

১৯.  আজি আমাৰ সৈনিক আৰু সুৰক্ষা কৰ্মীসকলে দেশপ্ৰেমৰ ঐতিহ্যক আগবঢ়াই নিছে। হিমালয়ৰ অসহনীয় ঠাণ্ডাত আৰু মৰুভূমিৰ প্ৰচণ্ড গৰমত তেওঁলোকে পৰিয়ালৰ পৰা আঁতৰি মাতৃভূমিৰ সুৰক্ষাৰ বাবে অপেক্ষা কৰি আছে। আমাৰ সশস্ত্ৰ বাহিনী আৰু আৰক্ষীয়ে দেশৰ সীমা সুৰক্ষিত কৰিবলৈ আৰু আভ্যন্তৰীণ শৃংখলা বজাই ৰাখিবলৈ অহৰ্নিশে সতৰ্ক থাকে যাতে আন সকলো দেশবাসীয়ে শান্তিৰে শুব পাৰে। যেতিয়াই এজন সাহসী সৈনিকৰ মৃত্যু হয়, সমগ্ৰ দেশ শোকত স্তব্ধ হয়। আমি যোৱা মাহত এক দুৰ্ঘটনাত দেশৰ এজন সাহসী কমাণ্ডাৰ - জেনেৰেল বিপিন ৰাৱাট - তেওঁৰ পত্নী আৰু বহুগৰাকী সাহসী যোদ্ধাক হেৰুৱাইছিলো। এই ঘটনাত সকলো দেশবাসী গভীৰভাৱে দুখী হৈছিল।

ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল,

২০. দেশপ্ৰেমৰ ভাৱনাই দেশবাসীৰ কৰ্তব্যৰ ভক্তিক অধিক শক্তিশালী কৰে। আপুনি চিকিৎসক হওক বা উকীলেই হওক, দোকানী হওক বা কাৰ্যালয়ৰ কৰ্মীয়েই হওক, চুইপাৰ হওক বা শ্ৰমিক হওক, সততা আৰু দক্ষতাৰে আপোনাৰ কৰ্তব্য পালন কৰাটো হৈছে দেশলৈ আপোনাৰ প্ৰাথমিক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান।

২১. সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ হিচাপে, মই উল্লেখ কৰি আনন্দিত যে এই বছৰটো সশস্ত্ৰ বাহিনীত মহিলা সশক্তিকৰণৰ দৃষ্টিকোণৰ পৰা বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ আহিছে। আমাৰ কন্যাসকলে পৰম্পৰাগত সীমা অতিক্ৰম কৰিছে, আৰু এতিয়া নতুন ক্ষেত্ৰত মহিলা বিষয়াসকলৰ বাবে স্থায়ী আয়োগৰ সুবিধা আৰম্ভ হৈছে। একে সময়তে, সৈনিক বিদ্যালয় আৰু সুপ্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰা মহিলাৰ আগমনৰ পথ প্ৰশস্ত কৰাত কেৱল সশস্ত্ৰ বাহিনীৰ প্ৰতিভাৰ পাইপলাইন সমৃদ্ধ হোৱাই নহয় বৰঞ্চ আমাৰ সশস্ত্ৰ বাহিনীত লিংগ সমতাৰ সুবিধাও উপলব্ধ হ’ব।

২২.  মই নিশ্চিত যে ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰত আজি উন্নত স্থিতিত আছে। একবিংশ শতিকাক জলবায়ু পৰিৱৰ্তনৰ যুগ হিচাপে দেখা গৈছে আৰু ভাৰতে নৱীকৰণযোগ্য শক্তিৰ বাবে ইয়াৰ সাহসী আৰু উচ্চাকাংক্ষী লক্ষ্যৰে বিশ্ব মঞ্চত নেতৃত্বৰ স্থিতি সৃষ্টি কৰিছে। ব্যক্তিগত পৰ্যায়ত, গান্ধীজীৰ পৰামৰ্শ অনুসৰি পৰিৱেশ উন্নত কৰাৰ বাবে আমাৰ প্ৰত্যেকেই নিজৰ অৱদান আগবঢ়াব পাৰে। ভাৰতে সদায় সমগ্ৰ বিশ্বক এটা পৰিয়াল হিচাপে গণ্য কৰি আহিছে। মই নিশ্চিত যে বিশ্ব ভ্ৰাতৃত্বৰ এই মনোভাৱৰ সৈতে আমাৰ দেশ আৰু সমগ্ৰ বিশ্ব সম্প্ৰদায় আৰু অধিক সুসংগত আৰু সমৃদ্ধ ভৱিষ্যতৰ দিশে আগবাঢ়িব।

মৰমৰ দেশবাসীসকল,

২৩. এই বৰ্ষত যেতিয়া আমাৰ দেশে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিব, আমি আমাৰ ৰাষ্ট্ৰীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিম। আমি এই অনুষ্ঠানটো 'আজাদী কা অমৃত মহোৎসৱ' হিচাপে উদযাপন কৰি আছো। মই জানি আনন্দিত যে আমাৰ দেশবাসীয়ে, বিশেষকৈ আমাৰ যুৱপ্ৰজন্মই এই ঐতিহাসিক অনুষ্ঠানত উৎসাহেৰে বৃহৎ পৰিসৰত অংশগ্ৰহণ কৰিছে। এইটো কেৱল পৰৱৰ্তী প্ৰজন্মৰ বাবেই নহয়, আমাৰ সকলোৰে বাবে আমাৰ অতীতৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাৰ এক উত্তম সুযোগ। আমাৰ স্বাধীনতা সংগ্ৰাম আমাৰ গৌৰৱময় ঐতিহাসিক যাত্ৰাৰ এক প্ৰেৰণাদায়ক অধ্যায় আছিল। স্বাধীনতাৰ এই পয়সত্তৰতম বৰ্ষটো হৈছে আমাৰ মহান ৰাষ্ট্ৰীয় আন্দোলনক অনুপ্ৰাণিত কৰা জীৱনৰ মূল্যবোধক পুনৰ জাগ্ৰত কৰাৰ সময়। অনেক বীৰাংগনা তথা বীৰ পুত্ৰই আমাৰ স্বাধীনতাৰ বাবে প্ৰাণ দিছে। স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় উৎসৱ ইমানবোৰ কঠোৰ যাতনা আৰু ত্যাগৰ পিছত প্ৰাপ্ত হৈছে। আহক! গণতন্ত্ৰ দিৱস উপলক্ষে আমি সকলোৱে সেই অমৰ ত্যাগবোৰো সন্মান সহকাৰে স্মৰণ কৰো।

মৰমৰ দেশবাসীসকল,

২৪. আমাৰ সভ্যতা প্ৰাচীন, কিন্তু আমাৰ এই গণতন্ত্ৰ নতুন। ৰাষ্ট্ৰ নিৰ্মাণ আমাৰ বাবে এক নিৰন্তৰ অভিযান। যিদৰে এটা পৰিয়ালত ঘটে, ঠিক তেনেদৰে এখন দেশতো এটা প্ৰজন্মই পৰৱৰ্তী প্ৰজন্মৰ বাবে এক উন্নত ভৱিষ্যত নিশ্চিত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে। আমি স্বাধীনতা অৰ্জন কৰাৰ সময়ত ঔপনিৱেশিক শাসনৰ শোষণে আমাক চৰম দৰিদ্ৰতাৰ অৱস্থাত ৰুগ্ন কৰি পেলাইছিল। কিন্তু তেতিয়াৰে পৰা পয়সত্তৰ বছৰত আমি আকৰ্ষণীয় অগ্ৰগতি লাভ কৰিছো। এতিয়া যুৱ প্ৰজন্মক আদৰণি জনোৱাৰ বাবে সুযোগৰ নতুন দুৱাৰ মুকলি হৈছে। আমাৰ যুৱপ্ৰজন্মই এই সুযোগবোৰৰ সুবিধা লৈ সফলতাৰ নতুন দৃষ্টান্ত স্থাপন কৰিছে। মই নিশ্চিত যে এই শক্তি, আত্মবিশ্বাস আৰু উদ্যমৰ জৰিয়তে আমাৰ দেশে প্ৰগতিৰ পথত আগবাঢ়ি যাব আৰু ইয়াৰ সামৰ্থ্যৰ সৈতে সংগতি ৰাখি বিশ্ব সম্প্ৰদায়ত নিশ্চিতভাৱে অগ্ৰণী স্থান অৰ্জন কৰিব।

২৫.  মই আপোনালোক সকলোকে পুনৰ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছো।

ধন্যবাদ

জয় হিন্দ!



(Release ID: 1792801) Visitor Counter : 805