প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰসিদ্ধ প্ৰত্নতত্ববিদ থিৰু আৰ. নাগাস্বামীৰ পৰলোক গমনত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
23 JAN 2022 8:59PM by PIB Guwahati
প্ৰসিদ্ধ প্ৰত্নতত্ববিদ থিৰু আৰ. নাগাস্বামীৰ পৰলোক গমনত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তামিল নাডুৰ উজ্জীৱিত সংস্কৃতিৰ জনপ্ৰিয়কৰণত তেওঁ আগবঢ়োৱা অৰিহণাৰ কথা প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“তামিল নাডুৰ উজ্জীৱিত সংস্কৃতিৰ জনপ্ৰিয়কৰণত তেওঁ আগবঢ়োৱা অৰিহণাৰ কথা আগন্তুক প্ৰজন্মসমূহে কেতিয়াও পাহৰিব নোৱাৰে। ইতিহাস, প্ৰত্নলেখন আৰু প্ৰত্নতত্বৰ প্ৰতি থকা তেওঁৰ অগাধ আগ্ৰহ নিতান্তই উল্লেখনীয় আছিল। তেওঁৰ পৰলোক গমনে ব্যথিত কৰিছে। তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো। ওঁম শান্তি”।
***
DS/AK/KB
(रिलीज़ आईडी: 1792438)
आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam