প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২০ জানুৱাৰীত 'আজাদী কে অমৃত মহোৎসৱ চে স্বৰ্ণিম ভাৰত কে অ’ৰে' ৰ ৰাষ্ট্ৰীয় শুভাৰম্ভণি অনুষ্ঠানত মূল ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্ম কুমাৰীসকলৰ সাতটি পদক্ষেপৰ শুভাৰম্ভ কৰিব

Posted On: 19 JAN 2022 12:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ ৰ ২০ জানুৱাৰীত দিনৰ ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে 'আজাদী কে অমৃত মহোৎসৱ চে স্বৰ্ণিম ভাৰত কে অ’ৰে' ৰ ৰাষ্ট্ৰীয় শুভাৰম্ভণি অনুষ্ঠানত মূল ভাষণ আগবঢ়াব। এই কাৰ্য্যক্ৰমেৰে ব্ৰহ্ম কুমাৰীসকলৰদ্বাৰা আজাদী কা অমৃত মহোৎসৱৰ অৰ্থে সমৰ্পিত বছৰ-জোৰা পদক্ষেপৰাজিৰ শুভাৰম্ভ হ'ব, যাৰ ভিতৰত আছে ৩০ ৰোধিক অভিযান আৰু ১৫,০০০ ৰোধিক কাৰ্য্যক্ৰম আৰু অনুষ্ঠান।

এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্ম কুমাৰীসকলৰ সাতটি পদক্ষেপৰ শুভাৰম্ভ কৰিব। ইয়াৰ ভিতৰত আছেঃ মাই ইণ্ডিয়া হেল্থী ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰতঃ আত্ম নিৰ্ভৰশীল কৃষক, মহিলাঃ ফ্লেগ বিয়েৰাৰ অৱ ইণ্ডিয়া, পাৱাৰ অৱ পিছ বাছ কেম্পেইন, আন্দেখা ভাৰত চাইকেল ৰেলী, ইউনাইটেড ইণ্ডিয়া মটৰ বাইক কেম্পেইন আৰু স্বচ্ছ ভাৰত অভিযানৰ অধীনত সেউজ উদ্যোগ।

মাই ইণ্ডিয়া হেল্থী ইণ্ডিয়া উদ্যোগত আধ্যাত্মিকতা, কল্যাণ আৰু পুষ্টিৰ ওপৰত গুৰুত্ব আৰোপেৰে চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালসমূহত একাধিক অনুষ্ঠান আৰু কাৰ্য্যক্ৰম অনুষ্ঠিত কৰা হ'ব। ইয়াৰ ভিতৰত আছেঃ চিকিৎসা শিবিৰ, কৰ্কট ৰোগৰ স্ক্ৰীণিঙৰ আয়োজন, চিকিৎসক আৰু অন্যান্য স্বাস্থ্য সেৱা কৰ্মীৰ বাবে সন্মিলন তথা অন্যান্য। আত্মনিৰ্ভৰ ভাৰতঃ আত্ম নিৰ্ভৰশীল কৃষকৰ অধীনত ৭৫ কৃষক সবলীকৰণ অভিযান, ৭৫ খন কৃষক সন্মিলন, ৭৫ টা বহনক্ষম যোগিক কৃষি প্ৰশিক্ষণ কাৰ্য্যক্ৰম আৰু কৃষকসকলৰ কল্যাণৰ বাবে এনে ধৰণৰ আন কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হ'ব। মহিলাঃ ফ্লেগ বিয়েৰাৰ অৱ ইণ্ডিয়াৰ অধীনত এই পদক্ষেপসমূহে নাৰী সবলীকৰণ আৰু কন্যা সন্তানৰ সবলীকৰণৰ জৰিয়তে সামাজিক ৰূপান্তৰত গুৰুত্ব আৰোপ কৰিব।

পাৱাৰ অৱ পিছ বাছ কেম্পেইনে ৭৫ খন চহৰ আৰু তহচিলক সামৰি ল'ব আৰু আজিৰ যুৱপ্ৰজন্মৰ ইতিবাচক পৰিৱৰ্তনৰ ওপৰত এখন প্ৰদৰ্শনী কঢ়িয়াই লৈ ফুৰিব। আন্দেখা ভাৰত চাইকেল ৰেলীয়ে বিভিন্ন ঐতিহ্যক্ষেত্ৰলৈ গমন কৰিব, যাৰ জৰিয়তে ঐতিহ্য আৰু পৰিবেশৰ মাজত এক সম্পৰ্ক স্থাপন কৰা হ'ব। ইউনাইটেড ইণ্ডিয়া মটৰ বাইক অভিযান মাউন্ট আবুৰপৰা দিল্লীলৈ অনুষ্ঠিত হ'ব আৰু ই একাধিক চহৰক সামৰি ল'ব। স্বচ্ছ ভাৰত অভিযানৰ অধীনত পদক্ষেপৰাজিৰ ভিতৰত থাকিব মাহিলী পৰিচ্ছন্নতা অভিযান, সামূহিক পৰিষ্কাৰ-পৰিচ্ছন্নতা কাৰ্য্যক্ৰম আৰু সজাগতা অভিযান।

এই কাৰ্য্যসূচীতে গ্ৰেমী বঁটা বিজয়ী ৰিকি কেজৰ আজাদী কা অমৃত মহোৎসৱলৈ উৎসৰ্গিত এটি গানো মুকলি কৰা হ'ব।

ব্ৰহ্ম কুমাৰী হৈছে স্বকীয় পৰিৱৰ্তন আৰু বিশ্ব নৱীকৰণৰ বাবে সমৰ্পিত এক বৈশ্বিক আধ্যাত্মিক আন্দোলন। ১৯৩৭ ত ভাৰতত প্ৰতিষ্ঠা হোৱা ব্ৰহ্ম কুমাৰী ১৩০ খনৰোধিক দেশলৈ বিয়পি পৰিছে। ব্ৰহ্ম কুমাৰীসকলৰ প্ৰতিষ্ঠাপক পিতৃ পিতাশ্ৰী প্ৰজাপিতা ব্ৰহ্মৰ ৫৩ সংখ্যক আৰোহণ বাৰ্ষিকী উপলক্ষে এই কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে।

 

***

DS/SH/SB



(Release ID: 1791377) Visitor Counter : 138