প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশিষ্ট কাৰ্টুনিষ্ট শ্ৰী নাৰায়ণ দেৱনাথ জীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 18 JAN 2022 2:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট কাৰ্টুনিষ্ট শ্ৰী নাৰায়ণ দেৱনাথ জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “শ্রী নাৰায়ণ দেৱনাথ জীয়ে তেওঁৰ কাম, কার্টুন আৰু ছবিৰ জৰিয়তে বহু লোকৰ জীৱন উজ্জ্বলাই তুলিছিল৷ তেওঁৰ বুদ্ধিদীপ্ত শক্তি তেওঁৰ কাম-কাজত প্রতিফলিত হৈছে। তেওঁৰ সৃষ্ট চৰিত্রসমূহ আজীৱন জনপ্রিয় হৈ থাকিব৷ তেওঁৰ মৃত্যুত অতিশয় দুঃখিত হৈছো৷ তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ওম শান্তি।”

 

***

DS/SH/DB



(Release ID: 1790907) Visitor Counter : 111